--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সামান্য সালসলনি কৰি পুৰণি গীতবোৰ ৰিমিক্স কৰা ধাৰাটোৱে কেতিয়াবা গায়ক-গায়িকাসকলক সমস্যাই আগুৰি ধৰে। শেহতীয়াকৈ নেহা কক্কৰে ৰিমিক্স কৰিলে ফাল্গুনী পাঠকৰ জনপ্ৰিয় গান ‘মেইনে পায়েল হে ছনকাই’। গানটো মুক্তিৰ পোৱাৰ পৰাই সমালোচনাৰ সন্মুখীন হৈছে নেহা কক্কৰ। নেহাই  ফাল্গুনী পাঠকৰ সেই সুমধুৰ গীতটি নষ্ট কৰি পেলোৱা বুলি ক্ষোভ উজাৰে নেটিজেনসকলে। 

বহুতে কয় যে এই গানটোৰ লগত আমাৰ শৈশৱৰ স্মৃতি জড়িত হৈ আছে, সেই স্মৃতি নষ্ট কৰাৰ কোনো অধিকাৰ নাই নেহা কক্কৰৰ। ছ’চিয়েল মিডিয়াত তীব্ৰভাৱে ট্ৰ’ল কৰা হৈছে নেহাক। বৰ্তমান গানটোৰ মূল কণ্ঠশিল্পী ফাল্গুনী পাঠকেও নেহাই গোৱা গীতটোৰ বাবে ছ’চিয়েল মিডিয়াত অসন্তুষ্টি প্ৰকাশ কৰে।

ফাল্গুনী পাঠকে এই গীতটোৰ নাম উল্লেখ নকৰাকৈয়ে আৰু নেহাৰ নাম নোকোৱাকৈয়ে নিজৰ অসন্তুষ্টি প্ৰকাশ কৰে। ফাল্গুনীয়ে ইনষ্টাগ্ৰাম ষ্ট’ৰীত একাংশ ইউজাৰৰ স্ক্ৰীণশ্বট শ্বেয়াৰ কৰিছে। এই স্ক্ৰীণশ্বটবোৰত ৰিমিক্সৰ বাবেই ইউজাৰসকলে নেহা কক্কাৰক ট্ৰ’লিং কৰা দেখা গৈছে। এজন ইউজাৰে লিখিছে- ''নেহা কক্কৰে কিছু মগজু ব্যৱহাৰ কৰিব লাগে।'' আন এজন ব্যৱহাৰকাৰীয়ে লিখিছে- ''শৈশৱৰ স্মৃতিবোৰক মই সাঁচি ৰাখিব বিচাৰো। যিটো নেহাই বেয়াকৈ নষ্ট কৰিছে।'' এজনে লিখিছে ''পাপ বন্ধ কৰক। এই গানটো কোনোবাই নিষিদ্ধ কৰিব পাৰিবনে?'' এজন ইউজাৰে লিখিছে ''নেহা আপুনি গান গোৱা বন্ধ কৰক। খিচিৰিৰ দোকান খোলক। আপুনি গানৰ খিচিৰি ভাল বনায়।'' এজন ব্যক্তিয়ে কয় যে, ''নেহা আপুনি ফাল্গুনী পাঠকক ঘোৰ অপমান কৰিছে।''

ছ’চিয়েল মিডিয়াত ক্ষোভ উজৰা নেটিজেনসকলৰ কমেণ্ট আৰু পষ্টৰ স্ক্ৰীণশ্বট শ্বেয়াৰ কৰি এনেদৰে ক্ষোভ উজাৰে ফাল্গুনী পাঠকে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
জার্মান-মার্কিন ৩ বিজ্ঞানীলৈ চিকিৎসা বিজ্ঞানৰ নোবেল বঁটা
ভাৰত-ৱেষ্ট ইণ্ডিজৰ প্ৰথম টি-২০ আজি
প্লেগৰ আতংক বিয়পিছে ৰাছিয়াত; মহিলা গৱেষকৰ মৃত্যুৰ পাছত ২০০ লোক কোৱাৰেণ্টাইনত
ক্ষেত্ৰীত ভয়ংকৰ পথ দুৰ্ঘটনা; ৰাষ্ট্ৰীয় ঘাইপথৰ ৰেলিঙত বাহনৰ খুন্দা, মহিলাসহ তিনিজনৰ মৃত্যু
বদৰপুৰঘাটত বিভিচিএল হেল্থ চেণ্টাৰত লায়ন্স ক্লাবৰ চতুৰ্থটো চকু পৰীক্ষা শিবিৰ
স্মিত মচ্চাৰক ইজৰাইলৰ স্বাধীনতা দিৱসৰ অনুষ্ঠানলৈ আমন্ত্রণ প্ৰধানমন্ত্ৰী নেটান্যাহুৰ
ব্ৰহ্মপুত্ৰ নদীত মাছ মাৰিবলৈ আহি নিখোঁজ হৈ থকা নুনমাটিৰ ৰাজীৱ আলীৰ মৃতদেহ উদ্ধাৰ
বৰক্ষেত্ৰীত আৰক্ষীৰ নাকা তালাচীত ১১টা গৰুসহ এখন বাহন জব্দ; গ্ৰেপ্তাৰ দুজন
বর্ষাপাৰাত আজি ভাৰত-ৱেষ্ট ইণ্ডিজৰ দ্বিতীয় এদিনীয়া
গোলাঘাটত ড্ৰাগছৰ অভাৰড’জত উচ্চশিক্ষিত যুৱকৰ মৃত্যু; আৰক্ষীৰ তদন্ত আৰম্ভ
দুগুণলৈ বৃদ্ধি MBBSৰ মাচুল
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
মহানগৰীত ‘এক দিন, এক ঘণ্টা, এক সাথ’ শীৰ্ষক শ্ৰমদান কাৰ্যসূচী ৰূপায়ণ; মন্ত্ৰী অশ্বিনী ৰায় সৰকাৰৰ অংশগ্ৰহণ
বিলুপ্তিৰ দিশে অসমৰ আপুৰুগীয়া চৰাই ‘কাঠনি বোৱাৰী’