--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ক্ৰমাৎ যেন অধিক ভয়াৱহ হ’বলৈ গৈ আছে ইউক্ৰইন-ৰাছিয়াৰ যুদ্ধ খন। ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনে ইউক্ৰেইনত পাৰমাণৱিক আক্ৰমণৰ ভাবুকি দিয়াৰ পিছতে এতিয়া যেন আশংকাবোৰ আৰু অধিক বৃদ্ধি পাইছে। ইউক্ৰেনে দাবী কৰিছে যে ভলোডিমিৰ জেলেনস্কিৰ সৈন্যই এই মাহৰ আৰম্ভণিতে ৰাছিয়াৰ সেনাক প্ৰত্যাহ্বান জনাই  বহু গাওঁ আৰু চহৰৰ নিয়ন্ত্ৰণলৈ নিছে।

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰ কৰিব পাৰে যদি সকলো উপায়েৰে ইউক্ৰেনীয়সকলক পৰাজিত কৰিবলৈ তৎপৰ হৈ পৰিছে। এজন প্ৰাক্তন ব্ৰিটিছ সেনা বিষয়াই এই বিষয়ত সতৰ্ক কৰি দিছে।

অৱসৰপ্ৰাপ্ত ব্ৰিটিছ সেনাৰ মেজৰ-জেনেৰেল জনাথন শ্ব'য়ে সংবাদ মাধ্যমত কয়, "পুটিনৰ আন কোনো ঠাইলৈ  পলাই যোৱাৰ কোনো উপায় নাই। এই যুদ্ধত তেওঁৰ পৰাজয় নিশ্চিত। ''

নাটোৱে প্ৰাক্তন সেনা প্ৰধানৰ দৰে একে কথাই  কৈ আহিছে।  ব্ৰিটিছ মিডিয়াত প্ৰকাশিত বাতৰি অনুসৰি   ৰাছিয়াই শীঘ্ৰেই পাৰমাণৱিক অস্ত্ৰৰ অনুশীলন আৰম্ভ কৰিব পাৰে । নাটোৱে সদস্য দেশসমূহকো এই বিষয়ে সতৰ্ক কৰি দিছে।

ইউক্ৰেইনৰ দক্ষিণ অংশত, ৰাছিয়ান সেনাৰ কোনো ৰণনীতি নাছিল। আনকি ইউক্ৰেনীয়সকলেও ৰাছিয়ানসকলৰ চলালৰ সকলো   পথ বন্ধ কৰি দিছে।ফলত বিপাঙত পৰা ৰাছিয়াই শেষ অস্ত্ৰ হিচাবে পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰ কৰিব পাৰে বুলি আশংকা কৰা হৈছে।

ৰাছিয়াৰ সামৰিক বাহিনীক সমৰ্থন কৰা ব্লগাৰসকলে দাবী কৰিছে যে ৰাছিয়াৰ সেনাই খাৰছনৰ পৰা প্ৰায় ১৭ কিলোমিটাৰ আঁতৰি যাবলৈ বাধ্য হৈছে।

এই যুদ্ধৰ মাজতে, ব্ৰিটেইনে বাল্টিক সাগৰৰ তলত পাইপলাইনত আক্ৰমণৰ আশংকা কৰিছে। ব্ৰিটিছ নৌসেনাই প্ৰকাশ কৰা  অনুসৰি, ব্ৰিটেইন আৰু স্কেণ্ডিনেভিয়া, অৰ্থাৎ উত্তৰ ইউৰোপীয় দেশসমূহলৈ তেল আৰু গেছ যোগান ধৰা পাইপলাইনবোৰ ৰক্ষা কৰিবলৈ উত্তৰ সাগৰলৈ এখন যুদ্ধজাহাজ প্ৰেৰণ কৰা হৈছে। 
এনে পৰিস্থিতিৰ মাজতে মস্কোৰ ওচৰত এখন 'পাৰমাণৱিক ৰে’ল' দেখা গৈছিল। ব্ৰিটিছ সংবাদ মাধ্যমে দাবী কৰিছে যে ৰে’লখন ৰাছিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ দ্বাদশ মুখ্য সঞ্চালকালয় নামৰ গোপন অধীনত থকা ৰে’ল।

ৰাছিয়ান সেনাৰ সেই গোটটো দেশখনৰ পাৰমাণৱিক অস্ত্ৰৰ দায়িত্বত আছে। 
ব্ৰিটিছ সংবাদ মাধ্যমে দাবী কৰা মতে  ৰে’লখনত  অস্ত্ৰ ভৰ্তি গাড়ী দেখা গৈছে। ৰেলখন ক্ৰেমলিনৰ উত্তৰদিশে যোৱা বুলিও কোৱা হৈছে। 

যুদ্ধ বিশেষজ্ঞসকলে আশংকা কৰিছে যে ৰাছিয়াই চাবমেৰিনৰ পৰা 'পচাইডন' উৎক্ষেপণ কৰিব পাৰে। টৰ্পেডো ড্ৰোনটো পাৰমাণৱিক অস্ত্ৰ নিক্ষেপ কৰিবলৈ সক্ষম। এইটোও আশংকা কৰা হৈছে যে যুদ্ধৰ সময়ত টৰ্পেডোটোৱে চাইবেৰিয়া আৰু উত্তৰ মেৰু অঞ্চলৰ মাজৰ কাৰা সাগৰত আঘাত কৰিব পাৰে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
দুগুণলৈ বৃদ্ধি MBBSৰ মাচুল
গোলাঘাটত ড্ৰাগছৰ অভাৰড’জত উচ্চশিক্ষিত যুৱকৰ মৃত্যু; আৰক্ষীৰ তদন্ত আৰম্ভ
বর্ষাপাৰাত আজি ভাৰত-ৱেষ্ট ইণ্ডিজৰ দ্বিতীয় এদিনীয়া
বৰক্ষেত্ৰীত আৰক্ষীৰ নাকা তালাচীত ১১টা গৰুসহ এখন বাহন জব্দ; গ্ৰেপ্তাৰ দুজন
ব্ৰহ্মপুত্ৰ নদীত মাছ মাৰিবলৈ আহি নিখোঁজ হৈ থকা নুনমাটিৰ ৰাজীৱ আলীৰ মৃতদেহ উদ্ধাৰ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক