--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আলু বুলি ক’লেই বহুতে জাপ মাৰি উঠে। আলুৱে চৰ্বি বৃদ্ধি কৰে, আলুত যথেষ্ট শৰ্কৰা থাকে... কিমান যে কি অপবাদ দিয়া নহয় আলুক। কিন্তু আলুৱে আমাক আন বহু ৰোগৰ পৰাও বচাই ৰাখিব পাৰে। আজিকালি পৰিবেশ, পৰিস্থিতি আৰু জীৱনশৈলীৰ পৰিৱৰ্তনৰ বাবে হাৰ্ট এটেক অৰ্থাৎ হৃদৰোগত আক্ৰান্ত হোৱা লোকৰ সংখ্যা বহু বৃদ্ধি পাইছে।

স্বাস্থ্য বিজ্ঞানী সকলৰ  মতে  আলুৱে হৃদযন্ত্ৰ ভাল ৰখাত এক মূখ্য  ভূমিকা গ্ৰহণ  কৰে। বহু চিকিৎসকে কয় যে  হৃদৰোগৰ পৰা হাত সাৰি থাকিবলৈ  আপুনি দৈনিক খাদ্য তালিকাত আলু ৰাখিব পাৰে। 
আলু ত্যাগ কৰা লোকতকৈ আলু খাবলৈ ভালপোৱা লোকৰ সংখ্যা কম নহয়। বহুলোকে  আলু অবিহনে কোনো পাচলি ৰন্ধাৰ কথা ভাবিবই নোৱাৰে। সোৱাদৰ উপৰি আলু শৰীৰৰ বাবেও বহু ক্ষেত্ৰত ভাল। 

আলুৱে কেনেদৰে হৃদযন্ত্ৰৰ সুৰক্ষা দিয়ে বাৰু?  আলুত কলেষ্টেৰল বা সংপৃক্ত চৰ্বিৰ পৰিমাণ একেবাৰে কম। হৃদআক্ৰমণৰ আশংকা বৃদ্ধি কৰাত এই দুটা কাৰকে এক অগ্ৰণী ভূমিকা পালন কৰে। হৃদআক্ৰমণৰ আশংকা হ্ৰাস কৰিবলৈ আলু দৈনিক খাব  পাৰি। 

আলুত প্ৰচুৰ পটাছিয়াম হয়। কিন্তু ছডিয়ামৰ পৰিমাণ অতি কম। ছডিয়ামে উচ্চ ৰক্তচাপ আৰু হৃদআক্ৰমণৰ আশংকা বৃদ্ধি কৰে। গতিকে আপুনি হৃদযন্ত্ৰ ভালে ৰাখিবলৈ আলুৰ ওপৰত নিৰ্ভৰ কৰিব পাৰে।আঁহ সমৃদ্ধ আলুৱে তেজত গ্লুকোজৰ ভাৰসাম্য বজাই ৰাখে।

ফলস্বৰূপে, সামান্য পৰিমাণে আলু  খোৱাৰ পিছতো পেটটো দীৰ্ঘ সময়ৰ বাবে ভৰি থাকে। ফাইবাৰে হৃদযন্ত্ৰৰ সুৰক্ষাত সহায় কৰে। আলুত ভিটামিন চিৰ পৰিমাণ কম নহয়। ভিটামিন চি-য়ে ৰক্ত সঞ্চালন সক্ৰিয় কৰি ৰাখে। তেজ গোট মাৰিবলৈ নিদিব। ইয়াৰ ফলত উচ্চ ৰক্তচাপৰ দৰে সমস্যা বহু কমি যায় । হৃদৰোগৰ আক্ৰমণৰ আশংকাও কমি যায়।সেয়ে আলুক এলাগী নকৰাই ভাল হ’ব নিশ্চয়।










FOLLOW US F
POPULAR
FEATURE
TRENDY
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ