--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : বিশেষজ্ঞসকলৰ মতে সুস্থ স্বাস্থ্যৰ বাবে তালিকাত পুষ্টিকৰ খাদ্য অন্তৰ্ভুক্ত কৰাটো অত্যন্ত জৰুৰী। সঠিক পৰিমাণত সঠিক খাদ্য খালেহে শৰীৰ সুস্থ থকাৰ লগতে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী হয়। পুষ্টিকৰ খাদ্যৰ কথা আহিলে প্ৰথমে আমাৰ মনলৈ আহে শাক-পাচলি আৰু ফলমূলৰ কথা। বিশেষজ্ঞসকলৰ মতে সুস্থ হৈ থাকিবলৈ প্ৰায়ে পুষ্টিকৰ খাদ্য যেনে-সেউজীয়া শাক-পাচলি আৰু ফলমূল সেৱন কৰাটো বাঞ্ছনীয়। এই পুষ্টিকৰ খাদ্যসমূহৰ ভিতৰত অমিতা অন্যতম। বিশেষজ্ঞসকলৰ মতে অমিতা স্বাস্থ্যৰ বাবে অতি উপকাৰী। অৱশ্যে ই কেতিয়াবা ক্ষতিকাৰকো হ’ব পাৰে। তেন্তে জানো আহক অমিতা খোৱাৰ উপকাৰিতা আৰু ইয়াৰ ক্ষতিসমূহৰ বিষয়ে।

 ১. অমিতাত পোৱা পুষ্টিকৰ উপাদানসমূহ-

অমিতাক ভিটামিন-এৰ এক ভঁৰাল বুলি কোৱা হয়। ইয়াত প্ৰচুৰ পৰিমাণে ভিটামিন-এ থাকে, ইয়াৰ উপৰি অমিতাত ভিটামিন-চিও পোৱা যায়। আনহাতে ইয়াত সৰ্বাধিক পৰিমাণৰ পানী, প্ৰটিন, কাৰ্বহাইড্ৰেট পদাৰ্থ, ক্ষাৰকীয় মৌল, কেলছিয়াম, ফছফৰাছ, আইৰন, চেনি ইত্যাদি পোৱা যায়। ইয়াত যথেষ্ট পৰিমাণে প্ৰাকৃতিক আঁহ, কেৰটিন আৰু খনিজ পদাৰ্থও থাকে।

 ২. অমিতা খোৱাৰ উপকাৰিতা-

* অমিতাই হৃদৰোগৰ পৰা ৰক্ষা কৰে

* অমিতাৰ গুটি ব্যৱহাৰে হজম প্ৰক্ৰিয়া উন্নত কৰে

* অমিতাত পোৱা ঔষধি গুণ চকুৰ সুৰক্ষাৰ বাবে অতি উপকাৰী

* বাতবিষ ৰোগীয়ে নিয়মিতভাৱে অমিতা খাব লাগে

* ছালৰ ৰং উন্নত কৰাৰ বাবেও অমিতা অতি উপকাৰী

* অমিতাৰ পাতৰ ৰসে চুলি মজবুত আৰু ঘন কৰে

* বিশেষজ্ঞসকলৰ মতে অমিতাৰ গুটি কেন্সাৰ প্ৰতিৰোধৰ ক্ষেত্ৰত উপকাৰী

* ওজন আৰু মেদবহুলতা হ্ৰাস কৰাৰ বাবেও অমিতা ব্যৱহাৰ কৰিব পাৰে

* উচ্চ ৰক্তচাপৰ চিকিৎসাত কেঁচা অমিতা অতি উপকাৰী

* ৰোগ প্ৰতিৰোধ ক্ষমতাৰ বাবেও অমিতা সেৱন পৰিসীম

 অমিতাৰ পাৰ্শ্বক্ৰিয়া-

১. গৰ্ভাৱস্থাত অমিতা খাব নালাগে। কাৰণ অমিতাত পোৱা লেটেক্সে জৰায়ুৰ সংকোচন কৰি তোলে। ইয়াৰ ফলত গৰ্ভপাত, প্ৰসৱৰ বিষ, শিশুৰ অস্বাভাৱিকতা আদি সমস্যাৰ সৃষ্টি হ’ব পাৰে।

২. বিশেষজ্ঞসকলে স্তনপান কৰোৱা মাতৃসকলক অমিতা খোৱাৰ পৰা বিৰত থাকিবলৈ পৰামৰ্শ দিয়ে।

৩. অমিতা অধিক পৰিমাণে সেৱন কৰিলে জণ্ডিচৰ সমস্যা বৃদ্ধি পায়।

৪. ইয়াৰ অত্যধিক সেৱনৰ ফলত হাঁপানী, শ্বাস-প্ৰশ্বাসজনিত সমস্যা হোৱাৰ আশংকা থাকে।

৫. অধিক মাত্ৰাত অমিতা সেৱনৰ ফলত বৃক্কত পাথৰৰ সমস্যাও হ’ব পাৰে।

৬. এবছৰৰ তলৰ শিশুৰ বাবে অমিতা সেৱন ক্ষতিকাৰক হ’ব পাৰে।







FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু