--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বিশ্বৰ তথা ভাৰতৰ অন্যতম শ্ৰেষ্ঠ কমেডিয়ান ৰাজু শ্ৰীবাস্তৱ এতিয়া আৰু এই পৃথিৱীত নাই। আজি দিল্লীৰ এইমছত শেষ নিশ্বাস ত্যাগ কৰে ৰাজু শ্ৰীবাস্তৱে। ১০ আগষ্টত জিমত ৱৰ্কআউট কৰি থাকোঁতে ৰাজু শ্ৰীবাস্তৱৰ হাৰ্ট এটেক হৈছিল, তাৰ পাছত ততাতৈয়াকৈ তেওঁক দিল্লীৰ এইমছ হাস্পতালত ভৰ্তি কৰোৱা হৈছিল। ৪২ দিনীয়া জীৱন-মৃত্যুৰ যুদ্ধত আজি শেষ নিশ্বাস ত্যাগ কৰে কমেডিয়ান গৰাকীয়ে।

উল্লেখযোগ্য যে ৰাজু শ্ৰীবাস্তৱক চিকিৎসালয়ত ভৰ্তি কৰাৰ পাছৰে পৰা তেওঁৰ অৱস্থা সংকটজনক হৈয়েই আছে। কমেডিয়ানজনক প্ৰথমে আইচিইউত ভৰ্তি কৰা হৈছিল যদিও স্বাস্থ্যৰ কোনো উন্নতি নোহোৱাৰ পাছত তেওঁক ভেণ্টিলেটৰলৈ স্থানান্তৰ কৰা হয়। সকলো প্ৰচেষ্টাৰ পিছতো চিকিৎসকে ৰাজু শ্ৰীবাস্তৱক বচাব নোৱাৰিলে আৰু সকলোকে হাঁহিবলৈ বাধ্য কৰা কৌতুক অভিনেতাজনে সকলোকে কন্দুৱাই  চিৰদিনৰ বাবে এই পৃথিৱীখন এৰি থৈ গ’ল।

ৰাজু শ্ৰীবাস্তৱৰ মৃত্যুৰ পিছত তেওঁৰ পি এ ৰাজেশ শৰ্মাই কয়  যে আমি আশাবাদী আছিলোঁ যে তেওঁ ভালেই হ’ব।  ৰাজু ভাইৰ বিয়োগ আমাৰ সকলোৰে বাবে এক ডাঙৰ ক্ষতি।

ৰাজু শ্ৰীবাস্তৱে ৮০ৰ দশকৰ পৰা মনোৰঞ্জন জগতত সংগ্ৰাম আৰম্ভ কৰিছিল যদিও তেওঁৰ প্ৰতিভা অনুসৰি স্বীকৃতি লাভ কৰিব পৰা নাছিল। কিন্তু এই সময়ছোৱাত ৰাজু শ্ৰীবাস্তৱে  বলীউডৰ ছুপাৰষ্টাৰ অনিল কাপুৰৰ ছবি তজাবৰ দ্বাৰা হিন্দী চিনেমা জগতত ভৰি দিছিল। 

বছৰৰ পাছত বছৰ পাৰ হৈ গ’ল যদিও ৰাজুৱে প্ৰাপ্য খ্যাতি লাভ কৰা নাছিল। কিন্তু ২০০৫ চনৰ পৰাই ৰাজু শ্ৰীবাস্তৱৰ ভাগ্যই নিজৰ গতি সলনি কৰিলে। হয়, বিখ্যাত কমেডী শ্ব’ দ্য গ্ৰেট ইণ্ডিয়ান লাটাৰ চেলেঞ্জত ৰাজু শ্ৰীবাস্তৱে নিজৰ কমেডী দক্ষতাৰে সকলোৰে হৃদয় জয় কৰিছিল আৰু এই অনুষ্ঠানৰ পৰাই ৰাজু শ্ৰীবাস্তৱৰ নাম গজোধৰ ভায়্যা নামেৰে বিখ্যাত হৈ পৰিছিল।








FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু