--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ জনপ্ৰিয় স্পেনিছ অভিনেত্ৰী এষ্টাৰ এচিবো এক বিশেষ কাৰণত চৰ্চালৈ আহিছে। নেটফ্লিক্সৰ জনপ্ৰিয় ৱেব চিৰিজ মানি হাইষ্টত(Money Heist) মণিকাৰ চৰিত্ৰত অভিনয় কৰা স্পেনিছ অভিনেত্ৰীগৰাকীক লৈ ভাৰতত হৈছে বিশেষকৈ চৰ্চা। এষ্টাৰ এচিবোৰ এখন ফটো ভাইৰেল হৈছে। সেই ফটোখনত এষ্টাৰ এচিবোৰ লগতে ভগৱান গণেশৰ এখন প্ৰতিচ্ছবি দেখিবলৈ পোৱা গৈছে। এষ্টাৰ এচিবোৱে ঘৰৰ দেৱালত আঁৰি থৈছে ভগৱান গণেশৰ এখন প্ৰতিচ্ছবি। ভাৰতীয় অনুৰাগীসকলে এই ফটোখন দেখি যথেষ্ট সুখী হৈ পৰিছে আৰু তেওঁলোকে এই ফটোখন খুব শ্বেয়াৰ কৰিছে।

একাংশই কৈছে যে ভাৰতীয়সকলৰ বাবে এয়া অতি গৌৰৱৰ মুহূৰ্ত। কোনোবাই সুধিছে যে এষ্টাৰ এচিবো ভগৱান গণেশৰ ভক্ত নেকি? কিছুসংখ্যকে ভগৱান গণেশৰ আশিস তেওঁ যাতে সদায় লাভ কৰে, তাৰবাবে শুভকামনা জনাইছে। এগৰাকী বিদেশী অভিনেত্ৰী হৈয়ো হিন্দু ধৰ্মৰ উপাসক ভগৱান গণেশক এইদৰে মান্যতা দিয়া দেখি স্পেনিছ অভিনেত্ৰীগৰাকীক প্ৰশংসাৰে উপচাই দিছে ভাৰতীয় দৰ্শকসকলে। উল্লেখ্য যে এষ্টাৰ এচিবোৰ জন্ম হৈছিল ১৯৮৩ চনৰ ১৯ জানুৱাৰীত স্পেইনৰ মাদ্ৰিদত।

৩৮ বছৰীয়া এষ্টাৰে নেটফ্লিক্সৰ ৱেব চিৰিজ মানি হাইষ্টৰ পৰা বিশ্বজুৰি যথেষ্ট জনপ্ৰিয়তা লাভ কৰিছে। এয়া স্পেনিছ শ্ব যদিও ইয়াৰ জনপ্ৰিয়তা সমগ্ৰ বিশ্বতে আছে। ছিৰিজটোৱে ভাৰততো পূৰ্ণ সঁহাৰি লাভ কৰিছিল। মানি হাইষ্টত তেওঁৰ চৰিত্ৰটোৰ নাম আছিল মনিকা যাক দৰ্শকসকলে বৰকৈ পচন্দ কৰিছে। মানি হাইষ্টৰ উপৰিও এষ্টাৰে এণ্ডলে অ'ডামানিঅ, আমটেছ ডি পেৰ্ডাৰ আৰু লছ আন্সান্টাডোছত অভিনয় কৰি দৰ্শকৰ সমাদৰ লভিবলৈ সক্ষম হৈছিল।

আৰু পঢ়কঃ সূৰ্য আল্লাই সৃষ্টি কৰিছে, আমি সূৰ্যক নমস্কাৰ কৰিব নোৱাৰোঁঃ গোলাম ৰছুল বালৱায়ী


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু