--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউডত যৌন নিৰ্যাতনৰ অভিযোগ এতিয়া সাধাৰণ ঘটনা হৈ পৰিছে। শেহতীয়াকৈ অভিনেতা নানা পাটেকাৰৰ লগতে আন কেইবাজনো লোকৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ তুলি বিপদত পৰিছে বলীডৰ অভিনেত্ৰী তনুশ্ৰী। যৌন নিৰ্যাতনৰ অভিযোগ তোলাৰ পিছতে নানা পাটেকাৰে অভিনেত্ৰীগৰাকতীক  হত্যাৰ  কৰাৰ চেষ্টা কৰা বুলি খোদ তনুশ্ৰীয়েই অভিযোগ কৰিছে।

তনুশ্ৰী দত্তই এনে বিস্ফোৰক অভিযোগ কৰি কয় যে  যে যৌন নিৰ্যাতনৰ অভিযোগ তোলাৰ বাবে   পাটেকাৰ, নৃত্য পৰিচালক আৰু পৰিচালকে তেওঁৰ সৈতে  কি কৰা নাই তাৰ কোনো হিচাব নাই। তেওঁলোকে আনকি তেওঁক হত্যা কৰাৰ চেষ্টাও কৰা বুলি তনুশ্ৰীয়ে মুকলিকৈয়ে অভিযোগ কৰিছে।


উল্লেখ্য অভিনেত্ৰী তনুশ্ৰী দত্তই বলীউডৰ অভিনেতা নানা পাটেকাৰৰ বিৰুদ্ধে #MeToo আন্দোলনত যোগদান কৰি যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰিছিল। এইবাৰ অভিনেত্ৰীগৰাকীয়ে এক বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে যে যৌন নিৰ্যাতনৰ বিষয়ে  মুখ খোলাৰ বাবেই  তেওঁক হত্যা কৰাৰ চেষ্টা কৰা হৈছে।এক শেহতীয়া সাক্ষাৎকাৰত তনুশ্ৰীয়ে দাবী কৰিছিল যে যেতিয়া তেওঁ মধ্য প্ৰদেশৰ উজ্জয়িনীত আছিল, তেতিয়া তেওঁৰ গাড়ীৰ ব্ৰেক অকামিলা কৰি দিবলৈ  একাধিকবাৰ চেষ্টা চলোৱা হৈছিল। ফলত তেওঁ দুৰ্ঘটনাত পতিত হৈ  আঘাতপ্ৰাপ্ত হৈছিল।সম্পূৰ্ণ  আৰোগ্য হ'বলৈ তেওঁক কেইবামাহো সময়  লাগিছিল।

কাহিনীৰ ইয়াতেই  শেষ হোৱা নাছিল।তনুশ্ৰীয়ে লগতে অভিযোগ কৰিছিল যে বিহ খুৱাই তেওঁক  হত্যা কৰাৰ চেষ্টা কৰা হৈছিল। তেওঁ দাবী কৰিছে যে এগৰাকী ঘৰুৱা কাম বন কৰা মহিলা তেওঁৰ ঘৰত আছিল। সেই সময়ত তেওঁ প্ৰায়ে অসুস্থ হৈ পৰিছিল। তনুশ্ৰীয়ে সন্দেহ কৰিছে যে পানীত কিবা মিহলি কৰা হৈছে।

পূৰ্বেও অভিনেত্ৰী  তনুশ্ৰীয়ে কৈছিল যে যদি তেওঁৰ কিবা ভাল বা বেয়া হয় তেন্তে তাৰ বাবে বলীউডৰ অভিনেতা নানা পাটেকাৰ আৰু তেওঁৰ মাফিয়া বন্ধুসকল ইয়াৰ বাবে দায়ী হ’ব। উল্লেখ্য তনুশ্ৰীয়ে ২০১৮ চনত#MeToo আন্দোলনত যোগ দি  অভিনেতা নানা পাটেকাৰ, নৃত্য পৰিচালক গণেশ আচাৰ্য আৰু পৰিচালক বিবেক অগ্নিহোত্ৰীৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰিছিল। 

২০১৮ চনত প্ৰাক্তন মিছ ইণ্ডিয়া ইউনিভাৰ্ছ আৰু অভিনেত্ৰী তনুশ্ৰী দত্তই অভিযোগ কৰিছিল যে বিবেক অগ্নিহোত্ৰীয়ে তেওঁক  সম্পূৰ্ণ কাপোৰ খুলি নাচিবলৈ কৈছিল। তনুশ্ৰী দত্তই ২০০৫ চনত তেওঁৰ প্ৰথম ছবি 'চকলেট: ডিপ ডাৰ্ক চিক্ৰেটছ'ৰ দৃশ্যগ্ৰহণৰ সময়ত এটা ঘটনা ঘটা বুলি   উল্লেখ কৰিছিল।তনুশ্ৰী দত্তই আগতে বিখ্যাত অভিনেতা নানা পাটেকাৰৰ বিৰুদ্ধেও গুৰুতৰ অভিযোগ উত্থাপন কৰিছিল। 

তনুশ্ৰী দত্তই অভিযোগ কৰিছিল যে 'হৰ্ণ অকে প্লিজ' বোলছবিখনৰ দৃশ্যগ্ৰহণৰ সময়ত নানা পাটেকাৰে তেওঁৰ সৈতে অশ্লীল আচৰণ কৰিছিল।এনে অভিযোগৰ পিছতে নানা পাটেকাৰ, নৃত্য পৰিচালক আৰু পৰিচালকে তেওঁৰ বিৰুদ্ধে নানান কূট কৌশল ৰচনা কৰি আহিছে বুলি তনুশ্ৰীয়ে অভিযোগ কৰিছে।








FOLLOW US F
POPULAR
FEATURE
TRENDY
জার্মান-মার্কিন ৩ বিজ্ঞানীলৈ চিকিৎসা বিজ্ঞানৰ নোবেল বঁটা
ভাৰত-ৱেষ্ট ইণ্ডিজৰ প্ৰথম টি-২০ আজি
প্লেগৰ আতংক বিয়পিছে ৰাছিয়াত; মহিলা গৱেষকৰ মৃত্যুৰ পাছত ২০০ লোক কোৱাৰেণ্টাইনত
ক্ষেত্ৰীত ভয়ংকৰ পথ দুৰ্ঘটনা; ৰাষ্ট্ৰীয় ঘাইপথৰ ৰেলিঙত বাহনৰ খুন্দা, মহিলাসহ তিনিজনৰ মৃত্যু
বদৰপুৰঘাটত বিভিচিএল হেল্থ চেণ্টাৰত লায়ন্স ক্লাবৰ চতুৰ্থটো চকু পৰীক্ষা শিবিৰ
স্মিত মচ্চাৰক ইজৰাইলৰ স্বাধীনতা দিৱসৰ অনুষ্ঠানলৈ আমন্ত্রণ প্ৰধানমন্ত্ৰী নেটান্যাহুৰ
ব্ৰহ্মপুত্ৰ নদীত মাছ মাৰিবলৈ আহি নিখোঁজ হৈ থকা নুনমাটিৰ ৰাজীৱ আলীৰ মৃতদেহ উদ্ধাৰ
বৰক্ষেত্ৰীত আৰক্ষীৰ নাকা তালাচীত ১১টা গৰুসহ এখন বাহন জব্দ; গ্ৰেপ্তাৰ দুজন
বর্ষাপাৰাত আজি ভাৰত-ৱেষ্ট ইণ্ডিজৰ দ্বিতীয় এদিনীয়া
গোলাঘাটত ড্ৰাগছৰ অভাৰড’জত উচ্চশিক্ষিত যুৱকৰ মৃত্যু; আৰক্ষীৰ তদন্ত আৰম্ভ
দুগুণলৈ বৃদ্ধি MBBSৰ মাচুল
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
মহানগৰীত ‘এক দিন, এক ঘণ্টা, এক সাথ’ শীৰ্ষক শ্ৰমদান কাৰ্যসূচী ৰূপায়ণ; মন্ত্ৰী অশ্বিনী ৰায় সৰকাৰৰ অংশগ্ৰহণ
বিলুপ্তিৰ দিশে অসমৰ আপুৰুগীয়া চৰাই ‘কাঠনি বোৱাৰী’