--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰাজনীতিৰ ক্ষেত্ৰত বহু সময়ত বহু লোকে কেতবোৰ বিচিত্ৰ কামেৰে মানুহৰ মাজত জনপ্ৰিয় হৈ পৰে৷ অসমতো তেনে বহু ব্যক্তি আছে৷  যিসকল ব্যক্তিয়ে নিৰ্বাচনত বাবে বাৰে পৰাজিত হোৱাৰ পিছতো মন ভাঙি নেপেলায়৷ পৰাজয়ৰ পিছত গা-মূৰ জোকাৰি তেওঁলোক পুনৰ থিয় হয়, অভিজ্ঞ ৰাজনীতিকৰ দৰে ভাষণ দিয়ে, আকৌ নিৰ্বাচনত অৱতীৰ্ণ হয়৷পৰাজিত হৈ হতাশ হোৱা বহুতৰে বাবে তেওঁলোক হ’ব পাৰে প্ৰেৰণাৰ উঁহ৷ 

বাংলাদেশৰ অভিনেতা-গায়ক হিৰো আলমক নজনা মানুহ হয়তো  কমেই আছে। এইবাৰ তেওঁ বাংলাদেশৰ উপ-নিৰ্বাচনৰ প্ৰাৰ্থী হিচাপে মনোনয়ন পত্ৰ দাখিল কৰিছে৷ ক্ষমতা লাভ কৰি হিৰো আলমে ৰাইজৰ সেৱা কৰিব বিচাৰিছে৷ 


হিৰো আলমে ৰাইজৰ স্বাৰ্থতে ৰাজনীতি  এৰিব নোৱাৰে।  ২০১৮ চনত বাংলাদেশত অনুষ্ঠিত নিৰ্বাচনত হিৰো আলম অতি শোচনীয়ভাবে পৰাজিত হৈছিল৷   তথাপি তেওঁ আশা এৰি দিয়া নাই৷ এইবাৰ পৰাজয়ক প্ৰেৰণা আৰু প্ৰত্যাহ্বান হিচাবে গ্ৰহণ ৰা হিৰো  আলমে বাংলাদেশৰ কাহালু নন্দীগ্ৰাম অঞ্চলত উপ-নিৰ্বাচনৰ প্ৰাৰ্থী হিচাপে মনোনয়ন পত্ৰ দাখিল কৰিছে। একেটা সমষ্টিতে ২০১৮ চনৰ ১১সংখ্যক  সংসদীয় নিৰ্বাচনত আশ্ৰাফুল আলম ওৰফে হিৰো আলম পৰাজিত হৈছিল।


বি এন পিৰ সাংসদ মহম্মদ মোছাৰফ হোছেইনৰ পদত্যাগৰ পিছত বগুৰা-৪ (কাহালু-নন্দীগ্ৰাম) সমষ্টিৰ উপ-নিৰ্বাচন অনুষ্ঠিত হ'ব। পুনৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ প্ৰসংগত  হিৰো আলমে সংবাদমাধ্যমক  কয়, "মই  ২০১৮ চনত পৰাজিত হৈছিলো। কিন্তু মই সাধাৰণ মানুহৰ বাবে কাম কৰিব বিচাৰো। সেইকাৰণে মই পুনৰ নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিছো।

হিৰো আলমে বগুৰা-৪ (কাহালু-নন্দীগ্ৰাম) আৰু বগ্ৰা-৬ (সদৰ) আসনৰ বাবে নিৰ্দলীয় প্ৰাৰ্থী হিচাপে মনোনয়ন পত্ৰ দাখিল কৰিছে। তেওঁ বগুৰাৰ উপায়ুক্ত আৰু ৰিটাৰ্ণিং বিষয়া মহম্মদ চাইফুল ইছলামৰ ওচৰত মনোনয়ন পত্ৰ দাখিল কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ছিনিয়ৰ ৰাষ্ট্ৰীয় সাঁতোৰ চেম্পিয়নশ্বিপত অসম কন্যা জাহ্নৱী কাশ্যপৰ ৰূপৰ পদক অৰ্জন
বিশ্বকাপত হেটত্রিকসহ মেছিৰ ৮টা অভিলেখ
শান্তি চুক্তিত স্বাক্ষৰ আমেৰিকা-ইৰানৰ; মুকলি হ’ব হৰমুজ প্ৰণালী, স্বস্তিৰ নিঃশ্বাস বিশ্বৰ
ৰে’লৰ পৰা সন্ধানহীন গোসাইগাঁৱৰ বাসিন্দা সুভাষ পাল; দুৰ্বৃত্তৰ কবলত পৰাৰ সন্দেহ
গোৱালপাৰাৰ মাটিয়াত ৩ মাটিৰ দালাল আবুল কালাম, ছহিদ আলী আৰু মিনাৰুল ইছলামক গ্ৰেপ্তাৰ
অভিনেত্ৰীৰ সৈতে আইনীভাৱে দ্বিতীয় বিবাহ সম্পন্ন; স্বয়ম্ভু RSS নেতাৰ বিৰুদ্ধে এজাহাৰ দাখিল পত্নীৰ
অৰুণাচল সীমান্তত ৪জি সেৱা সম্প্ৰসাৰণৰ বাবে ভাৰতীয় সেনা আৰু এয়াৰটেলৰ চুক্তি
বাকুৰ আন্তঃৰাষ্ট্ৰীয় জলৰং মহোৎসৱত ভাৰতীয় শিল্পীৰ অংশগ্ৰহণ: সাংস্কৃতিক সম্পৰ্ক সুদৃঢ়কৰণৰ প্ৰয়াস
ডিব্ৰুগড়ত বৃহৎ ড্ৰাগছ বিৰোধী অভিযান: ৯ জন আটক, হেৰ'ইন আৰু নগদ ধন জব্দ
নগাঁৱত অসম হকীৰ বাৰ্ষিক সাধাৰণ সভা অনুষ্ঠিত
কাশ্মীৰত ২২ মিনিটৰ ধুমুহাত নষ্ট ৪০০ কোটি টকাৰ আপেল, কষ্টৰ ফচল অথলে যোৱাত কৃষক-ব্যৱসায়ীৰ হাহাকাৰ
ওমানৰ উপকূলত ভাৰতীয় নাবিকৰ দুৰ্দশা: মৃতদেহৰ সৈতে জাহাজত আৱদ্ধ হৈ সহায় বিচাৰিছে
অসমত চৰকাৰী চাকৰি বা পেঞ্চন নথকা স্বাধীনতা সংগ্ৰামীৰ পৰিয়াললৈ সহায়ৰ আশ্বাস মুখ্যমন্ত্ৰীৰ
গুৱাহাটীত পথৰ দাঁতিৰ ব্যৱসায়ী জৰীপ: থলুৱাক অগ্ৰাধিকাৰ, বহিৰাগত উচ্ছেদৰ লক্ষ্য