--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ জনপ্ৰিয় স্পেনিছ অভিনেত্ৰী এষ্টাৰ এচিবো এক বিশেষ কাৰণত চৰ্চালৈ আহিছে। নেটফ্লিক্সৰ জনপ্ৰিয় ৱেব চিৰিজ মানি হাইষ্টত(Money Heist) মণিকাৰ চৰিত্ৰত অভিনয় কৰা স্পেনিছ অভিনেত্ৰীগৰাকীক লৈ ভাৰতত হৈছে বিশেষকৈ চৰ্চা। এষ্টাৰ এচিবোৰ এখন ফটো ভাইৰেল হৈছে। সেই ফটোখনত এষ্টাৰ এচিবোৰ লগতে ভগৱান গণেশৰ এখন প্ৰতিচ্ছবি দেখিবলৈ পোৱা গৈছে। এষ্টাৰ এচিবোৱে ঘৰৰ দেৱালত আঁৰি থৈছে ভগৱান গণেশৰ এখন প্ৰতিচ্ছবি। ভাৰতীয় অনুৰাগীসকলে এই ফটোখন দেখি যথেষ্ট সুখী হৈ পৰিছে আৰু তেওঁলোকে এই ফটোখন খুব শ্বেয়াৰ কৰিছে।

একাংশই কৈছে যে ভাৰতীয়সকলৰ বাবে এয়া অতি গৌৰৱৰ মুহূৰ্ত। কোনোবাই সুধিছে যে এষ্টাৰ এচিবো ভগৱান গণেশৰ ভক্ত নেকি? কিছুসংখ্যকে ভগৱান গণেশৰ আশিস তেওঁ যাতে সদায় লাভ কৰে, তাৰবাবে শুভকামনা জনাইছে। এগৰাকী বিদেশী অভিনেত্ৰী হৈয়ো হিন্দু ধৰ্মৰ উপাসক ভগৱান গণেশক এইদৰে মান্যতা দিয়া দেখি স্পেনিছ অভিনেত্ৰীগৰাকীক প্ৰশংসাৰে উপচাই দিছে ভাৰতীয় দৰ্শকসকলে। উল্লেখ্য যে এষ্টাৰ এচিবোৰ জন্ম হৈছিল ১৯৮৩ চনৰ ১৯ জানুৱাৰীত স্পেইনৰ মাদ্ৰিদত।

৩৮ বছৰীয়া এষ্টাৰে নেটফ্লিক্সৰ ৱেব চিৰিজ মানি হাইষ্টৰ পৰা বিশ্বজুৰি যথেষ্ট জনপ্ৰিয়তা লাভ কৰিছে। এয়া স্পেনিছ শ্ব যদিও ইয়াৰ জনপ্ৰিয়তা সমগ্ৰ বিশ্বতে আছে। ছিৰিজটোৱে ভাৰততো পূৰ্ণ সঁহাৰি লাভ কৰিছিল। মানি হাইষ্টত তেওঁৰ চৰিত্ৰটোৰ নাম আছিল মনিকা যাক দৰ্শকসকলে বৰকৈ পচন্দ কৰিছে। মানি হাইষ্টৰ উপৰিও এষ্টাৰে এণ্ডলে অ'ডামানিঅ, আমটেছ ডি পেৰ্ডাৰ আৰু লছ আন্সান্টাডোছত অভিনয় কৰি দৰ্শকৰ সমাদৰ লভিবলৈ সক্ষম হৈছিল।

আৰু পঢ়কঃ সূৰ্য আল্লাই সৃষ্টি কৰিছে, আমি সূৰ্যক নমস্কাৰ কৰিব নোৱাৰোঁঃ গোলাম ৰছুল বালৱায়ী


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ