--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আহ্বানত ১৩-১৫ আগষ্টলৈ দেশত চলি আছে হৰ ঘৰ ত্ৰিৰংগা কাৰ্যসূচী৷ সেইমৰ্মে দেশৰ জনতাই ঘৰে ঘৰে ত্ৰিৰংগা উত্তোলন কৰি দেশপ্ৰেমৰ পৰিচয় দিছে৷ এনে সময়তে নিজৰ ঘৰত জীতীয় পতাকা উৰুৱাবলৈ গৈ এজন ৬৫ বছৰীয়া লোকৰ শোকাৱহ মৃত্যু ঘটিছে৷ নিজৰ ঘৰৰ  ছাদত ত্ৰিৰংগা উৰুৱাবলৈ যোৱাৰ সময়তে লোক জন ছাদৰ পৰা তললৈ পৰি যায় আৰু  মৃত্যুমুখত পৰে।

 ঘটনাটো শনিবাৰে পুৱা ৭ বজাত মহাৰাষ্ট্ৰৰ পালঘৰ জিলাৰ জৱাহৰ তালুকাৰ ৰাজেৱাড়ীৰ এখন গাঁৱত সংঘটিত হৈছে৷ মৃত লক্ষ্মণ চিন্দে পাঁচ বছৰ পূৰ্বে মহানগৰ টেলিফোন নিগম লিমিটেডৰ (এমটিএনএল) পৰা অৱসৰ গ্ৰহণ কৰিছিল৷ শিন্দে তেওঁৰ গাওঁৰ এজন সন্মানীয় আৰু পৰিচিত ব্যক্তি আছিল।

দুৰ্ঘটনাটো ঘটাৰ সময়ত তেওঁৰ পত্নী আৰু কন্যা  ঘৰতে আছিল । আহত লোক জনক জৰুৰীকালীন চিকিৎসাৰ প্ৰয়োজন হৈছিল যদিও গাওঁ খনৰ লগতে কাষৰীয়া কোনো ঠাইতে কোনো চিকিৎসালয় নথকাত  তেওঁক বহু দূৰৈৰ চিকিৎসালয়লৈ নিয়া হয়৷ কিন্তু সেই চিকিৎসালয় খনতোচিকিৎসাৰ উপযুক্ত ব্যৱস্থা নথকাত   তেওঁক এখন এখনকৈ তিনিখন চিকিৎসালয়লৈ স্থানান্তৰ কৰিব লগা হয়। তেওঁক প্ৰথমে ওচৰৰ নন্দগাঁও পিএইচচিলৈ লৈ যোৱা হৈছিল, তাৰ পিছত জৱাহৰ চিকিৎসালয়লৈ লৈ যোৱা হয়, য'ত চিকিৎসকে তেওঁক উন্নত চিকিৎসাৰ বাবে নাছিক অসামৰিক চিকিৎসালয়লৈ স্থানান্তৰ কৰাৰ পৰামৰ্শ দিয়ে।

 ইমান টনা-আজোৰা কৰাৰ পিছতো  তেওঁৰ জীৱন ৰক্ষা কৰিব পৰা নগ'ল। জৱাহৰ আৰক্ষী থানাৰ আৰক্ষী পৰিদৰ্শক আপ্পাচাহেব লেংগাৰে কয়  যে অন্তিম সংস্কাৰ সম্পূৰ্ণ হোৱাৰ পিছত তেওঁলোকে দুৰ্ঘটনাজনিত মৃত্যুৰ প্ৰতিবেদন দাখিল কৰিব। গাওঁবাসীয়েএই ঘটনাৰ পিছতে  জৱাহৰ আৰু মোখাদা তালুকত ৰাস্তা, এম্বুলেন্স আৰু চিকিৎসালয়  নিৰ্মণৰ দাবীত সৰৱ হৈ পৰিছে। স্বাধীনতাৰ ৭৫ বছৰৰ পিছতো তেওঁলোকে এতিয়াও নূন্যতম স্বাস্থ্য সেৱাও লাভ নকৰা বুলি এতিয়া বাৰুকৈয়ে উপলব্ধি কৰিছে৷ 

নদী পাৰ হৈ  হাবিৰ মাজেৰে বহু দূৰ গ’লেহে চিকিৎসালয়ত উপস্থিত হ’ব পাৰে৷ যোৱা মাহত ভৰিত আঘাত পোৱা এজন জ্যেষ্ঠ নাগৰিকক সাঙী কৰি  চিকিৎসালয়লৈ নিবলগীয়া হৈছিল৷ স্থানীয় লোকসকলে কেইবা কিলোমিটাৰ খোজকাঢ়ি ভৰা  নদী পাৰ হৈহে চিকিৎসালয় পাইছিলগৈ৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ