--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ভুৱা খবৰ প্ৰচাৰেৰে জনসাধাৰণক বিপথে পৰিচালিত কৰাৰ অভিযোগত ২০২১-২২ বৰ্ষত দেশত বন্ধ কৰা হৈছে ৯৪ টা ইউটিউব চেনেল, ১৯ টা ছ'চিয়েল মিডিয়া একাউণ্ট আৰু ৭৪৭ টা ইউনিফৰ্ম ৰিচ'ৰ্চ লোকেটৰ (ইউআৰএল)। কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অনুৰাগ ঠাকুৰে বৃহস্পতিবাৰে ৰাজ্য সভাত এই তথ্য দাখিল কৰিছে। ৰাজ্যসভাত এক প্ৰশ্নৰ উত্তৰত ঠাকুৰে কয় যে তথ্য প্ৰযুক্তি আইন, ২০০০ ৰ ধাৰা ৬৯এ-ৰ অধীনত এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে। চৰকাৰে ইণ্টাৰনেটত ভুৱা বাতৰি প্ৰচাৰ কৰি দেশৰ সাৰ্বভৌমত্বৰ বিৰুদ্ধে কাম কৰা সংস্থাসমূহৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে বুলি তেওঁ ৰাজ্যসভাত উল্লেখ কৰে।

মন্ত্ৰীগৰাকীয়ে কয় যে ক’ভিড-১৯ সম্পৰ্কে প্ৰচাৰ হৈ থকা ভুৱা বাতৰিৰ পৰীক্ষা কৰিবলৈ ২০২০ চনৰ ৩১ মাৰ্চত প্ৰেছ ইনফৰ্মেচন ব্যুৰো (পিআইবি)ৰ তথ্য পৰীক্ষা গোটৰ অধীনত এক নতুন গোট গঠন কৰা হৈছিল। এই গোটটোৱে ক’ভিড-১৯ সম্পৰ্কীয় প্ৰশ্নকে ধৰি  বিভিন্ন বিষয়ত ৩৪,১২৫ টা কাৰ্যকৰী প্ৰশ্নৰ উত্তৰ দিছে বুলি ঠাকুৰে সদৰি কৰে।

অনুৰাগ ঠাকুৰে লগতে জানিবলৈ দিয়া মতে  প্ৰেছ ইনফৰ্মেচন ব্যুৰোৱে ছ'চিয়েল মিডিয়া প্লেটফৰ্মত ভুৱা বাতৰি প্ৰচাৰ কৰা ৮৭৫ টা পোষ্টো বিচাৰি উলিয়াইছে।

উল্লেখ্য যে তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে ভাৰত বিৰোধী কাৰ্যসূচী চলাই থকা আৰু ভুৱা বাতৰি প্ৰচাৰ কৰা ডিজিটেল চেনেল, পৰ্টেল আৰু ছ'চিয়েল মিডিয়া হেণ্ডেলৰ ওপৰত নিয়ন্ত্ৰণৰ বাবে যোৱা বৰ্ষৰ ডিচেম্বৰৰ পৰা এক অভিযান ডিচেম্বৰত আৰম্ভ কৰিছিল।  

এই অভিযানৰ অধীনত মন্ত্ৰালয়ে প্ৰথমবাৰৰ বাবে পাকিস্তানৰ পৰা কাম কৰি থকা ২০ টা ইউটিউব চেনেল আৰু দুটা ৱেবছাইট বন্ধ কৰাৰ নিৰ্দেশনা জাৰি কৰিছিল। তেতিয়াৰ পৰা মন্ত্ৰালয়ে পৰ্যায়ক্ৰমে ডিজিটেল মিডিয়া চেনেল তথা সামাজিক মাধ্যমৰ ওপৰত কঠোৰ নিৰীক্ষণ কৰি আহিছে।

অৱশ্যে কেন্দ্ৰীয় চৰকাৰ এই তাৎক্ষণিক পদক্ষেপক প্ৰশংসা কৰাৰ সমানে আন কিছু প্ৰশ্নও উত্থাপিত হৈছে। বিগত কিছুবছৰ ধৰি দেশৰ মূলসুঁতিৰ সংবাদ মাধ্যম সমূহতে শাসকপক্ষৰ সমৰ্থনত জনসাধাৰণক বিপথে পৰিচালিত কৰিব পৰা কেতবোৰ ভুৱা বাতৰি প্ৰচাৰ হৈছে। লগতে বিভিন্নধৰণৰ সামাজিক মাধ্যমৰ প্লেটফৰ্মতো শাসকীয় পক্ষৰ সমৰ্থনত প্ৰচাৰ কৰা হৈছে অস্থিৰতাৰ সৃষ্টি কৰিব পৰা বহু ভুৱা খবৰ। 

এই সমূহৰ বিৰুদ্ধে বহুসময়ত বিভিন্ন অভিযোগ উত্থাপন হোৱাৰ পিছতো চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উঠিছে। শেহতীয়াকৈ এনে ভুৱা প্ৰচাৰক তথ্য পৰীক্ষণৰ জৰিয়তে ফাদিল কৰি অহা মহম্মদ জুবেইৰ নামৰ সাংবাদিকগৰাকীক ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰি কাৰাগাৰলৈহে নিক্ষেপ কৰা দেখিবলৈ পোৱা গৈছিল। গতিকে কেন্দ্ৰীয় চৰকাৰৰ এই পক্ষপাতদুষ্ট আচৰণৰ পৰিৱৰ্তে ভুৱা প্ৰচাৰ ৰোধৰ কাৰ্য ব্যৱস্থাক সঠিকভাৱে তথা পক্ষপাতহীন ভাৱে ৰূপায়ণ কৰাৰ দাবী উত্থাপন হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ