--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ৰাষ্ট্ৰীয় পৰ্বতাৰোহন আৰু দুসাহসীক ক্ৰীড়া সংস্হা ডিৰাঙৰ এটা দলে অৰুণাচল প্ৰদেশৰ টাৱাঙৰ তথা পশ্চিম কামেং অঞ্চলৰ হিমালয়ৰ গেৰিচেন অংশৰ ২০,৯৪২ ফুট উচ্চতাৰ এটা নামহীন শৃংগত সফলতাৰে আৰোহণ কৰিছে। এই সন্দৰ্ভত আজি প্ৰতিৰক্ষা মুখপাত্ৰ লেফটেনেন্ট কৰ্ণেল মহিন্দ্ৰ ৰাৱাটে জনায় যে, ১৫ জনীয়া দলটোৰ নেতৃত্বত দিছিল কৰ্ণেল ৰণবীৰ সিং জামুৱালে৷ দলটোৱে মুঠ ১৫ দিন সময়ত এই দুসাহসিক আৰোহণ সম্পূৰ্ণ কৰে।

দলটোৰ নেতৃত্ব কৰ্ণেল ৰণবীৰ সিং জামুৱালে কয় যে, ‘এই শৃংগটো কাৰিকৰীভাবে অঞ্চলটোৰ অন্যতম প্ৰত্যাহ্বানমূলক শৃংগ আৰু ইয়াত পূৰ্বে কোনেও আৰোহণ কৰা নাছিল৷ শুভ্ৰ বৰফৰ আচ্ছাদন, বিশাল শিলাখণ্ড আৰু দুই কিলোমিটাৰ দৈৰ্ঘ ৰ হিমবাহকে ধৰি অপৰিসীম প্ৰত্যাহ্বান অতিক্ৰম কৰাৰ পিছত দলটোৱে ইয়াত সফলতাৰে আৰোহণ কৰে৷ পাছত তিব্বতীয় ধৰ্মগুৰু দালাই লামাৰ সন্মানত শৃংগটোক "ছাংয়াং জ্ঞ্যাটছ' শৃংগ" হিছাপে ইয়াৰ নামকৰণ কৰে৷’

উল্লেখযোগ্য যে,এই শৃংগটোৰ নাম ষষ্ঠ দালাই লামাৰ নামেৰে নামাকৰণ কৰি  ধৰ্মগুৰু জনৰ যুগজয়ী প্ৰজ্ঞা আৰু মনপা সম্প্ৰদায়ৰ অৱদানক শ্ৰদ্ধাঞ্জলি জনোৱা হৈছে বুলিও তেওঁ উল্লেখ কৰে৷ “ছাংয়াং জ্ঞ্যাটছ’ শৃংগ” জয় কৰাৰ অভিযানটো আছিল এই দলটোৱে এতিয়ালৈকে কৰা আটাইতকৈ কঠিন পৰ্বত আৰোহণ অভিযানসমূহৰ ভিতৰত অন্যতম। বিপজ্জনক শিলাখণ্ড, ঠেক পথ বৰফৰ আৰু অভাৱনীয় প্ৰতিকূল বতৰৰ পৰিস্থিতিৰ মাজত এই অভিযান সম্পূৰ্ণ কৰা হয়।দলটোৰ দৃঢ়তা আৰু দলীয় কামৰে পৰ্বতাৰোহী বিশেষ দলটোৱে এই প্ৰত্যাহ্বানসমূহৰ মাজেৰে আগবাঢ়ি শিখৰত উপনীত হ’বলৈ সক্ষম হোৱাৰ লগতে এক নতুন ইতিহাস ৰচনা কৰে।

দেশৰ দুঃসাহসিক আৰু পৰ্বতাৰোহণৰ ক্ষেত্ৰত আগৰণুৱা নিমাছে ভাৰতীয় পৰ্বতাৰোহণ ফাউণ্ডেছন(আই এম এফ)ক এই আৰোহণৰ বিষয়ে আৰু শৃংগটোৰ নাম ৰখাৰ বিষয়ে ইতিমধ্যে অৱগত কৰিছে। শৃংগটোৰ নামকৰণৰ বাবে প্ৰয়োজনীয় আনুষ্ঠানিকতা সম্পূৰ্ণ কৰা হৈছে যাতে "ছাংয়াং জ্ঞ্যাটছ’ শৃংগ"ক চৰকাৰী মানচিত্ৰত স্বীকৃতি দিয়া হয়। এই ঐতিহাসিক পৰ্বতাৰোহনে অৰুণাচল প্ৰদেশৰ চহকী সাংস্কৃতিক ঐতিহ্যক প্ৰতিভাত কৰাই নহয়, এই অঞ্চলটোক পৰ্বতাৰোহণ আৰু দুঃসাহসিক ক্ৰীড়াৰ বাবে এক প্ৰধান স্হান হিচাপেও পোহৰলৈ আনিছে আৰু ইয়াৰ দ্বাৰা বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা অহা অভিযাত্ৰী আৰু দুঃসাহসিক অভিযানৰ অনুৰাগীসকলক আকৰ্ষণ কৰিব বুলি আশা কৰা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু