--°C
Loading...
Listen to Article
2 min read
80%
- পংকজ পাঠক

মেগী, চাওমিন, মানচুৰিয়ান , স্প্ৰিং ৰোল, পিজা , বাৰ্গাৰ আদি আজিকালি যুৱ সমাজৰ মাজত বহুত বেছি পৰিমাণে প্ৰচলন হ’ব ধৰিছে । বহুতে দিনটো এইবোৰ খায়েই পেট ভৰায় । 
কিন্তু আপুনি জানেনে যে এইবোৰ খাদ্যৰ সোৱাদ বঢ়াবলৈ কি ব্যৱহাৰ কৰা হয়  বা কিদৰে সোৱাদ বঢ়োৱা হয় ? 
এইবোৰৰ সোৱাদ বঢ়াবলৈ এবিধ বিশেষ মছলাৰ ব্যৱহাৰ কৰা হয় ।  যাৰ ৰাসায়নিক নামটো হল 'মনো চডিয়াম গ্লুতামেট' বা চমুকৈ M. S. G. 
এইটোক আমি সাধাৰণতে  'আজিনামতো ' বুলি জানো । এইবিধ যি খাদ্যতেই দিয়া হয় , ই সেই খাদ্যৰ সোৱাদ বঢ়াই দিয়ে ।
'আজিনামতো' হল এনেকুৱা এবিধ ৰাসায়নিক দ্ৰব্য , যিবিধ জিভাত দিয়াৰ পাছত আমাৰ জিভাই  ভ্ৰমিত হৈ ভুল সংকেত মগজুলৈ প্ৰেৰণ কৰে । যাৰ বাবে গেলি-পচি যোৱা খাদ্যও ভাল লাগে । এইবিধ ৰাসায়নিকৰ প্ৰয়োগৰ ফলত আমাৰ শৰীৰৰ অংগ-প্ৰত্যংগ আৰু মস্তিষ্কৰ মাজৰ নিউৰণ নেটৱৰ্কত বাধা পায় । যাৰ দীঘলীয়া পৰিণাম বহুত ভয়ানক হ'ব পাৰে । 

এই আজিনামতোৰ আৱিষ্কাৰ জাপানৰ কিকুনেই ইকেদা নামৰ এজন বৈজ্ঞানীকে 1908 চনত কৰিছিল । 
সেই সময়ত কিকুনেই ইকেদা 'টকীও ইম্পৰীয়েল ইউনিভাৰ্চিটি'ত প্ৰফেছৰ হিচাপে কাম কৰি আছিল ।  তেওঁৰ পত্নীয়ে কেল্প নামৰ এবিধ বিশেষ 'চুপ' (soup')  জাপানী সাগৰীয় ঘাঁহেৰে বনাইছিল ।  সেই কেল্প নামৰ ঘাঁহেৰে বনোৱা চুপ বিধৰ পৰা এটা বেয়া গোন্ধ ওলাইছিল । 
প্ৰফেছৰ কিকুনেই ইকেডাই  জলীয় নিষ্কাষন আৰু কৃষ্টলিকৰণ পদ্ধতিৰ দ্বাৰা সাগৰীয় ঘাঁহ লমিনেৰীয়া জাপানীকা , কম্বুৰ পৰা গ্লুতামিন অম্ল (আজিনামতো) পৃথক কৰি সেই নিমখৰ নাম Umami ৰাখে ।  যিটোৰ অৰ্থ হল সুখী সোৱাদ । পাছলৈ প্ৰফেছৰ কিকুনেই ইকেডাই জাপানত ইয়াৰ patent লৈ  MSG নাম ৰাখে । 

1909 চনত sujuki কোম্পানীৰ লগত মিলি Ajinomoto নামৰে কোম্পানী খোলে ।
এই আজিনামতোৰ সেৱন কৰাৰ ফলত আপোনাৰ শৰীৰত ৰক্তচাপ বাঢ়িব ধৰে , মূৰৰ বিষ , ঘাম ওলোৱা , মুখমণ্ডল ৰঙা পৰা , দুৰ্বল দুৰ্বল ভাৱ হোৱা আদি তাৎক্ষণিক প্ৰভাৱ আহি পৰে । 
বহুতো গৱেষণাত ই মানুহক নুপুংসক বনাব পাৰে ,অনিদ্ৰা ৰোগ হব পাৰে, মগজু পাগল কৰিব পাৰে আৰু চকুৰ দৃষ্টিশক্তি নোহোৱা কৰিবও পাৰে বুলি প্ৰমাণ পাইছে ।
ইয়াৰ সেৱনৰ ফলত শৰীৰৰ মাংসপেশীৰ টনাটনি কৰা , হৃদপিণ্ডৰ গতিবেগ অস্বাভাৱিক কৰা আদিও কৰে । 
শৰীৰত কেলচিয়ামৰ মাত্ৰা কম কৰি ই হাড়ৰ বিষ কৰিব পাৰে ।
ইয়াৰ উপৰিও ইয়াৰ বহুতো ভয়ংকৰ পৰিমাণ আছে , যিবোৰ দীঘলীয়া সময় সেৱন কৰাৰ ফলত হ'ব পাৰে ।

(পংকজ পাঠকৰ ফেচবুক একাউণ্টৰ পৰা সংগৃহীত)



FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক