--°C
Loading...
Advertisement
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : একালৰ বৃন্দাবন, একালত পৰে চন। যিকোনো ক্ষেত্ৰতেই এইকথা খাটে যদিও ৰাজনীতি ৰ পথাৰত চন পৰা মাটি সহজে চকুত পৰে। দেশৰ সাম্প্ৰতিক ৰাজনৈতিক পৰিস্থিতিলৈ লক্ষ্য কৰিলেই এইকথা স্পষ্ট হৈ পৰে যে, কিমান সহজে ৰাজনীতি ত কোনো দলৰ মাটি চন পৰিব পাৰে। এটা দশক আগলৈকে দেশৰ ৰাজনীতি ৰ অবিকল্প হিচাপে চিহ্নিত হৈ ৰোৱা কংগ্ৰেছ দলৰ সাম্প্ৰতিক অৱস্থালৈ লক্ষ্য কৰিলেই এইকথা স্পষ্ট হৈ পৰে।

দেশৰ ইমূৰৰ পৰা সিমূৰলৈ কংগ্ৰেছৰ জয়জয় ময়ময় অৱস্থাৰ বিপৰীতে এতিয়া দলটোৱে পঞ্জাৱ, ৰাজস্থানৰ দৰে কেইখনমানহে ৰাজ্যত শাসনত তিষ্ঠি আছে। মহাৰাষ্ট্ৰ, তামিলনাডুৰ দৰে কেইখমনমান ৰাজ্যত তেওঁলোকে আঞ্চলিক দলৰ বোকোচাত উঠি শাসনৰ বাঘজৰী ধৰি ৰখাৰ চেষ্টা কৰিছে। তেওঁলোকৰ ব্যৰ্থতাৰ ৰেখাডালৰ দৈৰ্ঘ্যও দিনে দিনে বৃদ্ধি পাই গৈ আছে।


অসমত পোন্ধৰ বছৰীয়া শাসনপ পাছত ২০১৬ চনত এক মুহূৰ্ততে ধূলিস্যাৎ হৈ গৈছে কংগ্ৰেছ। একেদৰে দিল্লীতো ১৫বছৰীয়া শাসনৰ পাছত কেজৰিৱালৰ উত্থানৰ পাছতে কংগ্ৰেছৰ চিন-মোকাম নাইকিয়া হৈ পৰিছে। অৰুণাচল প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী গেগং আপঙৰ ক্ষেত্ৰতো একেই কথা খাটে। ১৯৮০চনৰ পৰা ১৯৯৯চনলৈ আৰু তাৰ পাছত ২০০৩চনৰ পৰা ২০০৭চনলৈ মুখ্যমন্ত্ৰীৰ আসনত থকাৰ পাছত গেগং আপঙৰ কংগ্ৰেছৰ এতিয়া চিন মোকাম নাই ৰাজ্যখনত।

মন কৰিবলগীয়া যে, ছিকিমৰ পৱন কুমাৰ চামলিং আৰু পশ্চিমবংগৰ জ্যোতি বসুৰ পাছত আপং আছিল চৰকাৰৰ মুৰব্বী পদত দীৰ্ঘকাল থকা ব্যক্তি। পিছে তেৱেঁই ধৰি ৰাখিব নোৱাৰিলে দলৰ ভেটি। একেদৰে এসময়ত বাওঁ শিবিৰৰ দুৰ্গত পৰিণত হোৱা পশ্চিমবংগত জ্যোতি বসু থকাকালীন আন কাৰোবাৰ উত্থানৰ কথা ভবাটোৱেই সম্ভৱ হোৱা নাছিল। কিন্তু এতিয়া তৃণমূলৰ উত্থানৰ পাছত চিন-মোকাম নাইকিয়া হৈ পৰিছে জ্যোতি বসুৰ শিবিৰৰ। এনে উদাহৰণ আছে আমাৰ অসমৰ মাটিতো।


অসমৰ ৰাজনৈতিক ইতিহাসত প্ৰফুল্ল কুমাৰ মহন্তৰ দৰে চেলিব্ৰেটেড নেতা হয়তো কমেই আছে। ছাত্ৰ আন্দোনলৰ অগ্নিবৰ্ষী নেতাগৰাকী যেতিয়া শাসনৰ গাদীত বহিছিল সকলোৰে মনত তেওঁ আছিল নায়ক। কিন্তু মাত্ৰ কেইটামান দশকৰ ভিতৰতে সেই নায়কৰ পৰিচয় সলনি হৈ পৰিল আৰু এতিয়া নিজেই প্ৰতিষ্ঠা কৰা দলটোৰ মজিয়াৰ পৰাও এলাগী হৈ তেওঁ হৈ পৰিছে নিঃসংগ। দুবাৰকৈ মুখ্যমন্ত্ৰীৰ আসনৰ বহা প্ৰফুল্ল কুমাৰ মহন্তৰ দৰে নেতাৰ এনে কৰুণ পৰিণতি ৰাজনীতিত ক্ষমতা আৰু প্ৰতিষ্ঠাৰ ক্ষণস্থায়ীত্বক অতি স্পষ্টৰূপত তুলি ধৰে।


এতিয়া যেন একেই পৰিণতি হ’বলৈ গৈ আছে ৰাজ্যৰ ৰাজনীতিৰ এগৰাকী গুৰুত্বপূৰ্ণ প্ৰতিনিধি হাগ্ৰামা মহিলাৰীৰো। বিটিএডিত ১৭বছৰ ধৰি শাসন চলোৱাৰ পাছত এতিয়া হাগ্ৰামা মহিলাৰী ক্ষমতাৰ দণ্ড কাঢ়ি লৈছে প্ৰমোদ বড়োৰ ইউপিপিএলএ। পূৰ্বৰ সহযোগী বিজেপিয়েও হাত এৰি দিছে হাগ্ৰামাৰ বিপিএফৰ। বিটিআৰৰ পৰিষদীয় নিৰ্বাচনত যুঁজ দি পৰাজিত হোৱাৰ পাছত দলটোৱে শেহতীয়া বিধানসভা নিৰ্বাচনত সফলতা অৰ্জন কৰাৰ জৰিয়তে বিজেপি চৰকাৰৰ ওচৰত নিজৰ প্ৰভাৱ তথা প্ৰতিপত্তি প্ৰমাণ কৰিবলৈ সক্ষম হ’ব বুলি ভবা হৈছিল যদিও সেয়া সম্ভৱ নহ’ল।

বৰং কংগ্ৰেছৰ হাত ধৰি বিপিএফ-এ আন এখন ভুল খেল খেলিলে আৰু তাৰ প্ৰতিফল হাগ্ৰামাই ভুগিছে। এতিয়া হাগ্ৰামা কাৰাগাৰলৈও যাব পাৰে বুলি চৰ্চা চলিছে। এনে পৰিৱৰ্তিত পৰিস্থিতিয়ে বিটিআৰ আৰু অসমৰ ৰাজনীতিত হাগ্ৰামা মহিলাৰীৰ খোপনি ক্ৰমাৎ নাইকিয়া হৈ অহাটোৱেই প্ৰমাণ কৰিছে। তৎাক্ষণিক পট পৰিৱৰ্তন অবিহনে হয়তো হাগ্ৰামা মহিলাৰীও ৰাজনীতিৰ চন মাটিত পৰিণত হ’ব পাৰে।


প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি যে, দ্বিতীয়বাৰ কেন্দ্ৰত ক্ষমতা দখলৰ পাছতে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে সদম্ভে ঘোষণা কৰিছিল যে, অহা ৫০বছৰলৈ বিজেপি দেশৰ শাসনত থাকিব। কংগ্ৰেছমুক্ত ভাৰতক শ্লোগান হিচাপেও গ্ৰহণ কৰিছিল বিজেপিয়ে। পিছে শেহতীয়া ৰাজনৈতিক পৰিস্থিতিয়েও কিন্তু এই দাবীৰ বিপৰীতে বহুকথাৰে ইংগিত দিয়া দেখা যায়। ৰাজনীতিত ক্ষণস্থায়িত্বৰ এই ধ্ৰুৱ সত্যক কোনো দলেই যে, এৰাই চলিব নোৱাৰে সেইকথা সময়েই বাৰে বাৰে প্ৰমাণ কৰি আহিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
২০২১ চনৰ জঘন্য কাণ্ডৰ ৰায়দান: ছাত্ৰীক যৌন নিৰ্যাতন চলোৱা প্ৰধান শিক্ষকক ৭ বছৰৰ জে’ল, ১০ হাজাৰ টকাৰ জৰিমনা ধুবুৰীৰ বিশেষ POCSO আদালতৰ
ড° পাৰ্থসাৰথি মহন্তৰ ‘ছিমি’লৈ ‘অনাৰেবল মেনশ্যন’, এথেন্স মাৰাথন ফিল্ম এৱাৰ্ডছ
স্পেইনেই হ’ব বিশ্বকাপৰ চেম্পিয়ন: অপ্টা ছুপাৰ কম্পিউটাৰ-ই এছ পি এন
২০০ লিটাৰতকৈ অধিক ডিজেল ক্ৰয় কৰিব নোৱাৰিব এজন গ্রাহকে: পেট্রলিয়াম মন্ত্র্যালয়
ধিঙত এটা পৰিয়ালৰ কান্দোন; ৫টাকৈ গৰু চুৰি কৰি নিলে চোৰে
অসমত ১,৮৭৯.৫৯ হেক্টৰ বনাঞ্চল নিৰ্বনীকৰণ কৰাৰ সিদ্ধান্ত
ডবকাত ড্ৰাগছ বিৰোধী অভিযান: হেৰ’ইনসহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ
গ্ৰেণ্ড শ্লামত ফ্লেভিঅ’ ক’ব’লিক কঠিন যুঁজত হৰুৱাই আলেকজেণ্ডাৰ জেভেৰভৰ জয়লাভ
লৰ্ডছৰ পিটছৰ অৱস্থা সন্দৰ্ভত মেৰিলেবন ক্ৰিকেট ক্লাবৰ গভীৰ অসন্তুষ্টি
জুবিন গাৰ্গৰ মৃত্যু গোচৰত সাক্ষীৰ পৰীক্ষা আৰম্ভ, এক গুৰুত্বপূৰ্ণ পৰ্যায়ত প্ৰৱেশ
গোৱালপাৰাৰ বিদ্যালয়ত গো-মাংস বিতৰ্ক: আৰক্ষীৰ তদন্ত, উত্তেজনা বৃদ্ধি
অসম মন্ত্ৰীসভাত আজি বিভাগ আৱণ্টনৰ সম্ভাৱনা
ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ বাবে বিজেপিৰ সবল সমৰ্থন
মণিপুৰত যুৱ সংগঠনৰ ঘাইপথ অৱৰোধ: অসম ৰাইফলছক লৈ তীব্ৰ উত্তেজনা
Advertisement