ডিজিটেল ডেস্ক: কালি উদ্ধৱ থাকৰে চৰকাৰৰ পতনৰ পাছতে আজি শিৱসেনাৰ ৰাজ্যসভাৰ সাংসদ সঞ্জয় ৰাউট সন্মুখীন হ’ল ইডিৰ জেৰাৰ৷ উদ্ধৱ থাকৰে বাহিনীৰ সঞ্জয় ৰাউটক আজি কেন্দ্ৰীয় সংস্থা প্ৰৱৰ্তন সঞ্চালকালয়ৰ দ্বাৰা ১০ঘণ্টা ধৰি জেৰা কৰা হৈছিল৷
পাত্ৰ চাওল নামৰ এটা হাউচিং কমপ্লেক্সৰ পুনৰ্বিকাশৰ এটা কেলেংকাৰীৰ গোচৰত এই জেৰা চলোৱা হৈছে ৰাউটক৷ ধনৰ অবৈধ সৰবৰাহৰ সন্দৰ্ভত প্ৰায় ১০ঘণ্টা ধৰি সোধা-পোছা কৰাৰ অন্তত নিশা ৯.৩০ বজাত ইডিৰ কাৰ্যালয়ৰ পৰা প্ৰস্থান কৰিছে সঞ্জয় ৰাউটে৷
সঞ্জয় ৰাউতে পুৱা প্ৰায় ১১.৩০ বজাত দক্ষিণ মুম্বাইৰ বেলাৰ্ড ইষ্টেটত অৱস্থিত ইডি কাৰ্যালয়ত উপস্থিত হৈছিল। এপ্ৰিলত, ইডিয়ে তেওঁৰ পৰিয়ালৰ সম্পত্তি জব্দ কৰিছিল৷
ঘটনাস্থলীত বৃহৎ সংখ্যক শিৱসেনা কৰ্মী উপস্থিত থকাৰ বাবে কেন্দ্ৰীয় সংস্থাৰ কাৰ্যালয়ৰ বাহিৰত প্ৰচুৰ আৰক্ষী বাহিনী মোতায়েন কৰা হৈছিল৷ কাৰ্যালয়লৈ যোৱা পথবোৰত বেৰিকেড দি কটকটীয়া কৰি তোলা হৈছিল নিৰাপত্তা ব্যৱস্থা৷