--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বংগৰ শিক্ষক নিযুক্তি দুৰ্নীতি গোচৰৰ অভিযুক্ত অৰ্পিতা মুখাৰ্জীয়ে মাতৃ হ'ব বিচাৰিছিল! ইডিয়ে  এই দাবী কৰি কয় যে অৰ্পিতাই এটি  শিশু তুলি ল'ব বিচাৰিছিল। মন্ত্ৰী পাৰ্থ চেটাৰ্জীয়ে ইয়াৰ বাবে প্ৰয়োজনীয় সন্মতি দিছিল দিছিল। ইডি আদালতত দাখিল কৰা অভিযোগনামাত  এই দাবী কৰা হৈছে। তদন্তকাৰী সংস্থাটোৱে এইটোও দাবী কৰিছে  যে তেওঁলোকে অৰ্পিতাৰ ফ্লেটৰ পৰা এই সম্পৰ্কীয় কিছু তথ্যও লাভ কৰিছে।

ইডিয়ে পাৰ্থ চেটাৰ্জীৰ  "ঘনিষ্ঠ সহযোগী" অৰ্পিতাৰ দক্ষিণ কলকাতাৰ এটা ফ্লেটত তেওঁৰ বাসগৃহত তালাচী চলাইছিল। ফ্লেটৰ পৰা  নগদ ২১.৯০ কোটি টকা, মূল্যৱান গহনা আৰু বিদেশী মুদ্ৰা জব্দ কৰা হৈছিল। ২২ আৰু ২৩ জুলাইৰ মাজনিশা উদ্ধাৰ হোৱা নথিপত্ৰসমূহৰ ভিতৰত ইডিয়ে এখন পত্ৰ বিচাৰি পোৱা বুলি দাবী কৰে, য'ত অৰ্পিতাই  এটা শিশু তুলি লোৱাৰ আকাংক্ষা ব্যক্ত কৰিছে  আৰু ইয়াৰ বাবে মন্ত্ৰী হিচাপে পাৰ্থৰই প্ৰমাণপত্ৰ দিয়াৰ কথা উল্লেখ কৰা হৈছে।

ইডিয়ে দাবী কৰিছিল যে পত্ৰখনত পাৰ্থই নিজকে অৰ্পিতাৰ এজন "ঘনিষ্ঠ পাৰিবাৰিক বন্ধু" বুলিও উল্লেখ কৰিছে। একে সময়তে, তেওঁ কৈছিল যে অৰ্পিতাই এটা সন্তান তুলি ল'লে তেওঁৰ কোনো আপত্তি নাই। অভিযোগপত্ৰখনত পাৰ্থই অনুসন্ধানকাৰীসকলক প্ৰমাণপত্ৰখনৰ বিষয়ে কি কৈছিল সেয়াও উল্লেখ কৰা হৈছে। ইডিয়ে দাবী কৰিছে যে পাৰ্থই প্ৰমাণপত্ৰ সন্দৰ্ভত কৈছিল যে তেওঁ এজন জনপ্ৰতিনিধি । সেয়ে বিভিন্ন বিষয়ত প্ৰমাণপত্ৰ পাবলৈ বহু লোক তেওঁৰ ওচৰলৈ আহে। 

আদালতত ইডিয়ে দাখিল কৰা অভিযোগপত্ৰত বিভিন্ন স্থানত পাৰ্থ আৰু অৰ্পিতাৰ নামত বৃহৎ সম্পত্তি পোৱা গৈছে বুলিও উল্লেখ কৰা হৈছে। অভিযোগপত্ৰখনত অৰ্পিতাৰ জিম্মাৰ পৰা সাত খন  দেশৰ বিদেশী  মুদ্ৰা উদ্ধাৰ কৰা হৈছিল বুলিও  উল্লেখ কৰা হৈছে। ইডিয়ে দাবী কৰিছে যে পাৰ্থ হৈছে এই ধনৰ  প্ৰকৃত গৰাকী।







FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু