--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নিৰ্বাচনৰ প্ৰচাৰত নকল ভিডিঅ'ৰ প্ৰয়োগ প্ৰায়ে প্ৰত্যক্ষ হৈ আহিছে। এইবাৰ মধ্য প্ৰদেশৰ নিৰ্বাচনতো কংগ্ৰেছৰ বিৰুদ্ধে নকল ভিডিঅ'ৰে প্ৰচাৰৰ অভিযোগ উত্থাপিত হ'ল। ভিডিঅ' অনুসৰি মধ্য প্রদেশ বিধানসভা নিৰ্বাচনত কংগ্ৰেছৰ হৈ প্ৰচাৰত নামিছে বলিউড অভিনেতা কাৰ্তিক আৰিয়ান৷ কংগ্ৰেছে প্ৰচাৰ কৰা সেই ভিডিঅ'টোত দাবী কৰা অনুসৰি, কমলনাথৰ নেতৃত্বত কংগ্ৰেছৰ নিৰ্বাচনী প্রতিশ্রুতি, জনকল্যাণমূলক আঁচনিসমূহে কাৰ্তিক আৰিয়ানৰ জনপ্ৰিয়তাকো অতিক্রম কৰিছে। 

‘এক্স' হেণ্ডেলত কার্তিক আৰিয়ানে আন এক ভিডিঅ' শ্বেয়াৰ কৰি কয় যে কংগ্ৰেছৰ হৈ তেওঁ প্ৰচাৰ চলোৱাৰ যি ভিডিঅ' ছ'চিয়েল মিডিয়াত ভাইৰেল হৈছে সেই ভিডিঅ' সম্পূৰ্ণৰূপে নকল। কার্তিকে এইদৰে লিখিলে, 'আমি যি ভিডিঅ' শ্বেয়াৰ কৰিছো কেৱল এই ভিডিঅ’হে প্ৰকৃত৷ বাকী যাৱতীয় ভিডিঅ' নকল।' এটা জনপ্রিয় অটিটি মাধ্যমত বিজ্ঞাপনৰ এক অংশ হিচাপে ক্ৰপ কৰি মৰ্ফড কৰা হৈছে এই নকল ভিডিঅ'। 

উল্লেখ্য যে অহা ১৭ নৱেম্বৰত মধ্য প্ৰদেশত ২৩০ বিধানসভা সমষ্টিত নির্বাচন অনুষ্ঠিত হ'ব। আসন্ন নিৰ্বাচনত বিজেপিৰ শিৱৰাজ সিং . চৌহান চৰকাৰক উৎখাত কৰিবলৈ প্রাণপণ চেষ্টা চলাইছে কমলনাথ নেতৃত্বাধীন কংগ্ৰেছে। দলে প্ৰচাৰৰ এক অংশ হিচাপে বলিউড অভিনেতাৰ এনে নকল ভিডিঅ'ও ব্যৱহাৰ কৰিছে। 

এনে কৰ্মৰ বাবে কংগ্ৰেছক কঠোৰ সমালোচনা কৰিছে জনসাধৰণে।





FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ