--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আহ্বানত ১৩-১৫ আগষ্টলৈ দেশত চলি আছে হৰ ঘৰ ত্ৰিৰংগা কাৰ্যসূচী৷ সেইমৰ্মে দেশৰ জনতাই ঘৰে ঘৰে ত্ৰিৰংগা উত্তোলন কৰি দেশপ্ৰেমৰ পৰিচয় দিছে৷ এনে সময়তে নিজৰ ঘৰত জীতীয় পতাকা উৰুৱাবলৈ গৈ এজন ৬৫ বছৰীয়া লোকৰ শোকাৱহ মৃত্যু ঘটিছে৷ নিজৰ ঘৰৰ  ছাদত ত্ৰিৰংগা উৰুৱাবলৈ যোৱাৰ সময়তে লোক জন ছাদৰ পৰা তললৈ পৰি যায় আৰু  মৃত্যুমুখত পৰে।

 ঘটনাটো শনিবাৰে পুৱা ৭ বজাত মহাৰাষ্ট্ৰৰ পালঘৰ জিলাৰ জৱাহৰ তালুকাৰ ৰাজেৱাড়ীৰ এখন গাঁৱত সংঘটিত হৈছে৷ মৃত লক্ষ্মণ চিন্দে পাঁচ বছৰ পূৰ্বে মহানগৰ টেলিফোন নিগম লিমিটেডৰ (এমটিএনএল) পৰা অৱসৰ গ্ৰহণ কৰিছিল৷ শিন্দে তেওঁৰ গাওঁৰ এজন সন্মানীয় আৰু পৰিচিত ব্যক্তি আছিল।

দুৰ্ঘটনাটো ঘটাৰ সময়ত তেওঁৰ পত্নী আৰু কন্যা  ঘৰতে আছিল । আহত লোক জনক জৰুৰীকালীন চিকিৎসাৰ প্ৰয়োজন হৈছিল যদিও গাওঁ খনৰ লগতে কাষৰীয়া কোনো ঠাইতে কোনো চিকিৎসালয় নথকাত  তেওঁক বহু দূৰৈৰ চিকিৎসালয়লৈ নিয়া হয়৷ কিন্তু সেই চিকিৎসালয় খনতোচিকিৎসাৰ উপযুক্ত ব্যৱস্থা নথকাত   তেওঁক এখন এখনকৈ তিনিখন চিকিৎসালয়লৈ স্থানান্তৰ কৰিব লগা হয়। তেওঁক প্ৰথমে ওচৰৰ নন্দগাঁও পিএইচচিলৈ লৈ যোৱা হৈছিল, তাৰ পিছত জৱাহৰ চিকিৎসালয়লৈ লৈ যোৱা হয়, য'ত চিকিৎসকে তেওঁক উন্নত চিকিৎসাৰ বাবে নাছিক অসামৰিক চিকিৎসালয়লৈ স্থানান্তৰ কৰাৰ পৰামৰ্শ দিয়ে।

 ইমান টনা-আজোৰা কৰাৰ পিছতো  তেওঁৰ জীৱন ৰক্ষা কৰিব পৰা নগ'ল। জৱাহৰ আৰক্ষী থানাৰ আৰক্ষী পৰিদৰ্শক আপ্পাচাহেব লেংগাৰে কয়  যে অন্তিম সংস্কাৰ সম্পূৰ্ণ হোৱাৰ পিছত তেওঁলোকে দুৰ্ঘটনাজনিত মৃত্যুৰ প্ৰতিবেদন দাখিল কৰিব। গাওঁবাসীয়েএই ঘটনাৰ পিছতে  জৱাহৰ আৰু মোখাদা তালুকত ৰাস্তা, এম্বুলেন্স আৰু চিকিৎসালয়  নিৰ্মণৰ দাবীত সৰৱ হৈ পৰিছে। স্বাধীনতাৰ ৭৫ বছৰৰ পিছতো তেওঁলোকে এতিয়াও নূন্যতম স্বাস্থ্য সেৱাও লাভ নকৰা বুলি এতিয়া বাৰুকৈয়ে উপলব্ধি কৰিছে৷ 

নদী পাৰ হৈ  হাবিৰ মাজেৰে বহু দূৰ গ’লেহে চিকিৎসালয়ত উপস্থিত হ’ব পাৰে৷ যোৱা মাহত ভৰিত আঘাত পোৱা এজন জ্যেষ্ঠ নাগৰিকক সাঙী কৰি  চিকিৎসালয়লৈ নিবলগীয়া হৈছিল৷ স্থানীয় লোকসকলে কেইবা কিলোমিটাৰ খোজকাঢ়ি ভৰা  নদী পাৰ হৈহে চিকিৎসালয় পাইছিলগৈ৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু