--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মণিপুৰত হিংসাত্মক ঘটনা সংঘটিত হোৱাৰ তিনিমাহ পাছতো এতিয়ালৈকে হিংসাত্মক পৰিস্থিতি বন্ধ হোৱা নাই৷ এই হিংসাত ১৬০ জন লোকে প্ৰাণ হেৰুৱাৰ লগতে হাজাৰ হাজাৰ লোক গৃহহীন হৈ পৰিছে। যিসকল লোকে শিবিৰত থাকি জীৱন কটাবলগীয়া গৈছে। মণিপুৰৰ হিংসাত্মক পৰিস্থিতিয়ে মণিপুৰৰ অৰ্থনীতিতো প্ৰভাৱ পেলাইছে। ইয়াৰ ফলত বিত্ত মন্ত্ৰালয়ে প্ৰকাশ কৰা ২০২৩ চনৰ জুলাই মাহৰ জি এছ টি সংগ্ৰহৰ পৰিসংখ্যা অনুসৰি মণিপুৰ একমাত্ৰ ৰাজ্য য’ত জি এছ টি সংগ্ৰহ হ্ৰাস পাইছে।

যি ৰাজ্যভিত্তিক জি এছ টি সংগ্ৰহৰ তথ্য প্ৰকাশ পাইছে সেই অনুসৰি মণিপুৰৰ বাহিৰে সকলো ৰাজ্যতে জি এছ টি সংগ্ৰহৰ বৃদ্ধি পাইছে৷কিন্তু ২০২৩ চনৰ জুলাই মাহত মণিপুৰত জি এছ টি সংগ্ৰহ ৪২ কোটি টকালৈ নামি আহিছে, যিটো ২০২২ চনৰ জুলাইৰ তুলনাত ৭% কম। গতিকে ইয়াৰ পূৰ্বৰ জুন মাহৰ ২০২৩ চনৰ তুলনাত জি এছ টি সংগ্ৰহৰ ৩০.৬১ শতাংশ হ্ৰাস পাইছে। ২০২৩ চনৰ জুন মাহত মণিপুৰৰ জি এছ টি সংগ্ৰহ আছিল ৬০.৩৭ কোটি টকা।

মণিপুৰৰ হিংসাৰ বাবে ৰাজ্যৰ অৰ্থনীতিত ইয়াৰ বেয়া প্ৰভাৱ দেখা গৈছে। মেইটেই আৰু কুকি জনগোষ্ঠীৰ মাজত হোৱা হিংসাৰ বাবে মণিপুৰৰ পৰা ৰপ্তানি ৮০ শতাংশ পৰ্যন্ত হ্ৰাস পাইছে। হস্তনিৰ্মিত কাপোৰ, ঔষধি উদ্ভিদ আৰু বহুতো খাদ্য সামগ্ৰী ৰাজ্যৰ পৰা ৰপ্তানি কৰা হয়। মণিপুৰ মইৰাংফি, লীৰাম, লাছিংফি, ফানেক আদি কাপোৰৰ বাবে পৰিচিত আৰু এই কাপোৰৰ আমেৰিকা, ইউৰোপ আৰু ছিংগাপুৰত ভাল চাহিদা আছে। কিন্তু ৰাজ্যত হিংসাত্মক ঘটনা বিয়পি পৰাৰ পাছত তাত ইণ্টাৰনেট বন্ধ হৈ আছে, ইয়াৰ ফলত তাত অর্থনীতিতো প্রভাৱ পৰিছে৷ বেংকৰ পৰা এটিএমলৈকে সকলো তাত বন্ধ।

মৰে সীমান্ত বিন্দু যাৰ মাজেৰে ভাৰত-ম্যানমাৰৰ লগতে দক্ষিণ-পূব এছিয়াৰ অন্যান্য দেশৰ সৈতে পথেৰে বাণিজ্যিক পথ বন্ধ হৈ আছে, যাৰ ফলত মণিপুৰৰ অৰ্থনীতিত প্ৰভাৱ পৰিছে। শিপিনীৰ সংখ্যাৰ ফালৰ পৰা দেশৰ ভিতৰতে দ্বিতীয় বৃহত্তম ৰাজ্য আৰু তাঁতশালৰ সংখ্যাৰ ক্ষেত্ৰত দেশৰ ভিতৰতে চতুৰ্থ স্থানত আছে মণিপুৰ। মেইটেই আৰু কুকি সম্প্ৰদায়ৰ মাজত অনাস্থাৰ ব্যৱধান ইমানেই বৃদ্ধি পাইছে যে ৰাজ্যখনৰ অৰ্থনীতি কেতিয়ালৈকে পুনৰ শুদ্ধ পথত আহিব, সেয়া এক ডাঙৰ প্ৰশ্ন হৈয়েই আছে।











FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস