--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কেতিয়াবা কিছুমান কোম্পানীত প্ৰাপ্য দৰমহা বিচাৰি কৰ্মচাৰীয়ে হামৰাও কাঢ়িবলগীয়া হয় আৰু কিছুমান কোম্পানীত কৰ্মচাৰীক উচিত মৰ্যাদা প্ৰদান কৰা হয়। শেহতীয়াকৈ পোহৰলৈ আহিছে এটা কোম্পানীৰ নজিৰবিহীন ঘটনা। 

ব্যৱসায় আৰু লাভৰ দৃষ্টিকোণৰ পৰা ২০২২ চনটো টাইৱানৰ এটা কোম্পানীৰ বাবে অতি ভাল আছিল। কোম্পানীটোৱে এই সফলতাক অন্য ধৰণেৰে উদযাপন কৰিবলৈ বিচাৰিছিল। সেয়েহে কোম্পানীটোৰ নিৰ্বাচিত কৰ্মচাৰী কিছুমানক বোনাছ হিচাপে ৫০ মাহৰ দৰমহা একেলগে দিয়ে মালিকে।

এভাৰগ্ৰীণ মেৰিন কৰ্পৰেশ্যনে একাংশ কৰ্মচাৰীক ‘ষ্টেলাৰ বোনাছ’ দিয়াৰ সিদ্ধান্ত লৈছে। চাকৰিৰ গ্ৰেড, কামৰ ভিত্তিত কৰ্মচাৰীসকলক বোনাছ দিয়া হৈছিল। কোম্পানীটোৱে কয় যে কৰ্মচাৰীসকলক ব্যক্তিগত আৰু কোম্পানীৰ প্ৰদৰ্শনৰ ভিত্তিত বছৰৰ শেষত বোনাছ দিয়া হৈছে।

উল্লেখ্য যে ২০২১ চনত এই কোম্পানীটোৰ এখন জাহাজ ছুৱেজ খালত আবদ্ধ হৈ পৰাৰ ফলত সমগ্ৰ বিশ্বতে এই কোম্পানীটো লাইমলাইটত আহি পৰিছিল।

কোম্পানীৰ মালিকে কয় যে- এটা কোম্পানী প্ৰতিষ্ঠিত হয় ইয়াত কাম কৰা কৰ্মচাৰীসকলৰ কষ্টৰ বলত। গতিকে কৰ্মচাৰীসকলক উপযুক্ত মৰ্যাদা প্ৰদান কৰাটো আমাৰ দায়িত্ব। কৰ্মচাৰীসকলেও অনুভৱ কৰিব লাগিব যে তেওঁ য’ত কাম কৰি আছে সেয়া তেওঁৰ বাবে উপযুক্ত কৰ্মথলী।














FOLLOW US F
POPULAR
FEATURE
TRENDY
উচ্চতম ন্যায়ালয়ত আছে বৃহৎ সংখ্যক দুর্নীতিপৰায়ণ ন্যায়াধীশ: দুষ্যন্ত দাৱে
হোজাই নিউ ডন ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ৰ অধ্যক্ষ অভিজিত সিংহৰ অকাল বিয়োগ
লামডিঙত চাঞ্চল্য! প্ৰেমজনিত কাৰণত বিষাক্ত দ্ৰব্য সেৱন দশম শ্ৰেণীৰ ছাত্ৰীৰ, হাস্পতালত ভৰ্তি
৭ মাহ পূৰ্বে পাতিছিল বিয়া; জালুকবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত ছিপাঝাৰৰ বিশ্বজিৎ কলিতা
প্রিপেইড ম’বাইল গ্রাহকে পাব মাহিলি ৩০ দিনৰ ৰিচাৰ্জৰ সুবিধা
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ