--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মধুৰী এবিধ পুষ্টিকৰ ফল। ইয়াৰ বহুতো উপকাৰী গুণ আছে। গ্ৰীষ্মকালৰ অন্তত আৰু বৰ্ষাকালৰ আৰম্ভণিত হোৱা এবিধ সুন্দৰ আৰু খাবলৈ সোৱাদযুক্ত ফল হৈছে মধুৰী। ইংৰাজীত 'Guava' নামেৰে পৰিচিত মধুৰীৰ বৈজ্ঞানিক নাম 'Psidium Guajava'। মধুৰিআমত ভিটামিন চি যথেষ্ট পৰিমাণে পোৱা যায়। ই আমাৰ শৰীৰৰ প্ৰতিৰক্ষা তন্ত্ৰটো শক্তিশালী কৰি ৰাখে যাৰ দ্বাৰা জ্বৰ, কাহ আদি ৰোগবিলাকৰ পৰা সুৰক্ষিত হৈ থাকিব পাৰি। কেৱল মধুৰীয়ে নহয় মধুৰী পাতৰো বহু ঔষধি গুণ আছে। বিভিন্ন ৰোগ প্ৰতিৰোধ কৰাত সহায় কৰে মধুৰীৰ পাতে। বহুতে দাবী কৰে যে মধুৰীৰ পাতে ওজন হ্ৰাস কৰাত সহায় কৰিব পাৰে। 

ইয়াৰ কোনো বৈজ্ঞানিক ভিত্তি আছেনে? মধুৰী পাতে ওজন কমোৱাত সহায় কৰে নে নকৰে জানো আহক

গৱেষণাই কি কয়?

এতিয়ালৈকে কোনো গৱেষণাৰ পৰা প্ৰমাণিত হোৱা নাই যে মধুৰী পাতৰ চাহ খালে বা মধুৰী পাত সেৱন কৰিলে ওজন কমাত সহায়ক হয়। এন্দুৰৰ ওপৰত কৰা গৱেষণাৰ পৰা দেখা গৈছে যে মধুৰী পাতে তেজৰ চেনি আৰু কলেষ্টেৰলৰ মাত্ৰা কমোৱাত সহায় কৰে। তথাপিও এই ফলাফলসমূহ মানুহৰ ক্ষেত্ৰত প্ৰয়োগ কৰিব নোৱাৰি আৰু ইয়াৰ লগত প্ৰত্যক্ষভাৱে ওজন জড়িত নহয়।

ওজন কমাব পৰা দাবীটো কিমান সঁচা?

কিছুমান মানুহে দাবী কৰে যে কেটেচিন, কুৱেৰচেটিন আৰু গেলিক এচিডকে ধৰি মধুৰী পাতত থকা এন্টিঅক্সিডেন্টে অক্সিডেটিভ ষ্ট্ৰেছৰ বিৰুদ্ধে যুঁজ দি ওজন কমাবলৈ সহায় কৰে। কিন্তু মধুৰী পাতৰ চাহত এই যৌগবোৰ অতি কম পৰিমাণে পোৱা যায়। তদুপৰি এই পাতবোৰত থকা এন্টিঅক্সিডেন্ট সেৱনৰ জৰিয়তে ওজন কমাব পৰাটো কোনো গৱেষণাই নিশ্চিত কৰা নাই।

হাৰ্বেল টি হ’ব পাৰে উপকাৰী 

মধুৰী পাতে ওজন কমাবলৈ সদায় অৰিহণা যোগায় বুলি কোৱা হয় যদিও কোনো বৈজ্ঞানিক গৱেষণাই এই দাবীক সমৰ্থন নকৰে। অৱশ্যে চেনিযুক্ত পানীয়ৰ সলনি হাৰ্বেল চাহ খালে ওজন কমিব পাৰে। এই ক্ষেত্ৰত মধুৰী পাতৰ চাহেও আপোনাক পৰোক্ষভাৱে সহায় কৰিব পাৰে, কিন্তু ইয়াক ফলপ্ৰসূ প্ৰতিকাৰ হিচাপে নাভাবিব।









FOLLOW US F
POPULAR
FEATURE
TRENDY
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ