--°C
Loading...
Listen to Article
2 min read
80%

 ডিজিটেল ডেস্কঃ কেন্দ্ৰীয় চৰকাৰে হিন্দী ভাষা জাপি দিয়াৰ সম্পৰ্কত আপত্তি প্ৰদৰ্শন কৰিছে তামিল না়ডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টেলিনে। দেওবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ প্ৰেৰণ কৰা এখনি পত্ৰত ষ্টেলিনে কয় যে দেশজুৰি হিন্দী ভাষা জাপি দিয়াটো কেন্দ্ৰীয় চৰকাৰৰ এটা বৈষম্যমূলক আৰু অবাস্তৱিক পদক্ষেপ। ষ্টেলিনে লিখে যে ইয়াৰ দ্বাৰা দেশৰ অ-হিন্দীভাষী লোকসকলক সমস্যাৰ সমুখলৈ ঠেলি নিব।

 

উল্লেখ্য যে এখন সংসদীয় সমিতিয়ে শেহতীয়াকৈ কৈছিল যে উচ্চশিক্ষাৰ অনুষ্ঠানসমূহৰ ভাষা হিন্দীভাষী ৰাজ্যসমূহত হিন্দী আৰু অনা-হিন্দীভাষী ৰাজ্যসমূহত স্থানীয় ভাষাত হোৱা উচিত। তদুপৰি ৰাষ্ট্ৰসংঘৰ কাৰ্যক্ৰমণিকাতো হিন্দী ভাষাই স্থান লাভ কৰা উচিত বুলি সমিতিখনে মন্তব্য কৰিছিল।

 

আনহাতে, দেশজুৰি হিন্দী ভাষা বলৱতক লৈ বাৰম্বাৰ আপত্তি প্ৰদৰ্শন কৰি আহিছে এম কে ষ্টেলিনে। ইয়াক কেন্দ্ৰীয় চৰকাৰৰ ‘ভাষা যুদ্ধ’ বুলি অভিহিত কৰি এনে কাম নকৰিবলৈ তেওঁ সকিয়নী প্ৰদৰ্শন কৰি আহিছে।


প্ৰধানমন্ত্ৰীলৈ প্ৰেৰণ কৰা পত্ৰখনতো তেওঁ এই বিষয়ে উনুকিয়াই দিয়ে। লিখে যে ভাৰতত হিন্দীভাষীতকৈ হিন্দী ভাষা নোকোৱা লোকৰ সংখ্যা সৰহ। সেয়ে স্থানীয় ভাষাসমূহক শ্ৰদ্ধা আৰু প্ৰশংসা জনাবলৈ তেওঁ প্ৰধানমন্ত্ৰীক অনুৰোধ কৰে।

আনহাতে, শনিবাৰে তামিলনাডুৰ শাসনাধীষ্ঠ ডিএমকেৰ যুৱ শাখাৰ সম্পাদক উদয়নিধি ষ্টেলিনে সকিয়নী প্ৰদৰ্শন কৰিছিল যে যদি কেন্দ্ৰৰ বিজেপিশাসিত চৰকাৰে তামিলনাডুত হিন্দী জাপি দিয়ে, তেন্তে দলটোৱে ব্যাপক হাৰত প্ৰতিবাদ সাব্যষ্ট কৰিব।

 


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু