--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নিৰ্বাচনৰ প্ৰচাৰত নকল ভিডিঅ'ৰ প্ৰয়োগ প্ৰায়ে প্ৰত্যক্ষ হৈ আহিছে। এইবাৰ মধ্য প্ৰদেশৰ নিৰ্বাচনতো কংগ্ৰেছৰ বিৰুদ্ধে নকল ভিডিঅ'ৰে প্ৰচাৰৰ অভিযোগ উত্থাপিত হ'ল। ভিডিঅ' অনুসৰি মধ্য প্রদেশ বিধানসভা নিৰ্বাচনত কংগ্ৰেছৰ হৈ প্ৰচাৰত নামিছে বলিউড অভিনেতা কাৰ্তিক আৰিয়ান৷ কংগ্ৰেছে প্ৰচাৰ কৰা সেই ভিডিঅ'টোত দাবী কৰা অনুসৰি, কমলনাথৰ নেতৃত্বত কংগ্ৰেছৰ নিৰ্বাচনী প্রতিশ্রুতি, জনকল্যাণমূলক আঁচনিসমূহে কাৰ্তিক আৰিয়ানৰ জনপ্ৰিয়তাকো অতিক্রম কৰিছে। 

‘এক্স' হেণ্ডেলত কার্তিক আৰিয়ানে আন এক ভিডিঅ' শ্বেয়াৰ কৰি কয় যে কংগ্ৰেছৰ হৈ তেওঁ প্ৰচাৰ চলোৱাৰ যি ভিডিঅ' ছ'চিয়েল মিডিয়াত ভাইৰেল হৈছে সেই ভিডিঅ' সম্পূৰ্ণৰূপে নকল। কার্তিকে এইদৰে লিখিলে, 'আমি যি ভিডিঅ' শ্বেয়াৰ কৰিছো কেৱল এই ভিডিঅ’হে প্ৰকৃত৷ বাকী যাৱতীয় ভিডিঅ' নকল।' এটা জনপ্রিয় অটিটি মাধ্যমত বিজ্ঞাপনৰ এক অংশ হিচাপে ক্ৰপ কৰি মৰ্ফড কৰা হৈছে এই নকল ভিডিঅ'। 

উল্লেখ্য যে অহা ১৭ নৱেম্বৰত মধ্য প্ৰদেশত ২৩০ বিধানসভা সমষ্টিত নির্বাচন অনুষ্ঠিত হ'ব। আসন্ন নিৰ্বাচনত বিজেপিৰ শিৱৰাজ সিং . চৌহান চৰকাৰক উৎখাত কৰিবলৈ প্রাণপণ চেষ্টা চলাইছে কমলনাথ নেতৃত্বাধীন কংগ্ৰেছে। দলে প্ৰচাৰৰ এক অংশ হিচাপে বলিউড অভিনেতাৰ এনে নকল ভিডিঅ'ও ব্যৱহাৰ কৰিছে। 

এনে কৰ্মৰ বাবে কংগ্ৰেছক কঠোৰ সমালোচনা কৰিছে জনসাধৰণে।





FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু