--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এক চাঞ্চল্যকৰ হত্যাকাণ্ডই জোকাৰিছে ছত্তীশগড়। এগৰাকী হেড কনিষ্টবলৰ পত্নী আৰু কন্যাক দাৰে ডিঙি কাটি হত্যা কৰে দুৰ্বৃত্তই। 

দুৰ্বৃত্তই হেড কনিষ্টবলৰ পত্নী আৰু কন্যাৰ ঘৰত প্ৰৱেশ কৰি দুয়োকে হত্যা কৰে। ইয়াৰ পাছত দুয়োটা মৃতদেহ প্ৰায় ৫ কিলোমিটাৰ দূৰৈৰ এটা খালৰ সমীপৰ পথাৰত উদ্ধাৰ হয়। আৰক্ষীয়ে দুয়োটা মৃতদেহ অৰ্ধনগ্ন অৱস্থাত উদ্ধাৰ কৰে। এই হত্যাকাণ্ডত কুলদীপ সাহু নামৰ এজন লোকৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছে।

এই বৰ্বৰ হত্যাকাণ্ডৰ প্ৰতিবাদত ক্ষুব্ধ ৰাইজে অভিযুক্ত কুলদীপ সাহুৰ ঘৰ আৰু গুদামৰ বাহিৰত ৰখাই থোৱা বাহনসমূহো অগ্নিসংযোগ কৰে। চহৰখন বন্ধ কৰি সূৰজপুৰ আৰক্ষী থানা ঘেৰাও কৰে। ইয়াৰ মাজতে ৰাইজে এছডিএমকো মাৰপিট কৰে। এই গোচৰত এতিয়া আৰক্ষীয়ে হত্যাৰ অপৰাধ পঞ্জীয়ন কৰি তদন্ত অব্যাহত ৰাখিছে। উত্তেজিত পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত মহানগৰীত মোতায়েন কৰা হৈছে আৰক্ষী বাহিনী।


তথ্য অনুসৰি চুৰাজপুৰ মাহগাৱান ৰিং ৰোডৰ এটা ভাড়াঘৰৰ ওপৰৰ মহলাত পত্নী মেহনাজ (৩৬) আৰু কন্যা আলিয়া (১৪)ৰ সৈতে হেড কনিষ্টবল তালিব শ্বেখে (৪২) বাস কৰে। তেওঁৰ কন্যাই সুৰজপুৰৰ সাধুৰাম বিদ্যা মন্দিৰত অধ্যয়ন কৰিছিল। তালিব শ্বেখৰ পোষ্টিং ৰামকোলা থানা, কিন্তু কিছুদিন তেওঁ সুৰজপুৰ থানাৰ লগত সংলগ্ন হৈ কাম কৰি আছিল। প্ৰতিদিনৰ দৰে দেওবাৰে সন্ধিয়া তেওঁ থানাত কৰ্তব্য কৰি আছিল। ঘৰত পত্নী মেহনাজ আৰু কন্যা আলিয়া আছিল। নিশা প্ৰায় ১০ বজাত তালিব শ্বেখে পত্নীক ফোন কৰিলে, কিন্তু পত্নীয়ে ফোন ৰিচিভ কৰা নাছিল। তালিব শ্বেইখে ভাবিছিল যে হয়তো তেওঁ কামত ব্যস্ত, সেইবাবেই তেওঁ এই কথাত গুৰুত্ব নিদিলে।


ডিউটিৰ পাছত প্ৰায় ১ বজাত হেড কনিষ্টবলজনে নিজৰ ঘৰলৈ গ’ল। ঘৰৰ প্ৰথম মহলাৰ বাহিৰত আৰু চিৰিৰ ভিতৰত ৰক্তাক্ত মানুহ এজনক টানি নিয়াৰ চিন দেখা গৈছিল। আতংকিত হৈ তেওঁ ঘৰৰ ভিতৰলৈ সোমাই গ’ল আৰু তাতে পত্নী আৰু জীয়েকক দেখা নাপালে। পাকঘৰত বহুত বস্তু সিঁচৰতি হৈ আছিল। গোটেই ৰাতি দুয়োৰে সন্ধান চলি থাকিল। তেজৰ চিন পোৱা গৈছে ভাড়াঘৰৰ প্ৰথম মহলাৰ পৰা তলৰ পথাৰখনলৈকে। পুৱাৰ ভাগত মৃতদেহ পথাৰত উদ্ধাৰ হয় আৰু ঘৰৰ সমীপতে এখন দা উদ্ধাৰ কৰা হয়।

সম্প্ৰতি আৰক্ষীয়ে ঘৰটো ছীল কৰিছে। ফৰেনছিক দলকো সেই স্থানলৈ মাতি অনা হৈছে। ঘটনা অনুসৰি আৰক্ষীয়ে জনোৱা মতে, দুৰ্গা বিসৰ্জনৰ পৰা উভতি অহাৰ সময়ত ঘনশ্যাম সোণৱানী নামৰ এগৰাকী কনিষ্টবলৰ সৈতে অপৰাধী কুলদীপ সাহুৰ বিবাদ হৈছিল। এই বিবাদৰ সময়ছোৱাত কুলদীপ সাহুৱে কনিষ্টবলজনৰ ওপৰত উতলি থকা তেল ঢালি দিছিল। কনিষ্টবলজনক চিকিৎসালয়ত ভৰ্তি কৰাই আৰক্ষীয়ে অভিযুক্ত কুলদীপৰ সন্ধানত অভিযান চলাইছিল। হেড কনিষ্টবল তালিব শ্বেইখো কুলদীপক গ্ৰেপ্তাৰ কৰা অভিযানত ব্যস্ত আছিল। 

এই কথাতে ক্ষুব্ধ হৈ কুলদীপ সাহুৱে তালিব শ্বেখৰ ঘৰত উপস্থিত হৈ পত্নী আৰু কন্যাক দাৰে ডিঙি কাটি হত্যা কৰে। ইয়াৰ পাছত দুয়োৰে মৃতদেহ গাড়ীত ভৰাই ঘৰৰ পৰা পাঁচ কিলোমিটাৰ দূৰলৈ দলিয়াই দিয়ে। আৰক্ষীয়ে জব্দ কৰিছে কুলদীপ সাহুৰ গাড়ী, য’ত তেজ পোৱা গৈছে। কুলদীপক গ্ৰেপ্তাৰ কৰিবলৈ তীব্ৰ অভিযান অব্যাহত ৰাখিছে আৰক্ষীয়ে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাজবীৰৰ কণ্ঠত মুক্তি পালে এক ব্যতিক্ৰমী নতুন অসমীয়া গীত ‘অনুৰোধ’
ইউৰোপত উৎকট গৰম; ১০ সহস্রাধিক লোকৰ মৃত্যু
অমৃত ভাৰত ষ্টেচন আঁচনিৰ অধীনত আধুনিক ৰূপ লাভ কৰিলে মাজবাট ৰে’লৱে ষ্টেচনে
লক্ষ্ণৌৰ 5-ষ্টাৰ হোটেলত ৰহস্যজনক অৱস্থাত যুৱ বিজ্ঞানীৰ মৃতদেহ উদ্ধাৰ, বিচনাৰ কাষত পোৱা গ’ল বমিৰ দাগ
বান গ’ল, কিন্তু শেষ হোৱা নাই দুৰ্ভোগ; নৰক যন্ত্ৰণা, আৱৰ্জনা, দুৰ্গন্ধ আৰু ৰোগৰ আতংকত জোনাইৰ মধুপুৰ-অৰুণ চাপৰি ৰাইজ
বজালীত শোকাৱহ অঘটন; কালদিয়া নৈ পাৰ হ’বলৈ গৈ উটি গ’ল বৃদ্ধ কৃষক
অতি উপকাৰী পাচলি কোমোৰা; গুণাগুণসমূহ জানো আহক
বিষ্ণয় গেঙৰ সন্ধানত অপাৰেশ্যন ‘হার্ড বল’
পৰাজয়ৰ ক্ষোভত ফাটি পৰিছে ইজিপ্ত; আর্জেণ্টিনাৰ বিজয়ক ‘ফিক্সিং’ আখ্যা ইজিপ্তৰ
যুদ্ধ আৰম্ভ, লগে লগে শ্বেয়াৰ বজাৰত বিপৰ্যয়; খাৰুৱা তেলৰ দাম ৬% বৃদ্ধি
নাৰায়ণপুৰৰ ধলপুৰত শহুৰেকৰ ঘৰত হাতত চোকা দা লৈ জোঁৱায়েকৰ ভয়ংকৰ তাণ্ডৱ
শিক্ষকতাত কালিমা! আনৰ পত্নীৰ সৈতে অবৈধ সম্পৰ্ক স্থাপন কৰিবলৈ গৈ আৰক্ষীৰ জালত পৰিল ধুবুৰীৰ এজন প্ৰধান শিক্ষক
চামগুৰিত নৃশংস হত্যাকাণ্ড; স্বামীৰ আক্ৰমণত প্ৰাণ গ’ল পত্নীৰ, সংকটজনক অৱস্থাত চিকিৎসাধীন মাতৃ
লখিমপুৰত জালনোট চক্ৰৰ বিৰুদ্ধে অভিযান; এনকাউণ্টাৰত আহত ২, মাষ্টাৰমাইণ্ডসহ ১৩ জনক গ্ৰেপ্তাৰ
Advertisement