--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  ইজৰাইলী সেনা বাহিনীয়ে হামাছৰ বিৰুদ্ধে চলাই থকা যুঁজ খনৰ মাজতে তিনি জন নিৰীহ পণবন্দীয়ে অনাহকতে প্ৰাণ বিসৰ্জন দিবলগীয়া হ’ল৷ হামাছৰ বিৰুদ্ধে ইজৰাইলী সেনাই  উত্তৰ গাজাত চলাই আছে অবিৰত অভিযান৷ দক্ষিণ গাজাতো এতিয়া যুঁজ চলি আছে। ইফালে শনিবাৰে ইজৰাইলী প্ৰতিৰক্ষা বাহিনীয়ে তিনিজন পণবন্দীক হত্যা কৰে। ইজৰাইল সেনা  বাহিনীয়ে দাবী কৰিছে  যে ঘটনাটো সম্পূৰ্ণ ভুলবশতঃ সংঘটিত হোৱা বুলি দিখ প্ৰকাশ কৰিছে৷ সেনাই দাবী কৰা অনুসৰি পণবন্দী কেইজনক হামাছৰ সদস্য বুলি  ভুল কৰি তেওঁলোকক হত্যা কৰা হৈছে৷ 

ইজৰাইলী প্ৰতিৰক্ষা বাহিনীয়ে ঘটনাটো এক্স হেণ্ডেলত প্ৰকাশ কৰি ঘটনাটোৰ বাবে দুখ প্ৰকাশ কৰিছে৷ ইজৰাইলী সেনাই  কৈছে: "গাজাৰ শ্বেজায়াত যুঁজ চলি আছিল। সেই সময়তে  তিনিজন পণবন্দীক ভুলবশতঃ গুলীয়াই হত্যা কৰা হৈছিল। আমি ভাবিছিলো যে তেওঁলোক হামাছ  উগ্ৰপন্থী। তিনিওজনে প্ৰাণ হেৰুৱাইছে।’’ ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৱে ঘটনাটোত শোক প্ৰকাশ কৰিছে।তেওঁ কয়  "এই দুখ অসহনীয়," ইফালে, পণবন্দীসকলৰ পৰিয়ালে ঘটনাটোক লৈ নেতান্যাহু চৰকাৰৰ ওপৰত চাপ বৃদ্ধি কৰিছে। 

তেওঁলোকে তাৎক্ষণিক যুদ্ধবিৰতি আৰু হামাছে  বন্দী কৰি ৰখা পণবন্দীসকলৰ মুক্তি দাবী কৰিছে৷ উল্লেখ্য ইজৰাইলৰ মোচাদ চোৰাংচোৱা সংস্থাৰ মুৰব্বী ডেভিদ বাৰ্নিয়া বৰ্তমান ইউৰোপত আছে। তেওঁ কাটাৰৰ প্ৰধানমন্ত্ৰী বিন আব্দুল ৰহমান আল থানিৰ সৈতে পণবন্দীসকলৰ মুক্তিৰ বিষয়ে আলোচনা কৰিব।
হামাছ আৰু ইজৰাইলৰ মাজত হোৱা ৰক্তক্ষয়ী যুদ্ধ শনিবাৰে ৭১ সংখ্যক দিনত প্ৰৱেশ কৰিছে। ইজৰাইলী সেনাই গাজাত আক্ৰমণ তীব্ৰতৰ কৰি তুলিছে। পশ্চিম অংশতো  যুদ্ধ তীব্ৰতৰ  হৈছে। হামাছে যুদ্ধক্ষেত্ৰত পিছুৱাই যাবলৈ অনিচ্ছুক। সেয়ে হামাছেও ইজৰাইলী সেনাৰ আক্ৰমণৰ  

ইজৰাইলে ৭ অক্টোবৰৰ আক্ৰমণৰ প্ৰতিশোধ স্বৰূপে হামাছক ধ্বংস কৰাৰ সংকল্প লৈছে। সেই উদ্দেশ্যে, ইজৰাইলী সেনাই গাজাত তীব্ৰ আক্ৰমণ চলাই  আছে। গাজাত মৃত্যুৰ সংখ্যাই ইতিমধ্যে ১৮,০০০ অতিক্ৰম কৰিছে। বিভিন্ন দেশে এনে মানৱীয় দুৰ্যোগত গাজাত যুদ্ধবিৰতি বিচাৰিছে। কিন্তু ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৱে কোনো পক্ষৰে কথা শুনিবলৈ অনিচ্ছুক। 
 

FOLLOW US F
POPULAR
FEATURE
TRENDY
মায়ঙত সৰ্প দংশনত মৃত্যু ৭ বছৰীয়া শিশুৰ
প্ৰয়াত স্বামীৰ প্ৰাপ্য অধিকাৰ বিচাৰি আদ্যশ্ৰাদ্ধৰ আগদিনা প্ৰতিবাদত নামিল দুৰ্ভগীয়া পত্নী
আমি একেলগে মৰিম!  প্ৰেমিকে এই কথা কোৱাৰ পাছত প্ৰেমিকাৰ বিহ খাই মৃত্যু কিন্তু প্ৰেমিকে কৰিলে পলায়ন
বিবেক বসুমতাৰী আৰু পূৰ্ণিমা কৰ্মকাৰলৈ ডাঃ আনন্দ চন্দ্ৰ শৰ্মা ক্ৰীড়া উদগনি বটাঁ ২০২৫ৰ সন্মান
ট্ৰাম্প-পুটিনৰ বৈঠক: ৰাছিয়াৰ Ilyushin Il-96 বিমান আলাস্কাত অৱতৰণ কৰাক লৈ চৰ্চা
বিখ্যাত সাঁতোৰবিদ বুলা চৌধুৰীৰ ঘৰত ৫ বাৰকৈ চুৰিকাণ্ড! পদ্মশ্ৰী বঁটা, ৰাষ্ট্ৰপতিৰ বঁটা,  কেইবাটাও সোণ, ৰূপ আৰু ব্ৰঞ্জৰ পদক আৰু বিদেশী বঁটা চুৰি
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক