--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ইলেক্ট্ৰনিক গেজেট আৰু ছ’চিয়েল মিডিয়াৰ ব্যৱহাৰৰ পৰা নিজকে আঁতৰাই ৰাখিবলৈ মহাৰাষ্ট্ৰৰ সাংগলী জিলাৰ এখন গাঁৱৰ এক নতুন কৌশলে বৰ্তমান সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে। ডিজিটেল ডিটক্সিঙৰ বাবে প্ৰতিদিনে সন্ধিয়া ৭ বজাত গাঁৱৰ মন্দিৰৰ পৰা এটা এলাৰ্ম বজাই দিয়া হয়। ইয়াৰ দ্বাৰা মানুহে নিজৰ মোবাইল ফোন, টিভি আদি বন্ধ কৰি দিব লাগে। উল্লেখযোগ্য যে বদগাঁও নামৰ এই গাওঁখনত ৩১০৫ জন লোক বাস কৰে।

এই বিশেষ এলাৰ্মে  কিতাপ পঢ়িবলৈ আৰু ইজনে সিজনৰ লগত কথা পাতিবলৈ ইংগিত দিয়ে । দ্বিতীয়টো এলাৰ্ম ৮.৩০ বজাত বাজি উঠে, যিটোৱে ডিটক্সৰ সময়সীমা শেষ হোৱাৰ ইংগিত দিয়ে। এই ৰুটিন দেওবাৰেও মানি চলা হয়। গুৰুত্বপূৰ্ণ কথাটো হ’ল এই নতুন পদক্ষেপত গাওঁবাসী ৰাইজে অতি উৎসাহেৰে অংশগ্ৰহণ কৰিছে।

এই ধাৰণাটো আগবঢ়াইছিল বদগাঁও গাঁৱৰ গাওঁপ্ৰধান বিজয় মোহিতে। মোহিতে কয়, 'কৰ’নাৰ সময়ত বিদ্যালয় সমূহ বন্ধ আছিল। অনলাইন ক্লাছৰ বাবে ল’ৰা-ছোৱালীৰ হাতলৈ মোবাইল ফোন আহিছিল , যিটো ক্লাছ শেষ হোৱাৰ পাছতো বহুদিন তেওঁলোকৰ লগত থাকিল। আনহাতে অভিভাৱকসকলে টেলিভিছন চোৱাৰ ঘণ্টা বৃদ্ধি পালে।

যেতিয়া অফলাইন  ক্লাছবোৰ পুনৰ আৰম্ভ হ’ল, তেতিয়া শিক্ষকসকলে উপলব্ধি কৰিলে যে ল’ৰা-ছোৱালীবোৰ এলেহুৱা হৈ পৰিছে। পঢ়া-লিখাৰ ইচ্ছা কমি গৈছিল আৰু বেছিভাগ সময় ফোনত পাৰ কৰিছিল। গাওঁবাসীৰ ঘৰত সুকীয়াকৈ অধ্যয়ন কক্ষ নাছিল। সেইবাবেই মই সকলোকে ডিজিটেল ডিটক্সৰ প্ৰস্তাৱ দিলোঁ।'

গাওঁপ্ৰধানে কয় যে স্বাধীনতা দিৱসৰ দিনা আমি মহিলাৰ এখন গাওঁ সভা পাতি এটা এলাৰ্ম কিনাৰ সিদ্ধান্ত লৈছিলো। ইয়াৰ পাছতে আশা কৰ্মী, অংগনবাড়ী কৰ্মী, গাওঁ পঞ্চায়তৰ কৰ্মচাৰী আৰু অৱসৰপ্ৰাপ্ত শিক্ষকসকলে দুৱাৰে দুৱাৰে গৈ ডিজিটেল ডিটক্স সম্পৰ্কে সজাগতা প্ৰচাৰ কৰে।

তেওঁ কয় যে এই গাঁওখন স্বাধীনতা সংগ্ৰামীসকলৰ বাসস্থান হৈ আহিছে। আমাৰ গাঁওখনে ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ পৰা স্বচ্ছতাৰ বাবে বঁটা লাভ কৰিছে। বৰ্তমান সন্ধিয়া ৭ বজাৰ পৰা ৮.৩০ বজাৰ ভিতৰত মানুহে মোবাইল এফালে থৈ টেলিভিছন চেট বন্ধ কৰি পঢ়া, লিখা, কথা পতাত মনোনিৱেশ কৰে। এই পদক্ষেপ ৰূপায়ণ কৰা হৈছে নে নাই সেইটো নিৰীক্ষণৰ বাবে এখন ৱাৰ্ড-ৱাইজ কমিটী গঠন কৰা হৈছে।

দশম শ্ৰেণীৰ ছাত্ৰী গায়ত্ৰী নিকামে এই পদক্ষেপক প্ৰশংসা কৰি কয় যে ক'ভিড লকডাউনৰ সময়ত তেওঁৰ বন্ধু ফোন আৰু টেলিভিছনৰ আসক্তিৰ বলি হৈছিল। বিদ্যুৎ কৰ্তনৰ পাছতো কিতাপ আৰু অধ্যয়ন সামগ্ৰীৰ প্ৰতি বিশেষ গুৰুত্ব দিয়া হোৱা নাছিল।

গাওঁখনৰ এজন লোকে জনোৱা মতে, গাওঁখনৰ মহিলাসকল টেলিভিছনৰ ধাৰাবাহিক চোৱাত ব্যস্ত আছিল। ইয়াৰ সময়ত শিশুসকল অভিভাৱকৰ তত্বাৱধানৰ পৰা আঁতৰি আহিছিল। কিন্তু এতিয়া শিশুৱে সন্ধিয়া ৭ বজাৰ পৰা সন্ধিয়া ৮.৩০ বজালৈ পঢ়ে। ইয়াৰ সময়ত অভিভাৱকসকলেও তেওঁলোকক সহায় কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক