--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পুনৰ ভয়ংকৰ ৰে’ল দুৰ্ঘটনা। মঙলবাৰে পুৱাই পুনৰ এক ৰে’ল দুৰ্ঘটনা সংঘটিত হৈছে। ঝাৰখণ্ডৰ চক্ৰধৰপুৰৰ সমীপত পুৱা প্ৰায় ৪:৪৫ বজাত হাওৰাৰ পৰা মুম্বাই অভিমুখী হাওৰা-চি এছ এম টি এক্সপ্ৰেছত এক দুৰ্ঘটনা সংঘটিত হয়। 

ৰে’লখনৰ কমেও ১৮টা ডবা ৰে’লপথৰ লাইনচ্যুত হৈছে। ইতিমধ্যে এই দুৰ্ঘটনাত দুজন লোকৰ মৃত্যু হৈছে। আহত হৈছে কমেও ২০জন যাত্ৰী। আঘাতপ্ৰাপ্ত আৰু নিহতৰ সংখ্যা বৃদ্ধি পাব পাৰে বুলি আশংকা কৰা হৈছে। ইতিমধ্যে ৰে’লৱে বিভাগে দুৰ্ঘটনাস্থলীলৈ উদ্ধাৰকাৰী দল প্ৰেৰণ কৰিছে। যুদ্ধকালীনভাৱে  উদ্ধাৰ অভিযানৰ কাম আৰম্ভ হৈছে।

জানিব পৰা মতে, ১৮টা লাইনচ্যুত ডবাৰ ভিতৰত ১৬টাই যাত্ৰীবাহী ডবা। বাকী দুটাৰ ভিতৰত এটা ৰে’লৰ পাৱাৰ ৰুম আৰু আনটো পেন্ট্ৰি কাৰ। দুৰ্ঘটনাস্থলীৰ পৰা আহত যাত্ৰীসকলক উদ্ধাৰ কৰি চিকিৎসাৰ বাবে চক্ৰধৰপুৰলৈ প্ৰেৰণ কৰা হৈছে।

মুখ্যমন্ত্ৰী হেমন্ত সোৰেনৰ নিৰ্দেশনা

এই ঘটনাৰ প্ৰতি লক্ষ্য ৰাখি ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত সোৰেনে সিংভুম আৰু ছেৰাইকেলা-খাৰছাৱন জিলা দণ্ডাধীশক তৎকালীনভাৱে আহতসকলৰ চিকিৎসাৰ ব্যৱস্থা কৰিবলৈ নিৰ্দেশ দিছে। ইয়াৰ সমান্তৰালকৈ তেওঁ ঘটনাস্থলীত উপস্থিত থকা লোকসকলক তথ্য প্ৰদান কৰাৰ লগতে প্ৰয়োজনীয় প্ৰতিটো সহায়ৰ ব্যৱস্থা কৰাৰ নিৰ্দেশো দিছে।

চক্ৰধৰপুৰ ৰে’লৱে সংমণ্ডলৰ জ্যেষ্ঠ ডিচিএম আদিত্য কুমাৰ চৌধুৰীয়ে জানিবলৈ দিয়া মতে, ঘটনা সন্দৰ্ভত তথ্য লাভ কৰাৰ পিছত চক্ৰধৰপুৰ ৰে’লৱে সংমণ্ডলৰ বিষয়া, সাহায্য ৰে’ল আৰু কেইবাখনো এম্বুলেন্সক জিলা প্ৰশাসনে স্থানলৈ প্ৰেৰণ কৰিছে। ইয়াৰ উপৰিও বাৰাবাম্বোৰ সমীপত ১২৮১০ নম্বৰৰ ৰে’লখন ৰেলপথৰ পৰা নামি যোৱাৰ ঘটনাৰ বাবে প্ৰশাসনে হেল্পলাইন নম্বৰ ০৬৫১-২৭-৮৭১১৫ জাৰি কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু