--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এখন প্ৰাইভেট জেট বিমানত ফুৰিবলৈ গৈছিল তুৰ্কীৰ এগৰাকী জনপ্ৰিয় ইনষ্টাগ্ৰাম ইনফ্লুৱেন্সাৰ বুৰ্কু চাগলাম। কিন্তু দুৰ্ভাগ্যজনকভাৱে বিমানখন অগ্নিদগ্ধ হৈ মাটিত ভাঙি পৰে। মৃত্যু হয় বুৰ্কুৰ।

কিন্তু মৃত্যুৰ ঠিক আগমুহূৰ্তত বুৰ্কুৱে যি কৰি গ’ল, সি সকলোৰে বুকু কঁপাই তুলিছে। মৃত্যুৰ আগে আগে নিজৰ অন্তিম মুহূৰ্তৰ ফটো তুলি ইনষ্টাগ্ৰামযোগে শ্বেয়াৰ কৰি গ’ল তেওঁ।

মাত্ৰ ২২ বছৰ বয়সতে বুৰ্কুৰ মৃত্যু হয়। ১ ডিচেম্বৰ বৃহস্পতিবাৰে বুৰ্কুৱে এগৰাকী বিমানচালকৰ তুৰ্কীৰ চাকাৰীয়া প্ৰদেশৰ পামুকোভা নামৰ ঠাইকনৰ পৰা আবেলি বিমানযাত্ৰা কৰে। কিন্তু যাত্ৰাৰ প্ৰায় ২০ মিনিট পাছতে বিমানখনৰ যান্ত্ৰিক বিজুটি ঘটিব ধৰে।

নিয়ন্ত্ৰণ হেৰুৱাই বুৰ্চা নামৰ প্ৰদেশখনত অগ্নিদগ্ধ হয় বিমানখন। মৃত্যু হয় বুৰ্কু আৰু বিমানচালকগৰাকীৰ। 

ঘটনাৰ ঠিক আগে আগে বুৰ্কুৱে এটা ভিডিঅ’ ইনষ্টাগ্ৰামযোগে শ্বেয়াৰ কৰে। তাত লিখে- “মই ইনষ্টাগ্ৰামৰ পৰা চিৰবিদায় লৈছো।”

তাৰপাছতে বুৰ্কুৰ অনুৰাগীসকলৰ মাজত শোকৰ ছাঁ পৰে। আৰক্ষীয়ে জনোৱামতে, মৃত্যু নিশ্চিত বুলি জানিয়েই বুৰ্কুৱে এই ভিডিঅ’ শ্বেয়াৰ কৰিছিল।

দুৰ্ঘটনাৰ তদন্তকাৰীসকলে জনোৱা মতে, মাটিৰ পৰা প্ৰায় ১২০০ মিটাৰ উচ্চতাত বিমানখনৰ স’তে কণ্ট্ৰ’ল ৰুমৰ যোগাযোগ বিচ্ছিন্ন হৈ পৰিছিল। পাছত বিমানখনৰ ধ্বংসাৱশেষ আৰু বুৰ্কু-বিমানচালকৰ মৃতদেহ দুটা উদ্ধাৰ কৰা হয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
গোলাঘাটত ড্ৰাগছৰ অভাৰড’জত উচ্চশিক্ষিত যুৱকৰ মৃত্যু; আৰক্ষীৰ তদন্ত আৰম্ভ
বর্ষাপাৰাত আজি ভাৰত-ৱেষ্ট ইণ্ডিজৰ দ্বিতীয় এদিনীয়া
বৰক্ষেত্ৰীত আৰক্ষীৰ নাকা তালাচীত ১১টা গৰুসহ এখন বাহন জব্দ; গ্ৰেপ্তাৰ দুজন
ব্ৰহ্মপুত্ৰ নদীত মাছ মাৰিবলৈ আহি নিখোঁজ হৈ থকা নুনমাটিৰ ৰাজীৱ আলীৰ মৃতদেহ উদ্ধাৰ
উচ্চতম ন্যায়ালয়ত আছে বৃহৎ সংখ্যক দুর্নীতিপৰায়ণ ন্যায়াধীশ: দুষ্যন্ত দাৱে
হোজাই নিউ ডন ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ৰ অধ্যক্ষ অভিজিত সিংহৰ অকাল বিয়োগ
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী