--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ ৰিঅ’, টকিঅ’ৰ পিছত পেৰিছ। যোৱা দুবাৰৰ দৰেই এই অলিম্পিকত মহিলাৰ ফেন্সিঙত ইজিপ্তক প্ৰতিনিধিত্ব কৰি নাডা হাফেজে অংশগ্ৰহণ কৰিছে। পেছাত তেওঁ এজন পেথ’লজিষ্ট। যোৱা দুবাৰৰ দৰে তেওঁ অকলে যুঁজ দিয়া নাছিল। পেৰিছত তেওঁৰ সংগী আছিল সাত মহীয়া শিশু।

 

পেৰিছৰ প্ৰথমখন মেচত নাডাৰ প্ৰতিদ্বন্দ্বী আছিল মহিলাৰ ফেন্সিং বিশ্ব ৰেংকিঙত দশম স্থানত থকা আমেৰিকান এলিজাবেথ টাৰ্টাকোভস্কি। নাডাই তেওঁক পৰাস্ত কৰি অলিম্পিক অভিযান আৰম্ভ কৰিছিল। ১৫-১৩ গ’লত জয়লাভ কৰি তেওঁ দৃষ্টি আকৰ্ষণ কৰে। লাষ্ট ১৬ত দক্ষিণ কোৰিয়াৰ হা ইয়ং জেওনৰ হাতত পৰাস্ত হয়। মেচখনত ৭-১৫ গ’লত পৰাস্ত হোৱাৰ পাছত নাডাই কয় যে তেওঁ সাত মাহৰ গৰ্ভৱতী হৈ অলিম্পিকলৈ আহিছিল। তেওঁৰ কথা শুনি সকলোৱে থতমত খালে।

 

এগৰাকী গৌৰৱান্বিত নাডাই কয়, ‘মোৰ ল’ৰা আৰু মই আমাৰ প্ৰতিদ্বন্দ্বীক প্ৰত্যাহ্বান জনাবলৈ সক্ষম হৈছো। শাৰীৰিক আৰু মানসিকভাৱে আমি যুঁজিব পাৰিলোঁ। ই গৌৰৱ। এই যুঁজখনে মোৰ সত্তা পূৰণ কৰিলে।''

 

গৰ্ভৱতী অৱস্থাত অলিম্পিক খেলিবলৈ অনুমতি দিয়াৰ বাবে নাডাই স্বামী ইব্ৰাহিম ইবাব আৰু পৰিয়ালৰ অন্যান্য সদস্যসকলক ধন্যবাদ জনায়। কায়ৰোৰ বাসিন্দাগৰাকীয়ে কয়, ‘গৰ্ভাৱস্থাৰ এই যাত্ৰা সহজ নহয়। জীৱন আৰু ক্ৰীড়াৰ মাজত ভাৰসাম্য ৰক্ষা কৰাটো মোৰ বাবেও সহজ সংগ্ৰাম নাছিল। গতিকে এই যুঁজখন মোৰ বাবে অতি মূল্যৱান। মোৰ স্বামী আৰু পৰিয়ালৰ আন সদস্যৰ সহায় অবিহনে মই ইমান দূৰলৈ আহিব নোৱাৰিলোঁহেঁতেন।’’

 

সাত মাহৰ গৰ্ভৱতী হৈ অলিম্পিকলৈ অহা নাদাক বিভিন্ন দেশৰ খেলুৱৈয়ে প্ৰশংসা কৰে। ক্ৰীড়াপ্ৰেমীসকলো প্ৰশংসাৰে ভৰি পৰে। ২৬ বছৰীয়া ফেন্সাৰগৰাকীয়ে ঘৰলৈ উভতি অহাৰ পিছত কিছুদিন খেলৰ পৰা আঁতৰি থাকিব বুলি কয়। সন্তান জন্ম দিয়াৰ পিছত সুস্থ হৈ পুনৰ দেশৰ বাবে যুঁজিব।

 

 


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু