--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  ইজৰাইলী সেনা বাহিনীয়ে হামাছৰ বিৰুদ্ধে চলাই থকা যুঁজ খনৰ মাজতে তিনি জন নিৰীহ পণবন্দীয়ে অনাহকতে প্ৰাণ বিসৰ্জন দিবলগীয়া হ’ল৷ হামাছৰ বিৰুদ্ধে ইজৰাইলী সেনাই  উত্তৰ গাজাত চলাই আছে অবিৰত অভিযান৷ দক্ষিণ গাজাতো এতিয়া যুঁজ চলি আছে। ইফালে শনিবাৰে ইজৰাইলী প্ৰতিৰক্ষা বাহিনীয়ে তিনিজন পণবন্দীক হত্যা কৰে। ইজৰাইল সেনা  বাহিনীয়ে দাবী কৰিছে  যে ঘটনাটো সম্পূৰ্ণ ভুলবশতঃ সংঘটিত হোৱা বুলি দিখ প্ৰকাশ কৰিছে৷ সেনাই দাবী কৰা অনুসৰি পণবন্দী কেইজনক হামাছৰ সদস্য বুলি  ভুল কৰি তেওঁলোকক হত্যা কৰা হৈছে৷ 

ইজৰাইলী প্ৰতিৰক্ষা বাহিনীয়ে ঘটনাটো এক্স হেণ্ডেলত প্ৰকাশ কৰি ঘটনাটোৰ বাবে দুখ প্ৰকাশ কৰিছে৷ ইজৰাইলী সেনাই  কৈছে: "গাজাৰ শ্বেজায়াত যুঁজ চলি আছিল। সেই সময়তে  তিনিজন পণবন্দীক ভুলবশতঃ গুলীয়াই হত্যা কৰা হৈছিল। আমি ভাবিছিলো যে তেওঁলোক হামাছ  উগ্ৰপন্থী। তিনিওজনে প্ৰাণ হেৰুৱাইছে।’’ ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৱে ঘটনাটোত শোক প্ৰকাশ কৰিছে।তেওঁ কয়  "এই দুখ অসহনীয়," ইফালে, পণবন্দীসকলৰ পৰিয়ালে ঘটনাটোক লৈ নেতান্যাহু চৰকাৰৰ ওপৰত চাপ বৃদ্ধি কৰিছে। 

তেওঁলোকে তাৎক্ষণিক যুদ্ধবিৰতি আৰু হামাছে  বন্দী কৰি ৰখা পণবন্দীসকলৰ মুক্তি দাবী কৰিছে৷ উল্লেখ্য ইজৰাইলৰ মোচাদ চোৰাংচোৱা সংস্থাৰ মুৰব্বী ডেভিদ বাৰ্নিয়া বৰ্তমান ইউৰোপত আছে। তেওঁ কাটাৰৰ প্ৰধানমন্ত্ৰী বিন আব্দুল ৰহমান আল থানিৰ সৈতে পণবন্দীসকলৰ মুক্তিৰ বিষয়ে আলোচনা কৰিব।
হামাছ আৰু ইজৰাইলৰ মাজত হোৱা ৰক্তক্ষয়ী যুদ্ধ শনিবাৰে ৭১ সংখ্যক দিনত প্ৰৱেশ কৰিছে। ইজৰাইলী সেনাই গাজাত আক্ৰমণ তীব্ৰতৰ কৰি তুলিছে। পশ্চিম অংশতো  যুদ্ধ তীব্ৰতৰ  হৈছে। হামাছে যুদ্ধক্ষেত্ৰত পিছুৱাই যাবলৈ অনিচ্ছুক। সেয়ে হামাছেও ইজৰাইলী সেনাৰ আক্ৰমণৰ  

ইজৰাইলে ৭ অক্টোবৰৰ আক্ৰমণৰ প্ৰতিশোধ স্বৰূপে হামাছক ধ্বংস কৰাৰ সংকল্প লৈছে। সেই উদ্দেশ্যে, ইজৰাইলী সেনাই গাজাত তীব্ৰ আক্ৰমণ চলাই  আছে। গাজাত মৃত্যুৰ সংখ্যাই ইতিমধ্যে ১৮,০০০ অতিক্ৰম কৰিছে। বিভিন্ন দেশে এনে মানৱীয় দুৰ্যোগত গাজাত যুদ্ধবিৰতি বিচাৰিছে। কিন্তু ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৱে কোনো পক্ষৰে কথা শুনিবলৈ অনিচ্ছুক। 
 

FOLLOW US F
POPULAR
FEATURE
TRENDY
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ