--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ হিজাব বিৰোধী আন্দোলনত যোগদান কৰাৰ অপৰাধতে  প্ৰশাসনে প্ৰায় ১,২০০ শিক্ষাৰ্থীক বিষ পান কৰোৱাৰ গুৰুতৰ অভিযোগ উঠিছে। শেহতীয়া এটা প্ৰতিবেদনে এনে ধৰণৰ চাঞ্চল্যকৰ তথ্য প্ৰকাশ পাইছে।  জানিব পৰা মতে  ইৰানৰ  বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীসকলে একেলগে এক বৃহৎ আন্দোলনৰ পৰিকল্পনা কৰিছিল। পূৰ্ব নিৰ্ধাৰিত আন্দোলনৰ সূৰ্বে সংখ্যক শিক্ষাৰ্থী বিষক্ৰিয়াত আক্ৰান্ত হৈ পৰে। শিক্ষাৰ্থীসকলৰ  শৰীৰৰ বিষ আৰু মূৰ ঘূৰোৱা আৰম্ভ হৈছিল। তেওঁলোকৰ পেটৰ সমস্যায়ো দেখা দিছিল। অসুস্থ শিক্ষাৰ্থীসকলক চিকিৎসা লাভ কৰাত বাধা দিবলৈ স্থানীয় চিকিৎসালয়সমূহত চিকিৎসা সেৱাও প্ৰায় বন্ধ ৰখা হৈছিল।

কেইদিনমান আগতে, খবৰ পোৱা গৈছিল যে ইৰানৰ প্ৰশাসনে হিজাব বিৰোধী প্ৰতিবাদৰ হেঁচাত  নীতি আৰক্ষী বাতিল কৰিছিল। কিন্তু সেই দেশৰ শিক্ষাৰ্থীসকলে দাবী কৰে যে দেশ খনৰ  শাসকসকলে তেনে কোনো পদক্ষেপ লোৱাই নাই। বিশ্ববিদ্যালয়খনৰ শিক্ষাৰ্থীসকলে বিশ্বৰ সন্মুখত মিছা কথা বিয়পোৱাৰ প্ৰতিবাদত শাসকীয় দলটোৰ বিৰুদ্ধে তিনিদিনীয়া ধৰ্মঘটৰ পৰিকল্পনা কৰিছিল। এই বিষয়ে জানিব পাৰি প্ৰশাসনে আন্দোলনটো দমন কৰিবলৈ কৌশল ৰচনা কৰিবলৈ  আৰম্ভ কৰে। বিশ্ববিদ্যালয়ৰ আবাসত থকা শিক্ষাৰ্থীসকলৰ খাদ্যত বিষ মিহলাই দিয়াৰ অভিযোগ উঠিছে। ফলস্বৰূপে ১,২০০ জন শিক্ষাৰ্থী অসুস্থ হৈ পৰে।

এই সমগ্ৰ ঘটনাটোৰ কথা শিক্ষাৰ্থীসকলে সামাজিক মাধ্যমত পোষ্ট কৰিছে। শিক্ষাৰ্থীসকলে কৈছে  যে যিহেতু প্ৰশাসনে প্ৰতিবাদ কাৰ্যসূচীৰ বিষয়ে আগতীয়াকৈ অৱগত আছিল সেয়ে চিকিৎসালয়ৰ সেৱাসমূহ বন্ধ কৰি দিয়া হৈছিল। অৱশ্যে স্থানীয় বিষয়াসকলৰ মতে, কিবা কাৰণত খোৱা পানীত বিষক্ৰিয়া হৈছিল। সেই পানী খোৱাৰ পিছত শিক্ষাৰ্থীসকল অসুস্থ হৈ পৰে।

ইৰাণৰ প্ৰশাসনে হিজাব বিৰোধী আন্দোলন বন্ধ কৰিবলৈ কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে। চৰকাৰে বিদ্ৰোহ দমন কৰিবলৈ অমানৱীয় অত্যাচাৰ চলাই আছে। ইতিমধ্যে শ শ মানুহে প্ৰাণ হেৰুৱাইছে। এনে পৰিস্থিতিত ইৰাণৰ আদালতে পাঁচজন লোকক মৃত্যুদণ্ড বিহিছে। তেওঁলোকৰ বিৰুদ্ধে এজন অৰ্ধসামৰিক লোকক হত্যা কৰাৰ অভিযোগ উঠিছিল। গোচৰটোত মুঠ ১৩ জন পুৰুষ আৰু তিনিজন নাবালকক অভিযুক্ত কৰা হৈছিল। সকলোকে শাস্তি বিহা  হৈছে। 










FOLLOW US F
POPULAR
FEATURE
TRENDY
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ
কিস্তৱাড়ত ডাৱৰ বিস্ফোৰণৰ ঘটনা, মৃতকৰ সংখ্যা ৬০জনলৈ বৃদ্ধি, ৮২জন এতিয়াও সন্ধানহীন
'অনসুনী চীখে'লৈ শ্রেষ্ঠ সামাজিক বার্তাবাহী ছবিৰ সন্মান
অৱশেষত 'অপাৰেশ্যন সিন্দূৰ'ত ক্ষতিৰ আনুষ্ঠানিক স্বীকাৰ পাকিস্তানৰ
আজিৰ পৰা কৰিব নোৱাৰিব পান কাৰ্ড সম্পৰ্কীয় কোনো কাম ! আয়কৰ বিভাগৰ বিশেষ জাননী
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক