--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ৰাষ্ট্ৰীয় পৰ্বতাৰোহন আৰু দুসাহসীক ক্ৰীড়া সংস্হা ডিৰাঙৰ এটা দলে অৰুণাচল প্ৰদেশৰ টাৱাঙৰ তথা পশ্চিম কামেং অঞ্চলৰ হিমালয়ৰ গেৰিচেন অংশৰ ২০,৯৪২ ফুট উচ্চতাৰ এটা নামহীন শৃংগত সফলতাৰে আৰোহণ কৰিছে। এই সন্দৰ্ভত আজি প্ৰতিৰক্ষা মুখপাত্ৰ লেফটেনেন্ট কৰ্ণেল মহিন্দ্ৰ ৰাৱাটে জনায় যে, ১৫ জনীয়া দলটোৰ নেতৃত্বত দিছিল কৰ্ণেল ৰণবীৰ সিং জামুৱালে৷ দলটোৱে মুঠ ১৫ দিন সময়ত এই দুসাহসিক আৰোহণ সম্পূৰ্ণ কৰে।

দলটোৰ নেতৃত্ব কৰ্ণেল ৰণবীৰ সিং জামুৱালে কয় যে, ‘এই শৃংগটো কাৰিকৰীভাবে অঞ্চলটোৰ অন্যতম প্ৰত্যাহ্বানমূলক শৃংগ আৰু ইয়াত পূৰ্বে কোনেও আৰোহণ কৰা নাছিল৷ শুভ্ৰ বৰফৰ আচ্ছাদন, বিশাল শিলাখণ্ড আৰু দুই কিলোমিটাৰ দৈৰ্ঘ ৰ হিমবাহকে ধৰি অপৰিসীম প্ৰত্যাহ্বান অতিক্ৰম কৰাৰ পিছত দলটোৱে ইয়াত সফলতাৰে আৰোহণ কৰে৷ পাছত তিব্বতীয় ধৰ্মগুৰু দালাই লামাৰ সন্মানত শৃংগটোক "ছাংয়াং জ্ঞ্যাটছ' শৃংগ" হিছাপে ইয়াৰ নামকৰণ কৰে৷’

উল্লেখযোগ্য যে,এই শৃংগটোৰ নাম ষষ্ঠ দালাই লামাৰ নামেৰে নামাকৰণ কৰি  ধৰ্মগুৰু জনৰ যুগজয়ী প্ৰজ্ঞা আৰু মনপা সম্প্ৰদায়ৰ অৱদানক শ্ৰদ্ধাঞ্জলি জনোৱা হৈছে বুলিও তেওঁ উল্লেখ কৰে৷ “ছাংয়াং জ্ঞ্যাটছ’ শৃংগ” জয় কৰাৰ অভিযানটো আছিল এই দলটোৱে এতিয়ালৈকে কৰা আটাইতকৈ কঠিন পৰ্বত আৰোহণ অভিযানসমূহৰ ভিতৰত অন্যতম। বিপজ্জনক শিলাখণ্ড, ঠেক পথ বৰফৰ আৰু অভাৱনীয় প্ৰতিকূল বতৰৰ পৰিস্থিতিৰ মাজত এই অভিযান সম্পূৰ্ণ কৰা হয়।দলটোৰ দৃঢ়তা আৰু দলীয় কামৰে পৰ্বতাৰোহী বিশেষ দলটোৱে এই প্ৰত্যাহ্বানসমূহৰ মাজেৰে আগবাঢ়ি শিখৰত উপনীত হ’বলৈ সক্ষম হোৱাৰ লগতে এক নতুন ইতিহাস ৰচনা কৰে।

দেশৰ দুঃসাহসিক আৰু পৰ্বতাৰোহণৰ ক্ষেত্ৰত আগৰণুৱা নিমাছে ভাৰতীয় পৰ্বতাৰোহণ ফাউণ্ডেছন(আই এম এফ)ক এই আৰোহণৰ বিষয়ে আৰু শৃংগটোৰ নাম ৰখাৰ বিষয়ে ইতিমধ্যে অৱগত কৰিছে। শৃংগটোৰ নামকৰণৰ বাবে প্ৰয়োজনীয় আনুষ্ঠানিকতা সম্পূৰ্ণ কৰা হৈছে যাতে "ছাংয়াং জ্ঞ্যাটছ’ শৃংগ"ক চৰকাৰী মানচিত্ৰত স্বীকৃতি দিয়া হয়। এই ঐতিহাসিক পৰ্বতাৰোহনে অৰুণাচল প্ৰদেশৰ চহকী সাংস্কৃতিক ঐতিহ্যক প্ৰতিভাত কৰাই নহয়, এই অঞ্চলটোক পৰ্বতাৰোহণ আৰু দুঃসাহসিক ক্ৰীড়াৰ বাবে এক প্ৰধান স্হান হিচাপেও পোহৰলৈ আনিছে আৰু ইয়াৰ দ্বাৰা বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা অহা অভিযাত্ৰী আৰু দুঃসাহসিক অভিযানৰ অনুৰাগীসকলক আকৰ্ষণ কৰিব বুলি আশা কৰা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু