--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: উত্তৰ প্ৰদেশৰ ললিতপুৰত সংঘটিত হয় এক চাঞ্চল্যৰ ঘটনা ।যাত্ৰীবাহী ৰে’লৰ জৰুৰীকালীন খিৰিকীৰ পৰা ৮ বছৰীয়া শিশু বাগৰি পৰে ৷ ৰে’লখন ১০ কিলোমিটাৰ আগুৱাই যোৱাৰ পিছত পিতৃয়ে লক্ষ্য কৰে যে কন্যাজনী আসনত নাই ৷ৰাতি ৰে’লখন ৰখাই হাবিত তেওঁলোকে সন্ধান আৰম্ভ কৰে। এই সন্দৰ্ভত তথ্য পোৱাৰ লগে লগে ললিতপুৰ ৰে’লৱে আৰক্ষীৰ লোকে উদ্ধাৰ অভিযান চলাই নিশাৰ আন্ধাৰত শিশুটিক উদ্ধাৰ কৰে আৰু আহত শিশুটিক মালবাহী ট্ৰেইন এখেনৰে ষ্টেচনলৈ অনা হয়। শিশুটিৰ ভৰিখন আঘাতপ্ৰাপ্ত হোৱাৰ বাবে খোজ কঢ়াত যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে ।


মথুৰা জিলাৰ ব্ৰাধৱনৰ ৰঙানাথ মন্দিৰৰ বাসিন্দা অৰবিন্দ তিৱাৰীয়ে পত্নী আৰু ৮ বছৰীয়া কন্যা সন্তানৰ সৈতে মধ্যপ্ৰদেশৰ নিজৰ গাঁও টিকামগড়লৈ গৈছিল। শিশুটি ৰে’লৰ খিৰিকীৰ ওচৰত বহি আছিল আৰু ৰেলৰ খিৰিকীখন খোলা আছিল। প্ৰচণ্ড বতাহৰ বাবে খিৰিকীৰে বাহিৰলৈ বাগৰি পৰে ছোৱালীজনী। ছোৱালীজনীয়ে দুঘণ্টা ধৰি জোপোহাৰ মাজত কান্দি কান্দি মাক-দেউতাকক মাতিয়েই থাকিল।




অৱশেষত শিশুটিক শিশুটিক উদ্ধাৰ কৰা হ’ল ৷ জোপোহাৰ পৰা উদ্ধাৰ কৰাৰ পিছত ৰে’লৱে আৰক্ষীৰ লোকে পাৰ হৈ যোৱা এখন মালবাহী ট্ৰেইন ৰখাই দিয়ে। কন্যাসহ পৰিয়ালটো এখন মালবাহী ট্ৰেইনত উঠি ললিতপুৰ ৰে’ল ষ্টেচন পালেহি। প্ৰথমে শিশুটিক ষ্টেচনতে চিকিৎসা প্ৰদান কৰাৰ পিছতে জিলা চিকিৎসালয়লৈ লৈ যোৱা হয়। য'ত ছোৱালীজনীৰ ভৰিত প্লাষ্টাৰ লগাই শনিবাৰে পুৱাই তেওঁক জিলা চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। পিছদিনা ডিচচাৰ্জ হোৱাৰ পিছত দেওবাৰে সন্ধিয়া ঘৰলৈ উভতে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ