--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউডত যৌন নিৰ্যাতনৰ অভিযোগ এতিয়া সাধাৰণ ঘটনা হৈ পৰিছে। শেহতীয়াকৈ অভিনেতা নানা পাটেকাৰৰ লগতে আন কেইবাজনো লোকৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ তুলি বিপদত পৰিছে বলীডৰ অভিনেত্ৰী তনুশ্ৰী। যৌন নিৰ্যাতনৰ অভিযোগ তোলাৰ পিছতে নানা পাটেকাৰে অভিনেত্ৰীগৰাকতীক  হত্যাৰ  কৰাৰ চেষ্টা কৰা বুলি খোদ তনুশ্ৰীয়েই অভিযোগ কৰিছে।

তনুশ্ৰী দত্তই এনে বিস্ফোৰক অভিযোগ কৰি কয় যে  যে যৌন নিৰ্যাতনৰ অভিযোগ তোলাৰ বাবে   পাটেকাৰ, নৃত্য পৰিচালক আৰু পৰিচালকে তেওঁৰ সৈতে  কি কৰা নাই তাৰ কোনো হিচাব নাই। তেওঁলোকে আনকি তেওঁক হত্যা কৰাৰ চেষ্টাও কৰা বুলি তনুশ্ৰীয়ে মুকলিকৈয়ে অভিযোগ কৰিছে।


উল্লেখ্য অভিনেত্ৰী তনুশ্ৰী দত্তই বলীউডৰ অভিনেতা নানা পাটেকাৰৰ বিৰুদ্ধে #MeToo আন্দোলনত যোগদান কৰি যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰিছিল। এইবাৰ অভিনেত্ৰীগৰাকীয়ে এক বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে যে যৌন নিৰ্যাতনৰ বিষয়ে  মুখ খোলাৰ বাবেই  তেওঁক হত্যা কৰাৰ চেষ্টা কৰা হৈছে।এক শেহতীয়া সাক্ষাৎকাৰত তনুশ্ৰীয়ে দাবী কৰিছিল যে যেতিয়া তেওঁ মধ্য প্ৰদেশৰ উজ্জয়িনীত আছিল, তেতিয়া তেওঁৰ গাড়ীৰ ব্ৰেক অকামিলা কৰি দিবলৈ  একাধিকবাৰ চেষ্টা চলোৱা হৈছিল। ফলত তেওঁ দুৰ্ঘটনাত পতিত হৈ  আঘাতপ্ৰাপ্ত হৈছিল।সম্পূৰ্ণ  আৰোগ্য হ'বলৈ তেওঁক কেইবামাহো সময়  লাগিছিল।

কাহিনীৰ ইয়াতেই  শেষ হোৱা নাছিল।তনুশ্ৰীয়ে লগতে অভিযোগ কৰিছিল যে বিহ খুৱাই তেওঁক  হত্যা কৰাৰ চেষ্টা কৰা হৈছিল। তেওঁ দাবী কৰিছে যে এগৰাকী ঘৰুৱা কাম বন কৰা মহিলা তেওঁৰ ঘৰত আছিল। সেই সময়ত তেওঁ প্ৰায়ে অসুস্থ হৈ পৰিছিল। তনুশ্ৰীয়ে সন্দেহ কৰিছে যে পানীত কিবা মিহলি কৰা হৈছে।

পূৰ্বেও অভিনেত্ৰী  তনুশ্ৰীয়ে কৈছিল যে যদি তেওঁৰ কিবা ভাল বা বেয়া হয় তেন্তে তাৰ বাবে বলীউডৰ অভিনেতা নানা পাটেকাৰ আৰু তেওঁৰ মাফিয়া বন্ধুসকল ইয়াৰ বাবে দায়ী হ’ব। উল্লেখ্য তনুশ্ৰীয়ে ২০১৮ চনত#MeToo আন্দোলনত যোগ দি  অভিনেতা নানা পাটেকাৰ, নৃত্য পৰিচালক গণেশ আচাৰ্য আৰু পৰিচালক বিবেক অগ্নিহোত্ৰীৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰিছিল। 

২০১৮ চনত প্ৰাক্তন মিছ ইণ্ডিয়া ইউনিভাৰ্ছ আৰু অভিনেত্ৰী তনুশ্ৰী দত্তই অভিযোগ কৰিছিল যে বিবেক অগ্নিহোত্ৰীয়ে তেওঁক  সম্পূৰ্ণ কাপোৰ খুলি নাচিবলৈ কৈছিল। তনুশ্ৰী দত্তই ২০০৫ চনত তেওঁৰ প্ৰথম ছবি 'চকলেট: ডিপ ডাৰ্ক চিক্ৰেটছ'ৰ দৃশ্যগ্ৰহণৰ সময়ত এটা ঘটনা ঘটা বুলি   উল্লেখ কৰিছিল।তনুশ্ৰী দত্তই আগতে বিখ্যাত অভিনেতা নানা পাটেকাৰৰ বিৰুদ্ধেও গুৰুতৰ অভিযোগ উত্থাপন কৰিছিল। 

তনুশ্ৰী দত্তই অভিযোগ কৰিছিল যে 'হৰ্ণ অকে প্লিজ' বোলছবিখনৰ দৃশ্যগ্ৰহণৰ সময়ত নানা পাটেকাৰে তেওঁৰ সৈতে অশ্লীল আচৰণ কৰিছিল।এনে অভিযোগৰ পিছতে নানা পাটেকাৰ, নৃত্য পৰিচালক আৰু পৰিচালকে তেওঁৰ বিৰুদ্ধে নানান কূট কৌশল ৰচনা কৰি আহিছে বুলি তনুশ্ৰীয়ে অভিযোগ কৰিছে।








FOLLOW US F
POPULAR
FEATURE
TRENDY
জুবিন গাৰ্গৰ মৃত্যুৰ বাবে বৰপেটা আতচবাজী উদ্যোগৰ সিদ্ধান্ত: শব্দবিহীন আতচবাজী বজাৰত বিক্ৰীৰ বাবে কৰিব মুকলি
গহপুৰত জুবিন গাৰ্গৰ প্ৰথমটো প্ৰতিমূৰ্তি স্থাপনৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱাৰ পথত
চীন-আমেৰিকাৰ শুল্ক যুদ্ধই অথন্তৰ নমাব বিশ্বত
এই বছৰ প্ৰচণ্ড শীতত কঁপিব দেশবাসী
কৃত্রিম বুদ্ধিমত্তাই ৪ নিযুত নতুন চাকৰিৰ সৃষ্টি কৰিব ভাৰতত, নিটি আয়োগৰ প্ৰতিবেদনত দাবী
১১ বছৰৰ পাছত অৰিজিৎ সিঙৰ বিতৰ্কক লৈ মুখ খুলিলে ছলমান খানে
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ
ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ছেবাষ্টিয়েন লেকাৰ্নুৰ পদত্যাগ, মাত্র ২৭ দিনৰ বাবে কাৰ্যনিৰ্বাহ কৰি অভিলেখ
জুবিনৰ মৃত্যু-ৰহস্য, কি কি বিষয় সামৰিব ন্যায়িক তদন্ত আয়োগে?
ই ডিয়ে শ্যামকানুৰ সম্পত্তিৰ তদন্ত কৰোতে কি কি পোহৰলৈ আহিল?