--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ১০ হাজাৰ ফুট উচ্চতাত উৰন্ত অৱস্থাত আছিল যাত্ৰীবাহী উৰাজাহাজখন। হঠাৎ খোল খাই গ’ল উৰাজাহাজখনৰ পিছফালৰ দুৱাৰখন। লগে লগে পিছ দুৱাৰেদি যাত্ৰীৰ সামগ্ৰী বাগৰি পৰি আকাশত উৰিবলৈ লাগিল। বিমানখনৰ ভিতৰলৈ তীব্ৰ গতিৰে সোমাই আহিল বতাহ। এই অনাকাংক্ষিত পৰিস্থিতিত পৰি আতংকত জীৱ যাও-যাও অৱস্থা হ’ল যাত্ৰীসকলৰ।

ৰাছিয়াৰ এন এন-২৬-১০০ নামৰ উৰাজাহাজখনত সংঘটিত হৈছে এই ভয়াৱহ কাণ্ড। এয়াৰএৰ’ কোম্পানীৰ বিমান এন এন-২৬-১০০ এ চাইবেৰিয়াৰ মাগান চহৰৰ পৰা মাদাগানলৈ যোৱাৰ বাটত সংঘটিত হয় এই দুৰ্ঘটনাটো।

জানিব পৰা মতে ২৫ জন যাত্ৰী আছিল এই বিমানখনত। ঘটনাৰ সমগ্ৰ দৃশ্য কেমেৰাত বন্দী কৰিছে বিমানখনৰ এগৰাকী যাত্ৰীয়ে।

সংবাদ মাধ্যমত প্ৰকাশিত খবৰ অনুসৰি, বিমানৰ ক্ৰুৱে দুৱাৰখন খুলি যোৱা দেখা পোৱাৰ পিছত বিমানৰ কৰ্মচাৰীসকলে বিমানখনক পুনৰ মাদাগানলৈ নিয়াৰ পৰিকল্পনা কৰে।

পাইলটে দক্ষতাৰ পৰিচয় দি দ্ৰুতগতিত বিমানখন নিৰাপদে মেগান চহৰত অৱতৰণ কৰে। এই ঘটনাত অৱশ্যে কোনো যাত্ৰী আহত হোৱা নাই বুলি বিমান সংস্থাটোৱে জানিবলৈ দিয়ে।

কিন্তু আকাশ মাৰ্গত বিমানখনৰ দুৱাৰখন খোল খাই যোৱা ঘটনাৰ বাবে এতিয়া যাত্ৰীসকলৰ সুৰক্ষাক লৈ প্ৰশ্ন উত্থাপন হৈছে। চলন্ত বিমানখনৰ দুৱাৰ কেনেকৈ খোল খাই গ’ল সেই সন্দৰ্ভত তদন্ত কৰা হ’ব বুলি এয়াৰ এৰ’ই জানিবলৈ দিছে।

উল্লেখ্য যে ১৯৭৯ চনৰ পৰাই চাইবেৰিয়াত নিয়মীয়াকৈ চলি আছে ২৬ জন যাত্ৰী কঢ়িয়াব পৰা এই বিমানখন।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বাৰাণসীত বৈঠকত বহিল দুই প্রধানমন্ত্রী
১৫ ছেপ্টেম্বৰৰ পৰা ইউ পি আইত দৈনিক লেনদেনৰ সীমা বৃদ্ধি
গাঁৱত বিবাদ! পুত্ৰৰ অন্ত্যেষ্টিক্রিয়া মুছলমান ৰীতি-নীতিৰে হোৱাটো বিচাৰিছিল মাতৃয়ে কিন্তু শেষ ৰীতি-নীতি হ'ল হিন্দু পৰম্পৰা অনুসৰি
শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথিত শিৱসাগৰৰ মাৰোৱাৰী সমাজে দেখুৱালে সম্প্ৰীতিৰ অন্যন্য নিদৰ্শন
হংকঙক ৭ উইকেটত পৰাস্ত বাংলাদেশৰ, লিটন দাসৰ উজ্জ্বল অৰ্ধশতক
পাকঘৰত ৰখা এই ৫টা বস্তু মুখত লগোৱাৰ আগত সাৱধান হওক
বয়সৰ আগতেই মুখত পৰিছে নেকি বয়সৰ চাপ! জীৱনত এইবোৰ পৰিৱৰ্তন কৰক
শিৱসাগৰত আহোম যুৱকক গাহৰি মাংস বিক্ৰীত বাধা মুছলমান যুৱকৰ! উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি
৪ বাৰৰ বিধায়ক ডাঃ মানছিং ৰংপিয়ে এৰিলে বিজেপি
ছট্টিশগড়ত এন এইচ এমৰ ১৪ সহস্রাধিক কৰ্মচাৰীৰ পদত্যাগ
কাকপথাৰত জোঁৰ লৈ ওলাই আহিল সহস্রাধিক মৰাণ লোক
ইণ্ডিয়া ফিল্ম ফেষ্টিভেল অফ এলবাৰ্টাত পাৰ্থজিৎ বৰুৱাৰ ‘এ হিষ্ট্ৰী অফ ইণ্ডিয়াছ নৰ্থ ইষ্ট চিনেমা’, শীৰ্ষক গ্ৰন্থ উন্মোচন
'জব উই মেট'ৰ দৰে ঘটিল বাস্তৱ ঘটনা! প্ৰেমিকে প্ৰতাৰণা কৰাত ৰে’লত লগ পোৱা যুৱকৰ সৈতে বিয়াত বহিল যুৱতী
টি-২০ আন্তঃৰাষ্ট্ৰীয়ত সৰ্বাধিক ষ্ট্ৰাইক ৰেটৰ অভিলেখ কাৰ? জানো আহক শীৰ্ষ ৫ৰ তালিকাত  কোন কোন আছে