--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউডৰ অন্যতম জনপ্ৰিয় অভিনেত্ৰী হৈছে ৰাখী। ৰাখীৰ স্বামী হ'ল গুলজাৰ। গুলজাৰ যাৰ কবিতা আৰু গীতে সকলোৰে মনত আলোড়ন তোলে। ৰাখী আৰু গুলজাৰে প্ৰেমত পৰি বিয়া পাতিছিল আৰু এক অতি তিক্ত পৰিস্থিতিত দুয়োৰে বিচ্ছেদ হয়। দুয়োৰে বিচ্ছেদৰ কাৰণ আছিল বেংগলৰ নায়িকা সুচিত্ৰা সেন। 'আন্ধী'ৰ শ্বুটিঙৰ সময়তে দুয়ো পৃথক হৈ পৰিছিল।

কলকাতাৰ পৰা বলীউডলৈ গৈছিল ৰাখী। ইখনৰ পিছত সিখনকৈ হিট ছবি উপহাৰ দিছিল। সেই সময়ত এটা পাৰ্টিত গুলজাৰক লগ পাইছিল ৰাখীয়ে। জনপ্ৰিয় নায়িকাগৰাকীৰ প্ৰেমত পৰিল গুলজাৰ। ৰাখীয়েও গুলজাৰৰ লগত ডেটিং আৰম্ভ কৰিলে। ৰাখী আৰু গুলজাৰে বিয়াৰ সিদ্ধান্ত লয়। সেই সময়ত ৰাখী এগৰাকী জনপ্ৰিয় অভিনেত্ৰী আছিল। গুলজাৰৰ প্ৰস্তাৱত সন্মতি দি ৰাখীয়ে দ্বিতীয় বাৰৰ বাবে বিবাহত বহে। ১৯৭৩ চনৰ ১৫ মে'ত গুলজাৰৰ সৈতে বিবাহপাশত আবদ্ধ হয় ৰাখী। ৰাখীৰ প্ৰথম স্বামীৰ নাম আছিল অজয় বিশ্বাস। ১৯৬৩ চনৰ পৰা ১৯৬৫ চনলৈকে অজয় বিশ্বাসৰ সৈতে সংসাৰ কৰিছিল ৰাখীয়ে। 

গুলজাৰৰ সৈতে বিয়াত বহাৰ পাছৰে পৰা  ষ্টাৰডম এৰি ঘৰত এক প্ৰকাৰ গৃহবন্দী হৈ থকাদি আছিল ৰাখী। ইয়াকে লৈ তেওঁ হতাশ হৈ পৰিছিল। গুলজাৰ কামত ব্যস্ত থাকে। ৰাখীয়ে ভাবিছিল যে স্বামী হিচাপে গুলজাৰে ৰাখীক নিজৰ প্ৰজেক্টত কাম কৰাৰ সুযোগ দিব। কিন্তু গুলজাৰে দিয়া নাছিল। যাৰ কবিতাত কোমলতাৰ অনুভূতি বিচাৰি পাইছিল সেই - গুলজাৰৰ মাজত কঠোৰতা অনুভৱ কৰিবলৈ ধৰিলে ৰাখীয়ে। বিয়াৰ পিছত আৰম্ভ হ’ল অস্থিৰতা। ইফালে তেওঁলোকৰ কন্যা মেঘনাৰ জন্ম হ’ল। মেঘনাৰ জন্মৰ এবছৰৰ পাছত ৰাখী আৰু গুলজাৰে বিচ্ছেদ কৰি নিজ নিজ ঘৰত থাকিবলৈ সিদ্ধান্ত লয়। এই সকলোবোৰ আৰম্ভ হৈছিল গুলজাৰৰ পুৰুষতান্ত্রিক মনোভাৱৰ পৰা। যিয়ে তেওঁলোকৰ প্ৰেমৰ জগতখনক ওলোটা কৰি পেলালে৷

গুলজাৰ ‘আন্ধী'ৰ শ্বুটিঙৰ কামত ব্যস্ত আছিল। এই শ্বুটিঙৰ সময়ত দুয়ো পৃথক হৈ পৰিছিল। একমাত্ৰ সন্তানক লৈ ৰাখীয়ে স্বামীক এৰি গুচি আহিছিল। যদিও তেওঁলোকৰ আনুষ্ঠানিক বিবাহ বিচ্ছেদ এতিয়াও হোৱা নাই। এতিয়াও মাজে মাজে দুয়োকে একেলগে দেখা পোৱা যায়।  

কাশ্মীৰত চলি আছিল 'আন্ধী'ৰ শ্বুটিং। গুলজাৰ, ৰাখী, সঞ্জীৱ কুমাৰ, সুচিত্ৰা সেন কাশ্মীৰলৈ গৈছিল। এদিন ৰাতি সুচিত্ৰা আৰু সঞ্জীৱ কুমাৰে পাৰ্টি কৰি আছিল। সঞ্জীৱ কুমাৰ সেই পাৰ্টিত মদ খাইছিল।
 সঞ্জীৱ কুমাৰে নিশা সুচিত্ৰা সেনৰ সৈতে দুৰ্ব্যৱহাৰ কৰিছিল। গুলজাৰ সেই সময়ত তাত উপস্থিত হৈছিল। তেওঁ প্ৰায় সুচিত্ৰাক উদ্ধাৰ কৰি হোটেললৈ লৈ আহিছিল। গুলজাৰ সেই নিশা সুচিত্ৰাৰ কোঠাত বহু সময় আছিল। 
 
ৰাখীয়ে ইয়াকে লৈ আপত্তি কৰিলে। তেওঁ গুলজাৰক সুধিলে, ‘ইমান দেৰি ৰাতি গুলজাৰে তেওঁৰ মৰমৰ অভিনেত্ৰীগৰাকীৰ কোঠাত কি কৰি আছিল? গুলজাৰে ৰাখীৰ মুখত এই প্ৰশ্ন একেবাৰে সহজভাৱে ল’ব নোৱাৰিলে। সেই নিশা গুলজাৰে ৰাখীক প্ৰহাৰ কৰে। পুৱাই খঙত ৰাখী হোটেলৰ পৰা ওলাই যায়। 

আনহাতে যশ চোপ্ৰাই 'কভি কভি' চিনেমাত ৰাখীক চহী কৰিব খুজিছিল বহুদিনৰ পৰা। ৰাখীয়ে সেই নিশা গুলজাৰে কৰা প্ৰহাৰৰ পাছত অকলশৰীয়া হৈ থকাৰ সিদ্ধান্ত লয়। কাকতলীয়ভাৱে যশ চোপ্ৰাও সেই সময়ত কাশ্মীৰত আছিল। ৰাখী পোনে পোনে যশ চোপ্ৰাৰ ওচৰলৈ যায় আৰু 'কভি কভি' চিনেমাৰ বাবে স্বাক্ষৰ কৰে।ৰাখী এতিয়াও অকলে থাকে। অৱশ্যে তেওঁৰ লগত কেতিয়াবা তেওঁৰ কন্যা মেঘনাও থাকে। 

ৰাখী আৰু গুলজাৰৰ আনুষ্ঠানিক বিবাহ বিচ্ছেদ কেতিয়াও হোৱা নাছিল। জানিব পৰা মতে তেওঁলোকে নিজৰ কন্যা মেঘনাৰ বাবে এনে এটা সিদ্ধান্ত লৈছিল। কিন্তু সময়ে আৰু বয়সে বহু কথা সলনি কৰে। ছ’চিয়েল মিডিয়াত আজিকালি নাতি-নাতিনীৰ সৈতে দেখা যায় ৰাখী আৰু গুলজাৰক।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু