--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সামান্য সালসলনি কৰি পুৰণি গীতবোৰ ৰিমিক্স কৰা ধাৰাটোৱে কেতিয়াবা গায়ক-গায়িকাসকলক সমস্যাই আগুৰি ধৰে। শেহতীয়াকৈ নেহা কক্কৰে ৰিমিক্স কৰিলে ফাল্গুনী পাঠকৰ জনপ্ৰিয় গান ‘মেইনে পায়েল হে ছনকাই’। গানটো মুক্তিৰ পোৱাৰ পৰাই সমালোচনাৰ সন্মুখীন হৈছে নেহা কক্কৰ। নেহাই  ফাল্গুনী পাঠকৰ সেই সুমধুৰ গীতটি নষ্ট কৰি পেলোৱা বুলি ক্ষোভ উজাৰে নেটিজেনসকলে। 

বহুতে কয় যে এই গানটোৰ লগত আমাৰ শৈশৱৰ স্মৃতি জড়িত হৈ আছে, সেই স্মৃতি নষ্ট কৰাৰ কোনো অধিকাৰ নাই নেহা কক্কৰৰ। ছ’চিয়েল মিডিয়াত তীব্ৰভাৱে ট্ৰ’ল কৰা হৈছে নেহাক। বৰ্তমান গানটোৰ মূল কণ্ঠশিল্পী ফাল্গুনী পাঠকেও নেহাই গোৱা গীতটোৰ বাবে ছ’চিয়েল মিডিয়াত অসন্তুষ্টি প্ৰকাশ কৰে।

ফাল্গুনী পাঠকে এই গীতটোৰ নাম উল্লেখ নকৰাকৈয়ে আৰু নেহাৰ নাম নোকোৱাকৈয়ে নিজৰ অসন্তুষ্টি প্ৰকাশ কৰে। ফাল্গুনীয়ে ইনষ্টাগ্ৰাম ষ্ট’ৰীত একাংশ ইউজাৰৰ স্ক্ৰীণশ্বট শ্বেয়াৰ কৰিছে। এই স্ক্ৰীণশ্বটবোৰত ৰিমিক্সৰ বাবেই ইউজাৰসকলে নেহা কক্কাৰক ট্ৰ’লিং কৰা দেখা গৈছে। এজন ইউজাৰে লিখিছে- ''নেহা কক্কৰে কিছু মগজু ব্যৱহাৰ কৰিব লাগে।'' আন এজন ব্যৱহাৰকাৰীয়ে লিখিছে- ''শৈশৱৰ স্মৃতিবোৰক মই সাঁচি ৰাখিব বিচাৰো। যিটো নেহাই বেয়াকৈ নষ্ট কৰিছে।'' এজনে লিখিছে ''পাপ বন্ধ কৰক। এই গানটো কোনোবাই নিষিদ্ধ কৰিব পাৰিবনে?'' এজন ইউজাৰে লিখিছে ''নেহা আপুনি গান গোৱা বন্ধ কৰক। খিচিৰিৰ দোকান খোলক। আপুনি গানৰ খিচিৰি ভাল বনায়।'' এজন ব্যক্তিয়ে কয় যে, ''নেহা আপুনি ফাল্গুনী পাঠকক ঘোৰ অপমান কৰিছে।''

ছ’চিয়েল মিডিয়াত ক্ষোভ উজৰা নেটিজেনসকলৰ কমেণ্ট আৰু পষ্টৰ স্ক্ৰীণশ্বট শ্বেয়াৰ কৰি এনেদৰে ক্ষোভ উজাৰে ফাল্গুনী পাঠকে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
গণশিল্পী জুবিন গাৰ্গৰ ন্যায় বিচাৰি ঢেকিয়াজুলিত #JusticeForZubeenGarg শীৰ্ষক অনুষ্ঠান
জুবিন গাৰ্গৰ মৃত্যুৰ বাবে বৰপেটা আতচবাজী উদ্যোগৰ সিদ্ধান্ত: শব্দবিহীন আতচবাজী বজাৰত বিক্ৰীৰ বাবে কৰিব মুকলি
গহপুৰত জুবিন গাৰ্গৰ প্ৰথমটো প্ৰতিমূৰ্তি স্থাপনৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱাৰ পথত
চীন-আমেৰিকাৰ শুল্ক যুদ্ধই অথন্তৰ নমাব বিশ্বত
এই বছৰ প্ৰচণ্ড শীতত কঁপিব দেশবাসী
কৃত্রিম বুদ্ধিমত্তাই ৪ নিযুত নতুন চাকৰিৰ সৃষ্টি কৰিব ভাৰতত, নিটি আয়োগৰ প্ৰতিবেদনত দাবী
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ
ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ছেবাষ্টিয়েন লেকাৰ্নুৰ পদত্যাগ, মাত্র ২৭ দিনৰ বাবে কাৰ্যনিৰ্বাহ কৰি অভিলেখ
জুবিনৰ মৃত্যু-ৰহস্য, কি কি বিষয় সামৰিব ন্যায়িক তদন্ত আয়োগে?
ই ডিয়ে শ্যামকানুৰ সম্পত্তিৰ তদন্ত কৰোতে কি কি পোহৰলৈ আহিল?