--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃএটা জনজাতীয় পৰিয়ালৰ জীয়ৰী দ্ৰৌপদী মুৰ্মুৱে এখন অতি ভিতৰুৱা গাওঁৰ পৰা আহি আজি দেশৰ সৰ্বোচ্চ পদবী ৰাষ্ট্ৰপতিৰ আসনত উপবিষ্ট হৈছে।  দ্ৰৌপদী মুৰ্মুৰ জীৱন দুখ আৰু যন্ত্ৰণাৰে ভৰা।কিন্তু সকলো দুখ পাহৰি তেওঁ মুখত সদায় জিলিকাই ৰাখিছে সুন্দৰ হাঁহিটো। 

তেওঁ এনে এখন ভিতৰুৱা গাওঁৰ পৰা অহা যি খন গাওঁৰ মানুহে বিজুলীবাতি কি দেখাই নাছিল।এন ডি এৰ দ্বাৰা ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হিচাপে মনোনীত হোৱাৰ আগতে তেওঁৰ জন্মভূমি গাওঁখনত বিদ্যুৎ সংযোগ হোৱাই নাছিল।দ্ৰৌপদী মুৰ্মুক ৰাষ্ট্ৰপতি পদত প্ৰক্ষেপ কৰাৰ পিছতে বিজুলীৰ পোহৰেৰে জকমকাই উঠিল তেওঁৰ গাওঁ খন। এগৰাকী শিক্ষক হিচাবে কৰ্ম জীৱন আৰম্ভ কৰা দ্ৰৌপদী মুৰ্মুৱে    পিছলৈ  মন্ত্ৰী,ৰাজ্যপাল আদিৰ দৰে ৰু  দায়িত্বও  দক্ষতাৰে চম্ভালিছিল। কিন্তু এই আলোকিত বৃত্তৰ আঁৰত তেওঁৰ ব্যক্তিগত জীৱনৰ বহু দুখো লুকাই আছিল। দ্ৰৌপদী মুৰ্মুৱে জীৱনত কেৱৱ আঘাতৰ উপৰি আঘাত পাইছিল।  যেন মহাভাৰতৰ দ্ৰৌপদীৰ দৰে আধুনিক ভাৰতৰ এই দ্ৰৌপদীয়েও তেওঁৰ পুত্ৰৰ শোক মূৰ পাতি ল’বলগীয়া হৈছে। তেওঁ তেওঁৰ দুয়োগৰাকী পুত্ৰকে অকালতে  হেৰুৱাইছে। কেৱল  সন্তানেই নহয়, মুৰ্মুৱে  তেওঁৰ  স্বামীকো হেৰুৱাইছে।

দ্ৰৌপদী মুৰ্মুৱে মাত্ৰ তিনি বছৰৰ ব্যৱধানত তেওঁৰ দুই পুত্ৰৰ মৃত্যুৰ দুখ সহ্য কৰিব লগা হৈছিল। শ্যামচৰণ মুৰ্মুৰ সৈতে বিবাহপাশত আবদ্ধ হোৱাৰ  পিছত, তেওঁলোকৰ পৰিয়াললৈ দুটা পুত্ৰ আৰু এজনী কন্যা সন্তান আহিছিল। কিন্তু ২০০৯ চনৰ এটা পুৱা দ্ৰৌপদীৰ জ্যেষ্ঠ পুত্ৰ লক্ষ্মণৰ ৰহস্যজনকভাৱে মৃত্যু হয়। ২৫ বছৰীয়া লক্ষ্মণ মুৰ্মু তেওঁৰ মাকৰ সৈতে পাত্ৰপাদা অঞ্চলত তেওঁৰ খুৰাকৰ ঘৰত আছিল। সেইদিনা পুৱা তেওঁক বিচনাতে অচেতন অৱস্থাত পৰি থকা অৱস্থাত পোৱা গৈছিল আৰু চিকিৎসালয়লৈ লৈ যোৱা হৈছিল। কিন্তু তাত তেওঁক মৃত ঘোষণা কৰা হৈছিল। আৰক্ষীৰ অনুসন্ধানত গম পোৱা গৈছিল যে তেওঁ আগদিনা ৰাতি বন্ধুবৰ্গৰ সৈতে এখন ৰেষ্টুৰেণ্টত ৰাতিৰ আহাৰ খাবলৈ গৈছিল। 

তাৰ পৰা, তেওঁৰ বন্ধুসকলে তেওঁক ঘৰলৈ লৈ গৈছিল। দাবী কৰা হৈছিল যে লক্ষ্মণে নিশা ঘৰলৈ উভতি অহাৰ সময়ত মূৰত আঘাত পাইছিল। কিন্তু মৰণোত্তৰ পৰীক্ষাৰ সময়ত কোনো আঘাতৰ চিহ্ন নাছিল। শেষলৈ পিছে মৃত্যুৰ কাৰণ অস্পষ্ট হৈয়েই থাকিল। পুত্ৰৰ এনে অস্বাভাৱিক মৃত্যুৰ  ঘটনাটোৱে দ্ৰৌপদীৰ ব্যক্তিগত জীৱনত ধুমুহাৰ সৃষ্টি কৰিছিল। কিন্তু সেয়াই শেষ নহয়, দৰাচলতে, ই যেন অধিক ধুমুহাৰ ভৱিষ্যতবাণীহে আছিল। লক্ষ্মণৰ মৃত্যুৰ তিনি বছৰৰ পিছত দ্ৰৌপদী মুৰ্মুৱেও পথ দুৰ্ঘটনাত তেওঁৰ দ্বিতীয় পুত্ৰকো হেৰুৱাইছিল। তেওঁৰ স্বামী শ্যামচৰণ মুৰ্মুৰো ২০১৪ চনত হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু হৈছিল।

বৰ্তমান দ্ৰৌপদীৰ জীৱনৰ একমাত্ৰ সম্বল হৈছে তেওঁৰ কন্যা ইতিশ্ৰী। পেছাত এগৰাকী বেংকাৰ ইতিশ্ৰী গণেশে হেমব্ৰোম নামৰ এজন ৰাগবী খেলুৱৈৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছে। তেওঁলোকৰ এটি কন্যা সন্তানো আছে।
দ্ৰৌপদী মুৰ্মুয়ে তাইৰ ব্যক্তিগত জীৱনৰ সকলো ধুমুহা মূৰ পাতিলৈয়ো দেশৰ সেৱাত আত্মনিয়োগ কৰি গৈছে। তেওঁ ২০১৫ চনত ঝাৰখণ্ডৰ প্ৰথম মহিলা ৰাজ্যপাল হিচাপে শপত গ্ৰহণ কৰিছিল। তেওঁৰ নাম ২০১৭ চনতো ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হিচাপে উচ্চাৰিত হৈছিল। কিন্তু সেইবাৰ যেন ৰাইছিনা হিলছে তেওঁক বিচৰা নাছিল। এইবাৰ ৰাইছিনা হিলছে তেওঁক বিচাৰিছে, সেয়ে অলেখ দুখৰ বোজা সহিও হাঁহি থাকিব পৰা দ্ৰৌপদী মুৰ্মু আজি অধিস্থিত হৈছে দেশৰ ৰাষ্ট্ৰপতিৰ পদত।

FOLLOW US F
POPULAR
FEATURE
TRENDY
উত্তৰ গুৱাহাটীত দুখনকৈ উন্নত মানৰ ক্ৰীড়া একাডেমী মুকলি কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই
পাকিস্তান হৈ পৰিল হাঁহিৰ পাত্ৰ ; ভাৰতৰ বিৰুদ্ধে কাল্পনিক জয়ৰ বাবে বিতৰণ কৰিলে ৪৮৮ টা পদক
ডুৰাণ্ড কাপৰ ছেমিফাইনেললৈ প্ৰৱেশ শ্বিলং লাজং এফ.চিৰ
ভতুৱা কুকুৰক চোৱা-চিতা নকৰাৰ বাবে দিল্লী চৰকাৰ, পৌৰ নিগমক সমালোচনা
আগমনিত ছাগলী চোৰৰ বিলৈ; বিলাসী বাহনেৰে ছাগলী চুৰি কৰি ৰাইজৰ ৰোষত দুই চোৰ
মায়ঙত সৰ্প দংশনত মৃত্যু ৭ বছৰীয়া শিশুৰ
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক