--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক
বিখ্যাত অস্কাৰ প্ৰাপ্ত  ইংৰাজী ছবি ৰোমিঅ’ এণ্ড জুলিয়েটৰ নাম নুশুনা চলচ্চিত্ৰপ্ৰেমী হয়তো নোলাব৷ এই ছবিখন যথেষ্ট জনপ্ৰিয় ৷ছবিখন জনপ্ৰিয় যদিও কিছু দৃশ্যাংশৰ বাবে বিতৰ্কৰো সৃষ্টি হৈছিল৷ কিন্তু শেহতীয়াকৈ  আন এক বিতৰ্কত সাঙোৰ খাইছে ছবিখনৰ নাম৷ ছবিখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰা অভিনেতা দুগৰাকীয়ে আনিছে এই অভিযোগ৷ 

ছবিখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰা দুই অভিনেতাই শিশু যৌন নিৰ্যাতনৰ অভিযোগ আনিছে ছবিখনৰ প্ৰযোজক পেৰামাউণ্ট পিকচাৰ্ছৰ বিৰুদ্ধে ৷ লগতে তেওঁলোকে ৫০০ নিযুত ডলাৰ ক্ষতিপূৰণ বিচাৰিছে।

 অভিনেতা দুগৰাকীৰ মতে,  পৰিচালক ফ্ৰাঙ্কো জেফ্ৰিলিয়ে তেওঁলোকক নগ্ন দৃশ্যটো কৰিবলৈ  উদগনি দিছিল। কিন্তু  এনে দৃশ্যৰ দৃশ্যগ্ৰহণৰ প্ৰস্তাৱ আগতে দিয়া হোৱা নাছিল। দুয়োজন অভিনেতাই কয় যে ৰোমিঅ এণ্ড জুলিয়েটৰ ৫৪ বছৰ পিছত যিটো দৃশ্যৰ বাবে বিতৰ্ক হৈছে তাক লৈ দুয়োজনকে এনে কোনো দৃশ্যৰ বিষয়ে আগতীয়াকৈ কোৱা হোৱা নাছিল।
 
বিতৰ্কিত দৃশ্য গ্ৰহণত  পৰিচালক জেফ্ৰিলিয়ে এই দৃশ্যটোৰ চিত্ৰগ্ৰহণৰ আগতে কৈছিল যে অভিনেত্ৰীগৰাকীয়ে ছালৰ ৰঙৰ অন্তৰ্বাস পিন্ধিব বুলিও কৈছিল  পৰিচালক জেফ্ৰিলিয়ে৷কিন্তু ইয়াৰ বিপৰীতে  চিত্ৰগ্ৰহণৰ দিনা   শৰীৰত কেৱল মেকআপ ৰাখিবলৈহে অনুমতি দিছিল  পৰিচালক জেফ্ৰিলিয়ে৷ একেসময়তে নগ্নতাৰ দৃশ্য পোনপটীয়াকৈ কেমেৰাত আৱদ্ধ কৰা নহয় বুলিও অভিনয় কৰিবলৈ বাধ্য কৰিছিল পৰিচালকগৰাকীয়ে৷ 

 জানিব পৰা মতে মুক্তিৰ পূৰ্বেও নগ্ন দৃশ্যসমূহক লৈ আপত্তি কৰিছিল অভিনেতা দুগৰাকীয়ে৷কিন্তু সেই দৃশ্যসমূহ নাথাকিলে ছবিখন ফ্লপ হ’ব বুলি প্ৰবোধ দিছিল পৰিচালকজনে৷  

বৰ্তমান  চলচ্চিত্ৰখনত  অভিনয় কৰা এই দুয়োজন অভিনেতাই জীৱনৰ বিয়লি বেলাত উপস্থিত হৈছে।  ১৬ বছৰ বয়সতে ৰোমিঅ’ৰ চৰিত্ৰত অভিনয় কৰা লিঅ’নাৰ্ডৰ বয়স এতিয়া  ৭২ বছৰ৷সমান্তৰালভাৱে,  ১৯৬৮ চনত জুলিয়েটৰ চৰিত্ৰত অভিনয় কৰা ১৫ বছৰীয়া  অলিভিয়া হাছিৰ বয়স এতিয়া ৭১ বছৰ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
উচ্চতম ন্যায়ালয়ত আছে বৃহৎ সংখ্যক দুর্নীতিপৰায়ণ ন্যায়াধীশ: দুষ্যন্ত দাৱে
হোজাই নিউ ডন ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ৰ অধ্যক্ষ অভিজিত সিংহৰ অকাল বিয়োগ
লামডিঙত চাঞ্চল্য! প্ৰেমজনিত কাৰণত বিষাক্ত দ্ৰব্য সেৱন দশম শ্ৰেণীৰ ছাত্ৰীৰ, হাস্পতালত ভৰ্তি
৭ মাহ পূৰ্বে পাতিছিল বিয়া; জালুকবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত ছিপাঝাৰৰ বিশ্বজিৎ কলিতা
প্রিপেইড ম’বাইল গ্রাহকে পাব মাহিলি ৩০ দিনৰ ৰিচাৰ্জৰ সুবিধা
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ