--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: সন্তুষ্ট হোৱাই নাই নীতিশ কুমাৰ! আজি অনুষ্ঠিত ‘ইণ্ডিয়া’ মিত্ৰজোঁটৰ ভাৰ্চুৱেল বৈঠকত কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খৰ্গেক ‘ইণ্ডিয়া’ ব্লকৰ অধ্যক্ষ হিচাপে মনোনীত কৰা হৈছে। 

একেদৰে, বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰেও লাভ কৰিছে আহ্বায়কৰ দৰে গুৰুত্বপূৰ্ণ পদ৷ কিন্তু, এই পদ পোনছাটেই নাকচ কৰিলে নীতিশ কুমাৰে৷ শনিবাৰে ‘ইণ্ডিয়া’ৰ শীৰ্ষনেতাসকলৰ ভাৰ্চুৱেল বৈঠকত সৰ্বসন্মতিক্ৰমে এই সিদ্ধান্ত লোৱা হৈছিল।
 
সমাজবাদী পাৰ্টিৰ মুৰব্বী অখিলেশ যাদৱ আৰু তৃণমূল কংগ্ৰেছৰ নেতা মমতা বেনাৰ্জীকে ধৰি যিসকল বৈঠকত উপস্থিত নাছিল, তেওঁলোকক এই সিদ্ধান্তৰ বিষয়ে অৱগত কৰা হ'ব বুলি বৈঠকত সিদ্ধান্ত লোৱা হয়৷

নীতিশ কুমাৰে আহ্বায়কৰ পদটো প্ৰত্যাখ্যান কৰি কয় যে কংগ্ৰেছ দলৰ কোনোবাই দায়িত্ব ল'ব লাগে৷ দ্য ইণ্ডিয়ান এক্সপ্ৰেছৰ এক প্ৰতিবেদন অনুসৰি, নীতিশ কুমাৰে কৈছিল যে তেওঁ কেৱল তেতিয়াহে ন্যস্ত ভূমিকা গ্ৰহণ কৰিব যদি সকলো পক্ষ একমত হয়।

২০২৪ৰ সাধাৰণ নিৰ্বাচনত নৰেন্দ্ৰ মোদী নেতৃত্বাধীন বিজেপিৰ সৈতে মুখামুখি হ'বলৈ গঠন কৰা মিত্ৰজোঁটটোৱে আহ্বায়কৰ বিতৰ্কিত নিযুক্তিকে ধৰি কেইবাটাও বিষয়ত ভিতৰৰ পৰা প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল। জেডি(ইউ)য়ে নীতিশ কুমাৰক আহ্বায়ক হিচাপে বিচাৰিছিল কিন্তু তৃণমূল কংগ্ৰেছে ইয়াৰ বিৰোধিতা কৰি আছিল৷

শনিবাৰে আবেলি ‘ইণ্ডিয়া’ ব্লকৰ নেতাসকলৰ ভাৰ্চুৱেল বৈঠক আৰম্ভ হয়৷ আসন ভাগ-বটোৱাৰাৰ কাৰ্যসূচী, ভাৰত জোড়ো ন্যায় যাত্ৰাত অংশগ্ৰহণ আৰু মিত্ৰতা সম্পৰ্কীয় অন্যান্য গুৰুত্বপূৰ্ণ বিষয়সমূহৰ পৰ্যালোচনা  কৰা হয় এই বৈঠকত৷

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টিৰ (এনচিপি) মুৰব্বী শাৰদ পাৱাৰে মুম্বাইত ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে ইণ্ডিয়া ব্লকৰ নেতাসকলৰ বৈঠকত অংশগ্ৰহণ কৰিছিল। তামিলনাডুৰ মুখ্যমন্ত্ৰী আৰু ডিএমকে নেতা এম কে ষ্টেলিন আৰু দলৰ নেতা কানিমোঝি কৰুণানিধি চেন্নাইৰ পৰা ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে বৈঠকত উপস্থিত আছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক