--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ বিশ্বৰ প্ৰখ্যাত উদ্যোগপতি ৰতন টাটাৰ জীৱনীমূলক গ্ৰন্থ, ৰতন এণ্ড টাটা: দ্য অথৰাইজড বায়োগ্ৰাফী নামৰ কিতাপখন এইবছৰৰ নৱেম্বৰ মাহত প্ৰকাশ পাব। হাইপাৰকলিন্স নামৰ ব্ৰিটিছ প্ৰকাশন সন্থা এটাই কিতাপখন সকলো মাধ্যমতে প্ৰকাশ কৰাৰ বাবে চুক্তিবদ্ধ হৈছে।

ব্ৰিটিছ প্ৰকাশন সন্থাটোৱে জনোৱা মতে ৰতন টাটাৰ কৰ্তৃত্বপ্ৰাপ্ত জীৱনী ৰতন এণ্ড টাটা: দ্য অথৰাইজড বায়োগ্ৰাফী প্ৰকাশ কৰাৰ অধিকাৰ তেওঁলোকে লাভ কৰিছে। ২০২২ চনৰ নৱেম্বৰত হাৰ্পাৰকলিন্সৰ দ্বাৰা বিশ্বৰ সকলো লোকে পঢ়িব পৰাকৈ সকলো ফৰ্মেটত বিশ্বব্যাপী প্ৰকাশ কৰা হ’ব। এই জীৱনী গ্ৰন্থখনত টাটাৰ নেনো প্ৰকল্প, টাটা ছন্সৰ প্ৰাক্তন অধ্যক্ষ চাইৰাছ মিস্ত্ৰীক বহিষ্কাৰ কৰা, আৰু টাটা ষ্টীল লিমিটেডৰ কোৰাছ অধিগ্ৰহণৰ দৰে ঘটনাৰ বিষয়ে আগেয়ে নোকোৱা বা লোকচক্ষুৰ আঁৰত থকা সকলো কথা সামৰি লোৱা হৈছে।

কিতাপখন বিভিন্ন পঠনযোগ্য মাধ্যম যেনে- কিতাপ আৰু ই-বুক আকাৰে প্ৰকাশ কৰাৰ উপৰি অডিঅ’ বুক হিচাপেও প্ৰকাশ কৰা হ’ব। ইয়াৰ বাবদ প্ৰকাশন প্ৰতিষ্ঠানটোৱে ২ কোটিৰো অধিক টকা খৰচ কৰিব বুলি জানিব পৰা গৈছে। যদিও প্ৰকাশনৰ বাবে হোৱা নিবিদাৰ বিজয়ী মূল্য আনুষ্ঠানিকভাৱে কোনো পক্ষই ঘোষণা কৰা নাই, তথাপি ইয়াক ২ কোটিৰ অধিক বুলি জানিব পৰা গৈছে। কিতাপখন এজন অৱসৰপ্ৰাপ্ত আইএএছ বিষয়া থমাছ মেথিউৰ দ্বাৰা ৰচনা কৰা হ’ব। কিতাপখনত ৰতন টাটাৰ জীৱনৰ প্ৰাৰম্ভিক জীৱনৰ বিচিত্ৰ ঘটনা, ছাত্ৰ জীৱনৰ বিভিন্ন আকৰ্ষণীয় কাহিনী, আমেৰিকাৰ ছাত্ৰ জীৱন আৰু তাৰ পৰা ওভটি আহি টাটা গ্ৰুপৰ সৈতে কাম-কাজ কৰাৰ প্ৰাৰম্ভিক কথাবোৰ সন্নিৱিষ্ট থাকিব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু