--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পুনৰ ভয়ংকৰ ৰে’ল দুৰ্ঘটনা। মঙলবাৰে পুৱাই পুনৰ এক ৰে’ল দুৰ্ঘটনা সংঘটিত হৈছে। ঝাৰখণ্ডৰ চক্ৰধৰপুৰৰ সমীপত পুৱা প্ৰায় ৪:৪৫ বজাত হাওৰাৰ পৰা মুম্বাই অভিমুখী হাওৰা-চি এছ এম টি এক্সপ্ৰেছত এক দুৰ্ঘটনা সংঘটিত হয়। 

ৰে’লখনৰ কমেও ১৮টা ডবা ৰে’লপথৰ লাইনচ্যুত হৈছে। ইতিমধ্যে এই দুৰ্ঘটনাত দুজন লোকৰ মৃত্যু হৈছে। আহত হৈছে কমেও ২০জন যাত্ৰী। আঘাতপ্ৰাপ্ত আৰু নিহতৰ সংখ্যা বৃদ্ধি পাব পাৰে বুলি আশংকা কৰা হৈছে। ইতিমধ্যে ৰে’লৱে বিভাগে দুৰ্ঘটনাস্থলীলৈ উদ্ধাৰকাৰী দল প্ৰেৰণ কৰিছে। যুদ্ধকালীনভাৱে  উদ্ধাৰ অভিযানৰ কাম আৰম্ভ হৈছে।

জানিব পৰা মতে, ১৮টা লাইনচ্যুত ডবাৰ ভিতৰত ১৬টাই যাত্ৰীবাহী ডবা। বাকী দুটাৰ ভিতৰত এটা ৰে’লৰ পাৱাৰ ৰুম আৰু আনটো পেন্ট্ৰি কাৰ। দুৰ্ঘটনাস্থলীৰ পৰা আহত যাত্ৰীসকলক উদ্ধাৰ কৰি চিকিৎসাৰ বাবে চক্ৰধৰপুৰলৈ প্ৰেৰণ কৰা হৈছে।

মুখ্যমন্ত্ৰী হেমন্ত সোৰেনৰ নিৰ্দেশনা

এই ঘটনাৰ প্ৰতি লক্ষ্য ৰাখি ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত সোৰেনে সিংভুম আৰু ছেৰাইকেলা-খাৰছাৱন জিলা দণ্ডাধীশক তৎকালীনভাৱে আহতসকলৰ চিকিৎসাৰ ব্যৱস্থা কৰিবলৈ নিৰ্দেশ দিছে। ইয়াৰ সমান্তৰালকৈ তেওঁ ঘটনাস্থলীত উপস্থিত থকা লোকসকলক তথ্য প্ৰদান কৰাৰ লগতে প্ৰয়োজনীয় প্ৰতিটো সহায়ৰ ব্যৱস্থা কৰাৰ নিৰ্দেশো দিছে।

চক্ৰধৰপুৰ ৰে’লৱে সংমণ্ডলৰ জ্যেষ্ঠ ডিচিএম আদিত্য কুমাৰ চৌধুৰীয়ে জানিবলৈ দিয়া মতে, ঘটনা সন্দৰ্ভত তথ্য লাভ কৰাৰ পিছত চক্ৰধৰপুৰ ৰে’লৱে সংমণ্ডলৰ বিষয়া, সাহায্য ৰে’ল আৰু কেইবাখনো এম্বুলেন্সক জিলা প্ৰশাসনে স্থানলৈ প্ৰেৰণ কৰিছে। ইয়াৰ উপৰিও বাৰাবাম্বোৰ সমীপত ১২৮১০ নম্বৰৰ ৰে’লখন ৰেলপথৰ পৰা নামি যোৱাৰ ঘটনাৰ বাবে প্ৰশাসনে হেল্পলাইন নম্বৰ ০৬৫১-২৭-৮৭১১৫ জাৰি কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
উৰহীৰ নানা উপকাৰী গুণৰ বিষয়ে আপুনি জানেনে?
শিৱসাগৰত চাঞ্চল্য; স্বামীৰ কামোৰত পত্নীৰ মৃত্যু
বিশ্বৰ ১.৩৫ কোটি শিশুক দিয়া নাই ভেকচিন, ২০২৫ বৰ্ষৰ বাবে বিশ্ব স্বাস্থ্য সংস্থা-ইউনিচেফৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য
গৌৰীপুৰত গো মাংস বিক্ৰী কৰি থকা অৱস্থাত ৪জনক আটক
দুৰ্ধৰ্ষ ডকাইতৰ দল আৰক্ষীৰ জালত; ৩৫ লাখ টকাৰ সামগ্ৰী উদ্ধাৰ
ৰাজবীৰৰ কণ্ঠত মুক্তি পালে এক ব্যতিক্ৰমী নতুন অসমীয়া গীত ‘অনুৰোধ’
চামগুৰিত নৃশংস হত্যাকাণ্ড; স্বামীৰ আক্ৰমণত প্ৰাণ গ’ল পত্নীৰ, সংকটজনক অৱস্থাত চিকিৎসাধীন মাতৃ
লখিমপুৰত জালনোট চক্ৰৰ বিৰুদ্ধে অভিযান; এনকাউণ্টাৰত আহত ২, মাষ্টাৰমাইণ্ডসহ ১৩ জনক গ্ৰেপ্তাৰ
১৫৮ বছৰ পাছত অৰুণাচলত পোৱা গ’ল হিমালয়ান ফুলৰ সন্ধান
প্রবল বৰষুণ, বান, ভূমিস্খলনত বিধ্বস্ত দিল্লীসহ ৯ ৰাজ্য
বিজেপিৰ কর্মীয়ে দিলে ‘চোৰ’, ‘চোৰ’ ধ্বনি, পশ্চিম বংগত মমতা বেনাৰ্জীৰ প্রতিবাদী সমদললৈ দলিয়ালে কণী
কঁঠাল গুটিৰ আছে নানা স্বাস্থ্য উপকাৰী গুণ; নোখোৱাকৈ নাথাকিব
বিশ্বনাথৰ বালিপুখুৰীত বোৱাৰীৰ ৰহস্যজনক মৃত্যু; হত্যাৰ অভিযোগত স্বামীসহ তিনিজনক আটক
ব্ৰহ্মপুত্ৰৰ ওপৰত চীনৰ নির্মীয়মাণ সর্ববৃহৎ বান্ধে নমাব মহাপ্রলয়
Advertisement