--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বিশ্বৰ তথা ভাৰতৰ অন্যতম শ্ৰেষ্ঠ কমেডিয়ান ৰাজু শ্ৰীবাস্তৱ এতিয়া আৰু এই পৃথিৱীত নাই। আজি দিল্লীৰ এইমছত শেষ নিশ্বাস ত্যাগ কৰে ৰাজু শ্ৰীবাস্তৱে। ১০ আগষ্টত জিমত ৱৰ্কআউট কৰি থাকোঁতে ৰাজু শ্ৰীবাস্তৱৰ হাৰ্ট এটেক হৈছিল, তাৰ পাছত ততাতৈয়াকৈ তেওঁক দিল্লীৰ এইমছ হাস্পতালত ভৰ্তি কৰোৱা হৈছিল। ৪২ দিনীয়া জীৱন-মৃত্যুৰ যুদ্ধত আজি শেষ নিশ্বাস ত্যাগ কৰে কমেডিয়ান গৰাকীয়ে।

উল্লেখযোগ্য যে ৰাজু শ্ৰীবাস্তৱক চিকিৎসালয়ত ভৰ্তি কৰাৰ পাছৰে পৰা তেওঁৰ অৱস্থা সংকটজনক হৈয়েই আছে। কমেডিয়ানজনক প্ৰথমে আইচিইউত ভৰ্তি কৰা হৈছিল যদিও স্বাস্থ্যৰ কোনো উন্নতি নোহোৱাৰ পাছত তেওঁক ভেণ্টিলেটৰলৈ স্থানান্তৰ কৰা হয়। সকলো প্ৰচেষ্টাৰ পিছতো চিকিৎসকে ৰাজু শ্ৰীবাস্তৱক বচাব নোৱাৰিলে আৰু সকলোকে হাঁহিবলৈ বাধ্য কৰা কৌতুক অভিনেতাজনে সকলোকে কন্দুৱাই  চিৰদিনৰ বাবে এই পৃথিৱীখন এৰি থৈ গ’ল।

ৰাজু শ্ৰীবাস্তৱৰ মৃত্যুৰ পিছত তেওঁৰ পি এ ৰাজেশ শৰ্মাই কয়  যে আমি আশাবাদী আছিলোঁ যে তেওঁ ভালেই হ’ব।  ৰাজু ভাইৰ বিয়োগ আমাৰ সকলোৰে বাবে এক ডাঙৰ ক্ষতি।

ৰাজু শ্ৰীবাস্তৱে ৮০ৰ দশকৰ পৰা মনোৰঞ্জন জগতত সংগ্ৰাম আৰম্ভ কৰিছিল যদিও তেওঁৰ প্ৰতিভা অনুসৰি স্বীকৃতি লাভ কৰিব পৰা নাছিল। কিন্তু এই সময়ছোৱাত ৰাজু শ্ৰীবাস্তৱে  বলীউডৰ ছুপাৰষ্টাৰ অনিল কাপুৰৰ ছবি তজাবৰ দ্বাৰা হিন্দী চিনেমা জগতত ভৰি দিছিল। 

বছৰৰ পাছত বছৰ পাৰ হৈ গ’ল যদিও ৰাজুৱে প্ৰাপ্য খ্যাতি লাভ কৰা নাছিল। কিন্তু ২০০৫ চনৰ পৰাই ৰাজু শ্ৰীবাস্তৱৰ ভাগ্যই নিজৰ গতি সলনি কৰিলে। হয়, বিখ্যাত কমেডী শ্ব’ দ্য গ্ৰেট ইণ্ডিয়ান লাটাৰ চেলেঞ্জত ৰাজু শ্ৰীবাস্তৱে নিজৰ কমেডী দক্ষতাৰে সকলোৰে হৃদয় জয় কৰিছিল আৰু এই অনুষ্ঠানৰ পৰাই ৰাজু শ্ৰীবাস্তৱৰ নাম গজোধৰ ভায়্যা নামেৰে বিখ্যাত হৈ পৰিছিল।








FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ