--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বংগৰ শিক্ষক নিযুক্তি দুৰ্নীতি গোচৰৰ অভিযুক্ত অৰ্পিতা মুখাৰ্জীয়ে মাতৃ হ'ব বিচাৰিছিল! ইডিয়ে  এই দাবী কৰি কয় যে অৰ্পিতাই এটি  শিশু তুলি ল'ব বিচাৰিছিল। মন্ত্ৰী পাৰ্থ চেটাৰ্জীয়ে ইয়াৰ বাবে প্ৰয়োজনীয় সন্মতি দিছিল দিছিল। ইডি আদালতত দাখিল কৰা অভিযোগনামাত  এই দাবী কৰা হৈছে। তদন্তকাৰী সংস্থাটোৱে এইটোও দাবী কৰিছে  যে তেওঁলোকে অৰ্পিতাৰ ফ্লেটৰ পৰা এই সম্পৰ্কীয় কিছু তথ্যও লাভ কৰিছে।

ইডিয়ে পাৰ্থ চেটাৰ্জীৰ  "ঘনিষ্ঠ সহযোগী" অৰ্পিতাৰ দক্ষিণ কলকাতাৰ এটা ফ্লেটত তেওঁৰ বাসগৃহত তালাচী চলাইছিল। ফ্লেটৰ পৰা  নগদ ২১.৯০ কোটি টকা, মূল্যৱান গহনা আৰু বিদেশী মুদ্ৰা জব্দ কৰা হৈছিল। ২২ আৰু ২৩ জুলাইৰ মাজনিশা উদ্ধাৰ হোৱা নথিপত্ৰসমূহৰ ভিতৰত ইডিয়ে এখন পত্ৰ বিচাৰি পোৱা বুলি দাবী কৰে, য'ত অৰ্পিতাই  এটা শিশু তুলি লোৱাৰ আকাংক্ষা ব্যক্ত কৰিছে  আৰু ইয়াৰ বাবে মন্ত্ৰী হিচাপে পাৰ্থৰই প্ৰমাণপত্ৰ দিয়াৰ কথা উল্লেখ কৰা হৈছে।

ইডিয়ে দাবী কৰিছিল যে পত্ৰখনত পাৰ্থই নিজকে অৰ্পিতাৰ এজন "ঘনিষ্ঠ পাৰিবাৰিক বন্ধু" বুলিও উল্লেখ কৰিছে। একে সময়তে, তেওঁ কৈছিল যে অৰ্পিতাই এটা সন্তান তুলি ল'লে তেওঁৰ কোনো আপত্তি নাই। অভিযোগপত্ৰখনত পাৰ্থই অনুসন্ধানকাৰীসকলক প্ৰমাণপত্ৰখনৰ বিষয়ে কি কৈছিল সেয়াও উল্লেখ কৰা হৈছে। ইডিয়ে দাবী কৰিছে যে পাৰ্থই প্ৰমাণপত্ৰ সন্দৰ্ভত কৈছিল যে তেওঁ এজন জনপ্ৰতিনিধি । সেয়ে বিভিন্ন বিষয়ত প্ৰমাণপত্ৰ পাবলৈ বহু লোক তেওঁৰ ওচৰলৈ আহে। 

আদালতত ইডিয়ে দাখিল কৰা অভিযোগপত্ৰত বিভিন্ন স্থানত পাৰ্থ আৰু অৰ্পিতাৰ নামত বৃহৎ সম্পত্তি পোৱা গৈছে বুলিও উল্লেখ কৰা হৈছে। অভিযোগপত্ৰখনত অৰ্পিতাৰ জিম্মাৰ পৰা সাত খন  দেশৰ বিদেশী  মুদ্ৰা উদ্ধাৰ কৰা হৈছিল বুলিও  উল্লেখ কৰা হৈছে। ইডিয়ে দাবী কৰিছে যে পাৰ্থ হৈছে এই ধনৰ  প্ৰকৃত গৰাকী।







FOLLOW US F
POPULAR
FEATURE
TRENDY
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ