--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মণিপুৰত হিংসাত্মক ঘটনা সংঘটিত হোৱাৰ তিনিমাহ পাছতো এতিয়ালৈকে হিংসাত্মক পৰিস্থিতি বন্ধ হোৱা নাই৷ এই হিংসাত ১৬০ জন লোকে প্ৰাণ হেৰুৱাৰ লগতে হাজাৰ হাজাৰ লোক গৃহহীন হৈ পৰিছে। যিসকল লোকে শিবিৰত থাকি জীৱন কটাবলগীয়া গৈছে। মণিপুৰৰ হিংসাত্মক পৰিস্থিতিয়ে মণিপুৰৰ অৰ্থনীতিতো প্ৰভাৱ পেলাইছে। ইয়াৰ ফলত বিত্ত মন্ত্ৰালয়ে প্ৰকাশ কৰা ২০২৩ চনৰ জুলাই মাহৰ জি এছ টি সংগ্ৰহৰ পৰিসংখ্যা অনুসৰি মণিপুৰ একমাত্ৰ ৰাজ্য য’ত জি এছ টি সংগ্ৰহ হ্ৰাস পাইছে।

যি ৰাজ্যভিত্তিক জি এছ টি সংগ্ৰহৰ তথ্য প্ৰকাশ পাইছে সেই অনুসৰি মণিপুৰৰ বাহিৰে সকলো ৰাজ্যতে জি এছ টি সংগ্ৰহৰ বৃদ্ধি পাইছে৷কিন্তু ২০২৩ চনৰ জুলাই মাহত মণিপুৰত জি এছ টি সংগ্ৰহ ৪২ কোটি টকালৈ নামি আহিছে, যিটো ২০২২ চনৰ জুলাইৰ তুলনাত ৭% কম। গতিকে ইয়াৰ পূৰ্বৰ জুন মাহৰ ২০২৩ চনৰ তুলনাত জি এছ টি সংগ্ৰহৰ ৩০.৬১ শতাংশ হ্ৰাস পাইছে। ২০২৩ চনৰ জুন মাহত মণিপুৰৰ জি এছ টি সংগ্ৰহ আছিল ৬০.৩৭ কোটি টকা।

মণিপুৰৰ হিংসাৰ বাবে ৰাজ্যৰ অৰ্থনীতিত ইয়াৰ বেয়া প্ৰভাৱ দেখা গৈছে। মেইটেই আৰু কুকি জনগোষ্ঠীৰ মাজত হোৱা হিংসাৰ বাবে মণিপুৰৰ পৰা ৰপ্তানি ৮০ শতাংশ পৰ্যন্ত হ্ৰাস পাইছে। হস্তনিৰ্মিত কাপোৰ, ঔষধি উদ্ভিদ আৰু বহুতো খাদ্য সামগ্ৰী ৰাজ্যৰ পৰা ৰপ্তানি কৰা হয়। মণিপুৰ মইৰাংফি, লীৰাম, লাছিংফি, ফানেক আদি কাপোৰৰ বাবে পৰিচিত আৰু এই কাপোৰৰ আমেৰিকা, ইউৰোপ আৰু ছিংগাপুৰত ভাল চাহিদা আছে। কিন্তু ৰাজ্যত হিংসাত্মক ঘটনা বিয়পি পৰাৰ পাছত তাত ইণ্টাৰনেট বন্ধ হৈ আছে, ইয়াৰ ফলত তাত অর্থনীতিতো প্রভাৱ পৰিছে৷ বেংকৰ পৰা এটিএমলৈকে সকলো তাত বন্ধ।

মৰে সীমান্ত বিন্দু যাৰ মাজেৰে ভাৰত-ম্যানমাৰৰ লগতে দক্ষিণ-পূব এছিয়াৰ অন্যান্য দেশৰ সৈতে পথেৰে বাণিজ্যিক পথ বন্ধ হৈ আছে, যাৰ ফলত মণিপুৰৰ অৰ্থনীতিত প্ৰভাৱ পৰিছে। শিপিনীৰ সংখ্যাৰ ফালৰ পৰা দেশৰ ভিতৰতে দ্বিতীয় বৃহত্তম ৰাজ্য আৰু তাঁতশালৰ সংখ্যাৰ ক্ষেত্ৰত দেশৰ ভিতৰতে চতুৰ্থ স্থানত আছে মণিপুৰ। মেইটেই আৰু কুকি সম্প্ৰদায়ৰ মাজত অনাস্থাৰ ব্যৱধান ইমানেই বৃদ্ধি পাইছে যে ৰাজ্যখনৰ অৰ্থনীতি কেতিয়ালৈকে পুনৰ শুদ্ধ পথত আহিব, সেয়া এক ডাঙৰ প্ৰশ্ন হৈয়েই আছে।











FOLLOW US F
POPULAR
FEATURE
TRENDY
১৫ ছেপ্টেম্বৰৰ পৰা ইউ পি আইত দৈনিক লেনদেনৰ সীমা বৃদ্ধি
গাঁৱত বিবাদ! পুত্ৰৰ অন্ত্যেষ্টিক্রিয়া মুছলমান ৰীতি-নীতিৰে হোৱাটো বিচাৰিছিল মাতৃয়ে কিন্তু শেষ ৰীতি-নীতি হ'ল হিন্দু পৰম্পৰা অনুসৰি
শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথিত শিৱসাগৰৰ মাৰোৱাৰী সমাজে দেখুৱালে সম্প্ৰীতিৰ অন্যন্য নিদৰ্শন
হংকঙক ৭ উইকেটত পৰাস্ত বাংলাদেশৰ, লিটন দাসৰ উজ্জ্বল অৰ্ধশতক
পাকঘৰত ৰখা এই ৫টা বস্তু মুখত লগোৱাৰ আগত সাৱধান হওক
দেশৰ ১৫ সংখ্যক উপ-ৰাষ্ট্ৰপতি হিচাবে শপত গ্ৰহণ চি পি ৰাধাকৃষ্ণনৰ
এতিয়াৰ পৰা UPI-ত ৫ লাখ পৰ্যন্ত পেমেন্ট সহজ ! NPCI-এ বঢ়ালে UPI ৰ লেনদেনৰ সীমা
'চীনৰ হাতত ভাৰত-ৰাছিয়াক হেৰুৱাই পেলোৱা যেন লাগিছে'- ড’নাল্ড ট্ৰাম্প
আমেৰিকাক পুটিনৰ সকীয়নি ; ভাৰত-চীনক দুৰ্বল কৰাৰ চেষ্টা নকৰিব
বয়সৰ আগতেই মুখত পৰিছে নেকি বয়সৰ চাপ! জীৱনত এইবোৰ পৰিৱৰ্তন কৰক
শিৱসাগৰত আহোম যুৱকক গাহৰি মাংস বিক্ৰীত বাধা মুছলমান যুৱকৰ! উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি
৪ বাৰৰ বিধায়ক ডাঃ মানছিং ৰংপিয়ে এৰিলে বিজেপি
ছট্টিশগড়ত এন এইচ এমৰ ১৪ সহস্রাধিক কৰ্মচাৰীৰ পদত্যাগ
কাকপথাৰত জোঁৰ লৈ ওলাই আহিল সহস্রাধিক মৰাণ লোক