--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ ৰিঅ’, টকিঅৰ পিছত পেৰিছ। যোৱা দুবাৰৰ দৰেই এই অলিম্পিকত মহিলাৰ ফেন্সিঙত ইজিপ্তক প্ৰতিনিধিত্ব কৰি নাডা হাফেজে অংশগ্ৰহণ কৰিছে। পেছাত তেওঁ এজন পেথলজিষ্ট। যোৱা দুবাৰৰ দৰে তেওঁ অকলে যুঁজ দিয়া নাছিল। পেৰিছত তেওঁৰ সংগী আছিল সাত মহীয়া শিশু।

 

পেৰিছৰ প্ৰথমখন মেচত নাডাৰ প্ৰতিদ্বন্দ্বী আছিল মহিলাৰ ফেন্সিং বিশ্ব ৰেংকিঙত দশম স্থানত থকা আমেৰিকান এলিজাবেথ টাৰ্টাকোভস্কি। নাডাই তেওঁক পৰাস্ত কৰি অলিম্পিক অভিযান আৰম্ভ কৰিছিল। ১৫-১৩ গলত জয়লাভ কৰি তেওঁ দৃষ্টি আকৰ্ষণ কৰে। লাষ্ট ১৬ত দক্ষিণ কোৰিয়াৰ হা ইয়ং জেওনৰ হাতত পৰাস্ত হয়। মেচখনত ৭-১৫ গলত পৰাস্ত হোৱাৰ পাছত নাডাই কয় যে তেওঁ সাত মাহৰ গৰ্ভৱতী হৈ অলিম্পিকলৈ আহিছিল। তেওঁৰ কথা শুনি সকলোৱে থতমত খালে।

 

এগৰাকী গৌৰৱান্বিত নাডাই কয়, ‘মোৰ লৰা আৰু মই আমাৰ প্ৰতিদ্বন্দ্বীক প্ৰত্যাহ্বান জনাবলৈ সক্ষম হৈছো। শাৰীৰিক আৰু মানসিকভাৱে আমি যুঁজিব পাৰিলোঁ। ই গৌৰৱ। এই যুঁজখনে মোৰ সত্তা পূৰণ কৰিলে।''

 

গৰ্ভৱতী অৱস্থাত অলিম্পিক খেলিবলৈ অনুমতি দিয়াৰ বাবে নাডাই স্বামী ইব্ৰাহিম ইবাব আৰু পৰিয়ালৰ অন্যান্য সদস্যসকলক ধন্যবাদ জনায়। কায়ৰোৰ বাসিন্দাগৰাকীয়ে কয়, ‘গৰ্ভাৱস্থাৰ এই যাত্ৰা সহজ নহয়। জীৱন আৰু ক্ৰীড়াৰ মাজত ভাৰসাম্য ৰক্ষা কৰাটো মোৰ বাবেও সহজ সংগ্ৰাম নাছিল। গতিকে এই যুঁজখন মোৰ বাবে অতি মূল্যৱান। মোৰ স্বামী আৰু পৰিয়ালৰ আন সদস্যৰ সহায় অবিহনে মই ইমান দূৰলৈ আহিব নোৱাৰিলোঁহেঁতেন।’’

 

সাত মাহৰ গৰ্ভৱতী হৈ অলিম্পিকলৈ অহা নাদাক বিভিন্ন দেশৰ খেলুৱৈয়ে প্ৰশংসা কৰে। ক্ৰীড়াপ্ৰেমীসকলো প্ৰশংসাৰে ভৰি পৰে। ২৬ বছৰীয়া ফেন্সাৰগৰাকীয়ে ঘৰলৈ উভতি অহাৰ পিছত কিছুদিন খেলৰ পৰা আঁতৰি থাকিব বুলি কয়। সন্তান জন্ম দিয়াৰ পিছত সুস্থ হৈ পুনৰ দেশৰ বাবে যুঁজিব।

 

 


FOLLOW US F
POPULAR
FEATURE
TRENDY
২খনকৈ চুৰি বাইকসহ ৪ কুখ্যাত বাইকচোৰক গ্ৰেপ্তাৰ গোৰেশ্বৰ আৰক্ষীৰ
২০ টকা প্ৰিমিয়ামত পাব ২ লাখ! মোদী চৰকাৰৰ PMSBY ইন্সুৰেন্সত আবেদন কেনেকৈ কৰিব?
শ্বিলঙৰ ৰাইফল শ্বুটিং প্ৰতিযোগিতাত উত্তৰ-পূবৰ ৭ ৰাজ্যৰ ভিতৰত প্ৰথম স্থান দখল ডিব্ৰুগড়ৰ ৰিয়া দাসৰ
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
দুপৰীয়াৰ আহাৰত চালাড খোৱাৰ নানা উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
ৰঙামাটিত উদ্ধাৰ বিৰল প্ৰজাতিৰ ‘বেং বগিয়া’ কাছ; আচৰিত ৰূপ দেখি হতবাক ৰাইজ
গুৱাহাটী ৰয়েলছক পৰাস্ত কৰি আছাম প্ৰিমিয়াৰ লীগৰ প্ৰথম চেম্পিয়ন খিতাপ অৰ্জন বৰপেটা ব্ৰেভছৰ
যোৰহাটত প্ৰকৃতিৰ কালৰূপ! প্ৰচণ্ড ধুমুহাত প্ৰাণ গ’ল ৬২টা শামুকভঙা চৰাইৰ, আঘাতপ্ৰাপ্ত ৬৮টা
বাংলাদেশত চাঞ্চল্যকৰ হত্যাকাণ্ড! এটা হিন্দু পৰিয়ালৰ চাৰি সদস্যক নিৰ্মমভাৱে হত্যা
টাইপ ১ নে টাইপ ২? কোনবিধ ডায়বেটিচ অধিক ভয়ানক জানো আহক
হাইলাকান্দিত আৰক্ষীৰ অভিযানত হেৰ’ইন জব্দ; গ্ৰেপ্তাৰ পেডলাৰ
পত্নীৰ মৰম পাহৰি বাৰে বাৰে পৰকীয়া প্ৰেম! ৰঙিয়াৰ উজ্জ্বল কলিতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ পত্নীৰ