--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ হিজাব বিৰোধী আন্দোলনত যোগদান কৰাৰ অপৰাধতে  প্ৰশাসনে প্ৰায় ১,২০০ শিক্ষাৰ্থীক বিষ পান কৰোৱাৰ গুৰুতৰ অভিযোগ উঠিছে। শেহতীয়া এটা প্ৰতিবেদনে এনে ধৰণৰ চাঞ্চল্যকৰ তথ্য প্ৰকাশ পাইছে।  জানিব পৰা মতে  ইৰানৰ  বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীসকলে একেলগে এক বৃহৎ আন্দোলনৰ পৰিকল্পনা কৰিছিল। পূৰ্ব নিৰ্ধাৰিত আন্দোলনৰ সূৰ্বে সংখ্যক শিক্ষাৰ্থী বিষক্ৰিয়াত আক্ৰান্ত হৈ পৰে। শিক্ষাৰ্থীসকলৰ  শৰীৰৰ বিষ আৰু মূৰ ঘূৰোৱা আৰম্ভ হৈছিল। তেওঁলোকৰ পেটৰ সমস্যায়ো দেখা দিছিল। অসুস্থ শিক্ষাৰ্থীসকলক চিকিৎসা লাভ কৰাত বাধা দিবলৈ স্থানীয় চিকিৎসালয়সমূহত চিকিৎসা সেৱাও প্ৰায় বন্ধ ৰখা হৈছিল।

কেইদিনমান আগতে, খবৰ পোৱা গৈছিল যে ইৰানৰ প্ৰশাসনে হিজাব বিৰোধী প্ৰতিবাদৰ হেঁচাত  নীতি আৰক্ষী বাতিল কৰিছিল। কিন্তু সেই দেশৰ শিক্ষাৰ্থীসকলে দাবী কৰে যে দেশ খনৰ  শাসকসকলে তেনে কোনো পদক্ষেপ লোৱাই নাই। বিশ্ববিদ্যালয়খনৰ শিক্ষাৰ্থীসকলে বিশ্বৰ সন্মুখত মিছা কথা বিয়পোৱাৰ প্ৰতিবাদত শাসকীয় দলটোৰ বিৰুদ্ধে তিনিদিনীয়া ধৰ্মঘটৰ পৰিকল্পনা কৰিছিল। এই বিষয়ে জানিব পাৰি প্ৰশাসনে আন্দোলনটো দমন কৰিবলৈ কৌশল ৰচনা কৰিবলৈ  আৰম্ভ কৰে। বিশ্ববিদ্যালয়ৰ আবাসত থকা শিক্ষাৰ্থীসকলৰ খাদ্যত বিষ মিহলাই দিয়াৰ অভিযোগ উঠিছে। ফলস্বৰূপে ১,২০০ জন শিক্ষাৰ্থী অসুস্থ হৈ পৰে।

এই সমগ্ৰ ঘটনাটোৰ কথা শিক্ষাৰ্থীসকলে সামাজিক মাধ্যমত পোষ্ট কৰিছে। শিক্ষাৰ্থীসকলে কৈছে  যে যিহেতু প্ৰশাসনে প্ৰতিবাদ কাৰ্যসূচীৰ বিষয়ে আগতীয়াকৈ অৱগত আছিল সেয়ে চিকিৎসালয়ৰ সেৱাসমূহ বন্ধ কৰি দিয়া হৈছিল। অৱশ্যে স্থানীয় বিষয়াসকলৰ মতে, কিবা কাৰণত খোৱা পানীত বিষক্ৰিয়া হৈছিল। সেই পানী খোৱাৰ পিছত শিক্ষাৰ্থীসকল অসুস্থ হৈ পৰে।

ইৰাণৰ প্ৰশাসনে হিজাব বিৰোধী আন্দোলন বন্ধ কৰিবলৈ কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে। চৰকাৰে বিদ্ৰোহ দমন কৰিবলৈ অমানৱীয় অত্যাচাৰ চলাই আছে। ইতিমধ্যে শ শ মানুহে প্ৰাণ হেৰুৱাইছে। এনে পৰিস্থিতিত ইৰাণৰ আদালতে পাঁচজন লোকক মৃত্যুদণ্ড বিহিছে। তেওঁলোকৰ বিৰুদ্ধে এজন অৰ্ধসামৰিক লোকক হত্যা কৰাৰ অভিযোগ উঠিছিল। গোচৰটোত মুঠ ১৩ জন পুৰুষ আৰু তিনিজন নাবালকক অভিযুক্ত কৰা হৈছিল। সকলোকে শাস্তি বিহা  হৈছে। 










FOLLOW US F
POPULAR
FEATURE
TRENDY
গোলাঘাটত ড্ৰাগছৰ অভাৰড’জত উচ্চশিক্ষিত যুৱকৰ মৃত্যু; আৰক্ষীৰ তদন্ত আৰম্ভ
বর্ষাপাৰাত আজি ভাৰত-ৱেষ্ট ইণ্ডিজৰ দ্বিতীয় এদিনীয়া
বৰক্ষেত্ৰীত আৰক্ষীৰ নাকা তালাচীত ১১টা গৰুসহ এখন বাহন জব্দ; গ্ৰেপ্তাৰ দুজন
ব্ৰহ্মপুত্ৰ নদীত মাছ মাৰিবলৈ আহি নিখোঁজ হৈ থকা নুনমাটিৰ ৰাজীৱ আলীৰ মৃতদেহ উদ্ধাৰ
উচ্চতম ন্যায়ালয়ত আছে বৃহৎ সংখ্যক দুর্নীতিপৰায়ণ ন্যায়াধীশ: দুষ্যন্ত দাৱে
হোজাই নিউ ডন ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ৰ অধ্যক্ষ অভিজিত সিংহৰ অকাল বিয়োগ
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী