--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : কি পোছাক পিন্ধিলে শ্ৰেণীকোঠাত প্ৰৱেশ কৰিব পাৰিব শিক্ষাৰ্থীসকল৷ কৰ্ণাটকৰ হিজাব বিতৰ্কই গণতান্ত্ৰিক ভাৰতত সৃষ্টি কৰিছিল সংঘৰ্ষৰ৷ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটতো সমালোচিত হৈছিল ভাৰত৷ ইতিমধ্যে কৰ্ণাটক উচ্চ ন্যায়ালয়ত হিজাব বিতৰ্কক লৈ আৱেদনৰ শুনানি চলি আছে৷ তাৰমাজতে পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ পৰিৱৰ্তে শিক্ষাৰ্থী ঘৰলৈ উভতি যোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ কৰ্ণাটকৰ কেইবাখনো ঠাইত সংঘটিত হৈছে এই ঘটনা৷ উল্লেখ্য যে, বিগত সপ্তাহৰ আৰম্ভণিতে হিজাব বিতৰ্কই হিংসাত্মক ৰূপ লোৱাৰ পৰিপ্ৰেক্ষিতত ৰাজ্যখনত তিনিদিনৰ বাবে বিদ্যালয় বন্ধ ৰখাৰ নিৰ্দেশো প্ৰদান কৰা হৈছিল৷ এই সকলোবোৰৰ অন্ততঃ সোমবাৰে ৰাজ্যজুৰি নৱম আৰু দশম শ্ৰেণীৰ পাঠদান পুনৰ মুকলি কৰা হয়। যদিও ৰাজ্যৰ বাকী অংশৰ বিদ্যালয়সমূহত যথেষ্ট শান্তিপূৰ্ণভাৱে পুনৰ খোলাৰ বাতৰি পোৱাৰ মাজতে ৰাজ্যখনৰ কেইখনমান বিদ্যালয়ত সংঘটিত হৈছিল অৱাঞ্চিত ঘটনা৷ কৰ্ণাটকৰ এখন চহৰ শিৱমোগাত সংঘটিত হৈছিল এই ঘটনাটো৷ শিৱমোগাৰ এখন চৰকাৰী উচ্চ বিদ্যালয়ৰ ১৩জন শিক্ষাৰ্থীয়ে সোমবাৰে আৰম্ভ হোৱা এছএছএলচি প্ৰস্তুতি পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ পৰিৱৰ্তে ঘৰলৈ উভতি যাবলগীয়া হয়৷ জানিব পৰা মতে, তেওঁলোকক হিজাব পিন্ধি শ্ৰেণীকোঠাৰ ভিতৰত প্ৰৱেশৰ অনুমতি দিয়া হৈছিল। যদিও শিক্ষা বিভাগৰ একাংশ বিষয়াই তেওঁলোকৰ মূৰৰ স্কার্ফ আঁতৰাই পৰীক্ষাত লিখিবলৈ অনুমতি প্ৰদান কৰিছিল, কিন্তু এই চেষ্টা ব্যৰ্থ হৈছিল। একেধৰণৰ ঘটনাত, কোডাগুৰ নেলিহুডিকেৰিৰ এখন ৰাজহুৱা বিদ্যালয়তো সংঘটিত হৈছিল৷ ৩০জনৰো অধিক শিক্ষাৰ্থী হিজাব পিন্ধি বিদ্যালয়ত প্ৰৱেশ নিষিদ্ধ কৰাৰ পিছত ঘৰলৈ উভতি আহিছিল। ছাত্ৰ-ছাত্ৰীৰ অভিভাৱকে কৰ্ণাটক উচ্চ ন্যায়ালয়ৰ পৰা ন্যায় পোৱাৰ আশা ব্যক্ত কৰিছিল। মাণ্ড্যৰ এটা ঘটনাত, বিদ্যালয় পৰিচালনা ই এগৰাকী শিক্ষয়িত্ৰীক বিদ্যালয়ত প্ৰৱেশ কৰাৰ আগতে তেওঁক হিজাব আঁতৰাবলৈ নিৰ্দেশ দিছিল৷ যাৰ ফলত তীব্ৰ সমালোচনাৰ সন্মুখীন হৈছিল আৰু ইয়াৰ এটা ভিডিঅ' ছ’চিয়েল মিডিয়াতো যথেষ্ট ভাইৰেল হয়। আনহাতে বেলাগাৱীত, কেইবাজনো ছাত্ৰী অঞ্জুমান স্কুল আৰু চৰ্দাৰ হাইস্কুলত হিজাব পিন্ধি উপস্থিত হৈছিল, যাৰ ফলত বিদ্যালয়ৰ অভিভাৱক আৰু কৰ্মচাৰীৰ মাজত তৰ্কৰ সূত্ৰপাতো ঘটিছিল। শিক্ষাৰ্থীসকলক পাছত তেওঁলোকৰ হিজাব আঁতৰাবলৈ আৰু আদালতৰ অন্তৱৰ্তীকালীন আদেশ অনুসৰণ কৰিবলৈও প্ৰেৰিত কৰা হৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন