--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কেতিয়াবা কিছুমান কোম্পানীত প্ৰাপ্য দৰমহা বিচাৰি কৰ্মচাৰীয়ে হামৰাও কাঢ়িবলগীয়া হয় আৰু কিছুমান কোম্পানীত কৰ্মচাৰীক উচিত মৰ্যাদা প্ৰদান কৰা হয়। শেহতীয়াকৈ পোহৰলৈ আহিছে এটা কোম্পানীৰ নজিৰবিহীন ঘটনা। 

ব্যৱসায় আৰু লাভৰ দৃষ্টিকোণৰ পৰা ২০২২ চনটো টাইৱানৰ এটা কোম্পানীৰ বাবে অতি ভাল আছিল। কোম্পানীটোৱে এই সফলতাক অন্য ধৰণেৰে উদযাপন কৰিবলৈ বিচাৰিছিল। সেয়েহে কোম্পানীটোৰ নিৰ্বাচিত কৰ্মচাৰী কিছুমানক বোনাছ হিচাপে ৫০ মাহৰ দৰমহা একেলগে দিয়ে মালিকে।

এভাৰগ্ৰীণ মেৰিন কৰ্পৰেশ্যনে একাংশ কৰ্মচাৰীক ‘ষ্টেলাৰ বোনাছ’ দিয়াৰ সিদ্ধান্ত লৈছে। চাকৰিৰ গ্ৰেড, কামৰ ভিত্তিত কৰ্মচাৰীসকলক বোনাছ দিয়া হৈছিল। কোম্পানীটোৱে কয় যে কৰ্মচাৰীসকলক ব্যক্তিগত আৰু কোম্পানীৰ প্ৰদৰ্শনৰ ভিত্তিত বছৰৰ শেষত বোনাছ দিয়া হৈছে।

উল্লেখ্য যে ২০২১ চনত এই কোম্পানীটোৰ এখন জাহাজ ছুৱেজ খালত আবদ্ধ হৈ পৰাৰ ফলত সমগ্ৰ বিশ্বতে এই কোম্পানীটো লাইমলাইটত আহি পৰিছিল।

কোম্পানীৰ মালিকে কয় যে- এটা কোম্পানী প্ৰতিষ্ঠিত হয় ইয়াত কাম কৰা কৰ্মচাৰীসকলৰ কষ্টৰ বলত। গতিকে কৰ্মচাৰীসকলক উপযুক্ত মৰ্যাদা প্ৰদান কৰাটো আমাৰ দায়িত্ব। কৰ্মচাৰীসকলেও অনুভৱ কৰিব লাগিব যে তেওঁ য’ত কাম কৰি আছে সেয়া তেওঁৰ বাবে উপযুক্ত কৰ্মথলী।














FOLLOW US F
POPULAR
FEATURE
TRENDY
বাৰাণসীত বৈঠকত বহিল দুই প্রধানমন্ত্রী
১৫ ছেপ্টেম্বৰৰ পৰা ইউ পি আইত দৈনিক লেনদেনৰ সীমা বৃদ্ধি
গাঁৱত বিবাদ! পুত্ৰৰ অন্ত্যেষ্টিক্রিয়া মুছলমান ৰীতি-নীতিৰে হোৱাটো বিচাৰিছিল মাতৃয়ে কিন্তু শেষ ৰীতি-নীতি হ'ল হিন্দু পৰম্পৰা অনুসৰি
শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথিত শিৱসাগৰৰ মাৰোৱাৰী সমাজে দেখুৱালে সম্প্ৰীতিৰ অন্যন্য নিদৰ্শন
হংকঙক ৭ উইকেটত পৰাস্ত বাংলাদেশৰ, লিটন দাসৰ উজ্জ্বল অৰ্ধশতক
পাকঘৰত ৰখা এই ৫টা বস্তু মুখত লগোৱাৰ আগত সাৱধান হওক
বয়সৰ আগতেই মুখত পৰিছে নেকি বয়সৰ চাপ! জীৱনত এইবোৰ পৰিৱৰ্তন কৰক
শিৱসাগৰত আহোম যুৱকক গাহৰি মাংস বিক্ৰীত বাধা মুছলমান যুৱকৰ! উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি
৪ বাৰৰ বিধায়ক ডাঃ মানছিং ৰংপিয়ে এৰিলে বিজেপি
ছট্টিশগড়ত এন এইচ এমৰ ১৪ সহস্রাধিক কৰ্মচাৰীৰ পদত্যাগ
কাকপথাৰত জোঁৰ লৈ ওলাই আহিল সহস্রাধিক মৰাণ লোক
ইণ্ডিয়া ফিল্ম ফেষ্টিভেল অফ এলবাৰ্টাত পাৰ্থজিৎ বৰুৱাৰ ‘এ হিষ্ট্ৰী অফ ইণ্ডিয়াছ নৰ্থ ইষ্ট চিনেমা’, শীৰ্ষক গ্ৰন্থ উন্মোচন
'জব উই মেট'ৰ দৰে ঘটিল বাস্তৱ ঘটনা! প্ৰেমিকে প্ৰতাৰণা কৰাত ৰে’লত লগ পোৱা যুৱকৰ সৈতে বিয়াত বহিল যুৱতী
টি-২০ আন্তঃৰাষ্ট্ৰীয়ত সৰ্বাধিক ষ্ট্ৰাইক ৰেটৰ অভিলেখ কাৰ? জানো আহক শীৰ্ষ ৫ৰ তালিকাত  কোন কোন আছে