--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ বিশ্বৰ প্ৰখ্যাত উদ্যোগপতি ৰতন টাটাৰ জীৱনীমূলক গ্ৰন্থ, ৰতন এণ্ড টাটা: দ্য অথৰাইজড বায়োগ্ৰাফী নামৰ কিতাপখন এইবছৰৰ নৱেম্বৰ মাহত প্ৰকাশ পাব। হাইপাৰকলিন্স নামৰ ব্ৰিটিছ প্ৰকাশন সন্থা এটাই কিতাপখন সকলো মাধ্যমতে প্ৰকাশ কৰাৰ বাবে চুক্তিবদ্ধ হৈছে।

ব্ৰিটিছ প্ৰকাশন সন্থাটোৱে জনোৱা মতে ৰতন টাটাৰ কৰ্তৃত্বপ্ৰাপ্ত জীৱনী ৰতন এণ্ড টাটা: দ্য অথৰাইজড বায়োগ্ৰাফী প্ৰকাশ কৰাৰ অধিকাৰ তেওঁলোকে লাভ কৰিছে। ২০২২ চনৰ নৱেম্বৰত হাৰ্পাৰকলিন্সৰ দ্বাৰা বিশ্বৰ সকলো লোকে পঢ়িব পৰাকৈ সকলো ফৰ্মেটত বিশ্বব্যাপী প্ৰকাশ কৰা হ’ব। এই জীৱনী গ্ৰন্থখনত টাটাৰ নেনো প্ৰকল্প, টাটা ছন্সৰ প্ৰাক্তন অধ্যক্ষ চাইৰাছ মিস্ত্ৰীক বহিষ্কাৰ কৰা, আৰু টাটা ষ্টীল লিমিটেডৰ কোৰাছ অধিগ্ৰহণৰ দৰে ঘটনাৰ বিষয়ে আগেয়ে নোকোৱা বা লোকচক্ষুৰ আঁৰত থকা সকলো কথা সামৰি লোৱা হৈছে।

কিতাপখন বিভিন্ন পঠনযোগ্য মাধ্যম যেনে- কিতাপ আৰু ই-বুক আকাৰে প্ৰকাশ কৰাৰ উপৰি অডিঅ’ বুক হিচাপেও প্ৰকাশ কৰা হ’ব। ইয়াৰ বাবদ প্ৰকাশন প্ৰতিষ্ঠানটোৱে ২ কোটিৰো অধিক টকা খৰচ কৰিব বুলি জানিব পৰা গৈছে। যদিও প্ৰকাশনৰ বাবে হোৱা নিবিদাৰ বিজয়ী মূল্য আনুষ্ঠানিকভাৱে কোনো পক্ষই ঘোষণা কৰা নাই, তথাপি ইয়াক ২ কোটিৰ অধিক বুলি জানিব পৰা গৈছে। কিতাপখন এজন অৱসৰপ্ৰাপ্ত আইএএছ বিষয়া থমাছ মেথিউৰ দ্বাৰা ৰচনা কৰা হ’ব। কিতাপখনত ৰতন টাটাৰ জীৱনৰ প্ৰাৰম্ভিক জীৱনৰ বিচিত্ৰ ঘটনা, ছাত্ৰ জীৱনৰ বিভিন্ন আকৰ্ষণীয় কাহিনী, আমেৰিকাৰ ছাত্ৰ জীৱন আৰু তাৰ পৰা ওভটি আহি টাটা গ্ৰুপৰ সৈতে কাম-কাজ কৰাৰ প্ৰাৰম্ভিক কথাবোৰ সন্নিৱিষ্ট থাকিব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ