--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: উত্তৰ প্ৰদেশৰ ললিতপুৰত সংঘটিত হয় এক চাঞ্চল্যৰ ঘটনা ।যাত্ৰীবাহী ৰে’লৰ জৰুৰীকালীন খিৰিকীৰ পৰা ৮ বছৰীয়া শিশু বাগৰি পৰে ৷ ৰে’লখন ১০ কিলোমিটাৰ আগুৱাই যোৱাৰ পিছত পিতৃয়ে লক্ষ্য কৰে যে কন্যাজনী আসনত নাই ৷ৰাতি ৰে’লখন ৰখাই হাবিত তেওঁলোকে সন্ধান আৰম্ভ কৰে। এই সন্দৰ্ভত তথ্য পোৱাৰ লগে লগে ললিতপুৰ ৰে’লৱে আৰক্ষীৰ লোকে উদ্ধাৰ অভিযান চলাই নিশাৰ আন্ধাৰত শিশুটিক উদ্ধাৰ কৰে আৰু আহত শিশুটিক মালবাহী ট্ৰেইন এখেনৰে ষ্টেচনলৈ অনা হয়। শিশুটিৰ ভৰিখন আঘাতপ্ৰাপ্ত হোৱাৰ বাবে খোজ কঢ়াত যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে ।


মথুৰা জিলাৰ ব্ৰাধৱনৰ ৰঙানাথ মন্দিৰৰ বাসিন্দা অৰবিন্দ তিৱাৰীয়ে পত্নী আৰু ৮ বছৰীয়া কন্যা সন্তানৰ সৈতে মধ্যপ্ৰদেশৰ নিজৰ গাঁও টিকামগড়লৈ গৈছিল। শিশুটি ৰে’লৰ খিৰিকীৰ ওচৰত বহি আছিল আৰু ৰেলৰ খিৰিকীখন খোলা আছিল। প্ৰচণ্ড বতাহৰ বাবে খিৰিকীৰে বাহিৰলৈ বাগৰি পৰে ছোৱালীজনী। ছোৱালীজনীয়ে দুঘণ্টা ধৰি জোপোহাৰ মাজত কান্দি কান্দি মাক-দেউতাকক মাতিয়েই থাকিল।




অৱশেষত শিশুটিক শিশুটিক উদ্ধাৰ কৰা হ’ল ৷ জোপোহাৰ পৰা উদ্ধাৰ কৰাৰ পিছত ৰে’লৱে আৰক্ষীৰ লোকে পাৰ হৈ যোৱা এখন মালবাহী ট্ৰেইন ৰখাই দিয়ে। কন্যাসহ পৰিয়ালটো এখন মালবাহী ট্ৰেইনত উঠি ললিতপুৰ ৰে’ল ষ্টেচন পালেহি। প্ৰথমে শিশুটিক ষ্টেচনতে চিকিৎসা প্ৰদান কৰাৰ পিছতে জিলা চিকিৎসালয়লৈ লৈ যোৱা হয়। য'ত ছোৱালীজনীৰ ভৰিত প্লাষ্টাৰ লগাই শনিবাৰে পুৱাই তেওঁক জিলা চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। পিছদিনা ডিচচাৰ্জ হোৱাৰ পিছত দেওবাৰে সন্ধিয়া ঘৰলৈ উভতে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু