--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ গৰ্ভপাতৰ বড়ি সেৱন কৰি মৃত্যুমুখত পৰিল এগৰাকী ১৫ বছৰীয়া কিশোৰী। এই বড়ি কিশোৰীগৰাকীক খুৱাইছিল তেওঁৰ প্ৰেমিকে। প্ৰেমিকজনে এজন বন্ধুৰ সৈতে লগ লাগি এজন প্ৰৱঞ্চক চিকিৎসকৰ পৰা গৰ্ভপাতৰ বড়ি সংগ্ৰহ কৰিছিল। তামিলনাডুৰ তিৰুৱন্নমলাইত এই চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে। 

২৭ বছৰীয়া এছ. মুৰুগনে প্ৰতিদিনে ১৫ বছৰীয়া ছোৱালীজনীক স্কুললৈ অনা-নিয়াৰ কাম কৰিছিল। ইয়াৰ মাজতে দুয়োৰে মাজত প্ৰেমৰ সম্পৰ্ক গঢ় লৈ উঠে। এই প্ৰেমৰ সম্পৰ্কৰ ফলতে ১৫ বছৰীয়া কিশোৰীগৰাকী গৰ্ভৱতী হয়। কথা বিষম দেখি প্ৰেমিক এছ. মুৰুগন চিন্তাত পৰিল। প্ৰেমিকাৰ গৰ্ভপাতৰ চিন্তা তেওঁ কৰিবলৈ ধৰিলে। এছ. মুৰুগনে গৰ্ভপাতৰ উপায় বিচাৰি এজন বন্ধুৰ কাষ চাপে। বন্ধু চি.প্ৰভুৰ সহায়ত এছ. মুৰুগন এজন ডাক্তৰৰ ওচৰলৈ যায়। সেই ডাক্তৰৰ পৰা গৰ্ভপাতৰ বড়ি আনি ১৫ বছৰীয়া প্ৰেমিকাক খুৱাইছিল এছ. মুৰুগনে। মুৰুগনে এদিন ছোৱালীজনীক ঘৰৰ পৰা স্কুললৈ নি থকা অৱস্থাত গৰ্ভপাতৰ বড়ি খাবলৈ দিছিল। এই বড়ি খাই ছোৱালীজনী অচেতন হৈ পৰে। 

বন্ধু চি. প্ৰভুও সেইদিনা এছ. মুৰুগনৰ লগত আছিল। এনে অৱস্থাত দুয়োজন বন্ধুৱে ভয় খাই অচেতন ছোৱালীজনীক চৰকাৰী চিকিৎসালয়লৈ লৈ যায়। চিকিৎসালয়ত চিকিৎসকে ছোৱালীজনীক মৃত বুলি ঘোষণা কৰে আৰু মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। মৰণোত্তৰ পৰীক্ষাৰ পাছতে এই চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহে। মৃতকৰ পিতৃৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে মুৰুগান আৰু তেওঁৰ বন্ধু চি. প্ৰভুক আটক কৰি নিজ জিম্মাত ৰাখিছে। আৰক্ষীয়ে মুৰুগানৰ বিৰুদ্ধে পস্কো আইনৰ অধীনত গোচৰ ৰুজু কৰিছে। এতিয়া আৰক্ষীয়ে বিচাৰি ফুৰিছে প্ৰৱঞ্চক চিকিৎসকজনক। ঘটনাটোৱে সমগ্ৰ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ