--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ আমেৰিকা যুক্তৰাষ্ট্ৰৰ আগশাৰিৰ সংবাদপত্ৰ দ্যা ৱাল ষ্ট্ৰীট জাৰ্ণালৰ বিৰুদ্ধে সোচ্চাৰ হৈ উঠিছে তথ্য সম্প্ৰচাৰ মন্ত্ৰালয়ৰ উপদেষ্টা কাঞ্চন গুপ্তাই। সংবাদপত্ৰখনক ভাৰতবিদ্বেষী হিচাপে অভিহিত কৰিছে তেওঁ।

 

উল্লেখ্য যে শেহতীয়াকৈ ৱাল ষ্ট্ৰীট জাৰ্ণালত ভাৰতৰ শোচনীয় অৰ্থনীতি আৰু মোদী চৰকাৰৰ ব্যৰ্থতাক লৈ পৃষ্ঠাজোৰা এটা বিজ্ঞাপন প্ৰকাশ পাইছিল। বিজ্ঞাপনটোৱে ব্যাপক চৰ্চা লাভ কৰিছে। সংবাদিকৰ আগত গুপ্তাই কয় যে ইয়াৰ দ্বাৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ চৰকাৰ আৰু ভাৰতৰ এখন বিকৃত প্ৰতিচ্ছৱি উপস্থাপন কৰা হৈছে।

 

তদুপৰি তেওঁ ভাৰতৰ পৰা পলাতক অৱস্থাত থকা ‘দেৱাছ’নাম সংস্থাটোৰ চিইঅ’ ৰামচন্দ্ৰণ বিশ্বনাথনে এই বিজ্ঞাপনটো প্ৰকাশ কৰা বুলিও অভিযোগ কৰে। কয় যে ইয়াৰ দ্বাৰা ভাৰতৰ সাৰ্বভৌমত্বক আক্ৰমণ কৰা হৈছে।

 

আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিউয়ৰ্ক টাইমছকে ধৰি আগশাৰীৰ কাকতসমূহত ‘ভাৰত-বিদ্বেষী বিজ্ঞাপন’সমূহক আক্ৰমণ কৰি গুপ্তাই কয় যে এনেধৰণৰ কাম তেওঁ আগতে দেখা নাছিল। দ্যা নিউয়ৰ্ক টাইমছে আইএছআইৰ পৃষ্ঠপোষকতাত চলা ভাৰত-বিদ্বেষী গ্ৰুপৰ বিজ্ঞাপন প্ৰকাশ কৰা বুলিও তেওঁ অভিযোগ কৰে।

 

 এইসমূহ অতি জঘন্য কাণ্ড। এয়া কেতিয়াও মানি ল’ব নোৱাৰি।”- গুপ্তাই কয়।

 

দ্যা ৱাল ষ্ট্ৰীট জাৰ্ণালত ভাৰতৰ অৰ্থনৈতিক উন্নয়নৰ ৰূপটোক মিছাকৈ প্ৰকাশ কৰা বুলি গুপ্তাই কয় যে কাকতখনে ভাৰতৰ এটা বেয়া প্ৰতিচ্ছৱি উপস্থাপন কৰিছে। কিন্তু ভাৰতে ব্যাপক অৰ্থনৈতিক উন্নয়ন কৰিবলৈ সক্ষম হৈছে।

 


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক