--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: দুবাৰকৈ ভাত খোৱাতো অসমীয়া প্ৰায় লোকৰে  এৰাব নোৱাৰা অভ্যাস। আৰু দুবাৰকৈ ভাত খাবলৈ বহুতে এসাজত ভাত ৰান্ধে। আৰু সেইটোৱেই লুকাই থকা বিপদ।‌কাৰণ গৱেষণাৰ ফলাফলত কোৱা হৈছে যে এবাৰ চাউল সিজিলেই পুনৰ গৰম কৰিব নালাগে। কেৱল ভাতেই নহয়, কিছুমান খাদ্য একেবাৰে গৰম কৰিব নালাগে। চাউল, কণী বা আলুৰে বনোৱা খাদ্য পুনৰ গৰম কৰিলে পুষ্টিকৰ উপাদান হেৰুৱাৰ উপৰিও ক্ষতিকাৰক হ’ব পাৰে বুলি গৱেষকসকলে কয়।

ভাত: ব্ৰিটেইনৰ ‘ফুড ষ্টেণ্ডাৰ্ড এজেন্সী’ৰ গৱেষণাৰ মতে, ভাত ৰন্ধাৰ পাছত যদি কোঠাৰ উষ্ণতাত ৰখা হয়, তেন্তে ‘বেচিলাছ চিৰিয়াছ’ নামৰ এক প্ৰকাৰৰ বেক্টেৰিয়া গঠন হ’বলৈ আৰম্ভ কৰে। বাকী থকা ভাতখিনি যদি পুনৰ গৰম কৰিলে বেক্টেৰিয়াবোৰ নষ্ট নহয়। ইয়াক সেৱন কৰিলে ডায়েৰিয়া আৰু বমিৰ সমস্যা হ’ব পাৰে। গতিকে ভাতখিনি ৰন্ধাতকৈ খোৱাৰ সময় হোৱাৰ আগতে অলপ সময় ৰান্ধিব লাগে।

কণীঃ কণীত নিৰ্দিষ্ট পৰিমাণৰ ছালমন’লা নামৰ বেক্টেৰিয়া থাকে। পূৰ্বতে বনোৱা স্ক্ৰেম্বল্ড কণী বা সিজোৱা কণী মাইক্ৰৱেভত পুনৰ গৰম কৰিলে তাপ সমানে বিয়পি নাযায়, গতিকে এই বেক্টেৰিয়া নিৰ্মূল নহয়। তদুপৰি কণীটো গৰম কৰিলে ইয়াৰ প্ৰটিন ভাঙি যায়, যিটো পেটৰ বাবে ক্ষতিকাৰক।

কাঠফুলা: খাদ্য তথ্য পৰিষদৰ তথ্য অনুসৰি কাঠফুলাত প্ৰটিন থাকে। যিয়ে বিভিন্ন এনজাইম আৰু অণুজীৱ ধ্বংস কৰে। আৰু কাঠফুলা পুনৰ গৰম কৰিলে এই প্ৰক্ৰিয়াটো ক্ষিপ্ৰ হয়, যিয়ে হজম কাৰ্য্যত ব্যাঘাত জন্মায়।

আলু: আলু ৰন্ধা পাছত কোঠাৰ উষ্ণতাত ৰাখিলে এক প্ৰকাৰৰ বেক্টেৰিয়াৰ প্ৰজনন ঘটে। বিশেষকৈ বায়ুমণ্ডল বন্ধ পাত্ৰত ৰাখিলে অক্সিজেনৰ অভাৱত এই বেক্টেৰিয়াৰ সংক্ৰমণৰ হাৰ বৃদ্ধি পায়। এই বেক্টেৰিয়া গৰম কৰাৰ পিছতো মৰি নাযায়। গতিকে, এই সমস্যাৰ পৰা হাত সাৰিবলৈ সিজোৱা আলু ফ্ৰীজত ঠাণ্ডা কৰি ৰাখিব লাগে।

বিট: ইয়াত উচ্চ মাত্ৰাত নাইট্ৰাইট থাকে, যিটো পুনৰ গৰম কৰিলে বিষাক্ত হৈ পৰিব পাৰে। নাইট্ৰাইট কেন্সাৰৰ বাবে দায়ী। গতিকে এইবিধ খাদ্য ঠাণ্ডাকৈ খাব লাগে।










FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু