--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শৰীৰত সকলো পুষ্টিকৰ উপাদানৰ নিজস্ব গুৰুত্ব আছে। যদি কোনো এটা পুষ্টিকৰ উপাদানৰ অভাৱ হয় তেন্তে শৰীৰত সমস্যাৰ সৃষ্টি হ’বলৈ আৰম্ভ কৰে। আজি আমি ভিটামিন ডিৰ কথা কম, যিটো এবিধ অপৰিহাৰ্য পুষ্টিকৰ উপাদান। 

ভিটামিন ডি সাধাৰণতে সূৰ্যৰ পোহৰৰ যোগেদি পোৱা যায় আৰু ই কিছুমান খাদ্য-পানীয়তো থাকে। ইয়াক ছানশ্বাইন ভিটামিন বুলিও কোৱা হয়। বহুতে সূৰ্য্যৰ পোহৰৰ পৰা আঁতৰি থাকিব বিচাৰে কাৰণ ৰ’দে তেওঁলোকৰ ছালখন নষ্ট কৰি পেলাব বুলি ভয় খায়, কিন্তু তেওঁলোকে এটা কথা নাজানে যে এই সূৰ্য্যৰ পোহৰে তেওঁলোকৰ বাবে ভিটামিন ডিৰ অভাৱ পূৰণ কৰে।

শৰীৰত ভিটামিন ডিৰ অভাৱ হ’বলৈ নিদিব

ভিটামিন ডিৰ অভাৱৰ বাবে আমাৰ শৰীৰে বহুতো সমস্যাৰ সন্মুখীন হ’বলগীয়া হয়। ইয়াৰ অভাৱৰ বাবে আমাৰ শৰীৰৰ হাড় আৰু দাঁতবোৰ দুৰ্বল হ’বলৈ ধৰে। এই পুষ্টিকৰ উপাদানসমূহৰ নাটনি হ’লে আমাৰ শৰীৰে কেনেধৰণৰ সতৰ্কবাণী দিয়ে জানো আহক।

ভিটামিন ডিৰ অভাৱৰ অসুবিধা

১) হাড়ৰ বিষঃ কেলচিয়ামৰ লগতে আমাৰ হাড়ৰ মজবুত হ’বলৈ ভিটামিন ডিৰো প্ৰয়োজন হয়। যদি এই পুষ্টিকৰ উপাদানৰ অভাৱ হয়, তেন্তে কেলচিয়াম সঠিকভাৱে শোষণ কৰিব নোৱাৰিব। ইয়াৰ ফলত হাড়, দাঁত আৰু শৰীৰত তীব্ৰ বিষ হ’ব আৰু তাৰপাছত আপুনি অধিক ভাগৰুৱা অনুভৱ কৰিবলৈ আৰম্ভ কৰিব।

২) আঘাত ভাল হবলৈ সময় লাগিবঃ সাধাৰণতে যদি কোনো আঘাত পায় তেন্তে ই কেইদিনমানৰ ভিতৰতে ভাল হয়। কিন্তু যদি বিষটো নোহোৱা হ’বলৈ স্বাভাৱিকতকৈ অধিক সময় লাগিছে, তেন্তে বুজিব যে আপোনাৰ শৰীৰত ভিটামিন ডিৰ অভাৱ হৈছে। ই এবিধ পুষ্টিকৰ উপাদান যিয়ে প্ৰদাহ আৰু বিষ ৰোধ কৰাত সহায় কৰে।

৩) মানসিক স্বাস্থ্যৰ ওপৰত প্ৰভাৱঃ আমাৰ মনটো সম্পূৰ্ণ সুস্থ হ’লেহে আমাৰ শৰীৰটো সম্পূৰ্ণ ফিট বুলি গণ্য কৰা হয়। যদি আপুনি ভিটামিন ডিৰ অভাৱত ভুগিছে, তেন্তে আপুনি সোনকালে হতাশাৰ চিকাৰ হ’ব পাৰে। বহু মেৰু দেশত ৬ মাহলৈকে সূৰ্যৰ পোহৰ নাপায়, তাত থকা মানুহে প্ৰায়ে মানসিক চাপ অনুভৱ কৰে। আচলতে সূৰ্য্যৰ পোহৰে আমাৰ মেজাজ উন্নত কৰাৰ কাম কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ