--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : কি পোছাক পিন্ধিলে শ্ৰেণীকোঠাত প্ৰৱেশ কৰিব পাৰিব শিক্ষাৰ্থীসকল৷ কৰ্ণাটকৰ হিজাব বিতৰ্কই গণতান্ত্ৰিক ভাৰতত সৃষ্টি কৰিছিল সংঘৰ্ষৰ৷ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটতো সমালোচিত হৈছিল ভাৰত৷ ইতিমধ্যে কৰ্ণাটক উচ্চ ন্যায়ালয়ত হিজাব বিতৰ্কক লৈ আৱেদনৰ শুনানি চলি আছে৷ তাৰমাজতে পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ পৰিৱৰ্তে শিক্ষাৰ্থী ঘৰলৈ উভতি যোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ কৰ্ণাটকৰ কেইবাখনো ঠাইত সংঘটিত হৈছে এই ঘটনা৷ উল্লেখ্য যে, বিগত সপ্তাহৰ আৰম্ভণিতে হিজাব বিতৰ্কই হিংসাত্মক ৰূপ লোৱাৰ পৰিপ্ৰেক্ষিতত ৰাজ্যখনত তিনিদিনৰ বাবে বিদ্যালয় বন্ধ ৰখাৰ নিৰ্দেশো প্ৰদান কৰা হৈছিল৷ এই সকলোবোৰৰ অন্ততঃ সোমবাৰে ৰাজ্যজুৰি নৱম আৰু দশম শ্ৰেণীৰ পাঠদান পুনৰ মুকলি কৰা হয়। যদিও ৰাজ্যৰ বাকী অংশৰ বিদ্যালয়সমূহত যথেষ্ট শান্তিপূৰ্ণভাৱে পুনৰ খোলাৰ বাতৰি পোৱাৰ মাজতে ৰাজ্যখনৰ কেইখনমান বিদ্যালয়ত সংঘটিত হৈছিল অৱাঞ্চিত ঘটনা৷ কৰ্ণাটকৰ এখন চহৰ শিৱমোগাত সংঘটিত হৈছিল এই ঘটনাটো৷ শিৱমোগাৰ এখন চৰকাৰী উচ্চ বিদ্যালয়ৰ ১৩জন শিক্ষাৰ্থীয়ে সোমবাৰে আৰম্ভ হোৱা এছএছএলচি প্ৰস্তুতি পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ পৰিৱৰ্তে ঘৰলৈ উভতি যাবলগীয়া হয়৷ জানিব পৰা মতে, তেওঁলোকক হিজাব পিন্ধি শ্ৰেণীকোঠাৰ ভিতৰত প্ৰৱেশৰ অনুমতি দিয়া হৈছিল। যদিও শিক্ষা বিভাগৰ একাংশ বিষয়াই তেওঁলোকৰ মূৰৰ স্কার্ফ আঁতৰাই পৰীক্ষাত লিখিবলৈ অনুমতি প্ৰদান কৰিছিল, কিন্তু এই চেষ্টা ব্যৰ্থ হৈছিল। একেধৰণৰ ঘটনাত, কোডাগুৰ নেলিহুডিকেৰিৰ এখন ৰাজহুৱা বিদ্যালয়তো সংঘটিত হৈছিল৷ ৩০জনৰো অধিক শিক্ষাৰ্থী হিজাব পিন্ধি বিদ্যালয়ত প্ৰৱেশ নিষিদ্ধ কৰাৰ পিছত ঘৰলৈ উভতি আহিছিল। ছাত্ৰ-ছাত্ৰীৰ অভিভাৱকে কৰ্ণাটক উচ্চ ন্যায়ালয়ৰ পৰা ন্যায় পোৱাৰ আশা ব্যক্ত কৰিছিল। মাণ্ড্যৰ এটা ঘটনাত, বিদ্যালয় পৰিচালনা ই এগৰাকী শিক্ষয়িত্ৰীক বিদ্যালয়ত প্ৰৱেশ কৰাৰ আগতে তেওঁক হিজাব আঁতৰাবলৈ নিৰ্দেশ দিছিল৷ যাৰ ফলত তীব্ৰ সমালোচনাৰ সন্মুখীন হৈছিল আৰু ইয়াৰ এটা ভিডিঅ' ছ’চিয়েল মিডিয়াতো যথেষ্ট ভাইৰেল হয়। আনহাতে বেলাগাৱীত, কেইবাজনো ছাত্ৰী অঞ্জুমান স্কুল আৰু চৰ্দাৰ হাইস্কুলত হিজাব পিন্ধি উপস্থিত হৈছিল, যাৰ ফলত বিদ্যালয়ৰ অভিভাৱক আৰু কৰ্মচাৰীৰ মাজত তৰ্কৰ সূত্ৰপাতো ঘটিছিল। শিক্ষাৰ্থীসকলক পাছত তেওঁলোকৰ হিজাব আঁতৰাবলৈ আৰু আদালতৰ অন্তৱৰ্তীকালীন আদেশ অনুসৰণ কৰিবলৈও প্ৰেৰিত কৰা হৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
১ টা বলত ২২ ৰান ! CPL ২০২৫-ত আৰ চি বিৰ খেলুৱৈয়ে ৰচিলে ইতিহাস
চিকিৎসকৰ গাফিলতিত ঘুণীয়া হ'ল চন্দ্ৰপুৰৰ ছাত্ৰী; ঘটনাৰ তদন্ত ঘোষণা জি এম চি এইচ কর্তৃপক্ষৰ
কৰ আৰু শুল্কক লৈ আপোনাৰো লাগিছে নেকি খেলিমেলি? জানো আহক দুয়োটাৰ মাজত পাৰ্থক্য
বিহাৰত 'ভোটাৰ অধিকাৰ যাত্ৰা'ত ৰাহুলক সংগ দিলে প্ৰিয়ংকা-ৰেৱন্ত ৰেড্ডীয়ে
গাৰ নোম শিয়ৰি যোৱা এক ঘটনা ;বিদ্যালয়ৰ বাথৰুমত এগৰাকী পঞ্চম শ্ৰেণীৰ ছাত্ৰীয়ে নিজৰ দেহত কৰিলে অগ্নিসংযোগ
উচ্চতম ন্যায়ালয়ে বাতিল কৰিলে নিজে দিয়া মৃত্যুদণ্ডৰ ৰায়
ভাত কেৰেলা খাওক আৰু সুস্বাস্থ্য গঢ়ক; ইয়াৰ উপকাৰিতা জানিলে আপুনি আচৰিত হ’ব
দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাক চৰ মাৰিছিল ৰিক্সাচালক ৰাজেশভাইয়ে; পূৰ্বেও তেওঁ কৰিছে বহু অপৰাধ ! পোহৰলৈ আহিল দীঘলীয়া তালিকা
মাত্ৰ ১৪ দিন দৈনিক মেথিৰ গুটি খাওক; এই লোকসকলে লাভ কৰিব বহু উপকাৰ
ডুবিব ৯ লাখ ৮৩ হাজাৰ টকাৰ ক্ৰিকেট বজাৰ! অনলাইন গেমিং বিলৰ ফলত আই পি এলৰ উপাৰ্জনত প্ৰভাৱ পৰিব নেকি?
বিশ্বৰ ৪৭% লোকে পচন্দ কৰে ভাৰতক ; পিউ ৰিছাৰ্চ চেণ্টাৰৰ সমীক্ষাত প্ৰকাশিত তথ্য
প্ৰকৃতিৰ বিস্ময়ঃ প্ৰজননৰ পাছত মতা ইলিছ মাছে লিংগ সলনি কৰি হৈ পৰে মাইকী মাছ! দুখন বিশ্ববিদ্যালয়ৰ যৌথ গৱেষণাই প্ৰকাশ কৰিলে আচৰিত তথ্য
২০২৪-২৫ বর্ষত দেশত প্রয়োজনতকৈ অধিক ৰক্তদান
ৰণত পৰিল ইষ্ট বেংগল, ডুৰাণ্ড কাপত ইতিহাস ৰচি ফাইনেললৈ ডায়মণ্ড হাৰ্বাৰ