--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: শেহতীয়াকৈ প্ৰকাশ পাইছে এছিয়া পাওৱাৰ ইণ্ডেক্স৷ এছিয়া পাওৱাৰ ইণ্ডেক্সত ভাৰতে জাপানক অতিক্ৰম কৰি তৃতীয় স্থান লাভ কৰিবলৈ সক্ষম হৈছে।বুধবাৰে ভাৰত চৰকাৰৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে এক বিবৃতিৰ জৰিয়তে এই তথ্য সদৰি কৰিছে। মন্ত্ৰালয়ে, ভাৰতৰ দ্রুত অর্থনৈতিক বিকাশ, ভৰতৰ শক্তিশালী তৰুণ প্ৰজন্ম আৰু অর্থনীতিৰ সম্প্ৰসাৰণৰ বাবেই ভাৰতৰ এই উন্নতি সম্ভৱ হৈছে বুলি সদৰি কৰে৷ এক বৃহৎ পৰিৱৰ্তনৰ অন্তত  জাপানক অতিক্ৰম কৰি এছিয়া শক্তি সূচকাংকত ভৰতে তৃতীয় শক্তিশালী দেশৰ মৰ্যাদা লাভ কৰিছে। ভাৰতৰ এই সাফল্যই সমগ্ৰ বিশ্বতে ভাৰতৰ ক্ৰমবৰ্ধমান বিশ্বাসযোগ্যতাক প্ৰদৰ্শন কৰিছে বুলি মন্ত্ৰালয়ে সদৰি কৰিছে।

ভাৰতে অৰ্থনৈতিক বিকাশৰ বাবে এই উত্থান সম্ভৱপৰ হৈছে। কৰ’না মহামাৰীৰ পাছত ভাৰতে বৃহত অৰ্থনৈতিক উন্নতি সাধন কৰিবলৈ সক্ষম হৈছে, যাৰ বাবে ভাৰতৰ অৰ্থনৈতিক সামৰ্থ্য ৪.২ পইণ্ট বৃদ্ধিৰে অগ্ৰগতি লাভ কৰিছে।ভাৰতৰ বৃহৎ জনসংখ্যাই দেশৰ অৰ্থনৈতিক বিকাশত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে ইয়াৰ পৰিপ্ৰেক্ষিততে ভাৰতে বিশ্বৰ তৃতীয় বৃহত্তম অৰ্থনীতি হোৱাৰ দিশত আগবাঢ়িছে।

চীন আৰু জাপানে বৃদ্ধ জনসংখ্যাৰ সৈতে যুঁজি থকাৰ সময়তে ভাৰতত যুৱ জনসংখ্যাৰ বৃদ্ধিয়ে অনাগত দশকবোৰত ভাৰতৰ অৰ্থনৈতিক বিকাশত শক্তি প্ৰদান কৰি যাব। কোৱাড আৰু বিভিন্ন বিশ্ব সংস্থাত ভাৰতৰ উপস্থিতিয়েও কূটনৈতিক জগতখনত ভাৰতৰ প্ৰভাৱ বৃদ্ধি কৰিছে বুলি মন্ত্ৰালয়ে বিবৃতিত উল্লেখ কৰিছে।

উল্লেখযোগ্য যে ল’ৱি ইনষ্টিটিউটে ২০১৮ চনত এছিয়া পাৱাৰ ইনডেক্স আৰম্ভ কৰিছিল। এছিয়া প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ শক্তিশালী দেশসমূহৰ তালিকা বছৰেকীয়া ভিত্তিত ২৭ খন দেশৰ মূল্যায়ন কৰা হয়। ছিয়া পাৱাৰ ইনডেক্সত দেশসমূহৰ অৰ্থনৈতিক সম্ভাৱনা,সামৰিক সামৰ্থ্য, ভৱিষ্যত সম্পদ, অৰ্থনৈতিক অংশীদাৰিত্ব, প্ৰতিৰক্ষা ব্যৱস্থা, কূটনৈতিক প্ৰভাৱ আৰু সাংস্কৃতিক প্ৰভাৱৰ ভিত্তিত মূল্যায়ন কৰা হয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু