--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ আমেৰিকা যুক্তৰাষ্ট্ৰৰ আগশাৰিৰ সংবাদপত্ৰ দ্যা ৱাল ষ্ট্ৰীট জাৰ্ণালৰ বিৰুদ্ধে সোচ্চাৰ হৈ উঠিছে তথ্য সম্প্ৰচাৰ মন্ত্ৰালয়ৰ উপদেষ্টা কাঞ্চন গুপ্তাই। সংবাদপত্ৰখনক ভাৰতবিদ্বেষী হিচাপে অভিহিত কৰিছে তেওঁ।

 

উল্লেখ্য যে শেহতীয়াকৈ ৱাল ষ্ট্ৰীট জাৰ্ণালত ভাৰতৰ শোচনীয় অৰ্থনীতি আৰু মোদী চৰকাৰৰ ব্যৰ্থতাক লৈ পৃষ্ঠাজোৰা এটা বিজ্ঞাপন প্ৰকাশ পাইছিল। বিজ্ঞাপনটোৱে ব্যাপক চৰ্চা লাভ কৰিছে। সংবাদিকৰ আগত গুপ্তাই কয় যে ইয়াৰ দ্বাৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ চৰকাৰ আৰু ভাৰতৰ এখন বিকৃত প্ৰতিচ্ছৱি উপস্থাপন কৰা হৈছে।

 

তদুপৰি তেওঁ ভাৰতৰ পৰা পলাতক অৱস্থাত থকা ‘দেৱাছ’নাম সংস্থাটোৰ চিইঅ’ ৰামচন্দ্ৰণ বিশ্বনাথনে এই বিজ্ঞাপনটো প্ৰকাশ কৰা বুলিও অভিযোগ কৰে। কয় যে ইয়াৰ দ্বাৰা ভাৰতৰ সাৰ্বভৌমত্বক আক্ৰমণ কৰা হৈছে।

 

আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিউয়ৰ্ক টাইমছকে ধৰি আগশাৰীৰ কাকতসমূহত ‘ভাৰত-বিদ্বেষী বিজ্ঞাপন’সমূহক আক্ৰমণ কৰি গুপ্তাই কয় যে এনেধৰণৰ কাম তেওঁ আগতে দেখা নাছিল। দ্যা নিউয়ৰ্ক টাইমছে আইএছআইৰ পৃষ্ঠপোষকতাত চলা ভাৰত-বিদ্বেষী গ্ৰুপৰ বিজ্ঞাপন প্ৰকাশ কৰা বুলিও তেওঁ অভিযোগ কৰে।

 

“ এইসমূহ অতি জঘন্য কাণ্ড। এয়া কেতিয়াও মানি ল’ব নোৱাৰি।”- গুপ্তাই কয়।

 

দ্যা ৱাল ষ্ট্ৰীট জাৰ্ণালত ভাৰতৰ অৰ্থনৈতিক উন্নয়নৰ ৰূপটোক মিছাকৈ প্ৰকাশ কৰা বুলি গুপ্তাই কয় যে কাকতখনে ভাৰতৰ এটা বেয়া প্ৰতিচ্ছৱি উপস্থাপন কৰিছে। কিন্তু ভাৰতে ব্যাপক অৰ্থনৈতিক উন্নয়ন কৰিবলৈ সক্ষম হৈছে।

 


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু