--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ১০ হাজাৰ ফুট উচ্চতাত উৰন্ত অৱস্থাত আছিল যাত্ৰীবাহী উৰাজাহাজখন। হঠাৎ খোল খাই গ’ল উৰাজাহাজখনৰ পিছফালৰ দুৱাৰখন। লগে লগে পিছ দুৱাৰেদি যাত্ৰীৰ সামগ্ৰী বাগৰি পৰি আকাশত উৰিবলৈ লাগিল। বিমানখনৰ ভিতৰলৈ তীব্ৰ গতিৰে সোমাই আহিল বতাহ। এই অনাকাংক্ষিত পৰিস্থিতিত পৰি আতংকত জীৱ যাও-যাও অৱস্থা হ’ল যাত্ৰীসকলৰ।

ৰাছিয়াৰ এন এন-২৬-১০০ নামৰ উৰাজাহাজখনত সংঘটিত হৈছে এই ভয়াৱহ কাণ্ড। এয়াৰএৰ’ কোম্পানীৰ বিমান এন এন-২৬-১০০ এ চাইবেৰিয়াৰ মাগান চহৰৰ পৰা মাদাগানলৈ যোৱাৰ বাটত সংঘটিত হয় এই দুৰ্ঘটনাটো।

জানিব পৰা মতে ২৫ জন যাত্ৰী আছিল এই বিমানখনত। ঘটনাৰ সমগ্ৰ দৃশ্য কেমেৰাত বন্দী কৰিছে বিমানখনৰ এগৰাকী যাত্ৰীয়ে।

সংবাদ মাধ্যমত প্ৰকাশিত খবৰ অনুসৰি, বিমানৰ ক্ৰুৱে দুৱাৰখন খুলি যোৱা দেখা পোৱাৰ পিছত বিমানৰ কৰ্মচাৰীসকলে বিমানখনক পুনৰ মাদাগানলৈ নিয়াৰ পৰিকল্পনা কৰে।

পাইলটে দক্ষতাৰ পৰিচয় দি দ্ৰুতগতিত বিমানখন নিৰাপদে মেগান চহৰত অৱতৰণ কৰে। এই ঘটনাত অৱশ্যে কোনো যাত্ৰী আহত হোৱা নাই বুলি বিমান সংস্থাটোৱে জানিবলৈ দিয়ে।

কিন্তু আকাশ মাৰ্গত বিমানখনৰ দুৱাৰখন খোল খাই যোৱা ঘটনাৰ বাবে এতিয়া যাত্ৰীসকলৰ সুৰক্ষাক লৈ প্ৰশ্ন উত্থাপন হৈছে। চলন্ত বিমানখনৰ দুৱাৰ কেনেকৈ খোল খাই গ’ল সেই সন্দৰ্ভত তদন্ত কৰা হ’ব বুলি এয়াৰ এৰ’ই জানিবলৈ দিছে।

উল্লেখ্য যে ১৯৭৯ চনৰ পৰাই চাইবেৰিয়াত নিয়মীয়াকৈ চলি আছে ২৬ জন যাত্ৰী কঢ়িয়াব পৰা এই বিমানখন।

FOLLOW US F
POPULAR
FEATURE
TRENDY
উচ্চতম ন্যায়ালয়ত আছে বৃহৎ সংখ্যক দুর্নীতিপৰায়ণ ন্যায়াধীশ: দুষ্যন্ত দাৱে
হোজাই নিউ ডন ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ৰ অধ্যক্ষ অভিজিত সিংহৰ অকাল বিয়োগ
লামডিঙত চাঞ্চল্য! প্ৰেমজনিত কাৰণত বিষাক্ত দ্ৰব্য সেৱন দশম শ্ৰেণীৰ ছাত্ৰীৰ, হাস্পতালত ভৰ্তি
৭ মাহ পূৰ্বে পাতিছিল বিয়া; জালুকবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত ছিপাঝাৰৰ বিশ্বজিৎ কলিতা
প্রিপেইড ম’বাইল গ্রাহকে পাব মাহিলি ৩০ দিনৰ ৰিচাৰ্জৰ সুবিধা
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ