--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: সন্তুষ্ট হোৱাই নাই নীতিশ কুমাৰ! আজি অনুষ্ঠিত ‘ইণ্ডিয়া’ মিত্ৰজোঁটৰ ভাৰ্চুৱেল বৈঠকত কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খৰ্গেক ‘ইণ্ডিয়া’ ব্লকৰ অধ্যক্ষ হিচাপে মনোনীত কৰা হৈছে। 

একেদৰে, বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰেও লাভ কৰিছে আহ্বায়কৰ দৰে গুৰুত্বপূৰ্ণ পদ৷ কিন্তু, এই পদ পোনছাটেই নাকচ কৰিলে নীতিশ কুমাৰে৷ শনিবাৰে ‘ইণ্ডিয়া’ৰ শীৰ্ষনেতাসকলৰ ভাৰ্চুৱেল বৈঠকত সৰ্বসন্মতিক্ৰমে এই সিদ্ধান্ত লোৱা হৈছিল।
 
সমাজবাদী পাৰ্টিৰ মুৰব্বী অখিলেশ যাদৱ আৰু তৃণমূল কংগ্ৰেছৰ নেতা মমতা বেনাৰ্জীকে ধৰি যিসকল বৈঠকত উপস্থিত নাছিল, তেওঁলোকক এই সিদ্ধান্তৰ বিষয়ে অৱগত কৰা হ'ব বুলি বৈঠকত সিদ্ধান্ত লোৱা হয়৷

নীতিশ কুমাৰে আহ্বায়কৰ পদটো প্ৰত্যাখ্যান কৰি কয় যে কংগ্ৰেছ দলৰ কোনোবাই দায়িত্ব ল'ব লাগে৷ দ্য ইণ্ডিয়ান এক্সপ্ৰেছৰ এক প্ৰতিবেদন অনুসৰি, নীতিশ কুমাৰে কৈছিল যে তেওঁ কেৱল তেতিয়াহে ন্যস্ত ভূমিকা গ্ৰহণ কৰিব যদি সকলো পক্ষ একমত হয়।

২০২৪ৰ সাধাৰণ নিৰ্বাচনত নৰেন্দ্ৰ মোদী নেতৃত্বাধীন বিজেপিৰ সৈতে মুখামুখি হ'বলৈ গঠন কৰা মিত্ৰজোঁটটোৱে আহ্বায়কৰ বিতৰ্কিত নিযুক্তিকে ধৰি কেইবাটাও বিষয়ত ভিতৰৰ পৰা প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল। জেডি(ইউ)য়ে নীতিশ কুমাৰক আহ্বায়ক হিচাপে বিচাৰিছিল কিন্তু তৃণমূল কংগ্ৰেছে ইয়াৰ বিৰোধিতা কৰি আছিল৷

শনিবাৰে আবেলি ‘ইণ্ডিয়া’ ব্লকৰ নেতাসকলৰ ভাৰ্চুৱেল বৈঠক আৰম্ভ হয়৷ আসন ভাগ-বটোৱাৰাৰ কাৰ্যসূচী, ভাৰত জোড়ো ন্যায় যাত্ৰাত অংশগ্ৰহণ আৰু মিত্ৰতা সম্পৰ্কীয় অন্যান্য গুৰুত্বপূৰ্ণ বিষয়সমূহৰ পৰ্যালোচনা  কৰা হয় এই বৈঠকত৷

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টিৰ (এনচিপি) মুৰব্বী শাৰদ পাৱাৰে মুম্বাইত ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে ইণ্ডিয়া ব্লকৰ নেতাসকলৰ বৈঠকত অংশগ্ৰহণ কৰিছিল। তামিলনাডুৰ মুখ্যমন্ত্ৰী আৰু ডিএমকে নেতা এম কে ষ্টেলিন আৰু দলৰ নেতা কানিমোঝি কৰুণানিধি চেন্নাইৰ পৰা ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে বৈঠকত উপস্থিত আছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু