--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰাজনীতিৰ ক্ষেত্ৰত বহু সময়ত বহু লোকে কেতবোৰ বিচিত্ৰ কামেৰে মানুহৰ মাজত জনপ্ৰিয় হৈ পৰে৷ অসমতো তেনে বহু ব্যক্তি আছে৷  যিসকল ব্যক্তিয়ে নিৰ্বাচনত বাবে বাৰে পৰাজিত হোৱাৰ পিছতো মন ভাঙি নেপেলায়৷ পৰাজয়ৰ পিছত গা-মূৰ জোকাৰি তেওঁলোক পুনৰ থিয় হয়, অভিজ্ঞ ৰাজনীতিকৰ দৰে ভাষণ দিয়ে, আকৌ নিৰ্বাচনত অৱতীৰ্ণ হয়৷পৰাজিত হৈ হতাশ হোৱা বহুতৰে বাবে তেওঁলোক হ’ব পাৰে প্ৰেৰণাৰ উঁহ৷ 

বাংলাদেশৰ অভিনেতা-গায়ক হিৰো আলমক নজনা মানুহ হয়তো  কমেই আছে। এইবাৰ তেওঁ বাংলাদেশৰ উপ-নিৰ্বাচনৰ প্ৰাৰ্থী হিচাপে মনোনয়ন পত্ৰ দাখিল কৰিছে৷ ক্ষমতা লাভ কৰি হিৰো আলমে ৰাইজৰ সেৱা কৰিব বিচাৰিছে৷ 


হিৰো আলমে ৰাইজৰ স্বাৰ্থতে ৰাজনীতি  এৰিব নোৱাৰে।  ২০১৮ চনত বাংলাদেশত অনুষ্ঠিত নিৰ্বাচনত হিৰো আলম অতি শোচনীয়ভাবে পৰাজিত হৈছিল৷   তথাপি তেওঁ আশা এৰি দিয়া নাই৷ এইবাৰ পৰাজয়ক প্ৰেৰণা আৰু প্ৰত্যাহ্বান হিচাবে গ্ৰহণ ৰা হিৰো  আলমে বাংলাদেশৰ কাহালু নন্দীগ্ৰাম অঞ্চলত উপ-নিৰ্বাচনৰ প্ৰাৰ্থী হিচাপে মনোনয়ন পত্ৰ দাখিল কৰিছে। একেটা সমষ্টিতে ২০১৮ চনৰ ১১সংখ্যক  সংসদীয় নিৰ্বাচনত আশ্ৰাফুল আলম ওৰফে হিৰো আলম পৰাজিত হৈছিল।


বি এন পিৰ সাংসদ মহম্মদ মোছাৰফ হোছেইনৰ পদত্যাগৰ পিছত বগুৰা-৪ (কাহালু-নন্দীগ্ৰাম) সমষ্টিৰ উপ-নিৰ্বাচন অনুষ্ঠিত হ'ব। পুনৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ প্ৰসংগত  হিৰো আলমে সংবাদমাধ্যমক  কয়, "মই  ২০১৮ চনত পৰাজিত হৈছিলো। কিন্তু মই সাধাৰণ মানুহৰ বাবে কাম কৰিব বিচাৰো। সেইকাৰণে মই পুনৰ নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিছো।

হিৰো আলমে বগুৰা-৪ (কাহালু-নন্দীগ্ৰাম) আৰু বগ্ৰা-৬ (সদৰ) আসনৰ বাবে নিৰ্দলীয় প্ৰাৰ্থী হিচাপে মনোনয়ন পত্ৰ দাখিল কৰিছে। তেওঁ বগুৰাৰ উপায়ুক্ত আৰু ৰিটাৰ্ণিং বিষয়া মহম্মদ চাইফুল ইছলামৰ ওচৰত মনোনয়ন পত্ৰ দাখিল কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
আয় বহির্ভূত সম্পত্তি!  মালিগাঁৱৰ সহকাৰী কাৰ্যবাহী অভিযন্তা প্ৰণৱ বৈশ্যৰ বিৰুদ্ধে গোচৰ ৰুজু CBIৰ
১৯৭৩ চনৰ বিমান হাইজেকত জড়িত নেপালৰ প্ৰধানমন্ত্ৰী সুশীলা কাৰ্কিৰ স্বামী
মুস্তাক খানৰ দুষ্কৰ্ম! ছ'চিয়েল মিডিয়াত ছোৱালীৰ নামত ফেক একাউণ্ট খুলি বহু পুৰুষক ব্লেকমেইল
সুৰাপান নকৰা লোকৰ মাজতো লিভাৰ কেন্সাৰৰ সম্ভাৱনা বাঢ়িছে! সাৱধান হওক
বাৰাণসীত বৈঠকত বহিল দুই প্রধানমন্ত্রী
১৫ ছেপ্টেম্বৰৰ পৰা ইউ পি আইত দৈনিক লেনদেনৰ সীমা বৃদ্ধি
'জব উই মেট'ৰ দৰে ঘটিল বাস্তৱ ঘটনা! প্ৰেমিকে প্ৰতাৰণা কৰাত ৰে’লত লগ পোৱা যুৱকৰ সৈতে বিয়াত বহিল যুৱতী
টি-২০ আন্তঃৰাষ্ট্ৰীয়ত সৰ্বাধিক ষ্ট্ৰাইক ৰেটৰ অভিলেখ কাৰ? জানো আহক শীৰ্ষ ৫ৰ তালিকাত  কোন কোন আছে
চীন-ৰাছিয়াৰ মিত্ৰজোঁটক ৰুধিবলৈ মার্কিন সেনাক সষ্টম হোৱাৰ নিৰ্দেশ, পেন্টাগনক সতর্ক হ'বলৈ ক'লে ৰাষ্ট্ৰপতি ট্রাম্পে
যৌৱনে আমনি কৰে-২ৰ পোষ্টাৰ আৰু গীত মুকলি
এক আচৰিত ঘটনা, এগৰাকী প্ৰসূতিয়ে জন্ম দিলে ৫.২ কেজি ওজনৰ দেৱশিশু
দক্ষিণ ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ২০২৫ (SIIMA) ; শ্ৰেষ্ঠ অভিনেতাৰ খিতাপ দখল আল্লু অৰ্জুন আৰু ৰশ্মিকা মান্দানাৰ
'পেন্টাগন'ৰ নতুন নাম 'যুদ্ধ দপ্তৰ' দিলে ট্রাম্পে
ভাৰত-আমেৰিকাৰ সম্পৰ্কক লৈ দুশ্চিন্তাৰ কোনো কাৰণ নাই: ট্রাম্প