--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ইটোৰ পাছত সিটো ৰে’ল দুৰ্ঘটনাই কঁপাইছে দেশ। আতংকিত হৈ পৰিছে জনতা। জীৱনৰ নিৰাপত্তা যেন ক’তোৱেই নাই। আগতে মানুহে ৰে’ল যাত্ৰাকে অধিক সুৰক্ষিত বুলি অনুভৱ কৰিছিল কিন্তু বৰ্তমান সঘনাই হৈ থকা ৰে’ল দুৰ্ঘটনাই মানুহক ভাবিবলৈ বাধ্য কৰাইছে যে সঁচাকৈয়ে ৰেল যাত্ৰা সুৰক্ষিত হয় জানো?

আজি পুনৰ এক ভয়ংকৰ ৰে’ল দুৰ্ঘটনা সংঘটিত হৈছে। মঙলবাৰে পুৱাই ঝাৰখণ্ডৰ চক্ৰধৰপুৰৰ সমীপত পুৱা প্ৰায় ৪:৪৫ বজাত হাওৰাৰ পৰা মুম্বাই অভিমুখী হাওৰা-চি এছ এম টি এক্সপ্ৰেছ দুৰ্ঘটনাত পতিত হয়। 

ৰে’লখনৰ কমেও ১৮টা ডবা ৰে’লপথৰ লাইনচ্যুত হৈছে। ইতিমধ্যে এই দুৰ্ঘটনাত দুজন লোকৰ মৃত্যু হৈছে। আহত হৈছে কমেও ২০জন যাত্ৰী। আঘাতপ্ৰাপ্ত আৰু নিহতৰ সংখ্যা বৃদ্ধি পাব পাৰে বুলি আশংকা কৰা হৈছে।

মোদী চৰকাৰৰ দিনত ব্যৰ্থ হৈছে নেকি ৰে’ল বিভাগ? এই চৰকাৰৰ কাৰ্যকালত সংঘটিত হৈছে ১৪টাকৈ বৃহৎ ৰে’ল দুৰ্ঘটনা।

সৱিশেষ জানো আহক


২৬ মে’, ২০১৪
গোৰখধাম এক্সপ্ৰেছ
২৫ জন লোকৰ মৃত্যু
৫০ জনতকৈ অধিক আহত

২০ মাৰ্চ, ২০১৫
জনতা এক্সপ্ৰেছ
৫৮ জন লোকৰ মৃত্যু
১৫০ জনতকৈ অধিক আহত

২০ নৱেম্বৰ, ২০১৬
ইন্দোৰ-পাটনা এক্সপ্ৰেছ
১৫০ জন লোকৰ মৃত্যু
১৫০ জনতকৈ অধিক আহত

২১ জানুৱাৰী, ২০১৭
হিৰাখণ্ড এক্সপ্ৰেছ
৪১ জন লোকৰ মৃত্যু
৬৮ জনতকৈ অধিক আহত

১৮ আগষ্ট, ২০১৭
পুৰী-হৰিদ্বাৰ উত্তাল এক্সপ্ৰেছ
২৩ জন লোকৰ মৃত্যু, ৬০ জন আহত

২৩ আগষ্ট, ২০১৭
কাইফিয়াত এক্সপ্ৰেছ
আহত ৭০ জন লোক

১০ অক্টোবৰ, ২০১৮
নিউ ফাৰাক্কা এক্সপ্ৰেছ
৭ জন লোকৰ মৃত্যু
৬০ জনতকৈ অধিক আহত

৩ ফেব্ৰুৱাৰী, ২০১৯
সীমাঞ্চল এক্সপ্ৰেছ
৭ জন লোকৰ মৃত্যু, ৩৭ জন আহত

১৩ জানুৱাৰী, ২০২২
বিকানেৰ-গুৱাহাটী এক্সপ্ৰেছ
৯ জন লোকৰ মৃত্যু, ৩৬ জন আহত

২ জুন, ২০২৩
বালাসোৰ ৰেল দুৰ্ঘটনা
২৯৬ জন লোকৰ মৃত্যু
৯০০ৰো অধিক আহত

১১ অক্টোবৰ, ২০২৩
নৰ্থ ইষ্ট এক্সপ্ৰেছ
৪ জন লোকৰ মৃত্যু
১০০ জনতকৈ অধিক আহত

১৭ জুন, ২০২৪
কাঞ্চনজংগা এক্সপ্ৰেছ
১৫ জন লোকৰ মৃত্যু
৬০ জনতকৈ অধিক আহত

১৮ জুলাই, ২০২৪
ডিব্ৰুগড় এক্সপ্ৰেছ
৪ জন লোকৰ মৃত্যু, বহু আহত

৩০ জুলাই, ২০২৪
হাওৰা-মুম্বাই মেইল
২ জন লোকৰ মৃত্যু, ২০ জন আহত

FOLLOW US F
POPULAR
FEATURE
TRENDY
ডিউক বিশ্ববিদ্যালয়ৰ বিজ্ঞানীৰ নতুন তথ্য; ম'বাইল এৰি দুঘণ্টা শান্তিত কটালে বৃদ্ধি হয় স্মৃতিশক্তি
জম্মু-কাশ্মীৰৰ লাডাখত শ্বহীদ অসমৰ বীৰ জোৱান ৰমেন বৰুৱা
পুৱা সাৰ পোৱাৰ লগে লগে গোৰোহাৰ বিষ হয় নেকি? ই কি ৰোগৰ ইংগিত?
মায়ঙৰ কমাৰপুৰ গাঁৱত অঘটন; গৰু এৰাল দিবলৈ গৈ পুখুৰীত পৰি সলিল সমাধি যুৱকৰ
এশ ট্রাক ৰঙালাও কলকাতালৈ! ৰঙালাওৱে বোকাখাতৰ কৃষকৰ মুখত বিৰিঙাইছে হাঁহি
দুলীয়াজানত ১৫,৯৯৯ মহিলাই বিয়ানামেৰে গঢ়িলে বিশ্ব অভিলেখ
পথত কনভয় ৰখাই ঝালমুড়ীৰ সোৱাদ ল'লে প্রধানমন্ত্রীয়ে
দুলীয়াজানত ১৫,৯৯৯ মহিলাই বিয়ানামেৰে গঢ়িলে বিশ্ব অভিলেখ
এশ ট্রাক ৰঙালাও কলকাতালৈ! ৰঙালাওৱে বোকাখাতৰ কৃষকৰ মুখত বিৰিঙাইছে হাঁহি
মায়ঙৰ কমাৰপুৰ গাঁৱত অঘটন; গৰু এৰাল দিবলৈ গৈ পুখুৰীত পৰি সলিল সমাধি যুৱকৰ
পুৱা সাৰ পোৱাৰ লগে লগে গোৰোহাৰ বিষ হয় নেকি? ই কি ৰোগৰ ইংগিত?
জম্মু-কাশ্মীৰৰ লাডাখত শ্বহীদ অসমৰ বীৰ জোৱান ৰমেন বৰুৱা
ডিউক বিশ্ববিদ্যালয়ৰ বিজ্ঞানীৰ নতুন তথ্য; ম'বাইল এৰি দুঘণ্টা শান্তিত কটালে বৃদ্ধি হয় স্মৃতিশক্তি
ৰাজ্যজুৰি মানুহ বিহুৰ উছাহ: জ্যেষ্ঠৰ আশীৰ্বাদেৰে নতুন বছৰক আদৰাৰ পৰম্পৰা