--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ৰাষ্ট্ৰীয় চলচ্চিত্ৰ দিৱস উপলক্ষে আজি কেৱল ৭৫ টকাতে চিনেমা হলত চাব পাৰিব যিকোনো চিনেমা৷ হয়, ভাৰতবৰ্ষৰ যিকোনো চিনেমাহলতে আজি সুলভ মূল্যতে চাব পাৰিব চিনেমা!

চিনেমাপ্ৰেমী সকলৰ বাবে সুখবৰ৷ আজি ৰাষ্ট্ৰীয় চিনেমা দিৱস ৷ ভাৰতবৰ্ষৰ লাখ লাখ চিনেমা অনুৰাগীয়ে আজি ৰেহাই মুল্যত চাব পাৰিব চিনেমা৷ চিনেমাপ্ৰেমীসকলৰ বাবে আজি এক বিশেষ দিন৷ ভাৰতৰ বিভিন্ন প্ৰান্তত ৪ হাজাৰৰো অধিক ৰূপালী পৰ্দাত বিশেষভাৱে হ্ৰাস কৰা মূল্যত দৰ্শকে চাব পাৰিব চিনেমা। মাল্টিপ্লেক্স এছ’চিয়েশ্যন অব্ ইণ্ডিয়াৰ এক অভিযানৰ অংশ হিচাপে চিনেমা দৰ্শকে ২৩ ছেপ্টেম্বৰত প্ৰতি টিকটত মাত্ৰ ৭৫ টকাত নিজৰ পছন্দৰ যিকোনো থিয়েটাৰত প্ৰৱেশ কৰিব পাৰিব৷
 
সমগ্ৰ ভাৰততে অংশগ্ৰহণকাৰী চিনেমাহল শৃংখল আৰু পৰ্দাসমূহৰ ভিতৰত আছে পিভিআৰ, আইএনঅক্স, চিনেপলিছ, কাৰ্নিভাল, মিৰাজ, চিটি প্ৰাইড, এছিয়ান, মুক্তা এ২, মুভিটাইম, ৱেভ, এম টু কে, আৰু ডেলাইট। সমগ্ৰ দেশৰ একক পৰ্দাৰ চিনেমা হলসমূহেও এই পদক্ষেপক সমৰ্থন কৰাৰ কথা ঘোষণা কৰিছে। ৭৫ টকাৰ বিপৰীতে ৰিক্লাইনিং চিট টিকটৰ মূল্য হ’ব ১০০ৰ পৰা ২০০ টকা। ইয়াৰ উপৰিও কম হ’ব আইমেক্সৰ টিকটৰ দাম।

এনচিডিত কেজিএফ: চেপ্টাৰ ২, আৰ আৰ আৰ, বিক্ৰম, ভূল ভূলাইয়া ২, আৰু হলিউডৰ ব্লকবাষ্টাৰ ছবি যেনে ডক্টৰ ষ্ট্ৰেঞ্জ, টপ গান: মেভেৰিক, আদিৰ দৰে বহুতো চিনেমা প্ৰদৰ্শিত হ’ব। তদুপৰি, ৰাষ্ট্ৰীয় চিনেমা দিৱস উপলক্ষে দৰ্শকে মাত্ৰ ৭৫ টকাত নতুনকৈ মুক্তি পোৱা ব্ৰহ্মাস্ত্ৰ, জাহান চৰ য়াৰ আদি চিনেমা চাবলৈ সুবিধা লাভ কৰিব।

গতিকে ৰেহাই মূল্যত যদি চিনেমা চাবলৈ বিচাৰিছে আজিয়েই চিনেমা গৃহলৈ যাওক আৰু চিনেমা উপভোগ কৰক৷







FOLLOW US F
POPULAR
FEATURE
TRENDY
জার্মান-মার্কিন ৩ বিজ্ঞানীলৈ চিকিৎসা বিজ্ঞানৰ নোবেল বঁটা
ভাৰত-ৱেষ্ট ইণ্ডিজৰ প্ৰথম টি-২০ আজি
প্লেগৰ আতংক বিয়পিছে ৰাছিয়াত; মহিলা গৱেষকৰ মৃত্যুৰ পাছত ২০০ লোক কোৱাৰেণ্টাইনত
ক্ষেত্ৰীত ভয়ংকৰ পথ দুৰ্ঘটনা; ৰাষ্ট্ৰীয় ঘাইপথৰ ৰেলিঙত বাহনৰ খুন্দা, মহিলাসহ তিনিজনৰ মৃত্যু
বদৰপুৰঘাটত বিভিচিএল হেল্থ চেণ্টাৰত লায়ন্স ক্লাবৰ চতুৰ্থটো চকু পৰীক্ষা শিবিৰ
স্মিত মচ্চাৰক ইজৰাইলৰ স্বাধীনতা দিৱসৰ অনুষ্ঠানলৈ আমন্ত্রণ প্ৰধানমন্ত্ৰী নেটান্যাহুৰ
ব্ৰহ্মপুত্ৰ নদীত মাছ মাৰিবলৈ আহি নিখোঁজ হৈ থকা নুনমাটিৰ ৰাজীৱ আলীৰ মৃতদেহ উদ্ধাৰ
বৰক্ষেত্ৰীত আৰক্ষীৰ নাকা তালাচীত ১১টা গৰুসহ এখন বাহন জব্দ; গ্ৰেপ্তাৰ দুজন
বর্ষাপাৰাত আজি ভাৰত-ৱেষ্ট ইণ্ডিজৰ দ্বিতীয় এদিনীয়া
গোলাঘাটত ড্ৰাগছৰ অভাৰড’জত উচ্চশিক্ষিত যুৱকৰ মৃত্যু; আৰক্ষীৰ তদন্ত আৰম্ভ
দুগুণলৈ বৃদ্ধি MBBSৰ মাচুল
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
মহানগৰীত ‘এক দিন, এক ঘণ্টা, এক সাথ’ শীৰ্ষক শ্ৰমদান কাৰ্যসূচী ৰূপায়ণ; মন্ত্ৰী অশ্বিনী ৰায় সৰকাৰৰ অংশগ্ৰহণ
বিলুপ্তিৰ দিশে অসমৰ আপুৰুগীয়া চৰাই ‘কাঠনি বোৱাৰী’