--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ শনিবাৰে পাকিস্তানৰ মুৰীত প্ৰচণ্ড তুষাৰপাতৰ বাবে মৃত্যু হৈছে কেইবাজনো লোকৰ৷ তুষাৰপাতৰ বাবে বাহনৰ ভিতৰত কেইবা ঘণ্টা ধৰি আৱদ্ধ হৈ আছিল বহু লোক৷ তাৰে ভিতৰত এতিয়ালৈকে কমেও ২১ জন মৃত ব্যক্তিক ঘটনাস্থলীৰ পৰা উদ্ধাৰ কৰা হৈছে৷ এই সকলৰ ভিতৰত অধিকাংশই হৈছে পৰ্যটক। ঘটনা সন্দৰ্ভত এটা ভিডিঅ’ বাৰ্তা যোগে পাকিস্তানৰ অভ্যন্তৰীণ মন্ত্ৰী শ্বেখ ৰছিদে এক বক্তব্য আগবঢ়াইছে৷ তেওঁ উল্লেখ কৰা মতে মৃতসকলৰ ভিতৰত কমেও ৯জন শিশু আছিল৷ মুৰীৰ এই শোকাৱহ ঘটনাৰ কেইঘণ্টামান পিছতেই অঞ্চলটোক দুৰ্যোগ পীড়িত অঞ্চল হিচাপে ঘোষণা কৰিছে পাঞ্জাব প্ৰদেশ চৰকাৰে।


ঘটনাস্থলীত এতিয়াও উদ্ধাৰ অভিযান অব্যাহত৷ পাকিস্তানৰ সেনাই স্থানীয় লোকসকলৰ সহযোগত উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে৷ পাকিস্তান সেনাৰ লগতে ৰাৱালপিণ্ডি আৰু ইছলামাবাদৰ আৰক্ষী বিষয়াসকলৰ লগতে উদ্ধাৰকাৰী ১১২২ জন বিষয়া চহৰখনত উপস্থিত হৈ উদ্ধাৰ অভিযান চলাই আছে। ঘটনাস্থলীত স্থানীয় লোকসকল উপস্থিত হৈ আৱদ্ধ হৈ থকা লোকসকলক উদ্ধাৰৰ লগতে যাৱতীয় সা-সুবিধা প্ৰদানৰ চেষ্টা অব্যাহত ৰাখিছে৷ স্থানীয় লোকসকলে তুষাৰপাতত আৱদ্ধ পৰ্যটকসকলক কম্বল আৰু গৰম খাদ্য যোগান ধৰি সহায় আগবঢ়াইছে বুলি জানিব পৰা গৈছে।
ইতিমধ্যে পঞ্জাৱ প্ৰদেশ চৰকাৰে মানুহক তুষাৰপাতৰ বাবে আঁতৰি থাকিবলৈ আহ্বান জনাইছে। পঞ্জাৱ প্ৰদেশৰ মুখ্যমন্ত্ৰী উছমান বুজদাৰে কৈছিল যে আৱদ্ধ পৰ্যটকসকলক স্থানান্তৰ কৰাটো তেওঁৰ প্ৰথম অগ্ৰাধিকাৰ৷ পঞ্জাৱ প্ৰদেশ চৰকাৰে তুষাৰপাতত আৱদ্ধ পৰ্যটকসকলৰ বাবে বিশ্ৰাম গৃহ আৰু ৰাজ্যিক ভৱন মুকলি কৰি দিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু