--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: কালি উদ্ধৱ থাকৰে চৰকাৰৰ পতনৰ পাছতে আজি শিৱসেনাৰ ৰাজ্যসভাৰ সাংসদ সঞ্জয় ৰাউট সন্মুখীন হ’ল ইডিৰ জেৰাৰ৷ উদ্ধৱ থাকৰে বাহিনীৰ সঞ্জয় ৰাউটক আজি কেন্দ্ৰীয় সংস্থা প্ৰৱৰ্তন সঞ্চালকালয়ৰ দ্বাৰা ১০ঘণ্টা ধৰি জেৰা কৰা হৈছিল৷ 

পাত্ৰ চাওল নামৰ এটা হাউচিং কমপ্লেক্সৰ পুনৰ্বিকাশৰ এটা কেলেংকাৰীৰ গোচৰত এই জেৰা চলোৱা হৈছে ৰাউটক৷ ধনৰ অবৈধ সৰবৰাহৰ সন্দৰ্ভত প্ৰায় ১০ঘণ্টা ধৰি সোধা-পোছা কৰাৰ অন্তত নিশা ৯.৩০ বজাত ইডিৰ কাৰ্যালয়ৰ পৰা প্ৰস্থান কৰিছে সঞ্জয় ৰাউটে৷

সঞ্জয় ৰাউতে পুৱা প্ৰায় ১১.৩০ বজাত দক্ষিণ মুম্বাইৰ বেলাৰ্ড ইষ্টেটত অৱস্থিত ইডি কাৰ্যালয়ত উপস্থিত হৈছিল। এপ্ৰিলত, ইডিয়ে তেওঁৰ পৰিয়ালৰ সম্পত্তি জব্দ কৰিছিল৷ 

ঘটনাস্থলীত বৃহৎ সংখ্যক শিৱসেনা কৰ্মী উপস্থিত থকাৰ বাবে কেন্দ্ৰীয় সংস্থাৰ কাৰ্যালয়ৰ বাহিৰত প্ৰচুৰ আৰক্ষী বাহিনী মোতায়েন কৰা হৈছিল৷ কাৰ্যালয়লৈ যোৱা পথবোৰত বেৰিকেড দি কটকটীয়া কৰি তোলা হৈছিল নিৰাপত্তা ব্যৱস্থা৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ