--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃকাশ্মীৰৰ বিদ্যালয়ত ভজন-সূৰ্য নমস্কাৰ বন্ধ কৰিবলৈ আবেদন জনালে মুছলমান সংগঠনে। ভজন-কীৰ্তনে মুছলমানৰ ধৰ্মীয় অনুভূতিত আঘাত কৰা বুলি সংগঠনটোৱে দাবী কৰিছে। জম্মু-কাশ্মীৰৰ ইছলামিক সংগঠনৰ এটা গোট মুত্তাহিদা মজলিস-ই-উলেমা (এমএমইউ)য়ে বিদ্যালয়সমূহত ভজন আৰু সূৰ্য নমস্কাৰকলৈ  অসন্তুষ্টি প্ৰকাশ কৰিছে। সংগঠনটোৱে প্ৰশাসন আৰু শিক্ষা বিভাগক বিদ্যালয়ত ভজন-সূৰ্য নমস্কাৰ বন্ধ কৰিবলৈ দাবী জনাইছে। 

সংগঠনটোৱে কৈছে যে বিদ্যালয়ত ভজন-সূৰ্য নমস্কাৰে মুছলমানসকলৰ ধৰ্মীয় অনুভূতিক আঘাত কৰিছে।
শেহতীয়াকৈ এটা ভিডিঅ' ভাইৰেল হোৱাৰ পিছত এমএমইউ-এ এই দাবী জনাইছে । ভিডিঅ’টোত   কেন্দ্ৰীয় শাসিত অঞ্চলৰ এখন চৰকাৰী বিদ্যালয়ৰ শিক্ষাৰ্থীসকলক 'ৰঘুপতি ৰাঘৱ ৰাজা ৰাম' গাই থকা দেখা গৈছিল। 

ভিডিঅ’টো  জম্মু আৰু কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী আৰু পিডিপিৰ সভাপতি মেহবুবা মুফতিয়েও শ্বেয়াৰ কৰিছে।মেহবুবাই ভিডিঅ'টোৰ শিৰোনাম দি লিখিছে "ধৰ্মীয় পণ্ডিতসকলক কাৰাগাৰলৈ প্ৰক্ষেপ কৰা , জামা মছজিদ বন্ধ কৰা আৰু ইয়াত স্কুলীয়া ছাত্ৰ-ছাত্ৰীসকলক হিন্দু স্তৱক গাবলৈ নিৰ্দেশ দিয়াটোৱে কাশ্মীৰত ভাৰত চৰকাৰৰ প্ৰকৃত হিন্দুত্বৰ কাৰ্যসূচীকে উন্মোচন কৰিছে," । তেওঁলোকৰ আদেশ অগ্ৰাহ্য কৰাটো হ'ব পিএছএ আৰু ইউএপিএক  ভংগ কৰাৰ দৰে কথা। পৰিৱৰ্তনশীল জম্মু আৰু কাশ্মীৰৰ বাবে আমি এই মূল্য পৰিশোধ কৰি আছো , মেহবুবাই কয়।

এমএমইউয়ে অলপতে  শ্ৰীনগৰৰ জামা মছজিদত এখন সভা অনুষ্ঠিত কৰিছিল। সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, ইয়াত এমএমইউয়ে কাশ্মীৰৰ মুছলমানসকলৰ পৰিচয় দুৰ্বল কৰাৰ প্ৰচেষ্টাক লৈ উদ্বেগ প্ৰকাশ কৰিছিল। বৈঠকত কোৱা হৈছিল যে উপত্যকাৰ বিদ্যালয়সমূহত শিশুসকলক যোগ আৰু ৰাতিপুৱা প্ৰাৰ্থনাৰ নামত ভজন গাবলৈ বাধ্য কৰাই মুছলমানসকলৰ ধৰ্মীয় অনুভূতিত আঘাত হনা হৈছে।

এয়া  স্বীকৃতিৰ মৌলিক অধিকাৰৰ  বিৰোধী বুলিও সভাত উপস্থিত থকা বহুতে কৈছিল। ইয়াৰ ফলত মানুহৰ মাজত অসন্তুষ্টিৰ সৃষ্টি হৈছে।এমএমইউয়ে প্ৰশাসনক এনে আদেশ তৎক্ষণাৎ প্ৰত্যাহাৰ কৰিবলৈ অনুৰোধ জনাইছে।এমএমইউয়ে  ইয়াক ধৰ্মীয় আৰু ইছলামিক বিশ্বাসৰ ক্ষেত্ৰত  পোনপটীয়া প্ৰত্যাহ্বান বুলি অভিহিত কৰিছে। 

এমএমইউয়ে অভিভাৱকসকলক তেওঁলোকৰ সন্তানক ভজন গোৱা বিদ্যালয়সমূহৰ পৰা উলিয়াই আনিবলৈ  আৰু চৰকাৰী বিদ্যালয়সমূহত অ-ইছলামিক কাৰ্যকলাপত অংশগ্ৰহণ কৰিবলৈ বাধ্য কৰিলে  সন্তানক  ব্যক্তিগত বিদ্যালয়ত নাম ভৰ্তি কৰোৱাবলৈ আহ্বান জনাইছে।








FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
৬খন দেশ, ৩খন মহাদেশত ২০৩০ বিশ্বকাপ
শিৱসাগৰৰ ঐতিহাসিক গোলাঘৰত এবুকু পানী; ৰংঘৰ-তলাতল ঘৰলৈ ভাবুকি
প্ৰতিকূল বতৰৰ বাবে চাৰিধাম যাত্ৰা সাময়িকভাৱে স্থগিত
মেলবৰ্নৰ ভাৰতীয় চলচ্চিত্র মহোৎসৱলৈ নিৰ্বাচিত মিচিং ভাষাৰ ছবি ‘য়াকাচিক অমীদী’
উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ জাননী; উজনিমুৱা ৰে’লৰ চলাচলৰ পথ সলনি, ঠাই বিশেষে বন্ধ
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
Advertisement