--°C
Loading...
Listen to Article
2 min read
80%

 ডিজিটেল ডেস্কঃ কেন্দ্ৰীয় চৰকাৰে হিন্দী ভাষা জাপি দিয়াৰ সম্পৰ্কত আপত্তি প্ৰদৰ্শন কৰিছে তামিল না়ডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টেলিনে। দেওবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ প্ৰেৰণ কৰা এখনি পত্ৰত ষ্টেলিনে কয় যে দেশজুৰি হিন্দী ভাষা জাপি দিয়াটো কেন্দ্ৰীয় চৰকাৰৰ এটা বৈষম্যমূলক আৰু অবাস্তৱিক পদক্ষেপ। ষ্টেলিনে লিখে যে ইয়াৰ দ্বাৰা দেশৰ অ-হিন্দীভাষী লোকসকলক সমস্যাৰ সমুখলৈ ঠেলি নিব।

 

উল্লেখ্য যে এখন সংসদীয় সমিতিয়ে শেহতীয়াকৈ কৈছিল যে উচ্চশিক্ষাৰ অনুষ্ঠানসমূহৰ ভাষা হিন্দীভাষী ৰাজ্যসমূহত হিন্দী আৰু অনা-হিন্দীভাষী ৰাজ্যসমূহত স্থানীয় ভাষাত হোৱা উচিত। তদুপৰি ৰাষ্ট্ৰসংঘৰ কাৰ্যক্ৰমণিকাতো হিন্দী ভাষাই স্থান লাভ কৰা উচিত বুলি সমিতিখনে মন্তব্য কৰিছিল।

 

আনহাতে, দেশজুৰি হিন্দী ভাষা বলৱতক লৈ বাৰম্বাৰ আপত্তি প্ৰদৰ্শন কৰি আহিছে এম কে ষ্টেলিনে। ইয়াক কেন্দ্ৰীয় চৰকাৰৰ ‘ভাষা যুদ্ধ’ বুলি অভিহিত কৰি এনে কাম নকৰিবলৈ তেওঁ সকিয়নী প্ৰদৰ্শন কৰি আহিছে।


প্ৰধানমন্ত্ৰীলৈ প্ৰেৰণ কৰা পত্ৰখনতো তেওঁ এই বিষয়ে উনুকিয়াই দিয়ে। লিখে যে ভাৰতত হিন্দীভাষীতকৈ হিন্দী ভাষা নোকোৱা লোকৰ সংখ্যা সৰহ। সেয়ে স্থানীয় ভাষাসমূহক শ্ৰদ্ধা আৰু প্ৰশংসা জনাবলৈ তেওঁ প্ৰধানমন্ত্ৰীক অনুৰোধ কৰে।

আনহাতে, শনিবাৰে তামিলনাডুৰ শাসনাধীষ্ঠ ডিএমকেৰ যুৱ শাখাৰ সম্পাদক উদয়নিধি ষ্টেলিনে সকিয়নী প্ৰদৰ্শন কৰিছিল যে যদি কেন্দ্ৰৰ বিজেপিশাসিত চৰকাৰে তামিলনাডুত হিন্দী জাপি দিয়ে, তেন্তে দলটোৱে ব্যাপক হাৰত প্ৰতিবাদ সাব্যষ্ট কৰিব।

 


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক