--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: শেহতীয়াকৈ প্ৰকাশ পাইছে এছিয়া পাওৱাৰ ইণ্ডেক্স৷ এছিয়া পাওৱাৰ ইণ্ডেক্সত ভাৰতে জাপানক অতিক্ৰম কৰি তৃতীয় স্থান লাভ কৰিবলৈ সক্ষম হৈছে।বুধবাৰে ভাৰত চৰকাৰৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে এক বিবৃতিৰ জৰিয়তে এই তথ্য সদৰি কৰিছে। মন্ত্ৰালয়ে, ভাৰতৰ দ্রুত অর্থনৈতিক বিকাশ, ভৰতৰ শক্তিশালী তৰুণ প্ৰজন্ম আৰু অর্থনীতিৰ সম্প্ৰসাৰণৰ বাবেই ভাৰতৰ এই উন্নতি সম্ভৱ হৈছে বুলি সদৰি কৰে৷ এক বৃহৎ পৰিৱৰ্তনৰ অন্তত  জাপানক অতিক্ৰম কৰি এছিয়া শক্তি সূচকাংকত ভৰতে তৃতীয় শক্তিশালী দেশৰ মৰ্যাদা লাভ কৰিছে। ভাৰতৰ এই সাফল্যই সমগ্ৰ বিশ্বতে ভাৰতৰ ক্ৰমবৰ্ধমান বিশ্বাসযোগ্যতাক প্ৰদৰ্শন কৰিছে বুলি মন্ত্ৰালয়ে সদৰি কৰিছে।

ভাৰতে অৰ্থনৈতিক বিকাশৰ বাবে এই উত্থান সম্ভৱপৰ হৈছে। কৰ’না মহামাৰীৰ পাছত ভাৰতে বৃহত অৰ্থনৈতিক উন্নতি সাধন কৰিবলৈ সক্ষম হৈছে, যাৰ বাবে ভাৰতৰ অৰ্থনৈতিক সামৰ্থ্য ৪.২ পইণ্ট বৃদ্ধিৰে অগ্ৰগতি লাভ কৰিছে।ভাৰতৰ বৃহৎ জনসংখ্যাই দেশৰ অৰ্থনৈতিক বিকাশত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে ইয়াৰ পৰিপ্ৰেক্ষিততে ভাৰতে বিশ্বৰ তৃতীয় বৃহত্তম অৰ্থনীতি হোৱাৰ দিশত আগবাঢ়িছে।

চীন আৰু জাপানে বৃদ্ধ জনসংখ্যাৰ সৈতে যুঁজি থকাৰ সময়তে ভাৰতত যুৱ জনসংখ্যাৰ বৃদ্ধিয়ে অনাগত দশকবোৰত ভাৰতৰ অৰ্থনৈতিক বিকাশত শক্তি প্ৰদান কৰি যাব। কোৱাড আৰু বিভিন্ন বিশ্ব সংস্থাত ভাৰতৰ উপস্থিতিয়েও কূটনৈতিক জগতখনত ভাৰতৰ প্ৰভাৱ বৃদ্ধি কৰিছে বুলি মন্ত্ৰালয়ে বিবৃতিত উল্লেখ কৰিছে।

উল্লেখযোগ্য যে ল’ৱি ইনষ্টিটিউটে ২০১৮ চনত এছিয়া পাৱাৰ ইনডেক্স আৰম্ভ কৰিছিল। এছিয়া প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ শক্তিশালী দেশসমূহৰ তালিকা বছৰেকীয়া ভিত্তিত ২৭ খন দেশৰ মূল্যায়ন কৰা হয়। ছিয়া পাৱাৰ ইনডেক্সত দেশসমূহৰ অৰ্থনৈতিক সম্ভাৱনা,সামৰিক সামৰ্থ্য, ভৱিষ্যত সম্পদ, অৰ্থনৈতিক অংশীদাৰিত্ব, প্ৰতিৰক্ষা ব্যৱস্থা, কূটনৈতিক প্ৰভাৱ আৰু সাংস্কৃতিক প্ৰভাৱৰ ভিত্তিত মূল্যায়ন কৰা হয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু