--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ইটোৰ পাছত সিটো ৰে’ল দুৰ্ঘটনাই কঁপাইছে দেশ। আতংকিত হৈ পৰিছে জনতা। জীৱনৰ নিৰাপত্তা যেন ক’তোৱেই নাই। আগতে মানুহে ৰে’ল যাত্ৰাকে অধিক সুৰক্ষিত বুলি অনুভৱ কৰিছিল কিন্তু বৰ্তমান সঘনাই হৈ থকা ৰে’ল দুৰ্ঘটনাই মানুহক ভাবিবলৈ বাধ্য কৰাইছে যে সঁচাকৈয়ে ৰেল যাত্ৰা সুৰক্ষিত হয় জানো?

আজি পুনৰ এক ভয়ংকৰ ৰে’ল দুৰ্ঘটনা সংঘটিত হৈছে। মঙলবাৰে পুৱাই ঝাৰখণ্ডৰ চক্ৰধৰপুৰৰ সমীপত পুৱা প্ৰায় ৪:৪৫ বজাত হাওৰাৰ পৰা মুম্বাই অভিমুখী হাওৰা-চি এছ এম টি এক্সপ্ৰেছ দুৰ্ঘটনাত পতিত হয়। 

ৰে’লখনৰ কমেও ১৮টা ডবা ৰে’লপথৰ লাইনচ্যুত হৈছে। ইতিমধ্যে এই দুৰ্ঘটনাত দুজন লোকৰ মৃত্যু হৈছে। আহত হৈছে কমেও ২০জন যাত্ৰী। আঘাতপ্ৰাপ্ত আৰু নিহতৰ সংখ্যা বৃদ্ধি পাব পাৰে বুলি আশংকা কৰা হৈছে।

মোদী চৰকাৰৰ দিনত ব্যৰ্থ হৈছে নেকি ৰে’ল বিভাগ? এই চৰকাৰৰ কাৰ্যকালত সংঘটিত হৈছে ১৪টাকৈ বৃহৎ ৰে’ল দুৰ্ঘটনা।

সৱিশেষ জানো আহক


২৬ মে’, ২০১৪
গোৰখধাম এক্সপ্ৰেছ
২৫ জন লোকৰ মৃত্যু
৫০ জনতকৈ অধিক আহত

২০ মাৰ্চ, ২০১৫
জনতা এক্সপ্ৰেছ
৫৮ জন লোকৰ মৃত্যু
১৫০ জনতকৈ অধিক আহত

২০ নৱেম্বৰ, ২০১৬
ইন্দোৰ-পাটনা এক্সপ্ৰেছ
১৫০ জন লোকৰ মৃত্যু
১৫০ জনতকৈ অধিক আহত

২১ জানুৱাৰী, ২০১৭
হিৰাখণ্ড এক্সপ্ৰেছ
৪১ জন লোকৰ মৃত্যু
৬৮ জনতকৈ অধিক আহত

১৮ আগষ্ট, ২০১৭
পুৰী-হৰিদ্বাৰ উত্তাল এক্সপ্ৰেছ
২৩ জন লোকৰ মৃত্যু, ৬০ জন আহত

২৩ আগষ্ট, ২০১৭
কাইফিয়াত এক্সপ্ৰেছ
আহত ৭০ জন লোক

১০ অক্টোবৰ, ২০১৮
নিউ ফাৰাক্কা এক্সপ্ৰেছ
৭ জন লোকৰ মৃত্যু
৬০ জনতকৈ অধিক আহত

৩ ফেব্ৰুৱাৰী, ২০১৯
সীমাঞ্চল এক্সপ্ৰেছ
৭ জন লোকৰ মৃত্যু, ৩৭ জন আহত

১৩ জানুৱাৰী, ২০২২
বিকানেৰ-গুৱাহাটী এক্সপ্ৰেছ
৯ জন লোকৰ মৃত্যু, ৩৬ জন আহত

২ জুন, ২০২৩
বালাসোৰ ৰেল দুৰ্ঘটনা
২৯৬ জন লোকৰ মৃত্যু
৯০০ৰো অধিক আহত

১১ অক্টোবৰ, ২০২৩
নৰ্থ ইষ্ট এক্সপ্ৰেছ
৪ জন লোকৰ মৃত্যু
১০০ জনতকৈ অধিক আহত

১৭ জুন, ২০২৪
কাঞ্চনজংগা এক্সপ্ৰেছ
১৫ জন লোকৰ মৃত্যু
৬০ জনতকৈ অধিক আহত

১৮ জুলাই, ২০২৪
ডিব্ৰুগড় এক্সপ্ৰেছ
৪ জন লোকৰ মৃত্যু, বহু আহত

৩০ জুলাই, ২০২৪
হাওৰা-মুম্বাই মেইল
২ জন লোকৰ মৃত্যু, ২০ জন আহত

FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু