--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতত প্রতি ঘণ্টাত পথ দুৰ্ঘটনাত ১৯ জন লোকৰ মৃত্যু হৈছিল ২০২২ বৰ্ষত। এই ১৯ জনৰ মাজত গড়ে ছজনে হেলমেট পৰিধান নকৰাকৈ দুচকীয়া বাহন চলোৱাৰ ফলত দুৰ্ঘটনাত প্ৰাণ হেৰুৱাইছিল। আনহাতে, মৃতকৰ মাজত গড়ে দুজন এনে লোকো আছে, যিসকলে বাহন চলোৱা বা যাত্ৰীৰ আসনত বহাৰ সময়ত ছিটবেল্ট পৰিধান কৰা নাছিল। 

কেন্দ্ৰীয় পথ আৰু পৰিবহণ মন্ত্রণালয়ৰ প্ৰতিবেদনত এই তথ্য পোহৰলৈ আহিল। ২০২২ বৰ্ষত দেশত সংঘটিত পথ দুৰ্ঘটনাৰ সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰৰ পথ আৰু পৰিবহণ মন্ত্রণালয়ে মঙলবাৰে বাৰ্ষিক প্রতিবেদন প্রকাশ কৰিছিল। এই প্ৰতিবেদনত উল্লেখ কৰা অনুসৰি, ২০২২ বৰ্ষত দেশত মুঠ ৪,৬১,৩১২ টা পথ দুর্ঘটনা সংঘটিত হৈছিল আৰু এনে দুৰ্ঘটনাৰ ফলত ১,৬৮,৪৯১ জন লোকৰ মৃত্যু হৈছিল। 

২০২১ বৰ্ষৰ তুলনাত ২০২২ বৰ্ষত দেশত দুৰ্ঘটনাৰ সংখ্যা ১১.৯ শতাংশ বৃদ্ধি পালে। কেন্দ্ৰীয় চৰকাৰৰ উক্ত প্রতিবেদনত উল্লেখ কৰা অনুসৰি, দুচকীয়া বাহন আৰু গাড়ী চলোৱাৰ সময়ত মূলত হেলমেট পৰিধান নকৰা আৰু ছিটবেল্ট লগোৱাৰ পৰা বিৰত থকাৰ ফলত দুৰ্ঘটনাত মৃতকৰ সংখ্যা দেশত বৃদ্ধি পাইছে। ২০২২ বৰ্ষত হেলমেট মুঠ পৰিধান নকৰাত দেশত ৫০,০২৯ জন আৰু ছিটবেল্ট ব্যৱহাৰ নকৰাৰ কাৰণত ১৬,৭১৫জন লোকৰ দুৰ্ঘটনাত মৃত্যু হৈছিল। 

একেদৰে এক লাখৰো অধিক আৰোহী দুৰ্ঘটনাত আহত হৈছিল হেলমেট পৰিধান নকৰাৰ কাৰণত। ২০২২ত দেশত পথ দুৰ্ঘটনাত এক লাখ ৬৮ হেজাৰ লোকৰ মৃত্যু হৈছিল আৰু এইসকলৰ ৪৫ শতাংশই আছিল দুচকীয়া বাহনৰ চালক বা যাত্রী।





FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু