--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক; সাম্প্ৰদায়িক সংঘৰ্ষই অগ্নিপিণ্ডত পৰিণত কৰিছে হাৰিয়ানাক৷ হাৰিয়ানাৰ নুহত সোমবাৰে বিশ্ব হিন্দু পৰিষদ আৰু মাতৃশক্তি দুৰ্গা বাহিনীয়ে উলিওৱা ব্ৰজমণ্ডল যাত্ৰাৰ সময়ত দুয়োটা গোটৰ মাজত লগা সংঘৰ্ষৰ পাছতে একাংশ উন্মত্ত লোকে তিনি ডজনতকৈও অধিক গাড়ীত অগ্নিসংযোগ কৰে৷ 

উন্মত্ত লোকে আৰক্ষীলৈও শিলগুটি নিক্ষেপ কৰে৷ আনহাতে, উন্মত্ত লোকে কৰা গুলীচালনাত গৃহৰক্ষী বাহিনীৰ দুজনকৈ জোৱান, এজন অসামৰিক লোক আৰু এজন ইমামৰ মৃত্যু হয়৷ হাৰিয়ানাৰ এই সংঘৰ্ষৰ পাছতেই চৰ্চালৈ আহিছে এজন বিশেষ ব্যক্তি৷ বিগত ফেব্ৰুৱাৰীত ভিৱানীত দুজন অভিযুক্ত গৰু চোৰাং ব্যৱসায়ীৰ হত্যাৰ সৈতে জড়িত মনু মানেছাৰ হাৰিয়ানাৰ নুহত সংঘটিত সাম্প্ৰদায়িক হিংসাত চাৰিজন লোক নিহত হোৱাৰ পিছত পুনৰ বাতৰিলৈ আহিছে। 

কিন্তু মনু মানেচাৰ কোন আৰু এতিয়া ক্ৰমাৎ গুৰুগ্ৰামলৈ বিয়পি পৰা হিংসাৰ সৈতে তেওঁৰ সম্পৰ্ক কি? হাৰিয়ানাৰ সংঘৰ্ষৰ এদিন পূৰ্বে মনু মানেচাৰে ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ মুকলি কৰি কয় যে তেওঁ শোভাযাত্ৰাত অংশগ্ৰহণ কৰিব আৰু লোকসকলকো এই সমদলত যোগদান কৰিবলৈ কয়। অৱশ্যে, মানেছাৰক আৰক্ষীয়ে বাধা প্ৰদান কৰিছিল আৰু তেওঁ ধৰ্মীয় শোভাযাত্ৰাত উপস্থিত হ’ব পৰা নাছিল৷

নুহ, গুৰুগ্ৰাম আৰু চোহনা জিলাত সম্প্ৰতি পৰিস্থিতি উত্তেজনাপূৰ্ণ হৈ আছে, য’ত মানুহৰ চলাচলৰ ওপৰত নিষেধাজ্ঞামূলক নিৰ্দেশ জাৰি কৰা হৈছে। ছ’চিয়েল মিডিয়াত এনেকৈয়ো চৰ্চা হৈছে যে মনু মানেছাৰৰ সম্ভাৱ্য অংশগ্ৰহণ ধৰ্মীয় শোভাযাত্ৰাৰ ওপৰত আক্ৰমণৰ এটা কাৰণ আছিল। কিন্তু মনু মানেছাৰ কোন আৰু তেওঁ ইমান বিতৰ্কিত কিয়?

মনু মানেছাৰ কোন?
মনু মানেছাৰ ওৰফে মোহিত যাদৱ এজন বজৰং দলৰ সদস্য আৰু গোৰক্ষক। তেওঁ গুৰুগ্ৰামৰ ওচৰৰ মানেছাৰৰ পৰা আহিছে। তেওঁ হাৰিয়ানাৰ বজৰং দলৰ গৰু সুৰক্ষা টাস্ক ফ’ৰ্চ গোট গোৰক্ষা দলৰ মুৰব্বী হিচাপে তেওঁৰ ভূমিকাৰ বাবে কুখ্যাত হৈ পৰিছিল। গৰুৰ চোৰাং ব্যৱসায়ীসকলৰ বিৰুদ্ধে মনুৰ অভিযান ওতঃপ্ৰোতভাৱে জড়িত।

তেওঁৰ বিৰুদ্ধে সংখ্যালঘু সম্প্ৰদায়ৰ দুজন লোকৰ হত্যাত জড়িত থকাৰ অভিযোগ উত্থাপিত হৈছে। ৰাজস্থানৰ ভৰতপুৰ জিলাৰ ঘাটমিকা গাঁৱৰ বাসিন্দা নাছিৰ আৰু জুনেইদক ১৫ ফেব্ৰুৱাৰীত গোৰক্ষকসকলে অপহৰণ কৰিছিল আৰু পিছদিনা হাৰিয়ানাৰ ভিৱানীৰ লোহাৰুত এখন জ্বলন্ত গাড়ীত তেওঁলোকৰ মৃতদেহ উদ্ধাৰ হৈছিল।
ৰাজস্থান আৰক্ষীয়ে গোচৰটোত অভিযোগপত্ৰ দাখিল কৰিছিল আৰু মনু মানেছাৰক অভিযুক্ত হিচাপে চিনাক্ত কৰিছিল। অৱশ্যে, মনু মানেছাৰে অপহৰণ আৰু হত্যাৰ অভিযোগ অস্বীকাৰ কৰে আৰু বৰ্তমান পলাতক হৈ আছে।


সামাজিক মাধ্যমত শক্তিশালী উপস্থিতি মনুৰ...
মনু মানেছাৰৰ কাৰ্যকলাপ শাৰীৰিক সতৰ্কতামূলক কাৰ্যৰ বাহিৰতো বিস্তৃত। তেওঁৰ ইউটিউব চেনেলত দুই লাখৰো অধিক আৰু ফেচবুকত ৮৩ হাজাৰৰো অধিক অনুসৰণকাৰী আছে।
তেওঁৰ ছ’চিয়েল মিডিয়া প্লেটফৰ্মত প্ৰায়ে তেওঁ আৰু তেওঁৰ দলটোৱে অবৈধভাৱে গৰু কঢ়িয়াই নিয়াৰ সন্দেহত বাহনৰ পিছে পিছে যোৱাৰ লাইভ-ষ্ট্ৰীম কৰা ভিডিঅ’ সম্প্ৰচাৰ কৰে৷









FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰিজার্ভ বেংকে বান্ধি দিয়া ‘সহনশীলতাৰ সীমা’ অতিক্ৰম; খুচুৰা মুদ্রাস্ফীতি ৬.০৯%লৈ বৃদ্ধি
৪ দশকত ৭টা বৃহৎ পথ দুর্ঘটনা সংঘটিত হৈছে অসমত; জানো আহক সবিশেষ
মথুৰাত চলন্ত বাছত ভয়ংকৰ জুই! চালক জিতেন্দ্ৰৰ বুদ্ধিমত্তাত ৰক্ষা পৰিল ৪০ যাত্ৰীৰ প্ৰাণ
বিলাসীপাৰাত ধনৰ লোভত নাবালিকা কন্যাক বিয়া দিবলৈ চেষ্টা কৰাৰ অভিযোগ; নিজ পিতৃৰ বিৰুদ্ধে এজাহাৰ কন্যাৰ
কাজিৰঙাৰ ৰঙাজানত ভয়ংকৰ পথ দুৰ্ঘটনা; তীব্ৰবেগী ট্ৰেভেলাৰ আৰু ট্ৰেইলাৰৰ মুখামুখি সংঘৰ্ষত ২৩ জনৰ মৃত্যু
চিকিৎসকৰ চমৎকাৰ! জন্মৰ এমাহৰ পাছতে অস্ত্ৰোপচাৰৰ জৰিয়তে পিঠিৰ পৰা সংযুক্ত হৈ থকা যমজ ভাতৃক কৰিলে পৃথক
ফেন্সি বজাৰৰ উৰ্বশী বজাৰত এন্দুৰৰ উপদ্ৰৱ আৰু গুৱাহাটী মহানগৰীৰ নিগমৰ জৰিমনা
অসমৰ অৱক্ষয়িত বনভূমি পুনৰুদ্ধাৰত ১৩৪ সংখ্যক ইক’লজিকেল টাস্ক ফ’ৰ্চৰ প্ৰশংসা মুখ্যমন্ত্ৰীৰ
আমিনগাঁৱত প্ৰদূষণকাৰী উদ্যোগ স্থাপনৰ বাবে প্ৰদান কৰা অনুমতি পত্ৰ খাৰিজ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ
কাজিৰঙাত সংঘটিত মৰ্মান্তিক পথ দুৰ্ঘটনাত কুৰিজনৰো অধিক লোকৰ প্ৰাণহানি, শীৰ্ষ নেতাসকলৰ শোক প্ৰকাশ
কাজিৰঙাৰ দুৰ্ঘটনা সন্দৰ্ভত এআইইউডিএফৰ গভীৰ শোক প্ৰকাশ
মহানগৰীত আৰক্ষীৰ কঠোৰ পদক্ষেপ, জনসাধাৰণক আমনি কৰাৰ অভিযোগত আটক ২২ জন তৃতীয় লিংগৰ ব্যক্তি
গুৱাহাটীত আৰম্ভ হ’ল ৰাষ্ট্ৰীয় ফাৰ্মাচী সপ্তাহ ২০২৬
মহানগৰীত ভেণ্ডিং জ’ন স্থাপনৰ পৰিকল্পনাত হেঙাৰ, ফুটপাথত অব্যাহত দখলদাৰী