--°C
Loading...
Listen to Article
2 min read
80%
- পংকজ পাঠক

মেগী, চাওমিন, মানচুৰিয়ান , স্প্ৰিং ৰোল, পিজা , বাৰ্গাৰ আদি আজিকালি যুৱ সমাজৰ মাজত বহুত বেছি পৰিমাণে প্ৰচলন হ’ব ধৰিছে । বহুতে দিনটো এইবোৰ খায়েই পেট ভৰায় । 
কিন্তু আপুনি জানেনে যে এইবোৰ খাদ্যৰ সোৱাদ বঢ়াবলৈ কি ব্যৱহাৰ কৰা হয়  বা কিদৰে সোৱাদ বঢ়োৱা হয় ? 
এইবোৰৰ সোৱাদ বঢ়াবলৈ এবিধ বিশেষ মছলাৰ ব্যৱহাৰ কৰা হয় ।  যাৰ ৰাসায়নিক নামটো হল 'মনো চডিয়াম গ্লুতামেট' বা চমুকৈ M. S. G. 
এইটোক আমি সাধাৰণতে  'আজিনামতো ' বুলি জানো । এইবিধ যি খাদ্যতেই দিয়া হয় , ই সেই খাদ্যৰ সোৱাদ বঢ়াই দিয়ে ।
'আজিনামতো' হল এনেকুৱা এবিধ ৰাসায়নিক দ্ৰব্য , যিবিধ জিভাত দিয়াৰ পাছত আমাৰ জিভাই  ভ্ৰমিত হৈ ভুল সংকেত মগজুলৈ প্ৰেৰণ কৰে । যাৰ বাবে গেলি-পচি যোৱা খাদ্যও ভাল লাগে । এইবিধ ৰাসায়নিকৰ প্ৰয়োগৰ ফলত আমাৰ শৰীৰৰ অংগ-প্ৰত্যংগ আৰু মস্তিষ্কৰ মাজৰ নিউৰণ নেটৱৰ্কত বাধা পায় । যাৰ দীঘলীয়া পৰিণাম বহুত ভয়ানক হ'ব পাৰে । 

এই আজিনামতোৰ আৱিষ্কাৰ জাপানৰ কিকুনেই ইকেদা নামৰ এজন বৈজ্ঞানীকে 1908 চনত কৰিছিল । 
সেই সময়ত কিকুনেই ইকেদা 'টকীও ইম্পৰীয়েল ইউনিভাৰ্চিটি'ত প্ৰফেছৰ হিচাপে কাম কৰি আছিল ।  তেওঁৰ পত্নীয়ে কেল্প নামৰ এবিধ বিশেষ 'চুপ' (soup')  জাপানী সাগৰীয় ঘাঁহেৰে বনাইছিল ।  সেই কেল্প নামৰ ঘাঁহেৰে বনোৱা চুপ বিধৰ পৰা এটা বেয়া গোন্ধ ওলাইছিল । 
প্ৰফেছৰ কিকুনেই ইকেডাই  জলীয় নিষ্কাষন আৰু কৃষ্টলিকৰণ পদ্ধতিৰ দ্বাৰা সাগৰীয় ঘাঁহ লমিনেৰীয়া জাপানীকা , কম্বুৰ পৰা গ্লুতামিন অম্ল (আজিনামতো) পৃথক কৰি সেই নিমখৰ নাম Umami ৰাখে ।  যিটোৰ অৰ্থ হল সুখী সোৱাদ । পাছলৈ প্ৰফেছৰ কিকুনেই ইকেডাই জাপানত ইয়াৰ patent লৈ  MSG নাম ৰাখে । 

1909 চনত sujuki কোম্পানীৰ লগত মিলি Ajinomoto নামৰে কোম্পানী খোলে ।
এই আজিনামতোৰ সেৱন কৰাৰ ফলত আপোনাৰ শৰীৰত ৰক্তচাপ বাঢ়িব ধৰে , মূৰৰ বিষ , ঘাম ওলোৱা , মুখমণ্ডল ৰঙা পৰা , দুৰ্বল দুৰ্বল ভাৱ হোৱা আদি তাৎক্ষণিক প্ৰভাৱ আহি পৰে । 
বহুতো গৱেষণাত ই মানুহক নুপুংসক বনাব পাৰে ,অনিদ্ৰা ৰোগ হব পাৰে, মগজু পাগল কৰিব পাৰে আৰু চকুৰ দৃষ্টিশক্তি নোহোৱা কৰিবও পাৰে বুলি প্ৰমাণ পাইছে ।
ইয়াৰ সেৱনৰ ফলত শৰীৰৰ মাংসপেশীৰ টনাটনি কৰা , হৃদপিণ্ডৰ গতিবেগ অস্বাভাৱিক কৰা আদিও কৰে । 
শৰীৰত কেলচিয়ামৰ মাত্ৰা কম কৰি ই হাড়ৰ বিষ কৰিব পাৰে ।
ইয়াৰ উপৰিও ইয়াৰ বহুতো ভয়ংকৰ পৰিমাণ আছে , যিবোৰ দীঘলীয়া সময় সেৱন কৰাৰ ফলত হ'ব পাৰে ।

(পংকজ পাঠকৰ ফেচবুক একাউণ্টৰ পৰা সংগৃহীত)



FOLLOW US F
POPULAR
FEATURE
TRENDY
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু