--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ শনিবাৰে পাকিস্তানৰ মুৰীত প্ৰচণ্ড তুষাৰপাতৰ বাবে মৃত্যু হৈছে কেইবাজনো লোকৰ৷ তুষাৰপাতৰ বাবে বাহনৰ ভিতৰত কেইবা ঘণ্টা ধৰি আৱদ্ধ হৈ আছিল বহু লোক৷ তাৰে ভিতৰত এতিয়ালৈকে কমেও ২১ জন মৃত ব্যক্তিক ঘটনাস্থলীৰ পৰা উদ্ধাৰ কৰা হৈছে৷ এই সকলৰ ভিতৰত অধিকাংশই হৈছে পৰ্যটক। ঘটনা সন্দৰ্ভত এটা ভিডিঅ’ বাৰ্তা যোগে পাকিস্তানৰ অভ্যন্তৰীণ মন্ত্ৰী শ্বেখ ৰছিদে এক বক্তব্য আগবঢ়াইছে৷ তেওঁ উল্লেখ কৰা মতে মৃতসকলৰ ভিতৰত কমেও ৯জন শিশু আছিল৷ মুৰীৰ এই শোকাৱহ ঘটনাৰ কেইঘণ্টামান পিছতেই অঞ্চলটোক দুৰ্যোগ পীড়িত অঞ্চল হিচাপে ঘোষণা কৰিছে পাঞ্জাব প্ৰদেশ চৰকাৰে।


ঘটনাস্থলীত এতিয়াও উদ্ধাৰ অভিযান অব্যাহত৷ পাকিস্তানৰ সেনাই স্থানীয় লোকসকলৰ সহযোগত উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে৷ পাকিস্তান সেনাৰ লগতে ৰাৱালপিণ্ডি আৰু ইছলামাবাদৰ আৰক্ষী বিষয়াসকলৰ লগতে উদ্ধাৰকাৰী ১১২২ জন বিষয়া চহৰখনত উপস্থিত হৈ উদ্ধাৰ অভিযান চলাই আছে। ঘটনাস্থলীত স্থানীয় লোকসকল উপস্থিত হৈ আৱদ্ধ হৈ থকা লোকসকলক উদ্ধাৰৰ লগতে যাৱতীয় সা-সুবিধা প্ৰদানৰ চেষ্টা অব্যাহত ৰাখিছে৷ স্থানীয় লোকসকলে তুষাৰপাতত আৱদ্ধ পৰ্যটকসকলক কম্বল আৰু গৰম খাদ্য যোগান ধৰি সহায় আগবঢ়াইছে বুলি জানিব পৰা গৈছে।
ইতিমধ্যে পঞ্জাৱ প্ৰদেশ চৰকাৰে মানুহক তুষাৰপাতৰ বাবে আঁতৰি থাকিবলৈ আহ্বান জনাইছে। পঞ্জাৱ প্ৰদেশৰ মুখ্যমন্ত্ৰী উছমান বুজদাৰে কৈছিল যে আৱদ্ধ পৰ্যটকসকলক স্থানান্তৰ কৰাটো তেওঁৰ প্ৰথম অগ্ৰাধিকাৰ৷ পঞ্জাৱ প্ৰদেশ চৰকাৰে তুষাৰপাতত আৱদ্ধ পৰ্যটকসকলৰ বাবে বিশ্ৰাম গৃহ আৰু ৰাজ্যিক ভৱন মুকলি কৰি দিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ