--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: দেশৰ ৰাজনৈতিক প্ৰেক্ষাপটত দেখিবলৈ পোৱা যাব এক নতুন সমীকৰণ৷ মঙলবাৰে ঘোষণ হ’ব হাৰিয়ানা বিধান সভা নিৰ্বাচনৰ ফলাফল৷ ৯০ খন আখনৰ বাবে অনুষ্ঠিত হৈছিল৷ গেৰুৱা দলটোৱে একেৰাহে তৃতীয় বাৰৰ বাবে এক আশ্চৰ্য জনক প্ৰত্যাৱৰ্তন কৰা দেখিবলৈ পোৱা গৈছে ভোট গণনাৰ সময়ছোৱাত৷ হাৰিয়ানা বিধানসভা নিৰ্বাচনৰ ফলাফলৰ প্ৰাৰম্ভিক পৰ্যায়াৰ পৰা শাসকীয় ভাৰতীয় জনতা পাৰ্টীয়ে হেট্ৰিক অৰ্জনৰ পথত৷ প্ৰশ্ন উত্থাপন হৈছে কংগ্ৰেছ দলে তৃতীয় বাৰলৈ বিমুখ হ’ব নেকি হাৰিয়ানাত চৰকাৰ গঠনত৷ 

২০১৯ চনত দুষ্যন্ত চৌটালাৰ জেজেপিয়ে ১৪.৯ শতাংশ ভোট জাট সম্প্ৰদায়ৰ বাবেই লাভ কৰিছিল বুলি বিশ্বাস কৰা হৈছিল। সম্প্ৰতি  জেজেপিৰ ভোটবেংকৰ অধিকাংশই কংগ্ৰেছলৈ আৰু কিছু অংশ আইএনএলডিলৈ স্থানান্তৰিত হৈছে বুলি ধাৰণা কৰা হৈছে। যোৱাবাৰ কংগ্ৰেছে ২৮.২ শতাংশ ভোট লাভ কৰিছিল যদিও এইবাৰ ৪০ শতাংশ ভোট পোৱা বুলি অনুমান কৰা হৈছে। জেজেপিয়ে মাত্ৰ এক শতাংশ ভোট লাভ কৰাৰ পৰিৱৰ্তে বিজেপিয়ে কংগ্ৰেছতকৈ ৩৯ শতাংশ ভোট লাভ কৰা বুলি অনুমান কৰা হৈছে। ইয়াৰ পাছতো কংগ্ৰেছতকৈ অধিক আসন লাভ কৰিবলৈ সক্ষম হৈছে শাসক দল বিজেপি।

হাৰিয়ানাত কংগ্ৰেছদলৰ বিপৰ্যয়ৰ আঁৰৰ কিছু কথা -

হুদা আৰু দলৰ ভিতৰৰ এগৰাকী বিশিষ্ট দলিত নেত্ৰী কুমাৰী চেলজাৰ মাজত হোৱা আভ্যন্তৰীণ বিবাদে কংগ্ৰেছৰ বাবে প্ৰত্যাহ্বান আৰু অধিক ভয়াৱহ কৰি তুলিছিল যিহেতু দলিত ভোটাৰৰ মাজত চেলজাৰ প্ৰভাৱ যথেষ্ট আছিল৷ হুদা আৰু চেলজাৰ মাজত হোৱা বিভাজনৰ মূলধন হিচাপে লৈ বিজেপিয়ে কংগ্ৰেছৰ জাটকেন্দ্ৰিক দৃষ্টিভংগীৰ দ্বাৰা অৱহেলিত অনুভৱ কৰা অজাট সম্প্ৰদায়ৰ মাজত সমৰ্থন একত্ৰিত কৰিবলৈ সক্ষম হয়।

কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে সংৰক্ষণৰ সন্দৰ্ভত কৰা বিতৰ্কিত মন্তব্যৰ পৰা কংগ্ৰেছে এই প্ৰতিক্ৰিয়াৰ সন্মুখীন হ’বলগীয়া হয়, যাৰ বাবে দলিত আৰু অ’বিচি সম্প্ৰদায়ক আৰু অধিক মোহভংগ হয়। 

ইয়াৰোপৰি কংগ্ৰেছে আম আদমি পাৰ্টিৰ সৈতে নিৰ্বাচনৰ পূৰ্বে মিত্ৰতা গঢ়ি তুলিব নোৱাৰাৰ বাবে আসন ভাগ-বতৰাৰ ব্যৱস্থাক লৈ মতানৈক্যৰ বাবে মিত্ৰজোঁট দুৰ্বল হৈ পৰে। স্বতন্ত্ৰভাৱে প্ৰতিদ্বন্দ্বিতা কৰাৰ সিদ্ধান্তৰ বাবে হোৱা ভোট বিভজন কংগ্ৰেছদলৰ বিপৰ্যয়ৰ অন্যতম কৰণ হিচপে পৰিগণিত হৈছে৷ 

উল্লেখযোগ্য যে এই পৰ্যন্ত বিজেপিয়ে ৩৯ খনত জয়ী হোৱৰ পৰিৱৰ্তে কংগ্ৰেছে ৩১ খন আখন লাভ কৰিবলৈ সক্ষম হৈছে৷ বিজেপিয়ে ১০ খন আসনৰে অগ্ৰগতি লাভ কৰি আছে ইয়াৰ পৰা বিজেপিৰ জয় নিশ্চিত হৈ পৰিছে৷ 

FOLLOW US F
POPULAR
FEATURE
TRENDY
শ্রীকোনাত ট্ৰাকৰ খুন্দাত দুজন অট’ যাত্ৰীৰ মৃত্যু, গুৰুতৰভাৱে আহত ৩
হালধি আৰু গুৰ একেলগে খোৱাৰ অদ্ভুত লাভালাভৰ বিষয়ে আপুনি জানেনে?
ৰাইমোনা ৰাষ্ট্ৰীয় উদ্যানত বন বিভাগৰ গুলীত নিহত কাঠ মাফিয়া ফুংখা বসুমতাৰী
ষষ্ঠ দিনতো বন্যাৰ্তৰ সাৰথিৰ ৰূপত প্ৰাগ-জনমভূমি পৰিয়াল
প্ৰ’টিনৰ অভাৱ দূৰ কৰে এইকেইবিধ ফলে; আজিয়েই সংযোগ কৰক খাদ্য তালিকাত
নদীবান্ধৰ পানী এৰিলে উজনি অসমত হ’ব ধ্বংসলীলা; দিবাং জলবিদ্যুৎ প্রকল্পক লৈ শংকিত ৰাইজ
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ