--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ গৰ্ভপাতৰ বড়ি সেৱন কৰি মৃত্যুমুখত পৰিল এগৰাকী ১৫ বছৰীয়া কিশোৰী। এই বড়ি কিশোৰীগৰাকীক খুৱাইছিল তেওঁৰ প্ৰেমিকে। প্ৰেমিকজনে এজন বন্ধুৰ সৈতে লগ লাগি এজন প্ৰৱঞ্চক চিকিৎসকৰ পৰা গৰ্ভপাতৰ বড়ি সংগ্ৰহ কৰিছিল। তামিলনাডুৰ তিৰুৱন্নমলাইত এই চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে। 

২৭ বছৰীয়া এছ. মুৰুগনে প্ৰতিদিনে ১৫ বছৰীয়া ছোৱালীজনীক স্কুললৈ অনা-নিয়াৰ কাম কৰিছিল। ইয়াৰ মাজতে দুয়োৰে মাজত প্ৰেমৰ সম্পৰ্ক গঢ় লৈ উঠে। এই প্ৰেমৰ সম্পৰ্কৰ ফলতে ১৫ বছৰীয়া কিশোৰীগৰাকী গৰ্ভৱতী হয়। কথা বিষম দেখি প্ৰেমিক এছ. মুৰুগন চিন্তাত পৰিল। প্ৰেমিকাৰ গৰ্ভপাতৰ চিন্তা তেওঁ কৰিবলৈ ধৰিলে। এছ. মুৰুগনে গৰ্ভপাতৰ উপায় বিচাৰি এজন বন্ধুৰ কাষ চাপে। বন্ধু চি.প্ৰভুৰ সহায়ত এছ. মুৰুগন এজন ডাক্তৰৰ ওচৰলৈ যায়। সেই ডাক্তৰৰ পৰা গৰ্ভপাতৰ বড়ি আনি ১৫ বছৰীয়া প্ৰেমিকাক খুৱাইছিল এছ. মুৰুগনে। মুৰুগনে এদিন ছোৱালীজনীক ঘৰৰ পৰা স্কুললৈ নি থকা অৱস্থাত গৰ্ভপাতৰ বড়ি খাবলৈ দিছিল। এই বড়ি খাই ছোৱালীজনী অচেতন হৈ পৰে। 

বন্ধু চি. প্ৰভুও সেইদিনা এছ. মুৰুগনৰ লগত আছিল। এনে অৱস্থাত দুয়োজন বন্ধুৱে ভয় খাই অচেতন ছোৱালীজনীক চৰকাৰী চিকিৎসালয়লৈ লৈ যায়। চিকিৎসালয়ত চিকিৎসকে ছোৱালীজনীক মৃত বুলি ঘোষণা কৰে আৰু মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। মৰণোত্তৰ পৰীক্ষাৰ পাছতে এই চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহে। মৃতকৰ পিতৃৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে মুৰুগান আৰু তেওঁৰ বন্ধু চি. প্ৰভুক আটক কৰি নিজ জিম্মাত ৰাখিছে। আৰক্ষীয়ে মুৰুগানৰ বিৰুদ্ধে পস্কো আইনৰ অধীনত গোচৰ ৰুজু কৰিছে। এতিয়া আৰক্ষীয়ে বিচাৰি ফুৰিছে প্ৰৱঞ্চক চিকিৎসকজনক। ঘটনাটোৱে সমগ্ৰ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
'পকৱান'ৰ সফল মঞ্চায়ন
ডিব্ৰুগড় জিলাত কলেৰা ৰোগীৰ প্ৰাদুৰ্ভাৱক লৈ হাই এলাৰ্ট জাৰি ; স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালকৰ সংবাদমেল সম্বোধন
ভাৰতীয় বায়ুসেনাই দেখুৱালে মানৱীয়তা! থাই নাগৰিকৰ জীৱন ৰক্ষাৰ বাবে দেখুৱালে অদম্য সাহস
'আগতে কোনো মুখ্যমন্ত্রী বি টি চিলৈ অহা নাছিল, মই ২০০ বাৰ আহিছোঁ', গোসাইগাঁৱত বিজয় সংকল্প সমাৰোহত মুখ্যমন্ত্রী
ভয়ানক বিপদৰ পৰা ৰক্ষা পৰিল দেৰগাঁও!  পেট্ৰ’ল পাম্পৰ চৌহদত ভয়ংকৰ অগ্নিকাণ্ডৰ সূত্ৰপাত
ৰাষ্ট্ৰপতি-প্ৰধানমন্ত্ৰীৰে বাৰ্তালাপৰ অভিজ্ঞতা বর্ণনা কৰি উৎফুল্ল দীপ্তি চহৰীয়া
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক
পুৰুষৰ বেশত ভগ্নীৰ শহুৰেকৰ ঘৰত প্ৰৱেশ কৰি ডেৰ কোটিৰো অধিক টকাৰ গহনা লুটি নিলে যুৱতীয়ে
বৃক্কৰ ৰোগত আক্ৰান্ত মেধাৱী ছাত্ৰী পূজা দাস!  আৰ্থিক সাহায্য বিচাৰি আকুল আহ্বান পৰিয়ালৰ
বিগত আঠ বছৰত উত্তৰ প্ৰদেশৰ কৃষি খণ্ডই ৰচিলে ইতিহাসঃমুখ্যমন্ত্ৰী যোগী
ডিফু জিলা কাৰাগাৰত এজন হাজোতীৰ মৃত্যুক লৈ তীব্ৰ চাঞ্চল্য