--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: দুবাৰকৈ ভাত খোৱাতো অসমীয়া প্ৰায় লোকৰে  এৰাব নোৱাৰা অভ্যাস। আৰু দুবাৰকৈ ভাত খাবলৈ বহুতে এসাজত ভাত ৰান্ধে। আৰু সেইটোৱেই লুকাই থকা বিপদ।‌কাৰণ গৱেষণাৰ ফলাফলত কোৱা হৈছে যে এবাৰ চাউল সিজিলেই পুনৰ গৰম কৰিব নালাগে। কেৱল ভাতেই নহয়, কিছুমান খাদ্য একেবাৰে গৰম কৰিব নালাগে। চাউল, কণী বা আলুৰে বনোৱা খাদ্য পুনৰ গৰম কৰিলে পুষ্টিকৰ উপাদান হেৰুৱাৰ উপৰিও ক্ষতিকাৰক হ’ব পাৰে বুলি গৱেষকসকলে কয়।

ভাত: ব্ৰিটেইনৰ ‘ফুড ষ্টেণ্ডাৰ্ড এজেন্সী’ৰ গৱেষণাৰ মতে, ভাত ৰন্ধাৰ পাছত যদি কোঠাৰ উষ্ণতাত ৰখা হয়, তেন্তে ‘বেচিলাছ চিৰিয়াছ’ নামৰ এক প্ৰকাৰৰ বেক্টেৰিয়া গঠন হ’বলৈ আৰম্ভ কৰে। বাকী থকা ভাতখিনি যদি পুনৰ গৰম কৰিলে বেক্টেৰিয়াবোৰ নষ্ট নহয়। ইয়াক সেৱন কৰিলে ডায়েৰিয়া আৰু বমিৰ সমস্যা হ’ব পাৰে। গতিকে ভাতখিনি ৰন্ধাতকৈ খোৱাৰ সময় হোৱাৰ আগতে অলপ সময় ৰান্ধিব লাগে।

কণীঃ কণীত নিৰ্দিষ্ট পৰিমাণৰ ছালমন’লা নামৰ বেক্টেৰিয়া থাকে। পূৰ্বতে বনোৱা স্ক্ৰেম্বল্ড কণী বা সিজোৱা কণী মাইক্ৰৱেভত পুনৰ গৰম কৰিলে তাপ সমানে বিয়পি নাযায়, গতিকে এই বেক্টেৰিয়া নিৰ্মূল নহয়। তদুপৰি কণীটো গৰম কৰিলে ইয়াৰ প্ৰটিন ভাঙি যায়, যিটো পেটৰ বাবে ক্ষতিকাৰক।

কাঠফুলা: খাদ্য তথ্য পৰিষদৰ তথ্য অনুসৰি কাঠফুলাত প্ৰটিন থাকে। যিয়ে বিভিন্ন এনজাইম আৰু অণুজীৱ ধ্বংস কৰে। আৰু কাঠফুলা পুনৰ গৰম কৰিলে এই প্ৰক্ৰিয়াটো ক্ষিপ্ৰ হয়, যিয়ে হজম কাৰ্য্যত ব্যাঘাত জন্মায়।

আলু: আলু ৰন্ধা পাছত কোঠাৰ উষ্ণতাত ৰাখিলে এক প্ৰকাৰৰ বেক্টেৰিয়াৰ প্ৰজনন ঘটে। বিশেষকৈ বায়ুমণ্ডল বন্ধ পাত্ৰত ৰাখিলে অক্সিজেনৰ অভাৱত এই বেক্টেৰিয়াৰ সংক্ৰমণৰ হাৰ বৃদ্ধি পায়। এই বেক্টেৰিয়া গৰম কৰাৰ পিছতো মৰি নাযায়। গতিকে, এই সমস্যাৰ পৰা হাত সাৰিবলৈ সিজোৱা আলু ফ্ৰীজত ঠাণ্ডা কৰি ৰাখিব লাগে।

বিট: ইয়াত উচ্চ মাত্ৰাত নাইট্ৰাইট থাকে, যিটো পুনৰ গৰম কৰিলে বিষাক্ত হৈ পৰিব পাৰে। নাইট্ৰাইট কেন্সাৰৰ বাবে দায়ী। গতিকে এইবিধ খাদ্য ঠাণ্ডাকৈ খাব লাগে।










FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ