--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ইলেক্ট্ৰনিক গেজেট আৰু ছ’চিয়েল মিডিয়াৰ ব্যৱহাৰৰ পৰা নিজকে আঁতৰাই ৰাখিবলৈ মহাৰাষ্ট্ৰৰ সাংগলী জিলাৰ এখন গাঁৱৰ এক নতুন কৌশলে বৰ্তমান সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে। ডিজিটেল ডিটক্সিঙৰ বাবে প্ৰতিদিনে সন্ধিয়া ৭ বজাত গাঁৱৰ মন্দিৰৰ পৰা এটা এলাৰ্ম বজাই দিয়া হয়। ইয়াৰ দ্বাৰা মানুহে নিজৰ মোবাইল ফোন, টিভি আদি বন্ধ কৰি দিব লাগে। উল্লেখযোগ্য যে বদগাঁও নামৰ এই গাওঁখনত ৩১০৫ জন লোক বাস কৰে।

এই বিশেষ এলাৰ্মে  কিতাপ পঢ়িবলৈ আৰু ইজনে সিজনৰ লগত কথা পাতিবলৈ ইংগিত দিয়ে । দ্বিতীয়টো এলাৰ্ম ৮.৩০ বজাত বাজি উঠে, যিটোৱে ডিটক্সৰ সময়সীমা শেষ হোৱাৰ ইংগিত দিয়ে। এই ৰুটিন দেওবাৰেও মানি চলা হয়। গুৰুত্বপূৰ্ণ কথাটো হ’ল এই নতুন পদক্ষেপত গাওঁবাসী ৰাইজে অতি উৎসাহেৰে অংশগ্ৰহণ কৰিছে।

এই ধাৰণাটো আগবঢ়াইছিল বদগাঁও গাঁৱৰ গাওঁপ্ৰধান বিজয় মোহিতে। মোহিতে কয়, 'কৰ’নাৰ সময়ত বিদ্যালয় সমূহ বন্ধ আছিল। অনলাইন ক্লাছৰ বাবে ল’ৰা-ছোৱালীৰ হাতলৈ মোবাইল ফোন আহিছিল , যিটো ক্লাছ শেষ হোৱাৰ পাছতো বহুদিন তেওঁলোকৰ লগত থাকিল। আনহাতে অভিভাৱকসকলে টেলিভিছন চোৱাৰ ঘণ্টা বৃদ্ধি পালে।

যেতিয়া অফলাইন  ক্লাছবোৰ পুনৰ আৰম্ভ হ’ল, তেতিয়া শিক্ষকসকলে উপলব্ধি কৰিলে যে ল’ৰা-ছোৱালীবোৰ এলেহুৱা হৈ পৰিছে। পঢ়া-লিখাৰ ইচ্ছা কমি গৈছিল আৰু বেছিভাগ সময় ফোনত পাৰ কৰিছিল। গাওঁবাসীৰ ঘৰত সুকীয়াকৈ অধ্যয়ন কক্ষ নাছিল। সেইবাবেই মই সকলোকে ডিজিটেল ডিটক্সৰ প্ৰস্তাৱ দিলোঁ।'

গাওঁপ্ৰধানে কয় যে স্বাধীনতা দিৱসৰ দিনা আমি মহিলাৰ এখন গাওঁ সভা পাতি এটা এলাৰ্ম কিনাৰ সিদ্ধান্ত লৈছিলো। ইয়াৰ পাছতে আশা কৰ্মী, অংগনবাড়ী কৰ্মী, গাওঁ পঞ্চায়তৰ কৰ্মচাৰী আৰু অৱসৰপ্ৰাপ্ত শিক্ষকসকলে দুৱাৰে দুৱাৰে গৈ ডিজিটেল ডিটক্স সম্পৰ্কে সজাগতা প্ৰচাৰ কৰে।

তেওঁ কয় যে এই গাঁওখন স্বাধীনতা সংগ্ৰামীসকলৰ বাসস্থান হৈ আহিছে। আমাৰ গাঁওখনে ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ পৰা স্বচ্ছতাৰ বাবে বঁটা লাভ কৰিছে। বৰ্তমান সন্ধিয়া ৭ বজাৰ পৰা ৮.৩০ বজাৰ ভিতৰত মানুহে মোবাইল এফালে থৈ টেলিভিছন চেট বন্ধ কৰি পঢ়া, লিখা, কথা পতাত মনোনিৱেশ কৰে। এই পদক্ষেপ ৰূপায়ণ কৰা হৈছে নে নাই সেইটো নিৰীক্ষণৰ বাবে এখন ৱাৰ্ড-ৱাইজ কমিটী গঠন কৰা হৈছে।

দশম শ্ৰেণীৰ ছাত্ৰী গায়ত্ৰী নিকামে এই পদক্ষেপক প্ৰশংসা কৰি কয় যে ক'ভিড লকডাউনৰ সময়ত তেওঁৰ বন্ধু ফোন আৰু টেলিভিছনৰ আসক্তিৰ বলি হৈছিল। বিদ্যুৎ কৰ্তনৰ পাছতো কিতাপ আৰু অধ্যয়ন সামগ্ৰীৰ প্ৰতি বিশেষ গুৰুত্ব দিয়া হোৱা নাছিল।

গাওঁখনৰ এজন লোকে জনোৱা মতে, গাওঁখনৰ মহিলাসকল টেলিভিছনৰ ধাৰাবাহিক চোৱাত ব্যস্ত আছিল। ইয়াৰ সময়ত শিশুসকল অভিভাৱকৰ তত্বাৱধানৰ পৰা আঁতৰি আহিছিল। কিন্তু এতিয়া শিশুৱে সন্ধিয়া ৭ বজাৰ পৰা সন্ধিয়া ৮.৩০ বজালৈ পঢ়ে। ইয়াৰ সময়ত অভিভাৱকসকলেও তেওঁলোকক সহায় কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু