--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শৰীৰত সকলো পুষ্টিকৰ উপাদানৰ নিজস্ব গুৰুত্ব আছে। যদি কোনো এটা পুষ্টিকৰ উপাদানৰ অভাৱ হয় তেন্তে শৰীৰত সমস্যাৰ সৃষ্টি হ’বলৈ আৰম্ভ কৰে। আজি আমি ভিটামিন ডিৰ কথা কম, যিটো এবিধ অপৰিহাৰ্য পুষ্টিকৰ উপাদান। 

ভিটামিন ডি সাধাৰণতে সূৰ্যৰ পোহৰৰ যোগেদি পোৱা যায় আৰু ই কিছুমান খাদ্য-পানীয়তো থাকে। ইয়াক ছানশ্বাইন ভিটামিন বুলিও কোৱা হয়। বহুতে সূৰ্য্যৰ পোহৰৰ পৰা আঁতৰি থাকিব বিচাৰে কাৰণ ৰ’দে তেওঁলোকৰ ছালখন নষ্ট কৰি পেলাব বুলি ভয় খায়, কিন্তু তেওঁলোকে এটা কথা নাজানে যে এই সূৰ্য্যৰ পোহৰে তেওঁলোকৰ বাবে ভিটামিন ডিৰ অভাৱ পূৰণ কৰে।

শৰীৰত ভিটামিন ডিৰ অভাৱ হ’বলৈ নিদিব

ভিটামিন ডিৰ অভাৱৰ বাবে আমাৰ শৰীৰে বহুতো সমস্যাৰ সন্মুখীন হ’বলগীয়া হয়। ইয়াৰ অভাৱৰ বাবে আমাৰ শৰীৰৰ হাড় আৰু দাঁতবোৰ দুৰ্বল হ’বলৈ ধৰে। এই পুষ্টিকৰ উপাদানসমূহৰ নাটনি হ’লে আমাৰ শৰীৰে কেনেধৰণৰ সতৰ্কবাণী দিয়ে জানো আহক।

ভিটামিন ডিৰ অভাৱৰ অসুবিধা

১) হাড়ৰ বিষঃ কেলচিয়ামৰ লগতে আমাৰ হাড়ৰ মজবুত হ’বলৈ ভিটামিন ডিৰো প্ৰয়োজন হয়। যদি এই পুষ্টিকৰ উপাদানৰ অভাৱ হয়, তেন্তে কেলচিয়াম সঠিকভাৱে শোষণ কৰিব নোৱাৰিব। ইয়াৰ ফলত হাড়, দাঁত আৰু শৰীৰত তীব্ৰ বিষ হ’ব আৰু তাৰপাছত আপুনি অধিক ভাগৰুৱা অনুভৱ কৰিবলৈ আৰম্ভ কৰিব।

২) আঘাত ভাল হবলৈ সময় লাগিবঃ সাধাৰণতে যদি কোনো আঘাত পায় তেন্তে ই কেইদিনমানৰ ভিতৰতে ভাল হয়। কিন্তু যদি বিষটো নোহোৱা হ’বলৈ স্বাভাৱিকতকৈ অধিক সময় লাগিছে, তেন্তে বুজিব যে আপোনাৰ শৰীৰত ভিটামিন ডিৰ অভাৱ হৈছে। ই এবিধ পুষ্টিকৰ উপাদান যিয়ে প্ৰদাহ আৰু বিষ ৰোধ কৰাত সহায় কৰে।

৩) মানসিক স্বাস্থ্যৰ ওপৰত প্ৰভাৱঃ আমাৰ মনটো সম্পূৰ্ণ সুস্থ হ’লেহে আমাৰ শৰীৰটো সম্পূৰ্ণ ফিট বুলি গণ্য কৰা হয়। যদি আপুনি ভিটামিন ডিৰ অভাৱত ভুগিছে, তেন্তে আপুনি সোনকালে হতাশাৰ চিকাৰ হ’ব পাৰে। বহু মেৰু দেশত ৬ মাহলৈকে সূৰ্যৰ পোহৰ নাপায়, তাত থকা মানুহে প্ৰায়ে মানসিক চাপ অনুভৱ কৰে। আচলতে সূৰ্য্যৰ পোহৰে আমাৰ মেজাজ উন্নত কৰাৰ কাম কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু