--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বিভিন্ন ধৰণৰ ফুল ঘৰুৱা বাগিচা অবিচ্ছদ্য অংগ যদিও নাৰ্জী ফুলৰ সমাদৰ অনন্য ৰূপত দেখিবলৈ পোৱা যায়। সামাজিক আৰু ধৰ্মীয় অনুষ্ঠানতো নাৰ্জী ফুলৰ বহুল ব্যৱহাৰ হোৱা পৰিলক্ষিত হয়। এই ফুল দেখিবলৈ শুৱনি হোৱাৰ উপৰি আছে যথেষ্ট ঔষধি গুণেৰে সমৃদ্ধ। এই ফুল সাধাৰণতে শীতকালত কৰা হয় বৰ্তমান যদিও বছৰৰ ১২ মাহেই ইয়াৰ চাহিদা দেখা যায় বজাৰসমূহত। ফুলে কেৱল সৌন্দৰ্যবৰ্ধনেই নহয় স্বনিৰ্ভৰশীল হোৱাটো যথেষ্ট সহায় কৰে। ঝাৰখণ্ডৰ বোকাৰোৰ কাচমাৰ খণ্ডৰ মুৰুলচুদি পঞ্চায়তৰ চৌৰা গাঁৱৰ কাহিনী এয়া। লিলু দেৱী মহিলা কৃষকগৰাকী নাৰ্জী ফুলৰ খেতি কৰি স্বাৱলম্বী হোৱাৰ লগতে কেইমাহমানৰ ভিতৰতে  নাৰ্জী ফুলৰ খেতিয়ে সলনি কৰি পেলাইছিল তেওঁৰ জীৱন। লিলু দেৱীয়ে কয় যে ‘ৰাজ্য চৰকাৰৰ সহায়ত মই নাৰ্জী ফুলৰ খেতিৰ প্ৰশিক্ষণ লাভ কৰিছিলো।’ পশ্চিমবংগৰ চৰকাৰৰ সহযোগত  পোৱা হাইব্ৰিড প্ৰজাতিৰ ৫০০০ নাৰ্জী ফুল ৰোপণ কৰাছিলো। এই কামত তেওঁৰ পুত্ৰ লাগুন, কিস্কু আৰু পৰিয়ালৰ আন সদস্যসকলেও তেওঁক সহায় কৰিছিল। আমি এতিয়া ভাল উপাৰ্জন লাভ কৰিছো। প্ৰায় সম্পূৰ্ণ চাৰি মাহতে ১ লাখ টকাত অধিক লাভ কৰিবলৈ সক্ষম হৈছো।’ লিলু দেৱীয়ে জানিবলৈ দিয়া মতে, কাচমাৰ খণ্ডৰ অন্যান্য কৃষকসকলৰ সৈতে যোৱা দুবছৰ ধৰি পৰম্পৰাগত খেতি কৰা ধান আৰু বিলাহী শস্য উৎপাদন ভাল নোহোৱাত তেওঁ কিছু হতাশ হৈছিল। বহু কৃষকে নতুন শস্য ৰোপণৰো চিন্তা কৰিছিল। এনে  সময়তে পশ্চিমবংগ চৰকাৰে মহিলাসকলক কৃষি শস্যৰ প্ৰতি আকৰ্ষিত কৰিবলৈ বিভিন্ন আঁচনিৰ লগতে প্ৰশিক্ষণৰো ব্যৱস্থা কৰিছিল। লিলুৱেও ইয়াৰ প্ৰতি আগ্ৰহ দেখুৱাইছিল আৰু পৰিয়ালৰ সকলো সদস্যই সন্মত হৈছিল। ইয়াৰ পিছত তেওঁ চৰকাৰৰ পৰা ঋণ লাভ কৰে আৰু নাৰ্জী ফুলৰ খেতি আৰম্ভ কৰে। ইয়াৰ লগতে পথাৰত সৰিয়হ আৰু ৰহৰ মাহৰ মিশ্ৰিত খেতিও কৰিছিল আৰু সফল হৈছিল। ব্যৱসায়ীসকলে ফুল ক্ৰয় কৰে আৰু নাৰ্জী ফুলৰ খেতিৰ পৰা হোৱা লাভজনক উপাৰ্জনত কৃষকসকল অতি সুখী। এই ফুল বোকাৰোৰ ৰামগড়/বোকাৰোত উপৰি ৰাজ্য বিভিন্ন বজাৰলৈ তেওঁলোকৰ ফুল কৰে। এই শস্য খেতিৰ ভাল লাভ হয়। মাত্ৰ ডেৰৰ পৰা দুই টকাৰ উদ্ভিদেৰে তৈয়াৰ কৰা মালা বজাৰত সহজে ১০ৰ পৰা ১২ টকা বিক্ৰী হয়। উৎসৱৰ পৰিৱেশত এডাল মালা ২০ৰ পৰা ২৫ টকাত বিক্ৰী কৰা হয়। এনেদৰে ৰাজ্য চৰকাৰৰ প্ৰচেষ্টাত কৃষকসকলে পৰম্পৰাগত কৃষিৰ লগতে ফুল খেতিয়ে তেওঁলোকৰ জীৱনক এক নতুন মাত্ৰা প্ৰদান কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
চিকিৎসকৰ গাফিলতিত ঘুণীয়া হ'ল চন্দ্ৰপুৰৰ ছাত্ৰী; ঘটনাৰ তদন্ত ঘোষণা জি এম চি এইচ কর্তৃপক্ষৰ
কৰ আৰু শুল্কক লৈ আপোনাৰো লাগিছে নেকি খেলিমেলি? জানো আহক দুয়োটাৰ মাজত পাৰ্থক্য
বিহাৰত 'ভোটাৰ অধিকাৰ যাত্ৰা'ত ৰাহুলক সংগ দিলে প্ৰিয়ংকা-ৰেৱন্ত ৰেড্ডীয়ে
গাৰ নোম শিয়ৰি যোৱা এক ঘটনা ;বিদ্যালয়ৰ বাথৰুমত এগৰাকী পঞ্চম শ্ৰেণীৰ ছাত্ৰীয়ে নিজৰ দেহত কৰিলে অগ্নিসংযোগ
উচ্চতম ন্যায়ালয়ে বাতিল কৰিলে নিজে দিয়া মৃত্যুদণ্ডৰ ৰায়
এছিয়া কাপ টি-২০ৰ ইতিহাসত সৰ্বাধিক স্ক’ৰ! জানেনে কোনটো দলে সৰ্বাধিক ৰান সংগ্ৰহ কৰিছে?
উন্নত হৈছে চীন-ভাৰতৰ সম্পৰ্ক
ভাত কেৰেলা খাওক আৰু সুস্বাস্থ্য গঢ়ক; ইয়াৰ উপকাৰিতা জানিলে আপুনি আচৰিত হ’ব
দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাক চৰ মাৰিছিল ৰিক্সাচালক ৰাজেশভাইয়ে; পূৰ্বেও তেওঁ কৰিছে বহু অপৰাধ ! পোহৰলৈ আহিল দীঘলীয়া তালিকা
মাত্ৰ ১৪ দিন দৈনিক মেথিৰ গুটি খাওক; এই লোকসকলে লাভ কৰিব বহু উপকাৰ
ডুবিব ৯ লাখ ৮৩ হাজাৰ টকাৰ ক্ৰিকেট বজাৰ! অনলাইন গেমিং বিলৰ ফলত আই পি এলৰ উপাৰ্জনত প্ৰভাৱ পৰিব নেকি?
বিশ্বৰ ৪৭% লোকে পচন্দ কৰে ভাৰতক ; পিউ ৰিছাৰ্চ চেণ্টাৰৰ সমীক্ষাত প্ৰকাশিত তথ্য
প্ৰকৃতিৰ বিস্ময়ঃ প্ৰজননৰ পাছত মতা ইলিছ মাছে লিংগ সলনি কৰি হৈ পৰে মাইকী মাছ! দুখন বিশ্ববিদ্যালয়ৰ যৌথ গৱেষণাই প্ৰকাশ কৰিলে আচৰিত তথ্য
২০২৪-২৫ বর্ষত দেশত প্রয়োজনতকৈ অধিক ৰক্তদান