--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: এইবাৰ সন্ত্ৰাসবাদীৰ আক্ৰমণ চলিছে ইৰানত৷ দেশখনৰ আৰক্ষী থানাত ওৰেনিশা সন্ত্ৰাস চলালে সশস্ত্ৰ সন্ত্ৰাসবাদীয়ে। চুন্নী মুছলমান সন্ত্ৰাসবাদী গোটে নিৰ্মমভাৱে গুলীয়াই হত্যা কৰিলে ১১জনকৈ আৰক্ষী বিষয়াক। দেশখনৰ ছিষ্টান-বেলুচিস্তান প্ৰদেশত কালি নিশা সংঘটিত হ’ল এই লোমহৰ্ষক ঘটনা। 

ৰাস্ক নগৰত থকা আৰক্ষীৰ মুখ্য কাৰ্যালয়ক লক্ষ্য কৰি সন্ত্ৰাসবাদীয়ে আক্ৰমণ চলায়। ইতিমধ্যে এই ঘটনাৰ দায়িত্ব স্বীকাৰ কৰিছে জইছ আল-আদল সন্ত্ৰাসবাদী গোটে। এই সন্ত্ৰাসবাদী গোটটো গঠন কৰা হৈছিল ২০১২ চনত। ইৰাণ চৰকাৰে এই গোটটোক পূৰ্বতে সন্ত্ৰাসবাদী গোট ৰূপে ঘোষণা কৰিছে। কালি নিশাৰ এই ঘটনাত কেইবাজনো সন্ত্ৰাসবাদী নিহত হোৱাৰ তথ্য লাভ কৰিছে আৰক্ষীয়ে। সেই সময়ত মুখ্য কাৰ্যালয়ত উপস্থিত আছিল আৰক্ষীৰ কমাণ্ডাৰ। আৰক্ষীয়ে সন্ত্ৰাসবাদীক গুলীৰে প্ৰত্যুত্তৰ দিয়ে। 
সম্প্ৰতি পৰিস্থিতি নিয়ন্ত্ৰণ কৰা হৈছে যদিও অনুসন্ধান অব্যাহত ৰখা হৈছে।

এই অঞ্চলটোত প্ৰায়ে চিয়া আৰু চুন্নী মুছলমানৰ মাজত সংঘাতৰ সূত্ৰপাত হয়। চিয়া অধ্যুষিত এই অঞ্চলত সময়ে সময়ে চুন্নী মুছলমান সন্ত্ৰাসবাদীয়ে আক্ৰমণ সংঘটিত কৰি আহিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ