--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউডৰ অন্যতম জনপ্ৰিয় অভিনেত্ৰী হৈছে ৰাখী। ৰাখীৰ স্বামী হ'ল গুলজাৰ। গুলজাৰ যাৰ কবিতা আৰু গীতে সকলোৰে মনত আলোড়ন তোলে। ৰাখী আৰু গুলজাৰে প্ৰেমত পৰি বিয়া পাতিছিল আৰু এক অতি তিক্ত পৰিস্থিতিত দুয়োৰে বিচ্ছেদ হয়। দুয়োৰে বিচ্ছেদৰ কাৰণ আছিল বেংগলৰ নায়িকা সুচিত্ৰা সেন। 'আন্ধী'ৰ শ্বুটিঙৰ সময়তে দুয়ো পৃথক হৈ পৰিছিল।

কলকাতাৰ পৰা বলীউডলৈ গৈছিল ৰাখী। ইখনৰ পিছত সিখনকৈ হিট ছবি উপহাৰ দিছিল। সেই সময়ত এটা পাৰ্টিত গুলজাৰক লগ পাইছিল ৰাখীয়ে। জনপ্ৰিয় নায়িকাগৰাকীৰ প্ৰেমত পৰিল গুলজাৰ। ৰাখীয়েও গুলজাৰৰ লগত ডেটিং আৰম্ভ কৰিলে। ৰাখী আৰু গুলজাৰে বিয়াৰ সিদ্ধান্ত লয়। সেই সময়ত ৰাখী এগৰাকী জনপ্ৰিয় অভিনেত্ৰী আছিল। গুলজাৰৰ প্ৰস্তাৱত সন্মতি দি ৰাখীয়ে দ্বিতীয় বাৰৰ বাবে বিবাহত বহে। ১৯৭৩ চনৰ ১৫ মে'ত গুলজাৰৰ সৈতে বিবাহপাশত আবদ্ধ হয় ৰাখী। ৰাখীৰ প্ৰথম স্বামীৰ নাম আছিল অজয় বিশ্বাস। ১৯৬৩ চনৰ পৰা ১৯৬৫ চনলৈকে অজয় বিশ্বাসৰ সৈতে সংসাৰ কৰিছিল ৰাখীয়ে। 

গুলজাৰৰ সৈতে বিয়াত বহাৰ পাছৰে পৰা  ষ্টাৰডম এৰি ঘৰত এক প্ৰকাৰ গৃহবন্দী হৈ থকাদি আছিল ৰাখী। ইয়াকে লৈ তেওঁ হতাশ হৈ পৰিছিল। গুলজাৰ কামত ব্যস্ত থাকে। ৰাখীয়ে ভাবিছিল যে স্বামী হিচাপে গুলজাৰে ৰাখীক নিজৰ প্ৰজেক্টত কাম কৰাৰ সুযোগ দিব। কিন্তু গুলজাৰে দিয়া নাছিল। যাৰ কবিতাত কোমলতাৰ অনুভূতি বিচাৰি পাইছিল সেই - গুলজাৰৰ মাজত কঠোৰতা অনুভৱ কৰিবলৈ ধৰিলে ৰাখীয়ে। বিয়াৰ পিছত আৰম্ভ হ’ল অস্থিৰতা। ইফালে তেওঁলোকৰ কন্যা মেঘনাৰ জন্ম হ’ল। মেঘনাৰ জন্মৰ এবছৰৰ পাছত ৰাখী আৰু গুলজাৰে বিচ্ছেদ কৰি নিজ নিজ ঘৰত থাকিবলৈ সিদ্ধান্ত লয়। এই সকলোবোৰ আৰম্ভ হৈছিল গুলজাৰৰ পুৰুষতান্ত্রিক মনোভাৱৰ পৰা। যিয়ে তেওঁলোকৰ প্ৰেমৰ জগতখনক ওলোটা কৰি পেলালে৷

গুলজাৰ ‘আন্ধী'ৰ শ্বুটিঙৰ কামত ব্যস্ত আছিল। এই শ্বুটিঙৰ সময়ত দুয়ো পৃথক হৈ পৰিছিল। একমাত্ৰ সন্তানক লৈ ৰাখীয়ে স্বামীক এৰি গুচি আহিছিল। যদিও তেওঁলোকৰ আনুষ্ঠানিক বিবাহ বিচ্ছেদ এতিয়াও হোৱা নাই। এতিয়াও মাজে মাজে দুয়োকে একেলগে দেখা পোৱা যায়।  

কাশ্মীৰত চলি আছিল 'আন্ধী'ৰ শ্বুটিং। গুলজাৰ, ৰাখী, সঞ্জীৱ কুমাৰ, সুচিত্ৰা সেন কাশ্মীৰলৈ গৈছিল। এদিন ৰাতি সুচিত্ৰা আৰু সঞ্জীৱ কুমাৰে পাৰ্টি কৰি আছিল। সঞ্জীৱ কুমাৰ সেই পাৰ্টিত মদ খাইছিল।
 সঞ্জীৱ কুমাৰে নিশা সুচিত্ৰা সেনৰ সৈতে দুৰ্ব্যৱহাৰ কৰিছিল। গুলজাৰ সেই সময়ত তাত উপস্থিত হৈছিল। তেওঁ প্ৰায় সুচিত্ৰাক উদ্ধাৰ কৰি হোটেললৈ লৈ আহিছিল। গুলজাৰ সেই নিশা সুচিত্ৰাৰ কোঠাত বহু সময় আছিল। 
 
ৰাখীয়ে ইয়াকে লৈ আপত্তি কৰিলে। তেওঁ গুলজাৰক সুধিলে, ‘ইমান দেৰি ৰাতি গুলজাৰে তেওঁৰ মৰমৰ অভিনেত্ৰীগৰাকীৰ কোঠাত কি কৰি আছিল? গুলজাৰে ৰাখীৰ মুখত এই প্ৰশ্ন একেবাৰে সহজভাৱে ল’ব নোৱাৰিলে। সেই নিশা গুলজাৰে ৰাখীক প্ৰহাৰ কৰে। পুৱাই খঙত ৰাখী হোটেলৰ পৰা ওলাই যায়। 

আনহাতে যশ চোপ্ৰাই 'কভি কভি' চিনেমাত ৰাখীক চহী কৰিব খুজিছিল বহুদিনৰ পৰা। ৰাখীয়ে সেই নিশা গুলজাৰে কৰা প্ৰহাৰৰ পাছত অকলশৰীয়া হৈ থকাৰ সিদ্ধান্ত লয়। কাকতলীয়ভাৱে যশ চোপ্ৰাও সেই সময়ত কাশ্মীৰত আছিল। ৰাখী পোনে পোনে যশ চোপ্ৰাৰ ওচৰলৈ যায় আৰু 'কভি কভি' চিনেমাৰ বাবে স্বাক্ষৰ কৰে।ৰাখী এতিয়াও অকলে থাকে। অৱশ্যে তেওঁৰ লগত কেতিয়াবা তেওঁৰ কন্যা মেঘনাও থাকে। 

ৰাখী আৰু গুলজাৰৰ আনুষ্ঠানিক বিবাহ বিচ্ছেদ কেতিয়াও হোৱা নাছিল। জানিব পৰা মতে তেওঁলোকে নিজৰ কন্যা মেঘনাৰ বাবে এনে এটা সিদ্ধান্ত লৈছিল। কিন্তু সময়ে আৰু বয়সে বহু কথা সলনি কৰে। ছ’চিয়েল মিডিয়াত আজিকালি নাতি-নাতিনীৰ সৈতে দেখা যায় ৰাখী আৰু গুলজাৰক।

FOLLOW US F
POPULAR
FEATURE
TRENDY
দুৰ্যোগৰ সময়ত মানুহক বিভ্ৰান্ত একাংশৰ; AI ভিডিঅ’ৰ জৰিয়তে অসমৰ বানপীড়িতৰ ভুৱা উদ্ধাৰ অভিযানৰ প্ৰচাৰ
প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে অশোভনীয় মন্তব্য: CJPৰ প্ৰতিবাদকাৰীসকলৰ ওপৰত দিল্লী পুলিচৰ কঠোৰ পদক্ষেপ
সাৱধান! অসমত প্ৰচণ্ড বৰষুণ, বানপানী আৰু ভূমিস্খলনৰ আশংকা
পশ্চিমবংগত প্ৰাক্তন বাছ চালকৰ ঘৰত চলিল অভিযান; উদ্ধাৰ প্ৰায় ২৯ কোটি টকা নগদ ধন আৰু ১৫ কেজি সোণ
শ্রীকোনাত ট্ৰাকৰ খুন্দাত দুজন অট’ যাত্ৰীৰ মৃত্যু, গুৰুতৰভাৱে আহত ৩
হালধি আৰু গুৰ একেলগে খোৱাৰ অদ্ভুত লাভালাভৰ বিষয়ে আপুনি জানেনে?
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ