--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক
বিখ্যাত অস্কাৰ প্ৰাপ্ত  ইংৰাজী ছবি ৰোমিঅ’ এণ্ড জুলিয়েটৰ নাম নুশুনা চলচ্চিত্ৰপ্ৰেমী হয়তো নোলাব৷ এই ছবিখন যথেষ্ট জনপ্ৰিয় ৷ছবিখন জনপ্ৰিয় যদিও কিছু দৃশ্যাংশৰ বাবে বিতৰ্কৰো সৃষ্টি হৈছিল৷ কিন্তু শেহতীয়াকৈ  আন এক বিতৰ্কত সাঙোৰ খাইছে ছবিখনৰ নাম৷ ছবিখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰা অভিনেতা দুগৰাকীয়ে আনিছে এই অভিযোগ৷ 

ছবিখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰা দুই অভিনেতাই শিশু যৌন নিৰ্যাতনৰ অভিযোগ আনিছে ছবিখনৰ প্ৰযোজক পেৰামাউণ্ট পিকচাৰ্ছৰ বিৰুদ্ধে ৷ লগতে তেওঁলোকে ৫০০ নিযুত ডলাৰ ক্ষতিপূৰণ বিচাৰিছে।

 অভিনেতা দুগৰাকীৰ মতে,  পৰিচালক ফ্ৰাঙ্কো জেফ্ৰিলিয়ে তেওঁলোকক নগ্ন দৃশ্যটো কৰিবলৈ  উদগনি দিছিল। কিন্তু  এনে দৃশ্যৰ দৃশ্যগ্ৰহণৰ প্ৰস্তাৱ আগতে দিয়া হোৱা নাছিল। দুয়োজন অভিনেতাই কয় যে ৰোমিঅ এণ্ড জুলিয়েটৰ ৫৪ বছৰ পিছত যিটো দৃশ্যৰ বাবে বিতৰ্ক হৈছে তাক লৈ দুয়োজনকে এনে কোনো দৃশ্যৰ বিষয়ে আগতীয়াকৈ কোৱা হোৱা নাছিল।
 
বিতৰ্কিত দৃশ্য গ্ৰহণত  পৰিচালক জেফ্ৰিলিয়ে এই দৃশ্যটোৰ চিত্ৰগ্ৰহণৰ আগতে কৈছিল যে অভিনেত্ৰীগৰাকীয়ে ছালৰ ৰঙৰ অন্তৰ্বাস পিন্ধিব বুলিও কৈছিল  পৰিচালক জেফ্ৰিলিয়ে৷কিন্তু ইয়াৰ বিপৰীতে  চিত্ৰগ্ৰহণৰ দিনা   শৰীৰত কেৱল মেকআপ ৰাখিবলৈহে অনুমতি দিছিল  পৰিচালক জেফ্ৰিলিয়ে৷ একেসময়তে নগ্নতাৰ দৃশ্য পোনপটীয়াকৈ কেমেৰাত আৱদ্ধ কৰা নহয় বুলিও অভিনয় কৰিবলৈ বাধ্য কৰিছিল পৰিচালকগৰাকীয়ে৷ 

 জানিব পৰা মতে মুক্তিৰ পূৰ্বেও নগ্ন দৃশ্যসমূহক লৈ আপত্তি কৰিছিল অভিনেতা দুগৰাকীয়ে৷কিন্তু সেই দৃশ্যসমূহ নাথাকিলে ছবিখন ফ্লপ হ’ব বুলি প্ৰবোধ দিছিল পৰিচালকজনে৷  

বৰ্তমান  চলচ্চিত্ৰখনত  অভিনয় কৰা এই দুয়োজন অভিনেতাই জীৱনৰ বিয়লি বেলাত উপস্থিত হৈছে।  ১৬ বছৰ বয়সতে ৰোমিঅ’ৰ চৰিত্ৰত অভিনয় কৰা লিঅ’নাৰ্ডৰ বয়স এতিয়া  ৭২ বছৰ৷সমান্তৰালভাৱে,  ১৯৬৮ চনত জুলিয়েটৰ চৰিত্ৰত অভিনয় কৰা ১৫ বছৰীয়া  অলিভিয়া হাছিৰ বয়স এতিয়া ৭১ বছৰ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰত-পাকিস্তানৰ দ্বিপাক্ষিক খেল নহ'ব, আন্তঃৰাষ্ট্ৰীয় প্রতিযোগিতাত নতুন নীতি ঘোষণা ক্রীড়া মন্ত্ৰ্যালয়ৰ
মুখ্যমন্ত্রী ফড়নবিছক সাক্ষাৎ ৰাজ থাকৰেৰ! মহাৰাষ্ট্ৰত পুনৰ ৰাজনৈতিক সমীকৰণ সলনিৰ সম্ভাৱনা
ৰাজ্যত এতিয়াৰ পৰা ১৮ বছৰৰ ওপৰৰ কোনো নাগৰিকে নতুনকৈ নাপাব আধাৰ কাৰ্ড
ৰাষ্ট্ৰপতি মেক্ৰনৰে প্ৰধানমন্ত্ৰী মোদীৰ বাৰ্তালাপ; ভাৰত-ফ্ৰান্সৰ কৌশলগত সহযোগিতা বৃদ্ধিত গুৰুত্ব
দেৰগাঁৱৰ জাফ্ৰিনা ৰহমানৰ মৃত্যু হত্যা নে আত্মহত্যা? অভিযুক্ত স্বামী আৰক্ষী বাবেই সাৰি যাব নেকি?
শিলচৰত মৰ্মান্তিক ঘটনা! পুত্ৰই কৰা অপৰাধ সহ্য কৰিব নোৱাৰি চৰম সিদ্ধান্ত পিতৃৰ
বাৰ্ড ফ্লু হ’লে কণী খাব পাৰি নে? ই কিমান নিৰাপদ?
কিমান দিন ৰিচাৰ্জ নকৰিলে বন্ধ হয় চিম কাৰ্ড, জানো আহক
গৰৈমাৰীৰ জোৰশিমুলীত ৬ টাকৈ ড্ৰাগছ কণ্টেইনাৰসহ ড্ৰাগছ সৰবৰাহকাৰীক আটক
স্বাধীনতা দিৱস উপলক্ষে মায়ঙৰ পবিতৰা অভয়াৰণ্যত নাও খেল প্ৰতিযোগিতা
স্বাধীনতা দিৱসৰ দিনটোতে আৰক্ষীৰ জালত পৰিল স্বাধীন বৰা সহ চাৰি ড্ৰাগছ সৰবৰাহকাৰী
শোৱাৰ সময়ত তলুৱাত বিষ আৰু জ্বলা-পোৰা হয় যদি ইয়াক আওকাণ নকৰিব
বিখ্যাত সাঁতোৰবিদ বুলা চৌধুৰীৰ ঘৰত ৫ বাৰকৈ চুৰিকাণ্ড! পদ্মশ্ৰী বঁটা, ৰাষ্ট্ৰপতিৰ বঁটা,  কেইবাটাও সোণ, ৰূপ আৰু ব্ৰঞ্জৰ পদক আৰু বিদেশী বঁটা চুৰি
ট্ৰাম্প-পুটিনৰ বৈঠক: ৰাছিয়াৰ Ilyushin Il-96 বিমান আলাস্কাত অৱতৰণ কৰাক লৈ চৰ্চা