--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতৰ প্ৰথমজন মুকলিকৈ সমকামী ৰাজকুমাৰ ৰাজকুমাৰ মানবেন্দ্ৰ সিং গোহিলে শেহতীয়াকৈ প্ৰকাশ কৰিছে যে তেওঁৰ যৌনতাক সলনি কৰিবলৈ পিতৃ-মাতৃয়ে কেনেদৰে চিকিৎসাৰ সহায় বিচাৰিছিল। এটা সংবাদ মাধ্যমৰ সৈতে হোৱা এক সাক্ষাৎকাৰত গুজৰাটৰ ৰাজপিপলাৰ মহাৰাজৰ উত্তৰাধিকাৰী গোহিলে তেওঁক সমকামী বুলি কোৱাৰ সময়ত তেওঁৰ যৌনতা সলনি কৰাৰ বাবে মাতৃ আৰু পিতৃয়ে লোৱা চৰম ব্যৱস্থাৰ বিষয়ে কয়। তেওঁৰ পিতৃ-মাতৃয়ে তেওঁক মগজুৰ অস্ত্ৰোপচাৰ আৰু ইলেক্ট্ৰ’শ্বক থেৰাপী কৰিবলৈ চেষ্টা কৰিছিল তেতিয়া তেওঁ নিজকে অপমানিত অনুভৱ কৰিছিল।

সাক্ষাৎকাৰটোত ভাৰতৰ অন্যতম আগশাৰীৰ এলজিবিটি কৰ্মী গোহিলে তেওঁৰ যৌনতাক সলনি কৰাৰ বাবে নিজৰ পিতৃ-মাতৃয়ে কৰা প্ৰচেষ্টাৰ বৰ্ণনা কৰে। তেওঁ কয় যে, "এয়া আছিল বৈষম্য আৰু মানৱ অধিকাৰ উলংঘাৰ এক উদাহৰণ। মই ৰাজকুমাৰ হওক বা নহওঁ, পিতৃ-মাতৃয়ে নিজৰ সন্তানক এই ধৰণৰ নিৰ্যাতনৰ মাজেৰে পাৰ কৰাৰ কোনো অধিকাৰ নাই।"

গোহিলে লগতে কয় যে মোৰ আৰু তেওঁলোকৰ সৌভাগ্যক্ৰমে আমেৰিকান চাইকায়ট্ৰিক এছ’চিয়েশ্যনে কৈছিল যে সমকামিতা কোনো মানসিক বিকাৰ নহয়, গতিকে তেওঁলোক সফল নহ’ল।

তথাপিও ৰাজকুমাৰে কয় যে পিতৃ-মাতৃয়ে সন্তানৰ যৌন অভিৰুচি সলনি কৰাৰ অসাৰ প্ৰচেষ্টাৰ "বেদনা আৰু দুখ" সহ্য কৰাৰ সময়তে তেওঁ তীব্ৰ "লাজ" আৰু "অপমান"ৰ সন্মুখীন হৈছিল।

এতিয়া গোহিলে উচ্চতম ন্যায়ালয়তো আইনী যুঁজ আৰম্ভ কৰিছে যাতে কনভাৰ্চন থেৰাপী আইনৰ দ্বাৰা সম্পূৰ্ণৰূপে নিষিদ্ধ কৰাৰ চেষ্টা কৰা হয়।উল্লেখযোগ্য যে ২০০৬ চনত ৰাজকুমাৰজনে ৰাজহুৱাভাৱে নিজকে সমকামী বুলি ঘোষণা কৰাৰ সময়ত শিৰোনাম দখল কৰিছিল। তেওঁ ভাৰতৰ গুজৰাট ৰাজ্যত অৱস্থিত এলজিবিটিকিউ+ চেৰিটি লাকিছা ট্ৰাষ্টৰ প্ৰতিষ্ঠাপক।










FOLLOW US F
POPULAR
FEATURE
TRENDY
মাৰ্ঘেৰিটাত টালি টোপোলা বান্ধিছে অবৈধ বেদখলকাৰীয়ে
মই যি বাটেৰে ওলালো আজি! কেতিয়াও উভতি নহাৰ বাটেৰে গুচি গ'ল স্বনামধন্য নাট্যকাৰ, গীতিকাৰ হেমন্ত দত্ত
উত্তম গগৈক হত্যা কৰি পত্নী বৰ্তমান ন্যায়িক জিম্মাত,কন্যা জুভেনাইল হোমত! পুত্ৰৰ জন্মদিন পাতিলে ওচৰ-চুবুৰীয়াই
গছপুলি ৰোপণৰ নামত বন বিভাগৰ প্ৰহসন! ২০ লাখটকীয়া CAMPA আঁচনিৰ ৯৫% গছপুলিৰ এতিয়া নাই কোনো অস্তিত্ব
নিম ছালৰ বাবে অতি উপকাৰী! ইয়াৰ নানা উপকাৰিতা জানি লওক
বহিঃৰাজ্যৰ গামোচাৰে ভৰি পৰিছে বজাৰ
ৰাষ্ট্ৰপতি মুর্মুক সাক্ষাৎ প্ৰধানমন্ত্ৰীৰ
তিনি মাহত খাদ্যৰ বাবে অপেক্ষাৰত ১৪০০ পেলেষ্টাইনীক হত্যা
প্ৰধানমন্ত্ৰীৰ নিৰাপত্তাৰ দায়িত্বত মণিপুৰৰ মহিলা আদাছো কপেছা
উচ্ছেদৰ পাছতে ৰজাপুখুৰী, গেলাজান নিজৰ বুলি দাবী নগাৰ
৬০০ বছৰৰ পাছত ক্রাছেনিনিক'ভ আগ্নেয়গিৰিৰ উদ্গিৰণ হোৱাৰ বাবেই হৈছিল প্রবল ভূমিকম্প
শৰীৰত এই বস্তুটোৰ অভাৱৰ বাবে চুলি সৰি পৰে! পুষ্টিবিদে দিলে এই পৰামৰ্শ
কলিয়াবৰ-চামগুৰিত গৰু চিণ্ডিকেটৰ বৃহৎ গেং উৎখাত আৰক্ষীৰ! একেলগে আটক ২০ টাকৈ গৰুচোৰ
ৰোগীলৈ সকাহ চৰকাৰৰ! অত্যাৱশ্যকীয় ৩৫ বিধ ঔষধৰ দাম হ্রাস